নিলিখা কবিতা
লেখক- প্ৰণামিকা অধিকাৰী
এছাটি বতাহ বলিছিল।
সিঁচৰতি কৰি দিছিল হেঁপাহৰ শব্দবোৰ,
যিবোৰ শব্দেৰে মালা গাঁথিছিলোঁ এদিন।
বুকুৰ শব্দবোৰ মাটিত মিহলি হৈছিল।
শক্তিহীন হাতৰ
কলমৰ জোঙা আগটোৰে খোঁচ মাৰি কেতিয়াবা
এটা দুটাকৈ বুটলি লৈছিলোঁ
শব্দৰ একা-বেঁকাবোৰ।
অৰ্থই কাৰোবাৰ কলিজা ভেদে।
কাৰোবাৰ কাণত ই নিৰৰ্থক হৈ বাজে।
ময়ো বিচাৰি নাপাওঁ কেতিয়াবা তাৰ অৰ্থ।
অদৰকাৰী যেন লাগে।
কি কৰোঁ?
কেনেকৈ মিলি যাব দিওঁ শব্দবোৰ?
কেনেকৈ বা সামৰি লওঁ?
শব্দবোৰ বতাহত মিলি গ’লে কোনোবাই বুজিবনে তাৰ অৰ্থ!
বতাহে বিলাব পাৰেনে শব্দৰ ভিতৰৰ শব্দৰ অৰ্থ!
* * *
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments