বস্ত্ৰ উদ্যোগত নেন’ প্ৰযুক্তি
লেখক- অংকুমণি বৰা
বৰ্তমান সময়ত নেন’ প্ৰযুক্তি এটি বহুলভাৱে চৰ্চিত বিষয়। যি কোনো এটি কণাৰ আকাৰ যদি ১০-৯ মিটাৰ(নেন’ মিটাৰ) ব্যাসৰ ভিতৰত তেতিয়া সেই কণাক নেন’ কণা বুলি কোৱা হয়। এই জোখ মানুহৰ এডাল চুলিৰ গড় ব্যাসৰ প্ৰায় ৮০, ০০০ ভাগৰ এভাগ। এনে স্কেলত গঠন হোৱা কণা আৰু পদাৰ্থৰ বিষয়ে বিজ্ঞানৰ যিটো শাখাত অধ্যয়ন কৰা হয়, সেই শাখাটোৰ নাম হ’ল নেন’ প্ৰযুক্তি। বৰ্তমান সময়ত নেন’ প্ৰযুক্তিয়ে বিভিন্ন উদ্যোগলৈ বৈপ্লৱিক অগ্ৰগতি আনিছে। বস্ত্ৰ উদ্যোগতো নেন’ প্ৰযুক্তিয়ে এক অনন্য ভূমিকা বহন কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান সময়ত বস্ত্ৰশিল্পত নতুন নতুন ধাৰণাৰ সংযোজন ঘটিছে। আৰামদায়ক হোৱাৰ লগতে সেই কাপোৰ যাতে চাফ-চিকুণ কৰোঁতে বেছি কষ্টৰ সন্মুখীন হ’ব নালাগে তাৰ প্ৰতিও চকু ৰখা জৰুৰী। সোনকালে শুকোৱা, ধূলিকণাই নিগাজী কৈ লাগি নধৰা তথা বীজাণুৰ সংক্ৰমণ নোহোৱা কৈ ৰাখিব পৰা কাপোৰৰ অভাৱ নেন’ প্ৰযুক্তিয়ে পূৰণ কৰিব বুলি আশা কৰা হৈছে। নেন’ ফাইবাৰ হ’ল নেন’মিটাৰৰ আকাৰত থকা বিভিন্ন পদাৰ্থৰ কণাৰপৰা তৈয়াৰ কৰা কিছুমান আঁহ। এই আঁহসমূহ হৈছে নেন’মিটাৰ ব্যাসৰ আঁহ যাৰ এডালৰ ব্যাস সাধাৰণতে ১০০ নেন’মিটাৰতকৈ কম। নেন’ ফাইবাৰৰ অনন্য গুণৰ কাৰণে বস্ত্ৰ উদ্যোগ, জৈৱ চিকিৎসা, পৰিৱেশ, শক্তি খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত এই আঁহ এতিয়া বহুত গুৰুত্তপুৰ্ণ।
এই নেন’ ফাইবাৰসমূহৰ পৃষ্ঠভাগ অতি উচ্চ হোৱাৰ ফলত ইহঁতৰ পৰিশোধন সহজ। আনহাতে পলিমাৰ ভিত্তিক নেন’ফাইবাৰসমূহ নমনীয় আৰু সহজে ছিঙি নাযায়। মুল পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি কেতবোৰ নেন’ফাইবাৰৰ উচ্চ তাপ ধৰি ৰখাৰ বৈশিষ্ট্য দেখা যায়। এনে ধৰণৰ বৈশিষ্ট্যসমূহেই নেন’ফাইবাৰক বস্ত্ৰ উদ্যোগত অন্তৰ্ভুক্তিকৰণত ইন্ধন যোগাইছে।
নেন’ফাইবাৰযুক্ত বস্ত্ৰৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য এনেধৰণৰ— দীৰ্ঘস্থায়ী আৰু আত্ম-প্ৰক্ষালনযোগ্য (Self-cleaning) বস্ত্ৰ
হাইড্ৰ’ফোবিক (Hydrophobic) আৰু হাইড্ৰ’ফিলিক (Hydrophilic) ফাইবাৰ প্ৰযুক্তিৰ জৰিয়তে পানী-প্ৰতিৰোধী বা পানী শোষণক্ষম কাপোৰ তৈয়াৰ কৰা হয়।
টিটেনিয়াম ডাইঅক্সাইড (TiO₂) আৰু জিংক অক্সাইড (ZnO) নেন’কণাৰে তৈয়াৰী কাপোৰত ধূলি-ধোঁৱা আঁতৰ কৰা সহজ।
এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল টেক্সটাইল
চিলভাৰ নেন’কণাৰে তৈয়াৰী কাপোৰত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আৰু ভেঁকুৰৰ বৃদ্ধিৰোধ কৰাৰ ক্ষমতা থাকে, যাৰ ফলত কাপোৰত গোন্ধ নাথাকে।
ক’পাৰ অক্সাইড নেন’কণাৰে ছেনিটেৰী আৰু চিকিৎসালয়ৰ কাপোৰ তৈয়াৰ কৰা হয়, যিয়ে বেক্টেৰিয়া আৰু ভাইৰাছ প্ৰতিৰোধ কৰে।
আল্ট্ৰাভায়লেট (UV) ৰশ্মি-প্ৰতিৰোধী কাপোৰ
টাইটেনিয়াম ডাইঅক্সাইড আৰু জিংক অক্সাইড নেন’কণাৰ প্ৰয়োগে সূৰ্যৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে। খেলা-ধূলা আৰু মিলিটাৰী ইউনিফৰ্মত ব্যাপকভাৱে এনে নেন’ কণাৰ কাপোৰ ব্যৱহাৰ কৰা হয়।
শক্তি-সংৰক্ষণ আৰু পৰিবাহী টেক্সটাইল
নেন’ফাইবাৰ বেটাৰী বস্ত্ৰত প্ৰয়োগ কৰি শক্তি-সংগ্ৰাহক (energy harvesting) প্ৰযুক্তি নিৰ্মাণ কৰিব পাৰি।
সৌৰশক্তি শোষণ কৰিব পৰা কাপোৰ–সৌৰ পেনেলযুক্ত বস্ত্ৰৰ দ্বাৰা ফোন বা তেনে স্মাৰ্ট যন্ত্ৰ সমূহক দীৰ্ঘ সময়লৈ ব্যৱহাৰৰ উপযোগী কৰিব পাৰে।
উন্নত দাহ-প্ৰতিৰোধী (Flame-retardant) টেক্সটাইল—নেন’ক্লে (Nanoclay) আৰু ধাতৱ অক্সাইডেৰে তৈয়াৰী নেন’কণাৰ পৰা প্ৰস্তুত হোৱা বস্ত্ৰই জুইৰ পৰা হোৱা বিপদৰপৰা হাত সৰাত সহায় কৰে। বিশেষকৈ অগ্নি-প্ৰতিৰোধী ইউনিফৰ্মত এই নেন’কণা ব্যৱহাৰ কৰা হয়।
কাপোৰৰ ধৰ্ম আৰু কাৰ্য্যক্ষমতা বৃদ্ধিৰ বাবে নেন’ প্ৰযুক্তিয়ে নেন’কণা আৰু নেন’ফাইবাৰৰ দ্বাৰা উদ্ভাৱনীমূলক সমাধান আগবঢ়াইছে। ইয়াৰ উপৰিও নেন’ফাইবাৰ আৰু নেন’-কণাৰ উন্নতিয়ে স্বাস্থ্যসেৱা, ক্ৰীড়া আৰু ফেশ্বনত স্মাৰ্ট বস্ত্ৰশিল্পৰ পথ প্ৰশস্ত কৰিছে। এই নেন’ প্ৰযুক্তি যথেষ্ট সুবিধাজনক হ’লেও উৎপাদন ব্যয়, পৰিৱেশৰ সম্ভাৱ্য সমস্যা আৰু নেন’পদাৰ্থৰ সৈতে জড়িত স্বাস্থ্যজনিত বিপদৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাটো প্ৰয়োজন। বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত নেন’ প্ৰযুক্তি যাতে এক নিৰাপদ আৰু ফলপ্ৰসূ আহিলা হৈ থাকে তাৰ বাবে অবিৰত গৱেষণা আৰু বহনক্ষম পদ্ধতি অতি গুৰুত্বপূৰ্ণ হ’ব। ভৱিষ্যতে বস্ত্ৰ উদ্যোগত নেন’ প্ৰযুক্তিয়ে যথেষ্ট বিকাশ সাধন কৰাৰ সম্ভাৱনা আছে। এনে হ’লে, গ্ৰাহক আৰু উদ্যোগসমূহৰ নিত্য পৰিৱৰ্তিত চাহিদা পূৰণ হোৱাৰ উপৰিও বস্ত্ৰ উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন হ’ব বুলি আশা কৰা হৈছে।