ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফীৰ দিনবোৰ

লেখক- পংকজ কুমাৰ নেওগ

আজৰি পৰত সিদিনা ইণ্টাৰনেট চাৰ্ফিং কৰি ফুৰোঁতে স্মাৰ্টফ’নৰ ওপৰত লেখা এটা দেখি লগে লগে পঢ়ি পেলালোঁ। স্মাৰ্টফ’নে হেনো এতিয়ালৈকে মুঠ ২৪ বিধ বস্তু তথা পৰিসেৱাৰ ঠাই ল’ব পাৰিছে অৰ্থাৎ সেই ২৪ বিধ পৰিসেৱা এতিয়া হাতৰ মুঠিতে থকা স্মাৰ্টফ’নৰ জৰিয়তেই সহজলভ্য। কেমেৰাৰ পৰা কেলেণ্ডাৰলৈকে বা ঘড়ীৰ পৰা বাতৰি কাকত বা আলোচনী পঢ়াৰ সুবিধালৈকে সকলোবোৰ মোবাইল ফোনত উপলব্ধ হোৱাৰ লগে লগে মানুহৰ জীৱনযাত্ৰাও তেনেই সহজ হৈ পৰিল। হাতৰ মুঠিতে থকা মোবাইল ফোনটোৰে আজিকালি যি কোনো ঠাইতে, যি কোনো সময়তে বা যিকোনো উৎসৱ-পাৰ্বণতে সহজেই ৰঙীণ ফ’টো ডিজিটেলি তুলি ৰাখিব পৰা সম্ভৱ হ’ল। শৈশৱৰ দিনবোৰৰ কথা মনত পৰে। ক’লা-ব’গা ফ’টো এখন তুলিব পোৱা বা তোলাৰ উপলক্ষ বিচাৰি পোৱাও আমাৰ বাবে এটা ডাঙৰ কথা আছিল। মই সৰু থাকোঁতে দেউতাৰ পুৰণি কাঠৰ আলমাৰীটোত ‘আগ্ফা চিনক্ৰ’বক্স টাইপ’ কেমেৰা এটা দেখা মনত পৰে। দেউতাই কেতিয়াবা ফ’টো তুলিছিল যদিও মনত নাই কিন্তু দেউতাতকৈ ককাইদেউহঁতেহে কেমেৰাটো ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল বেছি। 

আমাৰ পৰিয়াল ডাঙৰ আছিল যদিও পৰিয়ালৰ লোকৰ ফ’টো ঘৰত খুব কমহে দেখা পাইছিলো। ঘৰত কেমেৰা থকা সত্ত্বেও সকলো সময়তে কেমেৰাৰ ৰীল কিনি ফ’টো তোলা, ষ্টুডিঅ’ত ডেভেলপ কৰিবলৈ দিয়া ইত্যাদি নিশ্চয় খৰচী আছিল। দৰকাৰত মানুহে সেইবাবে ষ্টুডিঅ’লৈ গৈ নিজৰ বা পৰিয়ালৰ ক’লা-ব’গা ফ’টো তোলাইছিল। বিয়াৰ পাছত নতুন দৰা-কইনাই সাজি-কাছি ষ্টুডিঅ’লৈ গৈ ফ’টো একপি তুলি অহা সেই সময়ত এটা অঘোষিত নিয়ম আছিল। ঘৰৰ ড্ৰয়িং ৰূমৰ সন্মুখত কাঁচ লগোৱা আলমাৰীটোত পাঁচগৰাকী বাইদেউ আৰু ভিনদেউৰ আৰু তিনিগৰাকী ককাইদেউ আৰু বৌৰ যুগ্ম ফ’টো এতিয়াও সুন্দৰকৈ সজাই খোৱা আছে। মোৰ নিজৰ শৈশৱৰ ফ’টো নিচেই কম, প্ৰায় নাই বুলিব পাৰি। আটাইতকৈ ডাঙৰ বাইদেউৰ ঘৰত থকা পুৰণি ফ’টোৰ এলবামত হয়তো কেইখনমান সংৰক্ষিত হৈ থাকিব পাৰে। তাৰে ভিতৰত ধুবুৰীত প্ৰথম দিনা নাৰ্ছাৰী স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত তোলা এখন ফ’টো আৰু লাইকা নামৰ আমাৰ পোহনীয়া কুকুৰটোৰ সৈতে তোলা আন এখন ফ’টো মোৰ চকামকাকৈ মনত পৰে। 

কেইমাহমানৰ পূৰ্বে ভাগিন নাতিনী এজনীয়ে তাইৰ পেহীয়েকৰ সৈতে একেলগে তোলা মোৰ শৈশৱৰ ফ’টো এখন পঠিয়ায়। হয়তো খুব বেছি সাত-আঠবছৰীয়া আছিলো। আমি সৰুতে নগাঁৱত থাকোঁতে কোনোবাই তোলা এখন ফ’টো। ফ’টোখনে অতীতৰ বহুত কথাই মনত পেলাই দিলে। দেউতা নগাঁৱত চাকৰি কৰি থাকোঁতে জাৰকালি প্ৰায় এমাহমানৰ বাবে ডাঙৰ বাইদেউ ভাগিন-ভাগিনী দুটাক লৈ আমাৰ তালৈ আহিছিল। ভিনদেউ-বাইদেউহঁত সেই সময়ত আছিল শ্বিলঙত। ভাগিন-ভাগিনী দুটাও আছিল মোৰ কাণসমনীয়া। গতিকে বছৰেকীয়া পৰীক্ষাৰ পাছত সিহঁতৰ সৈতে খেলি-ধূলি আনন্দেৰে এটা মাহ কটাইছিলো। নাতিনীজনীয়ে হোৱাটচএপ যোগে পঠিওৱা এলবামৰ পুৰণি ক’লা-ব’গা ফ’টোখনত লংপেণ্টৰ দুয়োটা পকেটতে হাত ভৰাই, জোতা-মোজা, চুৱেটাৰ, মাফলাৰ আৰু ঊলৰ টুপিৰে এটা ব’হেমিয়ান প’জ দি থকা নিজকে দেখি টম ছয়াৰৰ বন্ধু হাকলবেৰী ফিনৰ কথাহে মনলৈ আহিছিল! ধুবুৰীৰ ফ’টো দুখন আৰু নগাঁৱৰ ফ’টোখনৰ বাহিৰে সৰু কালৰ নিজৰ আন কোনো ফ’টোৰ কথা মনত নপৰে। ডাঙৰ ভিনদেউ আৰু বাইদেউহঁতে ইতিমধ্যে ইহসংসাৰৰ পৰা বিদায় লৈছে। বাইদেউ জীয়াই থকা হ’লে আৰু তেওঁৰ পুৰণি এলবাম বিচাৰি-খুচৰি চোৱাহেঁতেন হয়তো আৰু দুখনমান শৈশৱৰ ফ’টো আৱিষ্কাৰ হ’লহেঁতেন। তাকে কৰাৰ এতিয়া মুদা মৰিল। ভাগিন-ভাগিনীকেইটাই বাইদেউৰ স্মৃতিবোৰ কি ধৰণে সংৰক্ষণ কৰিছে তাৰ ভূ নাপাওঁ। 

ইতিমধ্যে উল্লেখ কৰিছোঁ যে এটা ডাঙৰ পৰিয়ালত পৰিয়ালৰ লোকসকলৰ যিমানবোৰ ফ’টো সাধাৰণতে এলবামত সংৰক্ষিত হৈ থাকিব লাগে তেনেধৰণৰ কোনো এলবাম মই ঘৰত দেখা নাছিলোঁ। অ’ত-ত’ত সিঁচৰতি হৈ থকা ফ’টোবোৰ কেতিয়াবা আলমাৰী বা বুকশ্বেল্ফত কিতাপ বিচাৰোতে ওলাইছিল। অৱশ্যে ঘৰৰ পেটমোছা বাবে মোৰ জন্মৰ পূৰ্বে কোনো ফ’টোৰ এলবাম মা-দেউতাহঁতৰ আছিল যদিও গম নাপাওঁ। হয়তো এনেকুৱাও হ’ব পাৰে যে ঘৰ বা ষ্টুডিঅ’ত কেতিয়াবা তোলা ফ’টোবোৰ কাপোৰৰ টোপোলাত বান্ধি চুটকেছ বা ট্ৰাঙ্কৰ তলিত পেলাই থোৱা হৈছিল আৰু কালক্ৰমত সেইসমূহ নষ্ট হৈ গৈছিল। মই ভাৱোঁ যে পুৰণি আৰু বিশেষকৈ ক’লা-ব’গা ফ’টোসমূহ ভালকৈ সংৰক্ষণ কৰি থ’ব পৰা এটা ডাঙৰ গুণ আৰু খুব কম মানুহৰহে এনে গুণ আছে। এই ক্ষেত্ৰত মই ডিব্ৰুগড়ৰ আমাৰ সৰু মামীৰ কথা উল্লেখ কৰিবই লাগিব। সৰুতে গুৱাহাটীৰ পৰা কেতিয়াবা ডিব্ৰুগড়ৰ সৰুমামাহঁতৰ ঘৰলৈ যাওঁতে মামা-মামীহঁতে আমাক বৰ আদৰ সাদৰকৈ ৰাখিছিল। পশ্চিম চৌকীডিঙ্গিৰ শান্তিপাৰাৰ সেই ঘৰটো এসময়ত ককা-আইতাহঁতৰে ঘৰ আছিল। ডিব্ৰুগড়লৈ ফুৰিবলৈ গ’লে মামীদেউৱে মোক, তেওঁলোকৰ ল’ৰা মুন অৰ্থাৎ ভাইটিটোক, আমাৰ মাহীৰ ল’ৰা আৰু সম্বন্ধীয় কোনো ককাই-ভাইক লগ পালে আটাইকেইটাকে মিলি মনালিছা ষ্টুডিঅ’লৈ ফ’টো তুলিবলৈ পঠিয়াইছিল। সেইদৰে সৰু বাইদেউহঁত দেউতা বা মাৰ সৈতে ডিব্ৰুগড়লৈ গ’লে সিহঁতকো ডাঙৰ আৰু মাজুমামাৰ বাইদেউকেইগৰাকী আৰু মুনৰ ভনীয়েকহঁতৰ সৈতে ফ’টো তুলিবলৈ ষ্টুডিঅ’লৈ পঠিয়াইছিল। ফ’টো তোলাৰ সম্পূৰ্ণ খৰচ মামীদেউৱে বহন কৰিছিল আৰু ফ’টোসমূহৰ স্বত্ব্বাধিকাৰীও আছিল মামীদেউ। 

আজি প্ৰায় ৫০ বছৰৰ পাছত আমাক আটাইবোৰ সম্বন্ধীয় ভাই-ককাই বা বাই-ভনীক মামীদেউৱে তেনেদৰে গ্ৰুপ ফ’টো তুলিবলৈ ষ্টুডিঅ’লৈ পঠিওৱাৰ মাহাত্ম্য বুজি পাইছোঁ। মামীদেউৱে তেনে নকৰাহেঁতেন বিভিন্ন ঠাইৰ সম্বন্ধীয় ককাই-ভাই, বাই-ভনীসকলৰ কোনো স্মৃতিচিহ্ন নাথাকিলহেঁতেন। একেলগে ফ’টোত থকা কেইবাগৰাকীয়েও ইতিমধ্যে সংসাৰৰ পৰা মেলানি মাগিছে। সৰু মামীদেউয়েও আমাক এৰি থৈ যোৱা প্ৰায় দেৰ বছৰমান হ’ল। তেওঁৰ মৃত্যুৰ পাছত মুন ভাইটিয়ে মামীৰ পেৰাত উপলব্ধ হোৱা বহুকেইখন পুৰণি আৰু আপুৰুগীয়া ফ’টো সামাজিক মাধ্যমত প’ষ্ট কৰিছিল। উল্লিখিত ফ’টোবোৰৰ উপৰি ডিব্ৰগড়ৰ ককা, আইতা আৰু মামাকেইজনৰ ফ’টো, মামাহঁতৰ পৰিয়াল, আনকি দেউতা চাব ডেপুটি কালেক্টৰ (প্ৰথম চৰকাৰী চাকৰি) হিচাপে ডিব্ৰুগড়ৰ ক’ৰ্টত চাকৰি কৰা সময়ৰ ফ’টো এখনো দেখা পালোঁ। অকল পুৰণি ফ’টোবোৰেই নহয় নানা ধৰণৰ পুৰণি নথি-পত্ৰবোৰো মামীদেউৱে অত্যন্ত যতনেৰে সাঁচি থৈ গৈছে। পৰিয়ালৰ সকলোবোৰ উল্লেখযোগ্য ঘটনাৰ কথা নিজহাতে লিপিবদ্ধ কৰি থৈ যোৱা ককাদেউতাৰ দিনপঞ্জী, আউনীআঁটী সত্ৰৰ সত্ৰাধিকাৰ ডিব্ৰুগড়লৈ আহোঁতে ককাক মল্লদেৱ উপাধিৰে বিভূষিত কৰাৰ প্ৰমাণপত্ৰ, লেপেটকটা প্ৰাইমেৰী স্কুলৰ পৰা বৃত্তি পৰীক্ষাত ককা প্ৰথম বিভাগত উত্তীৰ্ণ হওঁতে বৃটিছ চৰকাৰে প্ৰদান কৰা মেৰিট চাৰ্টিফিকেট, ১৯ শতিকাৰ আৰম্ভণিতে ডিব্ৰুগড় চহৰৰ কোনোবা এলেকাত দক্ষতাৰে লোক পিয়ল সম্পন্ন কৰা হেতুকে বৃটিছ চৰকাৰে ককাক যচা সন্মানসূচক পত্ৰ ইত্যাদি অনেক নথি প্ৰথমবাৰৰ বাবে মুন ভাইটিৰ প’ষ্টিঙবোৰৰ দ্বাৰা সামাজিক মাধ্যমত দেখি অভিভূত হ’লোঁ। তেতিয়াৰ দিনতে পৰিয়ালৰ সকলো ফ’টো আৰু দৰকাৰী নথিসমূহৰ সংৰক্ষণৰ মূল্য বুজি পোৱা মামীদেউক পুনৰ কৃতজ্ঞতা আৰু অশেষ শ্ৰদ্ধা জনালোঁ। আকৌ এবাৰ উপলব্ধি কৰিলোঁ যে এনেধৰণৰ গুণ সকলো মানুহৰ নাথাকে। 

ধানবাদলৈ আমি ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱাৰ সময়লৈকে ৰঙীণ ফ’টোৰ প্ৰচলন হোৱাই নাছিল। কলেজত এটা ফ’টোগ্ৰাফী হ’বি ক্লাব থকা মনত পৰে। আমাৰ অ’ল্ড হোষ্টেলতে এটা ডাৰ্ক ৰূম আছিল আৰু ফ’টো তোলাৰ হ’বি থকাসকলে নিজ নিজ কেমেৰাৰ ৰীলবোৰ ডাৰ্কৰূমত ডেভেলপ কৰি লৈছিল। হ’বি ক্লাবত কেইগৰাকী সদস্য আছিল এতিয়া মনত নাই কিন্তু আমাৰ সহপাঠী সকলৰ ভিতৰত ভুৱনেশ্বৰৰ সীতাকান্ত মহান্তিৰ কথা মনত আছে। মহান্তিয়ে নিজৰ কেমেৰাৰে তোলা সকলোবোৰ ফ’টো হোষ্টেলৰ ডাৰ্কৰূমতে ডেভেলপ কৰিছিল। শ্ৰেণীৰ এক্সকাৰ্ছনছ, পিকনিক, কলেজৰ বছৰেকীয়া সাংস্কৃতিক সন্ধিয়া এই সকলোবোৰতে মহান্তি নহ’লে আমাৰ নচলিছিল কাৰণ এই সকলোবোৰ আনন্দৰ মুহূৰ্ত কেমেৰাৰে ধৰি ৰখাৰ বাবে আমাৰ অইন কোনো সহপাঠী নাছিল। ফ’টোবোৰৰ কেইবাটাও কপি ষ্টুডিঅ’ত ডেভেলপ কৰিবলৈ দি নিজে ৰাখিব খোজা কঁপিবোৰৰ বাবে আমি ষ্টুডিঅ’ত বা মহান্তিক বেলেগকৈ পইচা দিছিলোঁ। কলেজৰ ফাইনেল পৰীক্ষা দি হোষ্টেল এৰি অহাৰ পূৰ্বে আমি বহুকেইজনে মিলি কলেজ কেম্পাচৰ কেইবাঠাইতো স্মৃতিচিহ্ন হিচাপে গ্ৰুপ ফ’টো লৈছিলো। নিজৰ এলবামত থকা এই ক’লা-বগা ফ’টোসমূহে ৪৩ বছৰৰ আগৰ ইঞ্জিনিয়াৰিং কলেজৰ মধুৰ দিনবোৰৰ কথা এতিয়াও সোঁৱৰাই দিয়ে। কলেজৰ প্ৰথম বছৰটোত আৰু প্ৰথমটো হোষ্টেলত বেলেগ বেলেগ ৰাজ্যৰ অইন দুজন ৰূমমেটৰ সৈতে একেলগে আছিলোঁ। বন্ধৰ দিনা এবাৰ আমি তিনিওজনে হিন্দী চিনেমা এখন চাই উভতি আহোঁতে ষ্টুডিঅ’ত সোমাই গ্ৰুপ ফ’টো এখন তোলা মনত পৰে। এই ফ’টোখন এতিয়াও সযতনে ৰাখিছোঁ। 

ব্লেক এণ্ড হোৱাইট ফ’টোৰ আন এটা কাহিনীৰে আজিৰ লেখাটো সামৰিছোঁ। সৰুকালত প্ৰাইমেৰী স্কুল বা এমই পৰীক্ষাত বৃত্তি পাই সৰু সৰু ল’ৰা-ছোৱালীবোৰে নিজৰ নিজৰ ফ’টো বিভিন্ন অসমীয়া বাতৰি কাকতলৈ পঠিওৱা কথা হয়তো সকলোৰে মনত আছে। আপুনি নিজেও বা আপোনাৰ সন্তানেও নিশ্চয় বৃত্তি পাই তেনে ফ’টো কাকতলৈ পঠিয়াইছিল। ‘এওঁলোকে প্ৰাইমেৰী বা এম ই বৃত্তি লাভ কৰিছে’ – এই শিৰোনামেৰে প্ৰকাশ পোৱা ফ’টোৰে সৈতে নিজৰ নিজৰ নাম আৰু স্কুলৰ নামবোৰ দেখি বৃত্তিলাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁলোকৰ পিতৃ-মাতৃসকলো সমানে গৰ্বিত হৈছিল। তাহানিতে দেউতাই চৰকাৰী চাকৰি কৰাৰ সময়ত এটা ডাঙৰ পৰিয়াল লগত লৈ অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবল’গীয়া হৈছিল। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাৰ বিভিন্ন ঠাইত ককাইদেউ আৰু বাইদেউসকলে অসমীয়া আৰু বাঙলা মাধ্যমৰ স্কুলত পঢ়িছিল। ঠিক সেই সময়ৰে এটা কাহিনী। বোধকৰো দেউতা শিলচৰত থাকোঁতে মোৰ সৰুজন ককাইদেউ এলপি স্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু লগতে এলপি বৃত্তিও লাভ কৰে। মই সেই সময়ত জন্ম হোৱাই নাছিলোঁ। সৰু ককাইদেউৱে এলপি বৃত্তি লাভ কৰাত পৰিয়ালৰ সকলো আনন্দিত হ’ল, বিশেষকৈ ডাঙৰ ককাইদেউৰ হেনো গাত ততেই নাছিল। সৰু ভায়েকে বৃত্তি পাইছে যেতিয়া ফ’টো একপি তুলি বাতৰি কাকতলৈ পঠিয়াবই লাগিব। মহানন্দেৰে ককায়েকে সৰু ভায়েকক চহৰৰ ভাল ফ’টো ষ্টুডিঅ’ এখনলৈ লৈ গ’ল। ষ্টুডিঅ’ৰ মালিক তথা ফ’টোগ্ৰাফাৰজনক ডাঙৰ ককাইদেউৱে ক’লে – ‘মোৰ ভাইটিয়ে এইবাৰ এলপি বৃত্তি লাভ কৰিছে। বাতৰি কাকতত দিবলৈ ভাইটিৰ পাছপ’ৰ্ট চাইজৰ ভাল ফ’টো এখন তুলি দিয়ক। ’ ককায়েকে ষ্টুডিঅ’ত ৰখা ফণী এখনেৰে ভায়েকৰ মূৰৰ চুলি ভালকৈ আঁচুৰি দি এটা বিশেষ প’জত ফ’টোখন তুলিবলৈ ফ’টোগ্ৰাফাৰক দিহা দিলে। সেইসময়ত ফ’টো তোলাৰ পূৰ্বে গ্ৰাহকে ইচ্ছা কৰিলে কিছু প্ৰসাধন কৰি ল’বলৈ ষ্টুডিঅ’ত এখন ড্ৰেছিং টেবুল আৰু তাতে দুখনমান ফণী, পাউদাৰ, স্ন’ ইত্যাদি বস্তু ৰখা হৈছিল। যি নহওক ফ’টোগ্ৰাফাৰে দিয়া তাৰিখমতে ককায়েকে ষ্টুডিঅ’লৈ ভায়েকৰ ফ’টো আনিবলৈ গ’ল। ফ’টোখন কিন্তু ডাঙৰ ককাইদেউৰ একেবাৰে মনঃপুত নহ’ল আৰু ফ’টোগ্ৰাফাৰজনৰ সৈতে তৰ্কা-তৰ্কি আৰম্ভ কৰিলে। ককাইদেউৰ আপত্তি হ’ল যে ফ’টোত ভায়েকৰ মুখখন বৰ এটা স্পষ্টকৈ অহা নাই। ককাইদেউৱে ফ’টোগ্ৰাফাৰজনক ক’লে – ‘ফ’টোত ভাইটিৰ নাকটো ভালকৈ নোলাল কিয়? একো দেখোন ধৰিবই নোৱাৰি। ’ ফ’টোগ্ৰাফাৰজনে হেনো সাউৎকৈ উত্তৰ দিলে – ‘দাদা, আপোনাৰ ভাইটিৰ নাকটোৱেই চেপেটা দেখোন! ফ’টোত কেনেকৈ ধুনীয়া নাক এটা ওলাব? ’ তেওঁৰ উত্তৰ শুনি ককাইদেউৰ ক’বলৈ আৰু একো নাথাকিল। সেমেনা সেমেনিকৈ দিবল’গীয়া পইচাখিনি দি আৰু ফ’টো তিনিকপি লৈ ককাইদেউ ঘৰলৈ উভতিল। এই কাহিনীটোৰ কথা কেতিয়াবা পৰিয়ালত ওলালে এতিয়াও সকলোকে হাঁহিৰ খোৰাক যোগায়। 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!