লেচাকণীযা গোবিন্দ আতাৰ বংশধৰ “পুৱাৰাম মহন্ত” আৰু তে‌ওঁ ৰচিত চৰিত পুথি_“বৰদোৱা গুৰুচৰিত”

লেখক- অজয় বৰুৱা

   দৰং জিলাৰ প্ৰাচীনতম সত্ৰৰ অন্যতম খটৰা সত্ৰ। খ্ৰীষ্টীয় ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকণীয়া শ্ৰীশ্ৰী গোবিন্দ আতাৰ দ্বাৰা স্থাপন কৰা দৰংৰ প্ৰথম সত্ৰখনৰ সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক, ঐতিহ্য প্ৰচাৰ আৰু প্ৰসাৰাৰ্থে আহো- পুৰুষাৰ্থ কৰা স্মৰণীয় পুৰুষ প্ৰয়াত “পুৱাৰাম মহন্ত” দেৱ। পশ্চিম দৰং অঞ্চলৰ সমাজহিতৈষী, মানৱীয় দৃষ্টি আৰু নিৰ্মোহ বিশ্লেষণৰে সমাজৰ বিভিন্ন সমস্যাসমূহ অনুধাৱন আৰু সমাধান কৰা এই ব্যক্তিজনা জন- মানসত এক উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰবাবে সমগ্ৰ অঞ্চলটোৰ এক অনুকৰনীয় ব্যক্তি হিচাপে আজিও সমাদৃত। ঊনবিংস শতিকাত খটৰা গাঁৱত জন্ম গ্ৰহণ কৰা মহানুভৱৰ জনাৰ পিতৃ আছিল প্ৰয়াত হৰিধন মহন্ত। প্ৰাথমিক শিক্ষা হাতীমাৰা প্ৰাথমিক বিদ্যালয়ত কৰে আৰু হাইস্কুলীয়া শিক্ষাৰ বাবে মংগলদৈ যায় যদিও সেয়া সম্পূৰ্ণ নকৰাকৈ ঘূৰি আহি দিপীলা মৌজাৰ মৌজাদাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু খটৰা সত্ৰৰ পৰিচালনাৰ দিশত আগভাগ লোৱাকে ভিতৰ কৰি দিপীলা বাণীপ্ৰিয় চতুষ্পাঠী(সংস্কৃত টোলৰ পিছফালেদি) ননৈৰ মথাউৰীক সমীপলৈ সংযোগ কৰি হাতীমাৰাস্থিত, সৰাবাৰী ৰাজ্যিক চিকিৎসালয়ৰ সমীপলৈ নিৰ্মাণ কৰি উলিওৱা পাটগিৰি আলি আদি কাম কৰি অঞ্চলটিৰ আৰ্থ-সামাজিক কামত নিজকে নিয়োজিত কৰে। গুৰুজনাৰ আদৰ্শক জীৱনৰ ব্ৰত হিচাপে লৈ এই পুৰোধা ব্যক্তিজনাই আধ্যাত্মিক সাহিত্যতো সমগ্ৰ পশ্চিম দৰংক প্ৰতিনিধিত্ব কৰি অসমৰ বৌদ্ধিক ইতিহাসকত কীৰ্তি ৰাখি থৈ গৈছে। তে‌ওঁ জীৱনৰ কৃতিত্ব হ’ল “বৰদোৱা গুৰু চৰিত” সৃষ্টি। মূল সাঁচিপতীয়া লিপিৰ পৰা তেখেতে সংকলন কৰা “বৰদোৱা চৰিত” পুথিখন সেই সময়ৰ অগ্ৰণী অসমীয়া বাৰ্তালোচনী “বাঁহী”ত ধাৰাবাহিকভাৱে দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাৰ পৰা পঞ্চম বছৰৰ একাদশ সংখ্যালৈকে (আঘোণ ১৮৩২-আহিন১৮৩৬ শক) ‌প্ৰকাশ পাইছিল। মহন্তদেৱে সংকলনখন নুলিওৱা হ’লে বৰদোৱা গুৰুচৰিত পুথিখন কালৰ বুকুত হয়টো হেৰাই থাকিলহেঁতেন। তেখেতৰ ৰচনাত মূল পুথিখনৰ সক্ৰিয় সৌন্দৰ্য্য ম্লান পৰা বুলি বাঁহীৰ উপৰিও পদ্মনাথ গোহাঞিবৰুৱা সম্পাদিত “ঊষা” তো তেখেতে বৈষ্ণৱ সম্পৰ্কীয় সৰু সৰু টোকা লিখিছিল। গতিকে দেখা যায় উচ্চ শিক্ষা নথকা সত্ত্বেও বৌদ্ধিক অনুশীলন আৰু প্ৰজ্ঞাৰ অন্বেষনত আত্মনিয়োগ কৰা পুৱাৰাম মহন্তদেৱে সেই সময়তে খটৰা সত্ৰক অসমৰ সত্ৰসমূহৰ মাজত এক সুকীয়া মৰ্যাদা প্ৰদানৰ বাবে যি আন্তৰিক প্ৰচেষ্টা আগবঢ়াইছিল তাৰ বাবে খটৰা সত্ৰৰ ইতিহাসত তেখেত চিৰস্মৰণীয় হৈ ৰ’ৱ। ১৮৯৭ চনৰ বৰ ভূঁ‌ইকম্পত ভূমিস্যাত হোৱাসত্ৰৰ কীৰ্তনঘৰ আৰু মণিকূট পুনৰ নিৰ্মাণত সেই সময়ত পথৰুঘাটৰ তহচিলদাৰ প্ৰয়াত দিদাৰুদ্দিন বৰাদেৱৰ লগ হৈ মহন্তদেৱে যি যুদ্ধকালীন ক্ষিপ্ততাৰে আগভাগ লৈছিল সেয়া অন: স্বীকাৰ্য। 

