মৃত্যুৰ সুন্দৰতা বিচাৰি

লেখক- ৰিতুপবন গগৈ

প্ৰতিটো জীৱৰ জন্মৰ লগতেই মৃত্যুৰ নাম সন্নিৱিষ্ট হৈ আহে। এই বিশ্ব ব্ৰহ্মাণ্ডত আত্মাৰ মৃত্যু নাই যদিও জীৱৰ মৃত্যু এক শাশ্বত সত্য, ইয়াৰপৰা কোনেও বাচি যাব নোৱাৰে। জন্মৰপৰা মৃত্যুলৈ আমি যি সময় অতিবাহিত কৰোঁ, সেয়াই আমাৰ জীৱন য’ত সঞ্চিত হৈ থাকে জীৱনৰ সফলতা, বিফলতাৰ মুহূৰ্তবোৰ আৰু মিঠা-তিতা অভিজ্ঞতাৰ ভঁৰাল। জীৱনত সকলোৱেই সুখৰ পিছত দৌৰি ফুৰে যদিও প্ৰতিটো ক্ষণেই যে আমাক কেৱল সুখ দি থাকিব, এনে নহয়। কিয়নো জীৱন মানেই সুখ-দুখ, হাঁহি-কান্দোনৰ এক সংমিশ্ৰিত প্ৰতিচ্ছবি। যিদৰে আমি বিচাৰিলো বুলিয়েই নিজৰ ইচ্ছামতে সুখ বা দুখ পাব নোৱাৰোঁ, ঠিক তেনেদৰে মৃত্যুকো কোনোৱেই বিচাৰি আনিব নোৱাৰে। দেখা যায় কোনোৱে জীৱনত হাৰ মানি মৃত্যুক বিচাৰে আৰু কোনোৱে দুখ-যাতনাৰ কবলত পৰি মৃত্যুক হাত বাউল দিয়ে। যদি মৃত্যুৱেই জীৱনৰ লক্ষ্য হৈ পৰিব ধৰে, জীৱনৰ ৰঙীন অনুভূতিক জীয়াইনো ৰাখিব কোনে? আকৌ মৃত্যুৱেই যদি সমস্যা, দুখ আৰু যন্ত্ৰণাৰ মুক্তিৰ পথ হয়, জীৱন-সংগ্ৰামৰ প্ৰয়োজনেই বা ক’ত! আমি প্ৰত্যেকেই এই কথা হৃদয়ংগম কৰিব লাগিব যে আমি এই পৃথিৱীত নিজে মানুহ বুলি পৰিচয় দিয়াৰ আগতে এটা জীৱ বুলি চিনাকি দিবই লাগিব আৰু প্ৰতিটো জীৱই যিহেতু জীয়াই থাকিবলৈ সংগ্ৰাম কৰে, আমিও সেই সংগ্ৰামত লিপ্ত হবই লাগিব। জীৱশ্ৰেষ্ঠৰ মইমতালিয়ে বহু সময়ত ব্যক্তিক এই কথা পাহৰাই তোলে আৰু মৃত্যুক মাতি জীৱন-সংগ্ৰামৰপৰা পৰিত্ৰাণ পাব বিচাৰে। 

মৃত্যু জীৱন সমাপ্তিৰ এক ক্ষণ হ’লেও ই ব্যক্তিক প্ৰেৰণা দিব পাৰে। জীৱনত মৃত্যুক কোনে, ক’ত আৰু কেতিয়া লগ পায়, তাৰ উমান কোনেও নাপায় আৰু সেইবাবে মৃত্যু অহাৰ আগতেই সফল ব্যক্তিয়ে নিজৰ কৰ্ম সম্পন্ন কৰি আজৰি হ’ব বিচাৰে। আলস্য এনে ব্যক্তিৰ বাবে এক অভিশাপ হৈ পৰে আৰু জীয়াই থকা দিনকেইটাত যিমান পাৰি সমাজৰ হিত সাধন কৰাটোৱেই তেওঁলোকৰ উদ্দেশ্য হৈ পৰে। কষ্টসহিষ্ণু ব্যক্তিৰ কৰ্মৰাজিয়ে সেয়েহে মৃত্যুৰ পাছতো সুনাম ৰাখে আৰু দেশ তথা জাতিৰ বাবে এক অমূল্য অৱদান হৈ থিয় দি থাকে। অন্যহাতেদি নিৰ্ষ্কমা বা এলেহুৱা জীৱনৰ বাবে মৃত্যু এক সংকট হৈ থিয় দিয়ে আৰু কৰ্মৰ প্ৰতি অনীহা জন্মে। মৃত্যু আহিব বুলিয়েই নিজ কৰ্মৰপৰা আঁতৰি আহিব ধৰে আৰু এই মৃত্যুভয়ে কেতিয়াও পিছ নেৰে। মনটো দুৰ্বল কৰি যোগাত্মক চিন্তাধাৰাক বিদায় দিব ধৰে, জীৱন যুঁজত কেৱল বিফলতাৰ সপোন দেখিবলৈ ধৰে আৰু মৃত্যুৰ অপেক্ষাত জীৱনৰ দিন গণি গণি সময়বোৰ অতিবাহিত কৰে। এনেকুৱা জীৱনেই মৃত্যুৰ ওচৰত হাৰ মানে আৰু এলাহৰ বশৱৰ্তী হৈ ৰোগ-ব্যাধিক নিমন্ত্ৰণ দি যন্ত্ৰণাত জীৱন আগবাঢ়িব দিয়ে। মৃত্যুৱে যেন এপাট ধ্বংসকাৰী অস্ত্ৰ হৈ এনে জীৱন ভেদিব ধৰে। 

মৃত্যুক কেৱল যন্ত্ৰণাৰ সৈতে তুলনা কৰাটো নিশ্চয়কৈ ভুল হ’ব। জীৱনক টেঁটুচেপা দি মৃত্যুৱে নিজৰ আসুৰিকতাক চিনাকি দিলেও এটি আত্মাৰ মুক্তিৰ বাবে মৃত্যুৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি। মায়া-মোহেৰে বন্দী মানৱী দেহাৰ বাবে মৃত্যুৱে শত্ৰুৰ ৰূপ লৈ থিয় দিয়ে সঁচা, কিন্তু সৃষ্টিকৰ্তাৰ অপূৰ্ব সৃষ্টিক নিয়ন্ত্ৰণ কৰি সুন্দৰতাক জীয়াই ৰাখিবলৈ মৃত্যুক লাগিবই। মৃত্যুৱে কাল ৰূপ ধৰি নহা হ’লেই ভাৰসাম্যহীন পৃথিৱীয়ে আমাক এই বিশাল সৌৰ জগতৰপৰা কাহানিবাই বিদায় দিলেহেঁতেন। এয়াই মৃত্যুৰ মাজত সুন্দৰতাৰ অন্য এক ৰূপ যি পুৰণি সৃষ্টিক পুৰণি চিন্তা-চৰ্চাৰ সৈতে ক্ষণে ক্ষণে বিদায় দি থাকে আৰু এক নতুন সৃষ্টিৰে নতুন চিন্তা-চৰ্চাক আদৰি আনে। মৃত্যুৱে সদায় চিৰস্থায়ী মনোভাবক প্ৰশয় দি অহা হ’লে নতুনৰ অভাৱত আমাৰ কেতিয়াও বিকাশ সাধন নহ’লহেঁতেন। মৃত্যুৱে কাৰোবাৰ চিন্তা, কাৰোবাৰ সপোন আৰু কাৰোবাৰ ইচ্ছাক আধৰুৱা কৰিব পাৰে সঁচা, কিন্তু সেইবোৰ নতুনৰ উপস্থিতিত এক নতুন দিশৰপিনে লৈ যাবলৈও সক্ষম নোহোৱা নহয়। কিয়নো পৃথিৱীত প্ৰতিজন ব্যক্তিৰ মৃত্যুৰ পাছত কোনোবা নহয় কোনোবা এজন সদাশীল ব্যক্তিৰ অৱস্থিতি বিৰাজমান হৈ থাকে। ইয়াত আপোন বা পৰৰ কোনো কথা থাকিবই নোৱাৰে। 

মৃত্যুৰ মাজত যিদৰে বিষাদ সোমাই থাকে, তেনেদৰে লুকাই থাকে প্ৰেমৰ এক অনন্য ৰূপ। প্ৰেম আছে বাবেই জীৱন আছে আৰু জীৱন আছে বাবেই মৃত্যু আছে। হয়তো মৃত্যুৰ অনুপস্থিতিত ব্যক্তিয়ে জীৱনৰ প্ৰতি থকা প্ৰেম উপভোগ নকৰিলহেঁতেন। মৃত্যু ভয়ত পৰি নিঃস্ব জীৱনে প্ৰেমাস্পদৰ সংগ বিচাৰে, দুবাহুৰ মাজত নিৰাপত্তা বিচাৰে আৰু দুহাতৰ সুকোমল পৰশত মৰমৰ সঁহাৰি বিচাৰে। মৃত্যু কোনো প্ৰেমাসিক্ত হৃদয়ৰ বাবে বিৰহৰ কাৰক হ’ব পাৰে সঁচা, কিন্তু মৃত্যুৰ পৰশত হোৱা আত্মাৰ মিলনে সঁচা প্ৰেমক জীয়াই ৰাখিবলৈ সক্ষম হয়। এই পাৰ্থিৱ শৰীৰৰপৰা মৃত্যুৱে প্ৰাণবায়ু কাঢ়ি নিলেও দুই আত্মাৰ মিলনত ই কাহানিও হেঙাৰ হৈ থিয় নিদিয়ে। দেহাই এৰিলেও আত্মাই নেৰে প্ৰেমাস্পদৰ সংগ। মৃত্যুৱে যেন চিৰ-যুগমীয়া প্ৰেমৰ সাক্ষী হৈ মিলনৰ ৰম্যভূমিত নিজৰ পৰিচয় দিয়ে। 

