মোৰ প্ৰথম মটৰ চাইকেলখনৰ আত্মসন্মানবোধ

লেখক- ড: ভগৱান দেৱ মিশ্ৰ

১৯৭৯ চনৰ ডিচেম্বৰ মাহত বেংকৰ পৰা ঋণ লৈ আঠ হাজাৰ এশ টকাত ৰাজদূত(Rajdoot) মটৰ চাইকেল এখন লৈছিলোঁ। মই জনাত সেই সময়ত সেই অঞ্চলৰ এশ বৰ্গ কিলোমিটাৰৰ ভিতৰত দ্বিতীয় এখন মটৰ চাইকেল নাছিল। দুই এখন ‘ভাস্পা’ স্কুটাৰ আছিল। দিনৰ ভাগতেই ওচৰতে ভাড়া মাৰিবলৈ মহাজন এজনৰ এখন এম্বেছাদৰ গাড়ী আছিল। গাড়ীখন মহাজনতকৈ বয়সীয়াল আছিল। আদবাটতে বেয়া হোৱাৰ প্ৰৱল সম্ভাৱনাৰ কথা ভালদৰে মহাজনে জানে বাবেই গাড়ীত উঠাৰ আগতেই তেল-মোবিলৰ খৰচখিনি গ্ৰাহকৰ পৰা আদায় কৰাৰ নিয়ম এটা মহাজনে বান্ধি দিছিল। গাড়ীখনৰ লাইট দুটা অকাজু আছিল বাবে মহাজনে ৰাতি গাড়ী ভাড়ালৈ নিদিছিল। মাহত কিবাকৈ এটা বা দুটা ভাড়া পায় বাবে হয়তো মহাজনে গাড়ীখনৰ মেৰামতিও কৰা নাছিল।

   মোৰ মটৰ চাইকেলখনৰ নামটো ৰাজদূত হ’লেও ৰজাৰ দূত নাছিল, ৰাইজৰ দূত আছিল, ৰাইজৰ বিনা প‌ইচাৰ বাহন আছিল। মটৰ চাইকেলখনৰ শব্দটো শুনিলেতো যমদূত যেনেই লাগিছিল। অতি জবৰজং, খাল-বাম এক কৰি যায়। ষ্টাৰ্ট কৰোঁতে ওলোৱা শব্দটো দিনৰ ভাগত তিনি কিলোমিটাৰ আৰু ৰাতিৰ ভাগত ছয় কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল। ক’ৰবালৈ ৰোগী চাবলৈ গ’লে বাটত খোজ কাঢ়ি ভাগৰি পৰা মানুহে হাত দাঙে, পিছৰ ছিটত উঠাই ল‌ওঁ। অলপ আগত আৰু এজনে হাত দাঙে, তেলৰ টেংকিটোত উঠাই ল‌ওঁ–অলপ আগুৱাই গ’লে আৰু এজনে হাত দাঙে, পিছৰ ষ্টীলৰ কেৰিয়াৰ খনত বহাই ল‌ওঁ। পেট্ৰলৰ লিটাৰ তিনি টকা পঞ্চাশ প‌ইচা। পাঁচ লিটাৰ আৰু ২৫০ মিলিলিটাৰ মোবিলৰ দাম বিশ টকা। মই ডাক্তৰৰ চেম্বাৰৰ ফিজ মাত্ৰ এটকা। তেতিয়া মোবিল তেলৰ টেংকিতেই ঢালিব লাগে। পেট্ৰল ভৰাবলৈও বাটকুৰি বাই আধা লিটাৰ পেট্ৰল খৰচ কৰিব লাগে।

   আশীৰ দশকৰ আদিভাগ। সেইদিনা নতুনকৈ আৰম্ভ হোৱা ‘জনতা কাৰ্ফিউ’ ভাগ চলি আছিল। চ’কত কাঠৰ গুম্‌টি এটাত মোৰ চেম্বাৰ। ৰোগী বহিবলৈ বাহিৰত এখন কাঠৰ বেঞ্চ আছে। ঠাণ্ডাৰ দিন। ইপিনে অসম আন্দোলনে যাতায়তৰ প্ৰাথমিক ব্যৱস্থাখিনিকো অদৰকাৰী বুলি গন্য কৰি কাঠৰ দলংবোৰ জ্বলাই শেষ কৰিছে। ৰাতিপুৱাৰ পৰা মাখি মাৰি আছোঁ, এজনো ৰোগী নাই। আদহীয়া মানুহ এজন আহিল। পিছে ৰোগী নহয়, ৰোগীৰ দেউতাকহে। ল’ৰাজনৰ অসুখ, ঘৰলৈ গৈ চাই দিব লাগে। মই ভালেই পালোঁ। দহটকীয়া এখন পালেও দুপৰীয়াৰ ভাতসাঁজৰ খৰচটো ওলায়। ৰাতিৰ সাঁজৰ কথা চিন্তা কৰিবলৈ গোটেই দিনটো লাং খাই পৰি আছে। মানুহজনক মটৰ চাইখেলনৰ পাছত বহুৱাই লৈ আগবাঢ়িলোঁ। মানুহজনৰ নামটো নক‌ওঁ, তেখেত এতিয়া প্ৰয়াত। দহগজমান যোৱাৰ পিছতে তেখেতে মোক ৰ’বলৈ ইংগিত দি নামি গ’ল। এখন কাঠ-বাঁহৰ দোকানত সোমাল। মই মটৰ চাইকেলখনতেই বহি ৰ’লোঁ। বহু সময় হ’ল। মানুহজন ঘূৰি অহা নাই। ময়ো নামি গৈ দোকানখনত সোমালোঁ। ৰছীৰে বাঁহ তিনিটা জপটিয়াই বান্ধি আছে মানুহজনে। মই আকৌ ঘূৰি আহি মটৰ চাইকেলত বহিলোঁ। বিশ মিনিটমানৰ পিছত দুজন মানুহৰ লগ হৈ বাঁহকেইটা মোৰ মটৰ চাইকেলখনৰ কাষত ৰাখিলে। মানুহজনে মোক মৰমতে ‘বাপা’ বুলি মাতে। সেই সময়ত মই বহুতৰে ‘বাপা’ আৰু ‘বাপু’ আছিলোঁ। মানুহজনে মোক ক’লে— বাপা বেয়া নাপ্‌বি। কালি ছোৱালীটুৰ বিয়া। চুবুৰীৰ       

    মানুহখিনিক মাত্‌ছু। দালি-ভাত এসাজ খুৱম। তোকো 

    মাত্‌লুদে। কলপাতৰ ছাইমাৰা(ৰভা) এখেন দিবা 

    লাগ্‌বো। আজি চাইৰোফালে বন্ধ। ঠেলা এখেনো

    নাই। তোৰ মটৰ চাইকেলখেনোতে লৈ যাউ দে।

ম‌ই আপত্তি কৰিবলৈ সময়ে নাপালোঁ। মানুহজনে লগৰীয়া দুজনক লৈ বাঁহকেইটা কপ্‌কপীয়াকৈ মোৰ মটৰ চাইকেলখনত বান্ধি দি মোৰ মটৰচাইকেখনৰ পাছত ছোৱালী মানুহ বহাদি বহিল। তিনি কিলোমিটাৰমান কঢ়িয়াই লৈ গৈ তেখেতৰ নিৰ্দেশমতে মই তেখেতৰ ঘৰৰ আগ পালোগৈ। তেখেতে চিঞৰি চিঞৰি দুজনমানক মাতি বাঁহকেইটা নমালে। মোক মাতি নি চোতালত মূঢ়া এটাত মোক বহিবলৈ দিলে। বেমাৰী ল’ৰাজনৰ নামটো লৈ চিঞৰি চিঞৰি ঘৰত সোমাল। ওলাই আহি ক’লে-

:বাপা সি ঘৰত নাই। লগৰ ছলিৰ লগোত কবাত খেলা

    খেল্‌বা গেইছে। কালি মই লৈ যাম যা। একবাৰ তোক

    দেইখম।

মোৰ হাতত দহটকীয়া নোট এখন গুজি দি মানুহজনে ঘৰৰ ভিতৰ সোমাই আৰু ওলাই নাহিল। মোৰ দুপৰীয়াৰ ভাতসাঁজ মুকলি হ’ল, মোৰ মনটো কিন্তু মুকলি নহ’ল। মটৰ চাইকেলখনেও ষ্টাৰ্ট কৰোঁতে বৰ আপত্তি কৰিলে। মটৰ চাইকেলখনেও বুজি পাইছে যে ল’ৰাজনৰ একো বেমাৰ হোৱা নাই।

  ৰাইজ, এই ঘটনাটোৰ বয়স হৈছে, কিন্তু প্ৰাসংগিকতাটোৰ বয়স হোৱা নাই। আজিও চলি আছে। এইটোকে আজিকালিৰ ভাষাত বেম্বু (Bamboo) খোৱা বুলি কয়। সকলো সাধাৰণ মানুহলৈ আবেদন—অকল ভাতমুঠিৰ বাবে নিজৰ মৰ্যাদা বিক্ৰী নকৰিব। শোষক সকলে ভাত মুঠিৰ লোভ দেখুৱাই আপোনাৰ শ্ৰমৰ মৰ্যাদা, আপোনাৰ মৰ্যাদা হানি কৰি বেম্বু দিবলৈ উঠি-পৰি লাগিছে। ভূপেন হাজৰিকাৰ ভাষাতেই কৈছোঁ–Dignity of labour ৰক্ষা কৰক। বেম্বু নাখাব আৰু কাকো খাবলৈও নিদিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!