যুদ্ধ আৰু আৱেগ

লেখক- সৌৰভ দত্ত

 

    মই নিজকে কেতিয়াও শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞ বুলি নাভাবোঁ। তথাপিও কিন্তু বহু বছৰৰ আগৰেপৰা এইখন মাৰ্কেটত যুদ্ধ কৰি আছোঁ। সেয়ে মই নিজকে এজন সৰু-সুৰা ট্ৰেডাৰ বুলিয়েই ভাবোঁ। দীৰ্ঘ সময় ধৰি ভাৰতীয় শ্বেয়াৰ বজাৰত লোকচান নকৰাকৈ স্থায়ীভাৱে তিষ্টি থাকিবলৈ সংগ্ৰাম আৰু অহৰহ চেষ্টা চলাই আহিছোঁ।

 

   কিন্তু আজি কেইমাহ মানৰপৰা এই বজাৰখন বিভিন্ন কাৰকৰ পৰিপ্ৰেক্ষিতত যথেষ্ট অস্থিৰ আৰু অনিশ্চিত হৈ পৰিছে।

 

ট্ৰেডিঙৰ ক্ষেত্ৰত মই আবেগ (Emotion) বা অন্তৰ্দৃষ্টি (Intuition)ৰ আধাৰত সিদ্ধান্ত লোৱাৰ পক্ষপাতী নহয়। ভুল কৰোঁ যদিও মাৰ্কেটৰ সুদক্ষ বিশ্লেষণ আৰু মাৰ্কেটক প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহৰ গভীৰ অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিহে সিদ্ধান্ত ল’বলৈ চেষ্টা কৰোঁ। সেইবাবেই আমাৰ দৰে সৰু-সুৰা ট্ৰেডাৰবোৰে স্থিৰতা আৰু সহিষ্ণুতাৰ সৈতে সঠিক সময়ৰ বাবে অপেক্ষা কৰি থাকিব লগা হয়।

 

আমাৰ দৰে ট্ৰেডাৰবোৰে দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে, বৰ্তমান সময়ত দেশৰ দুদ্যোল্যমান অৰ্থনৈতিক পৰিস্থিতিত ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ধৰণৰ যুদ্ধ সমীচীন নহয়। ভাৰতীয় শ্বেয়াৰ মাৰ্কেটখনেও কেইদিনমানৰ আগৰ অস্বাভাৱিক পতনৰপৰা এতিয়াও উত্থানৰ চেষ্টা কৰি আছে।

এনে সময়ত যুদ্ধ অথবা যিকোনো সামৰিক সংঘৰ্ষই ভাৰতীয় শ্বেয়াৰ বজাৰত অতি গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। লগতে এই সময়ত দেশৰ অৰ্থনৈতিক অৱস্থাও এনে কোনো বৃহৎ সংঘাতৰ বাবে একেবাৰেই সাজু নহয়।

 

    সেয়ে আমি বিশ্বাস কৰোঁ যে, ভাৰত চৰকাৰে যুদ্ধৰ পথ বাচি নোলোৱাকৈ কৌশলী আৰু দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সন্ত্রাসবাদ আৰু পাকিস্তানৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। এনে পদক্ষেপৰ দ্বাৰা ৰাষ্ট্ৰীয় স্বাৰ্থ, নাগৰিকৰ সুৰক্ষাৰ লগতে অৰ্থনৈতিক স্থিৰতাও নিশ্চিত কৰিব পাৰিব। অৱশ্যে এনে কূটনৈতিক বিচক্ষণতাৰ প্ৰতিফলন আমি ইতিমধ্যেই দেখিবলৈ পাইছোঁ।

 

     ফেচবুকত যুদ্ধ লাগে লাগে বুলি আতাহ পাৰি থকা কিছু সংখ্যক আৱেগিক অন্ধৰ দৰে মই মোৰ আৱেগৰ বাবে এখন যুদ্ধ নিবিচাৰোঁ। কেতিয়াও নিবিচাৰোঁ যে, এখন যুদ্ধৰ বাবেই এটা সন্তানে অকালতে নিজৰ পিতৃক হেৰুৱাওক, এগৰাকী মাতৃয়ে নিজৰ সন্তানক হেৰুৱাওক অথবা এগৰাকী পত্নীয়ে নিজৰ পতিক হেৰুৱাওক। কাৰণ মোৰ আৱেগো ফেচবুকতে সীমাবদ্ধ। হাতত বন্দুক লৈ যুদ্ধক্ষেত্ৰলৈ যোৱাৰ সাহস হয়তো মোৰ দৰে সেই সকলৰো নাই।

 

এটা কথা কিন্তু সঁচা যে, মই টেবুলৰ তলেৰে লেনদেন কৰা চৰকাৰী বিষয়াও নহয়; যি বিয়াগোম বিয়াগোম অট্টালিকা সাজিছোঁ, প্ৰতি বছৰে পৰিয়ালৰ লগত বিদেশ ভ্ৰমণলৈ গৈছোঁ, দামীৰো দামী গাড়ী চলাইছোঁ। 

মই তেনে ৰাজনৈতিক নেতাও নহয় যি আয়কৰ ফাঁকি দি ক’লা টকাৰ পাহাৰ বনাইছোঁ, অঙহী-বঙহীৰ নামত অজস্ৰ সম্পত্তিৰ সাম্ৰাজ্য গঢ়িছোঁ। মই যি উপাৰ্জন কৰিছোঁ, নিজৰ কষ্টৰে কৰিছোঁ। 

 

    যুদ্ধ নিবিচাৰিলেও কিন্তু ভাৰতীয় সৈনিকে আমাৰ দৰে নাগৰিকৰ সুৰক্ষাৰ কাৰণে যুদ্ধক্ষেত্ৰলৈ যোৱাৰ ক্ষেত্ৰত পিছ হুঁহকি আহিলে আপত্তি দৰ্শাবলৈ মোৰ সম্পূৰ্ণ অধিকাৰ আছে। কাৰণ মই সৎ পথেৰে আৰ্জন কৰা আয়ৰ ধনৰপৰা চৰকাৰী নিয়ম অনুসৰি আয়কৰ, বিক্ৰীকৰ আদিকে ধৰি সকলোখিনি কৰ যথা সময়ত পৰিশোধ কৰিছোঁ, সেই কৰৰ টকা দেশৰ সুৰক্ষাৰ বাবে সদা সষ্টম সৈনিকসকলৰ দৰমহাৰ ক্ষেত্ৰতো নিশ্চয় ব্যৱহাৰ হৈছে। কিন্তু যুদ্ধৰ বাবে চিঞৰ-বাখৰ কৰি থকা যঠেষ্ট সংখ্যকৰ হয়তো এনে ধৰণৰ কোনো অৱদানেই নাই।

 

    এতিয়া হয়তো বহুতে ভাবিব যে, শ্বেয়াৰ মাৰ্কেটত মোৰ বহু টকাৰ বিনিয়োগ আছে। সেয়ে মোৰ দেশপ্ৰেম নাই আৰু মই যুদ্ধৰ বিপক্ষে মাত মাতিছোঁ। কিন্তু নহয়, আগতে কোৱাৰ দৰে মই এজন সৰু ট্ৰেডাৰহে মাথোঁ। কিন্তু যুদ্ধৰ ক্ষেত্ৰতো মই আৱেগিক নহয়।

 

      বহুতে হয়তো ভাবিব মই স্বাৰ্থপৰ।

হয়, মই স্বাৰ্থপৰ। কাৰণ মোৰ উপাৰ্জনৰ টকাৰে এসাঁজ খাবলৈ মোৰ পৰিয়ালটো ৰৈ থাকে, মোৰ উপাৰ্জনৰ টকাৰে মোৰ সন্তানে শিক্ষাৰ সুযোগ লাভ কৰে। সেই শিক্ষাৰ জৰিয়তে মোৰ সন্তানে ভবিষ্যতে চাকৰি বা ব্যৱসায় কৰি আয়কৰ, বিক্ৰীকৰ সকলো নিয়মমাফিক পৰিশোধ কৰিব পাৰিব যাতে সীমান্তত থকা আমাৰ সেনাই পেট ভৰাই এসাঁজ খাব পাৰে।

 

     সেয়ে মই নিবিচাৰোঁ মোৰ আৱেগৰ বাবে ভাৰতীয় সেনাই নিজৰ জীৱনটোৰ সৈতে খেলা কৰি ধৰ্মান্ধ সন্ত্ৰাসবাদী অথবা শত্ৰু দেশৰ সৈন্যৰ গুলী বুকু পাতি ল’ব লগা হওক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!