মৃত্যুৱে লৈ আহে ধৈৰ্য, সাহস আৰু এক নতুন উদ্যমৰ বতৰা। প্ৰিয়জনৰ মৃত্যুত অন্য এটি জীৱন নিসংগ হৈ পৰে আৰু মনত নতুন উদ্যম লৈ সেই জীৱনে অকলশৰেই আগবাঢ়ে। পিছে সেই যাত্ৰাত সমাজৰ শেনচকুৱে আমনি কৰে, হতাশাই লগ নেৰে আৰু পুৰণি ডুখৰীয়া স্মৃতিয়ে মনত ঢৌ খেলি নাচে। প্ৰয়োজন হৈ পৰে অলপমান ধৈৰ্য, সাহস আৰু সহনশীলতা। মৃত্যুৱে এটা জীৱনক বিদায় দি আন এটি জীৱনলৈ এনেদৰেই লৈ আহে জীয়াই থকাৰ প্ৰেৰণা। ফলত নতুন জীৱনে প্ৰাণখুলি হাঁহিবলৈ যত্ন কৰে আৰু অন্তৰৰ সুপ্ত অনুভূতিক ন প্ৰাণ দি অনাগত দিনবোৰত ৰং বিচাৰি ফুৰে। পুৰণি বিষাদ ভৰা স্মৃতিয়ে মেলানি মাগিব ধৰে আৰু নতুন সাজেৰে জীৱনে নিজৰ সপোনবোৰ পূৰণ কৰিব ধৰে। 

জীৱনৰ বাবে মৃত্যুৰ কোনো নিৰ্দিষ্ট দিন নাই, সময় নাই। মৃত্যুৱে আমাক প্ৰত্যেককে সাবটি এদিন নহয় এদিন এই জীৱনক বিদায় দিবলৈ বাধ্য কৰিবই। য়েই প্ৰকৃতিৰ চিৰাচৰিত নিয়ম। ইয়াক বাধা দি ৰাখিব পৰা শক্তি সৃষ্টিকৰ্তাই কাৰোৰেই হাতত অৰ্পণ কৰা নাই। জীৱৰ বিৱৰ্তনৰ বাবে মৃত্যু অনিবাৰ্য বুলি জানিও আমি কাৰোবাৰ মৃত্যুৰ বাতৰি পাই দুখ কৰোঁ, শোকত ম্ৰিয়মাণ হওঁ আৰু মৃত্যুক ধিক্কাৰ দিওঁ। কিয়নো আমাৰ অন্তৰে মৃত্যুৰ বেদনা সহিবলৈ কষ্ট পায় আৰু ইয়াৰ প্ৰতিবাদ কৰে। পিছে আমিবোৰ নিৰুপায়। যি কি নহওক কিয়, মৃত্যু আহিব বুলি ভাবি ভাবি নিজৰ সময় নষ্ট কৰাতকৈ মৃত্যুৰ আগতেই ভৱিষ্যতৰ বাবে কিবা এটা ভাল কাম কৰি যাওঁ বুলি পণ লোৱা উচিত। যি পুণ্যৰ ফলত এই জীৱশ্ৰেষ্ঠ মানৱীয় জীৱন লাভ কৰিবলৈ সমৰ্থ হৈছোঁ, সেই জীৱনৰ মহত্ত্ব বুজি ইয়াৰ সন্মান অটুট ৰখা উচিত। মৃত্যু ভয়ত পৰি যিকোনো কৰ্মৰপৰা আমিবোৰ বিচলিত নহৈ সাধ্যানুসাৰে ভৱিষ্যত জীৱনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগোৱা উচিত। মৃত্যুয়েও সুন্দৰতাৰ ৰূপ পাওঁক আৰু সময় থাকোঁতেই সকলোৱে নিজ নিজ কৰ্মত মনোনিৱেশ কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!