#বৰদোৱা গুৰুচৰিত#

খটৰা সত্ৰৰ বিদ্বান সেৱক পুৱাৰাম মহন্ত আছিল আধুনিক অসমীয়া ভাষাত শ্ৰীমন্ত শংকৰদেৱ- to মাধৱদেৱৰ জীৱন-চৰিত লেখকসকলৰ পথিকৃৎ স্বৰূপ। গুৰুচৰিত পুথিসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ গুৰুদুজনাৰ লগতে নজন আতাপুৰুষৰ জীৱন লীলা সম্বলিত চৰিতপুথিসমূহ অসমৰ মধ্যযুগীয়া সমাজ জীৱন দাপোণ। গুৰু দুজনাৰ আবিৰ্ভাৱ-তিৰোভাৱ তিথিত পালনীয় কাৰ্যক্ৰমণিকাৰ অংশ স্বৰূপে সত্ৰসমূহত চৰিত চৰ্চাৰ যি পৰম্পৰাৰ সূচনা হৈছিল তাৰে ফলশ্ৰুতিত “গুৰু চৰিত” সমূহৰ সৃষ্টি হৈছিল। লেচাকণীয়া শ্ৰীশ্ৰীগোবিন্দ আতাৰ দ্বাৰা প্ৰতিষ্ঠিত দৰঙৰ প্ৰথমখন সত্ৰ খটৰা সত্ৰতো অসমৰ অন্যান্য সত্ৰসমূহৰ দৰে “চৰিত তোলা” প্ৰথাৰ প্ৰচলন হৈছিল। এই পৰম্পৰাৰ ফলতেই প্ৰতিষ্ঠিত আতাপুৰুষজনাৰ নৱম পুৰুষৰ অধস্তন বিদ্বান ভকত পুৱাৰাম মহন্তদেৱে আনুমাণিক ঊনবিংশ শতিকাৰ প্ৰথম দশকত “গুৰুচৰিত” নামে চৰিত তুলিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত “বাঁহী” আলোচনীৰ ১৯১০ চনৰ পৰা ১৯১৪ চনলৈ (১৮৩২ শকৰ আঘোণ মাহৰ পৰা ১৮৩৬ শকৰ আহিন মাহলৈ অৰ্থাৎ বাঁহীৰ দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাৰ পৰা পঞ্চম বছৰৰ একাদশ সংখ্যালৈ) ছোৱা ছোৱাকৈ প্ৰকাশ কৰা গুৰুচৰিত্ৰখন মুঠ আঠত্ৰিশটা অধ্যায়ত সম্পূৰ্ণকৈ প্ৰকাশ পাইছিল। বেজবৰুৱাদেৱে “গুৰু চৰিত্ৰ”খন লৰচৰ নকৰাকৈ প্ৰকাশ কৰা বুলি সম্পাদকীয় টোকাত এইদৰে লিখিছিল “ইয়াৰ সকলো কথা নিৰ্ভুল নহয় আৰু আমাৰ অনুমোদিত নহয়। “বেজবৰুৱাদেৱে ‘পুৰণি গদ্য পুথিৰ চানেকি’ বুলিহে পুথিখন প্ৰকাশ কৰা বুলিও পাদটীকাত উল্লেখ কৰিছে। কিন্তু এই পুথিৰেই নানা বিষয় প্ৰসংগ বেজবৰুৱাদেৱে ১৯১১ চনত প্ৰকাশ কৰা শংকৰদেৱ আৰু পৰৱৰ্তী “শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱ” গ্ৰন্থত গ্ৰহণ কৰিছিল বুলি ড০ মহেশ্বৰ নেওগদেৱে তেওঁৰ “শ্ৰীশ্ৰীশংকৰদেৱ” গ্ৰন্থত উল্লেখ কৰিছে। এই পুথিখনকে পণ্ডিত প্ৰৱৰ ড০ মহেশ্বৰ নেওগদেৱে ১৯৭৭ চনত গুৱাহাটী বুক ষ্টলৰ দ্বাৰা “বৰদোৱা গুৰুচৰিত” নামেৰে দ্বিতীয়বাৰ সম্পাদিত ৰূপত প্ৰকাশ কৰছিল। “বৰদোৱা