ই-আলোচনী সম্ভাৱনা আৰু প্ৰত্যাহ্বান

সম্পাদক - ৰীতাঞ্জলি ৰাজবংশী

 

 বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু প্ৰচলনৰ বাবে সমাজ জীৱনলৈ ভালেখিনি পৰিবৰ্তন আহিল। এই পৰিবৰ্তনৰ বতাহজাকে সাহিত্য জগতকো চুই গৈছে। বিশ্বায়ন আৰু গোলকীকৰণৰ ফলত ই-বিপ্লৱৰ সূচনা হয়। এই ই-বিপ্লৱৰ অন্যতম ফচল হৈছে ই-সাহিত্য। সামাজিক মাধ্যমৰ দ্ৰুত প্ৰসাৰৰ লগে লগে ই-সাহিত্যই দ্ৰুত বিকাশ আৰু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমত প্ৰসাৰ লাভ কৰা ই-সাহিত্যই পাঠকৰ অভূতপূৰ্ব সঁ‌হাৰি লাভ কৰাত ই-আলোচনী প্ৰকাশ হ’বলৈ ধৰে। সম্ভৱত অসমত প্ৰকাশিত প্ৰথমখন ই-আলোচনী ‘অন্বেষণ’। এই আলোচনীখন ২০০৩ চনত যোৰহাটৰ পৰা প্ৰকাশ হয়। ২০১০চনত হিমজ্যোতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশ পোৱা ‘এনাজৰী ডট কম’ হৈছে ইউনিকোড যোগে প্ৰকাশিত প্ৰথমখন ই- আলোচনী।   আজিৰ প্ৰেক্ষাপটত ই-আলোচনীৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ সমান্তৰালকৈ সামাজিক মাধ্যমৰ দ্ৰুত প্ৰসাৰৰ ফলত ই-সাহিত্য তথা ই-আলোচনীৰ প্ৰাসংগিকতা বৃদ্ধি পাবলৈ ধৰিছে। ছপা মাধ্যমৰ আলোচনী এখন পাঠকৰ ওচৰ পাওঁতে কিছু সময়ৰ প্ৰয়োজন, ইয়াৰ বিপৰীতে ই-আলোচনী এখন অতি সহজে পাঠকৰ হাতত পৰে আৰু বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ছপা আলোচনীৰ তুলনাত ই-আলোচনী কম খৰচী। ই-আলোচনীৰ ছপা আৰু বিতৰণৰ সময় ও খৰচ হ্ৰাস কৰে, ইয়াৰ জৰিয়তে অতি দ্ৰুতভাৱে বৃহৎ সংখ্যক পাঠকৰ কাষলৈ পোনপটিয়াকৈ লৈ যাব পাৰি। পাঠকে যিকোনো সময়তে এই আলোচনী পঢ়িব পাৰে। এই মাধ্যমত শব্দ, ছবি, ভিডিঅ সংলগ্ন কৰাৰ সুবিধাৰ ফলত পাঠকৰ আগ্ৰহ বৃদ্ধি কৰে। লগতে ইয়াত কাগজ ব্যৱহাৰ আৰু ছপা বিতৰণৰ প্ৰয়োজন নোহোৱা বাবে ব্যক্তি বা সৰু সৰু গোটসমূহে নিজৰ চিন্তা, শৈলী বা সৃষ্টিসমূহ সহজে বিশ্ববাসীৰ ওচৰলৈ আগঢ়াই দিব পাৰি। আনহাতে বিশ্বৰ ভিন্ন প্ৰান্তত বসবাস কৰি থকা লোকেও অতি সহজে ই- আলোচনীৰ জৰিয়তে লিখিব পাৰে, যাৰ বাবে ভিন্ন ঠাইৰ সমাজ, সংস্কৃতিৰ বিষয়ে অবগত হ’ব পাৰি। সাহিত্য, সংস্কৃতি, বিজ্ঞান, পৰ্যটন ক্ষেত্ৰত ই-মেগাজিনৰ অপাৰ সম্ভাৱনা দেখা যায়।  যদিও ই-মেগাজিনৰ সম্ভাৱনাবোৰ যথেষ্ট আশাজনক, তথাপি এই ক্ষেত্ৰখন সম্পূৰ্ণৰূপে নিৰ্ভৰযোগ্য বুলি ক’ব নোৱাৰি। ইণ্টাৰনেট সহজলভ্য নোহোৱা অঞ্চলসমূহত ই-মেগাজিনৰ প্ৰভাৱ সীমিত। লগতে, সকলো পাঠকে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়। চকুত ক্লান্তি, মনোযোগ অভাৱ আৰু চাইবাৰ সুৰক্ষাৰ অভাৱো এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে দেখা দিয়ে। বাণিজ্যিক ভাবেও ছপা আলোচনীৰ দৰে ই-আলোচনীৰ দ্বাৰা আয় কৰাটো সম্ভৱ নহয়।   ই-আলোচনী হৈছে আধুনিক যুগৰ এক প্ৰযুক্তি-নিৰ্ভৰ মাধ্যম; ই একেদৰে সম্ভাৱনাৰে পৰিপূৰ্ণ যদিও প্ৰত্যাহ্বানৰ পৰা মুক্ত নহয়। ইয়াৰ পূৰ্ণ বিকাশৰ বাবে সঠিক পৰিকল্পনা আৰু প্ৰযুক্তিৰ সদ ব্যৱহাৰ, পাঠকৰ ডিজিটেল সাক্ষৰতা, আৰু অধিক গুণগত মানসম্পন্ন বিষয়বস্তুৰ সংযোজন প্ৰয়োজন।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!