শৈশৱে ৰিঙিয়াই
লেখক- ৰূপাঞ্জলি বৰপাত্ৰ
“শিশু আমিবোৰ
বয়সৰ সীমাবোৰ
একো একোখন ঢাকোন মাথোন …!”
প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ আঁৰত একো একোজন শিশু শুই থাকে৷ সুবিধা পালেই সাৰ পায় সেই শিশুসত্তাই। যেতিয়া সন্মুখত বয়সৰ পৰিপক্বতা বজাই নাৰাখিলেও হয়, তেতিয়াই জাগে সেই শিশুসুলভ মনটো৷ হয়তো শৈশৱৰ স্মৃতি ৰোমন্থন নাইবা শিশুসুলভ দুষ্টামি। সাময়িক যদিও এই কাৰ্যবোৰেই আমাৰ জীৱন যাত্ৰাত ক্ষণিকৰ বাবে হ’লেও জীপাল কৰি ৰাখে আমাক৷
তেনে এটি অনুভৱেই চুই গ’ল আমাৰ প্ৰতিজনকে ’পূৰ্ব শৈশৱ শিক্ষাৰ’ প্ৰশিক্ষণৰ মাজেৰে৷ প্ৰশিক্ষণৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আকৌ এবাৰ দুহাত বাউলি মাতিলে শৈশৱে৷ সেই আমন্ত্ৰণৰ বৰষুণত বাৰুকৈয়ে তিতি জুৰুলি-জুপুৰি হলোঁ আমিবোৰ৷ শিশুবোৰ বাৰু নহ’ব কিয়! সঁচাকৈয়ে শিশুবোৰে আনন্দৰে হাঁহিব, খেলিব, শিকিব৷ মুকলি আকাশৰ তলত মুক্ত মনেৰে বিচৰণ কৰিব৷ সঁজাত বন্দী চৰাইবোৰৰ দৰে যদি সিঁহতক আমি বান্ধি ৰাখোঁ তেতিয়া জানো সিঁহতৰ সৰ্বাঙ্গীণ বিকাশ সাধন হ’ব? সেয়ে শিশুসকলৰ সকলো দিশৰ বিকাশ সাধনৰ বাবে আমি সিঁহতক সিঁহতৰ পচন্দৰ পদ্ধতিৰে শিকন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব৷ ECCE প্ৰশিক্ষণে এই দিশসমূহকে সামৰি লৈ এক অদ্বিতীয় কাৰ্যপ্ৰণালী হাতত লৈছে৷ যি বাস্তৱত ৰূপায়িত হৈ আমাৰ ভৱিষ্যতৰ শিশুসকলক আগুৱাই লৈ যাব৷ আমি আশাবাদী৷ আমি প্ৰতিশ্ৰুতিবদ্ধ হাতে হাত ধৰি অকণমানি অকনিহতঁক আগুৱাই নিম নতুন পথেৰে, য’ত থাকিব কেৱল পোহৰৰ ৰেঙনি৷
হেৰা অকণি
আহা আগবাঢ়ি
হাঁহি মাতি নাচি
শিকোঁ জীৱনৰ শিকনি
আমি যাওঁ আগবাঢ়ি…।