গুৰুচৰিত” ৰূপত মহন্তদেৱৰ চৰিত পুথিখনে ভক্ত সম্প্ৰদায় আৰু বিদ্যায়তনিক সমাজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে কেবা দশক পাৰ হৈ গ’ল। বৰদোৱা গুৰু চৰিত পুথিৰ নামত পুৱাৰাম মহন্তদেৱে ৰক্ষা কৰা গুৰুচৰিতৰ মূল্য কোনো গুণে কম নহয়। এইপুথিখন বেজবৰুৱাদেৱে “লৰচৰ নকৰাকৈ প্ৰকাশ কৰা”টো যেনেদৰে সৎ প্ৰচেষ্টা সেই একেখন পুথিকে “বৰদোৱা গুৰু চৰিত” ৰূপে ড০ নেওগদেৱে প্ৰকাশ কৰাটো এক সৎ প্ৰচেষ্টা। সেই অৰ্থত সংক্ষিপ্ত ৰূপত অৰ্বাচীন ভাষাত পুৱাৰাম মহন্তদেৱে “নকল” নহয়, নিজা ধাৰণাৰে “অভিযোজনা” কৰা কামটো এক সাধুবাদ পাবৰ যোগ্য। কালৰ গৰ্ভত চিৰদিনলৈ হেৰাই যাবলৈ ধৰা এখনি পুথি উদ্ধাৰ কৰি মহন্তদেৱে যি জাতীয় দায়িত্ব পালন কৰি গ’ল তাৰ বাবে তেওঁ চিৰস্মৰণীয় ব্যক্তি। যাৰ বাবে তেওঁক “গুৰু চৰিত” ৰ আধুনিক যুগৰ বাটকটীয়া লেখক ৰূপে স্বীকৃত দিয়া উচিত। আকৌ মুদ্ৰণ ইতিহাস চালে পোৱা যায় মহন্তদেৱেই অসমীয়া ভাষাত গুৰু চৰিত লিখা প্ৰথম লেখক। কিয়নো ১৯০০ চনত হৰিবিলাস আগৰৱালাই ছপা কৰা দৈত্যাৰি ঠাকুৰৰ “গুৰি চৰিত”ৰ পিছত মহন্তদেৱৰ গুৰুচৰিতখন ‘বাঁহী’ৰ পাতত ছপা হৈছিল (১৯১০➖১৯১৪ চনত)। ইয়াৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ “শংকৰদেৱ” আৰু “শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ” প্ৰকাশ পায় ১৯১১ চনত। ১৯২৫ চনত হলিৰাম মহন্তদেৱে ৰামচৰণ ঠাকুৰৰ “শংকৰ চৰিত” আৰু দুৰ্গাধৰ বৰকটকীয়ে ভূষণ দ্বিজৰ গুৰু চৰিত মুদ্ৰিত ৰূপত প্ৰকাশ হয়। ১৯৪৯ চনত ড৹ মহেশ্বৰ নেওগৰ “শ্ৰীশ্ৰীশংকৰদেৱ” প্ৰকাশ হৈছিল, ১৯২৫ চনত বৰপেটা সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ চতুভুৰ্জ মিশ্ৰৰ পৰা প্ৰাপ্ত সাঁচিপতীয়া কথাচৰিতখনি পণ্ডিত ড৹ বাণীকান্ত কাকতিৰ পৰামৰ্শতে অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰে “কথা গুৰু চৰিত “১৯৮৬ চনত। এই সকলোবোৰ চালে আধুনিক ভাষাত ৰচনা কৰা গুৰু চৰিতৰ লেখক হ’ল পুৱাৰাম মহন্ত দেৱ। সেয়ে হ’লে মহন্তদেৱৰ ভাষাৰ আৰ্বাচীনতা দোষ নহয় গুণ আৰু সংক্ষিপ্ততা দুৰ্বলতা নহয় বৰং আধুনিক ‘অভিযোজনা’। 

পুৱাৰাম মহন্তদেৱে প্ৰণীত এই “বৰদোৱা গুৰুচৰিত” ত মুঠ আঠত্ৰিশটা অধ্যায়ত “বাঁহী” আলোচনীত প্ৰকাশ কৰিছিল আৰু দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ গৌৰৱময় ৪৫০ বছৰীয়া জয়ন্তী উৎসৱত মহন্তদেৱৰ ৰচনাশৈলীৰ মৌলিকত্ব নষ্ট নোহোৱাকৈ খটৰা সত্ৰৰ বৌদ্ধিক সম্পদৰূপে সম্পাদনা কৰি উলিয়াই।“বৰদোৱা  গুৰুচৰিত” নামেৰেই খটৰা সত্ৰ প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনটো আঠত্ৰিশটা অধ্যায়েই অন্তভূৰ্ক্ত কৰে। 

“শঙ্কৰায় নমস্তভ্যং মাধৱেন সমন্বিত। 

ভক্তানপি তথা বন্দে মাধৱং শীল শিক্ষিত। । 

শ্ৰুয়তাং শ্ৰুয়তাং নিত্যং গীয়তাং গীয়তাং মুদা। 

চিন্ত্যতাং চিন্ত্যতাং ভক্তি গুৰুণাং চৰিতং তথা। । “বৰদোৱা গুৰুচৰিত খনত মহন্তদেৱে এনেদৰে প্ৰথম অধ্যায় আৰম্ভ কৰিছে। য’ত বিৰজাদেৱী নদী হোৱা, লক্ষ্মীক মনুষ্য হ’ব লাগে বুলি অভিশাপ দিয়া, ব্ৰহ্মা, শিৱ, প্ৰকৃতিৰ জন্মৰ কাহিনী (এই তিনিজনে সৃষ্টিৰ প্ৰথম কাৰণ), স্বয়ং পূৰ্ণব্ৰহ্ম মথুৰাত আবিৰ্ভাৱ ৠষিসকল গো, অপ্সৰাসকল গোপী ৰূপে জনম লোৱা, স্বয়ং ভগৱান পুনৰ পৃথিৱীলৈ শৰণ, ভজন, শ্ৰৱণ, কীৰ্তন চাৰিবস্তু সহিতে লৈ বঢ়াৰ পো, গুৰুজনা আদিকে ধৰি চাৰি অংশে চাৰিধামে অৱতাৰ লোৱা আদি কথা উল্লেখ আছে। দ্বিতীয় অধ্যায়ত “গুৰুদেৱৰ বংশাৱলী”, তৃতীয় অধ্যায়ত “শঙ্কৰদেৱৰ শিশুলীলা”, চতুৰ্থত “ব্ৰজাৰাম আতৈৰ গুৰু শৰণ” আদিকে ধৰি ক্ৰমে “গুৰুঈশ্বৰ ষাঁড় গৰু বগৰাই দিয়া, বিবাহৰ আলোচনা, বৰদোৱা নিৰ্মাণ পদব্ৰজে মথুৰা, বৃন্দাবন গমন (৫ অ), ভূঞা সকলৰ বাবে নামঘৰ, মণিকূট সাজি তিনি প্ৰসংগ কৰা, ৰাধিকাৰ শান্তি ধৰ্ম ৰক্ষা, ‘শান্তি -জান’ নিৰ্মাণৰ কথা(৬ অ), গুৰু ভ্ৰাতা বনগয়াঁগিৰীৰ বিবাহ, সপ্ত বৈকুণ্ঠৰ চিত্ৰপট, ভূঞা আৰু কছাৰী ৰজাৰ খৰিয়াল, বৰপুত্ৰ ৰমানন্দ ঠাকুৰৰ জন্ম বৰ্ণণা সুন্দৰ ভাৱে প্ৰকাশ কৰিছে। অধ্যায় ৮ ত বেলগুৰি সত্ৰ বা ধুৱাহাটত সত্ৰত তুলসীৰাম ভকতৰ লগত কথোপকথন, বিভিন্ন সমস্যাৰ সমাধানৰ উপায় আদি কথা উল্লেখ আছে। এনেকৈ মাধৱদেৰ চৰিত্ৰ, শঙ্কৰ মাধৱৰ সন্মিলন (ধুঞাহাটা) বৰ্ণনা, শ্ৰীমাধৱদেৱৰ গুৰুসেৱা, ধৰ্মপ্ৰচাৰ, ব্ৰাহ্মণৰ দ্বেষ জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা, দুইজন গুৰুৰ চৰিত্ৰ, মাধৱদেৱৰ জোৰণৰ কন্যা পৰিত্যাগ, হৰি জোৱাঁইৰ মৃত্যু, ধুঞাহাট পৰিত্যাগ, নাৰায়ণ ঠাকুৰৰ চৰিত্ৰ, চক্ৰপাণিৰ বংশাৱলী, দেৱ দামোদৰৰ চৰিত্ৰ, ৰামৰায় আতাৰ সুন্দৰী কন্যা ভুবনেশ্বৰীৰ বিবাহ, অনন্ত কন্দলীক দশমৰ মাজ আৰু শেষৰ ছোৱা ৰচনাৰ দায়িত্ব, । পাটবাউসীত সত্ৰ স্থাপনেৰে ধৰ্মপ্ৰচাৰ, ৰামৰায় আতাপগ কন্যা ভুৱনেশ্বৰী কথা, ছোট দেওৱান গুৰুজনক সাক্ষাৎকাৰ, শৰণ, নৰনাৰায়ণ ৰজাৰ ৰাজ দৰবাৰলৈ গমন, টোটয় সৃষ্টি, গণকুছিত মাধৱদেৱৰ ধৰ্মপ্ৰচাৰ, ৩৫ নং অধ্যায়ত শান্ত, নামত, হোজা ভোবোৰা দামোদৰ ৰ কথা, খটৰাত লেছা কঠীয়া গোবিন্দ ভকতৰ সত্ৰ নিৰ্মাণ আদিৰ বৰ্ণনা পোৱা যায়, গোপাল আতাৰ চৰিত্ৰ ৩৬ অধ্যায়ত, ৩৭ অধ্যায়ত বংশী গোপাল জন্ম, বৰপেটাৰ চৰিত্ৰ, তাঁতি কুছিত ৰাসযাত্ৰাৰ কথা, উল্লেখ্য যে সাতদিন ব্যাপি ৰাস যাত্ৰা কৰি লোক সকলৰ ঈশ্বৰ লীলা দেখুৱাইছিল, । সেই ৰামযাত্ৰাৰ প্ৰতিমা লেছাকণীয়া গোবিন্দ প্ৰাৰ্থনা কৰাত অৰ্পণ কৰিছে, অদ্যাপিও ৰাম, সীতা, হনুমন্তৰ মূৰ্তি খটৰাত আছে। 

“আনিলোঁ বনৰ ফুল বনে বনে ফুৰি ফুৰি, 

কপাহী সূতাৰে দেৱ গাথিলো ই মালাধাৰি। 

চকুলো সমল মোৰ ক্ষুদ্ৰ অভাগাৰ, 

লোৱাঁ দেৱ লোঁৱা আজি হৃদয়ৰ উপহাৰ। । 

অধ্যায় ৩৮ ত গুৰুজনাৰ কনিষ্ঠ পুত্ৰ হৰিচৰণ ঠাকুৰ দক্ষিণ কুলৰ সৰু গুৰুৰ ঠাইলৈ গমন, মাধৱদেৱক সাক্ষাৎ, বৰবিষ্ণু আতাৰ চৰিত্ৰ আদিৰ কথা পোৱা যায়। ‘বৰদোৱা গুৰু চৰিত’খন অসমীয়া সাহিত্যৰ এখন অমূল্য সম্পদ। পুৰণি সাঁচিপতীয়া পুথিৰ পৰা নকল কৰি প্ৰকাশৰ উপযোগী কৰি তদানীন্তন মঙলদৈ মহকুমাৰ বিষয়া বেণুধৰ ৰাজখোৱা ডাঙৰীয়াক দিছিল আৰু তেওঁ ‘বাঁহী’ ৰ সম্পাদক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ হাতত দিছিল। খটৰা সত্ৰৰ এই বৌদ্ধিক সম্পদটি তেখেতে “বাঁহীত” প্ৰকাশেৰে সংৰক্ষণ কৰি থৈ গৈছিল। খটৰা সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তী (2020) ত খটৰা সত্যক বৌদ্ধিক সমাজত সুপ্ৰতিষ্ঠিত কৰোঁতা বিদ্বান সেৱক পুৱাৰাম মহন্ত শ্ৰদ্ধা তৰ্পণৰ উদ্দেশ্যে বেজবৰুৱা দেৱৰ ‘বাঁহীত’ প্ৰকাশিত মূল ৰূপটি খটৰা সত্ৰ সংস্কৰণ হিচাপে “বৰদোৱা গুৰুচৰিত “নামেৰেই প্ৰকাশ কৰিছে। উল্লেখ যে ড৹ মহেশ্বৰ নেওগদেৱেৰ সম্পাদনাত জনপ্ৰিয় হৈ পৰা আৰু বিদ্বান সমাজৰ দ্বাৰা ‘বৰদোৱা গুৰুচৰিত’ নামেৰে স্বীকৃত হোৱা বাবে মহন্তদেৱৰ “গুৰু চৰিত্ৰ “খনতো ‘বৰদোৱা গুৰু চৰিত” নামটোকে ৰাখিলে। দৰঙৰ বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ কমলাকান্ত ডেকা দেৱৰ সম্পাদনাত এখনি সৰ্বাংগসুন্দৰ আপুৰুগীয়া সম্পদ হিচাপে ভবিষ্যলৈ স্থায়ী ৰূপ দিলে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!