মনান্তৰ

লেখক- ৱাহিদ আহমেদ

সেইদিনটো আহিব বুলি

বাট চাই আছিলোঁ

মধুৰ ক্ষণৰ অপেক্ষাত থাকোঁতে

নিষ্ঠুৰতাই বাঁহ সাজি 

ঘৰৰ মূধচটো খোকোলা কৰিলে

কেতিয়া পৰি যাব

তাৰ চিন্তাই এতিয়া টোপনি সৰিছে 

 

অস্বস্তিকৰ জীৱনটোৰ বাবে

তুমি চিন্তা কৰিব নালাগে

তোমাৰ সুখৰ ৰাস্তাত মই 

বাধা হৈ থিয় নিদিওঁ,

তুমি কোৱা শব্দবোৰে মোক 

আগতেই দুখৰ নগৰীত 

অকলে এৰি দিছিল,

মই হেৰাই গ’লে

তুমি চকুপানী ওলোৱাকৈ নাকান্দিবা

মৃত্যুৰ বাবেই মানুহৰ জন্ম…

 

ফটা বাঁহ জোৰা নালাগে মই জানো

তথাপিও ঘৰখন ভাঙি নপৰিব

ঘৰৰ হাঁহিবোৰ 

সদায় খিলখিলাই থাকিব 

একেখন চালিৰ তলতে সপোনে 

এক নতুন বাটেৰে আগবাঢ়িব 

সেই বুলি নেৰানেপেৰা চেষ্টাৰে 

গৈ আছোঁ লক্ষ্যৰ পিনে

ৰাতি হ’লে আতংকবোৰে 

এনেকৈ খেদি ফুৰিছে 

ভয়াবহ জীৱনটোক চম্ভালিবলৈ 

মোৰ যেন সাহস নাই…

শংকাপূৰ্ণ সময়বোৰে কেতিয়া 

মোক কাঢ়ি নিয়ে ক’ব নোৱাৰোঁ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!