সপোন
লেখক- স্নিগ্দ্ধা তৃষ্ণা ফুকন
তুমি বোলে আজি এটা সপোন দেখিলা।
মুক্তিৰ সপোন,
সংগ্ৰামৰ অন্তিম সপোন।
কিয়!
জীৱনৰ চাৰিওবেৰে তোমাক
আপ্লুত কৰা নাই!
নাই কৰা তোমাক বিমুগ্ধ!
সংগ্ৰামক হেৰুৱাব বিচাৰিছা
নে জীৱনক?
সহনশীলতাৰ আদিপাঠত
শিকা নাছিলা জানো
সহিলে শিকিবা আৰু
নসহিলে মৰিবা।
এতিয়া পিছে সহিবলৈ ভয়
নে মৰিবলৈ মন!
নিজকে সুধিছানে?
তুমি বোলে আজি
এটা সপোন পুৰালা
সংগ্ৰামহীন মুক্তিৰ সপোন
হয়তোবা
মৃত্যুৰ সপোন!
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments