সিদিনাৰ আকাশ
লেখক- নূপুৰ হাজৰিকা
সিদিনাৰ আকাশখন
আজি নাই ইয়াত।
তৰাৰে ফুটফুটিয়া আকাশখন
আমাক আবৰি ধৰা আকাশখন সেইদিনা !
কেইবাৰাতি
তৰাবোৰ খহি পৰা শুনিছোঁ
ওখ ওখ সৰলৰ শুকান গুটি সৰি পৰা টুং টাং শব্দ !
সৰলৰ পাতে দ’ম বন্ধা ৰঙামাটিৰ এঢলীয়াত তৰাবোৰ যেন বুটলি থাকিমগৈ
আকৌ সন্ধিয়া আকাশত বুটা বাচিম !
যেতিয়া কিন্ কিনকৈ বৰষুণজাক পৰিব
বতাহৰ সোঁ সোৱণিত মেঘে মেঘে কঁপিব মনৰ একান্ত নিজা আকাশ !
তুমি চাবাচোন,
পাহাৰৰ এঢলীয়াইদি
মই পিচলি গৈ থাকিম
গৈ থাকিম !!
আৰু এদিন শুনিবা …
সৰল গছবোৰে আকাশক কন্দুৱাই আছে
কন্দুৱাই আছে
ৰেপনি তুলি তুলি তুমুল বৰষুণ
পাহাৰৰ পৰা কেৱল ৰঙামাটিৰ ঢল !!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments