”মোৰ কেৰিয়াৰ বাছনি – এজন অভিযন্তাৰ পৰা কেৰিয়াৰ পৰামৰ্শদাতালৈ”
লেখক- ড° বুলজিৎ বুঢ়াগোহাঁই
২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ দি আহিছোঁ। ২০০খনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ কৰ্মশালা-আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকল লগত মুখা-মুখিকৈ কেৰিয়াৰ বিষয়ৰ কথাবোৰ আলোচনা কৰিছো আৰু ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছো। তদুপৰি, শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৰূপালী, সোণালী, হীৰক জয়ন্তী আদি উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ তথা বাৰ্ষিক মুখপত্ৰ আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্ৰেৰণ কৰো আৰু প্ৰকাশ হয়। এইদৰে লেখা প্ৰেৰণ কৰাৰ উদ্দেশ্য হ’ল – ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা কিছু সংখ্যক শিক্ষাৰ্থী অলপ হ’লেও যাতে আমাৰ কেৰিয়াৰ বিষয়ৰ লেখাবোৰৰ পৰা উপকৃত হয়। ইয়াৰ দ্বাৰা বহুতে উপকৃত হোৱা কথা জনায়। কিন্তু এদিন এগৰাকী অভিভাৱকে তেওঁ সন্তান দুজনৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত মোৰ কেৰিয়াৰৰ ওপৰতেই প্ৰশ্ন কৰিলে “আপুনি ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আন্তঃৰাষ্ট্ৰীয় মানৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ পাছতো এখন ব্যক্তিগত শিক্ষানুষ্ঠানত কাম কৰে দেখোন? আপোনাৰ কেৰিয়াৰটো সফল নহ’ল নেকি?” এই প্ৰশ্নটোৰ উত্তৰ ৰাজহুৱা কৰিব বিচাৰিছো।
ধেমাজি জিলাৰ ভেহপৰা গাঁৱত জন্ম গ্ৰহণ কৰি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ধেমাজি মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগত স্নাতক ডিগ্ৰী(B.E.)ৰ বাবে নাম নামভৰ্তি কৰিছিলো। ২০০০ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে গম পাইছিলো যে অভিযান্ত্ৰিক বিভাগতো তেজপুৰ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ (M.Tech) কৰিব পাৰি আৰু তাত স্নাতকোত্তৰ অধ্যয়ন কৰাৰ বাবে সুবিধা লাভ কৰো। স্নাতকোত্তৰ কৰি থাকোঁতেই জানিলো যে অভিযান্ত্ৰিক শাখাতো পি.এইচ.ডি. কৰাৰ সুবিধা আছে। ২০০৫ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি), গুৱাহাটীত গৱেষণা কৰাৰ সুবিধা লাভ কৰি গম পালো যে আই আই টি গুৱাহাটীত অকল অভিযান্ত্ৰিক বিভাগবোৰহে অধ্যয়ন কৰিব পাৰি তেনে নহয়, তাৰ বাহিৰেও বিভিন্ন বিষয়ত অধ্যয়ন কৰিব পাৰি। প্ৰথমে গুৱাহাটী চহৰৰ আশে-পাশে অৱস্থিত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় সচেতনতা বৃদ্ধিৰ কাম হাতত লওঁ। বিভিন্ন পাঠ্যক্ৰমৰ সম্ভাৱনাৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱাৰ লগতে উচ্চশিক্ষা আৰু কৰ্মসংস্থানৰ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰো। পিছত বাতৰি কাকত, আলোচনী আদিত কেৰিয়াৰ সম্পৰ্কীয় লেখা আৰম্ভ কৰোঁ। সেই সময়ৰপৰা কেৰিয়াৰ পৰামৰ্শ প্ৰদান কৰা কামটো এক সামাজিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছোঁ।
বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পোৱা কেৰিয়াৰ-সম্পৰ্কীয় লেখাসমূহ ‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনত সংকলন কৰা হৈছে। এই কিতাপখন প্ৰথমবাৰৰ বাবে ২০১৫ চনত অনিল বৰুৱাই প্ৰকাশ কৰিছিল, আৰু ২০১৮ চনলৈকে ইয়াৰ মুঠ চাৰিটা সংস্কৰণ প্ৰকাশ হয়। তাৰ পিছত বনলতা প্ৰকাশনে গ্ৰন্থখন প্ৰকাশ কৰাৰ দায়িত্ব গ্ৰহণ কৰে। বনলতাৰ পৰা ২০২৩ চনৰ জুনত প্ৰথম সংস্কৰণ, ২০২৪ চনৰ এপ্ৰিলত দ্বিতীয় সংস্কৰণ আৰু ডিচেম্বৰ ২০২৪ত তৃতীয় সংস্কৰণ প্ৰকাশ পাইছে। কিতাপখনৰ বেটুপাতৰ শিল্পী হ’ল সুমন দাস, অসীম চুতীয়াই অংগসজ্জা কৰিছে, কেৰিয়াৰ হাতপুথিখনত মুঠ ৫০৯ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩৫০ টকা।
মই যদি অসমৰ বাহিৰত কৰ্মক্ষেত্ৰ বাচি ললোঁহেঁতেন, হয়তো এতিয়াতকৈ দহ গুণ বেছি উপাৰ্জন কৰিব পাৰিলোহেঁতেন। কিন্তু অসমৰ মাটিত থাকি, শিক্ষাক্ষেত্ৰত জড়িত হৈ, যি আত্মিক তৃপ্তি আৰু শিক্ষাৰ্থীৰ মাজত দীঘলীয়া প্ৰভাৱ পেলাব পাৰিছো, সেই আনন্দ টকাৰ লগত তুলনা নহয়। মই যেতিয়া পঢ়িছিলোঁ, কেৰিয়াৰ পৰামৰ্শৰ অভাৱত বহুতো সুযোগ হেৰুৱাইছিলোঁ। আজি অসমৰ শিক্ষাৰ্থীসকলক সেই অভাৱ পূৰণ কৰিব বিচাৰোঁ।
অসমত ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰিয়ালসকলৰ দৰে সম দৃষ্টিৰে চোৱা নহয়—এই মানসিকতা পৰিহাৰৰ সময় আহি পৰিছে। এনে দৃষ্টিভংগীয়ে বহু শিক্ষাৰ্থীক কেৱল চৰকাৰী চাকৰিতহে ভবিষ্যৎ আছে বুলি ভাবিবলৈ বাধ্য কৰে। ফলত, আন বহু সম্ভাৱনাময় পন্থাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ হ্ৰাস পায়। যিদিনা অসমীয়া সমাজে “অকল চৰকাৰী চাকৰি নহয়, দক্ষতাক মূল্যায়ন কৰা”ৰ মনোভাৱ গ্ৰহণ কৰিব, সেইদিনাহে আমাৰ যুৱশক্তিৰ বিকাশ সম্ভৱ হ’ব। সকলো শুদ্ধ আৰু নৈতিক কৰ্মক্ষেত্ৰই সমানে সম্ভাৱনাময়— এই উপলব্ধি গঢ়ি তুলিবলৈ অভিভাৱক, শিক্ষক, সমাজকৰ্মী, গণমাধ্যমৰ লগতে আমাৰ সমূহীয়াভাৱে প্ৰচেষ্টা অত্যন্ত প্ৰয়োজন।