সিন্ধু জল সন্ধি
লেখক-লক্ষ্য জ্যোতি নাথ
সিন্ধু জল সন্ধি কি, ভাৰতৰ দ্বাৰা এই সন্ধি ভংগয়ে পাকিস্তানলৈ কিমান বিপদ চপাই আনিব পাৰে!
যেনেকৈ ভাৰতৰ মাজেৰে বৈ যোৱা মুখ্য নদী বুলি ক’লে গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, গোদাৱৰী, কৃষ্ণা, মহানদী আদি আছে, পাকিস্তানৰ মাজেৰে বৈ যোৱা মুখ্য নদী কি জানে নে! অকল সিন্ধু নদী। আচলতে পাকিস্তানৰ মাজেৰে বৈ যোৱা ছয় খন মুখ্য নদী আছে; সেই কেইখন হৈছে সিন্ধু, ঝেলুম, চেনাব, ৰবি, ব্যাস, আৰু ছাটলেজ। ইয়াৰে সিন্ধু মুখ্য আৰু ডাঙৰ নদী, বাকী ৫ খন সৰু নদী, আৰু এই ৫ খন সৰু নদী মিলি শেষত সিন্ধু নৈত পৰিছে আৰু তাৰ পাছত এখন নদী সিন্ধু হিচাপে বৈ গৈছে। সেইবাবে পাকিস্তানত সিন্ধুকে মুখ্য নৈ বুলি কোৱা হয়।
এই সিন্ধু নদীখন উপৰোক্ত ৬ খন নদীত বিভক্ত হৈ তিব্বত মালভূমিৰ কৈলাশ পৰ্বতৰ মান সৰোবৰ আৰু বোখৰ চু হ্ৰদৰ হিমবাহৰ পৰা ওলাই আহিছে আৰু ভাৰতৰ লাডাখ, হিমাচল প্ৰদেশ, হাৰিয়ানা, জম্মু-কাশ্মীৰ আৰু পঞ্জাৱৰ মাজেৰে বৈ গৈ পাকিস্তানৰ সোমাইছে। অৰ্থাৎ ওপৰোক্ত সিন্ধু নদী সহ আৰু ৫ খন নদী ভাৰতৰ মাজেৰে বৈ গৈ পাকিস্তানত পৰিছে। ইয়াৰে ৰবি, ব্যাস, আৰু ছাটলেজ নদীক পূবৰ নদী আৰু সিন্ধু, ঝেলুম, চেনাব নদীক পশ্চিমৰ নদী বুলি কোৱা হয়।
পাকিস্তান দৈনিক জীৱনত ব্যৱহাৰ কৰাৰ বাবে পানী, খেতি, উদ্যোগ, মীন পালন, যাতায়ত, কাৰখানা, জলসিঞ্চন, বিদ্যুৎ উৎপাদন সকলো এই ৫ খন নদীসহ সিন্ধু নৈৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এক কথাত সিন্ধু নদীৰ পানী নহ’লে পাকিস্তান শুকাই মৰুভূমি হৈ যাব।
এতিয়া আহোঁ সিন্ধু জল সন্ধি (Indus Waters Treaty, IWT) কি! স্বাধীনতাৰ আগৰ পৰা এই ৬ খন নদী এনেকৈয়ে বৈ আছে। স্বাধীনতাৰ পাছত যেতিয়া ভাৰত আৰু পাকিস্তান দুভাগত বিভক্ত হ’ল পাকিস্তানৰ তেতিয়া চিন্তা হ’ল যে পাকিস্তানৰ মুখ্য গোটেই কেইখন নদী দেখোন ভাৰতৰপৰা অহা। ভাৰত-পাকিস্তানৰ যুদ্ধ, কাজিয়া লাগিয়েই থাকে। ভৱিষ্যতে ভাৰতে যদি কেতিয়াবা পাকিস্তানৰ ওপৰত খং কৰি এই নদীবোৰৰ পানী আৱদ্ধ কৰি থয় বা বেলেগ ফালে বোৱাই লৈ যায় তেতিয়া কি হ’ব! পাকিস্তান শুকাই মৰিব লাগিব। এনেবোৰ চিন্তায়ে পাকিস্তানক চিন্তিত কৰিলে।
১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত পাকিস্তানৰ কৰাচীত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে বন্ধুত্ব প্ৰস্তাৱৰে আলহী হিচাপে মাতি নি আলোচনা কৰি সিন্ধু নদী পানীৰ ওপৰত এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিখন বিশ্ব বেংক (World Bank) ৰ তত্বাৱধান আৰু বুজাবুজিত কৰা হয়। এই চুক্তিখনেই হ’ল ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল সন্ধি’ বা ‘Indus Waters Treaty’।
এই চুক্তিখনৰ মতে পূবৰ তিনিখন নদী ৰবি, ব্যাস, আৰু ছাটলেজৰ ওপৰত ভাৰতৰ নিয়ন্ত্ৰণ থাকিব আৰু পশ্চিমৰ তিনিখন নদী সিন্ধু, ঝেলুম, চেনাবৰ ওপৰত পাকিস্তানৰ নিয়ন্ত্ৰণ থাকিব। লগতে ভাৰতে ভাৰতৰ মাজেৰে বৈ যোৱা সিন্ধু নদীৰ মাত্ৰ ৩০% পানী সীমিত পৰিমাণৰ বাবে জলসিঞ্চন আৰু অসীমিত পৰিমাণৰ বাবে বিদ্যুৎ উৎপাদন, যাতায়ত, মীন পালন আদিত যিবোৰ ব্যৱহাৰ পানী ধৰি ৰখা নহয় তেনে কামত বাবে ব্যৱহাৰ কৰিবলৈ পাৰিব। সিন্ধু নদীৰ বাকী ৭০% পানী ভাৰতে ব্যৱহাৰ নকৰি পাকিস্তানলৈ সম্পূৰ্ণকৈ এৰি দিব যাতে পাকিস্তানৰ জন-জীৱনত একো অসুবিধা নহয়।
আজি ৬৫ বছৰে এনেকৈয়ে ভাৰতে এই সিন্ধু জল সন্ধিক সন্মান কৰি চলি আহিছে। এই ৬৫ বছৰত ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনত তিনিখন যুদ্ধ হ’ল। পাকিস্তান সমৰ্থিত কেইবাটাও ইছলামিক সন্ত্ৰাসবাদীয়ে ৩০ বাৰ উপৰ ভাৰতৰ বিভিন্ন ঠাইত আক্ৰমণ, বোমা বিস্ফোৰণ, গুলি বৰ্ষণ কৰি হাজাৰ ভাৰতীয় জনতা আৰু সেনাৰ হত্যা কৰিলে। সীমাত কিমানবাৰ সোমাবলৈ যত্ন কৰি আমাৰ ভাৰতীয় সেনাক পিছফালৰপৰা হত্যা কৰি গ’ল, তথাপিও ভাৰতে মানৱীয়তাৰ খাতিৰত সিন্ধু জল সন্ধিক সন্মান কৰি সিন্ধু নদীৰ পানীৰ ৭০ শতাংশ পাকিস্তানক এৰি দি আছিল।
মাজতে ভাৰতে কিষানগংগা নদীৰ আৰু ঝেলুম নদীৰ ওপৰত জম্মু কাশ্মীৰত ৩৩০ মেগাৱাট ক্ষমতাৰ কিষানগংগা জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰোঁতে পাকিস্তানে কিবাকিবি অসুবিধা দেখুৱাই বহুত বিৰোধিতা কৰিছিল। সেইদৰে জম্মু-কাশ্মীৰতে চেনাব নদীত ভাৰতে বনাই থকা ৯০০ মেগাৱাট ক্ষমতাৰ বাগলীহাৰ জলবিদ্যুৎ শক্তি প্ৰকল্পৰ ওপৰতো বিৰোধিতা কৰি বিশ্ব বেংকক অভিযোগ দিছিলগৈ। ইয়াৰ বাবে এই দুয়োটা জলবিদ্যুৎ প্ৰকল্পৰ কাম বহু লেহেমীয়া হৈ পৰিছিল। সিন্ধু জল চুক্তিমতে পাকিস্তানৰ নিয়ন্ত্ৰণ থকা পশ্চিমৰ তিনিখন নদীত ভাৰতে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব পাৰে কাৰণ জলবিদ্যুৎ প্ৰকল্পত পানী আবদ্ধ কৰি আকৌ এৰি দিয়া হয়। চুক্তিমতে একেবাৰে খৰছ হোৱা কাম যেনে জলসিঞ্চন আদিতহে এই তিনিখন নদীৰ পানী ব্যৱহাৰ কৰিব নোৱাৰে।
ইমানবোৰ সুবিধা দি থকাৰ পাছতো ২০১৬ চনত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ উৰিত ভাৰতীয় সেনা চাউনিত আক্ৰমণ কৰি ১৯ জন ভাৰতীয় সেনাক হত্যা কৰাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তানক সকীয়াই দিছিল যে “তেজ আৰু পানী একেলগে বব নোৱাৰে। ভাৰতীয়ৰ তেজ বলে শত্ৰু দেশলৈ এই পানী বৈ যোৱা বন্ধ কৰা হ’ব। এই পানীৰ দিশ সলনি কৰি ভাৰতৰ জম্মু-কাশ্মীৰ, পঞ্জাৱ-হাৰিয়ানাৰ কৃষকক ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব।”
তাৰপাছতো পাকিস্তান চিধা নহ’ল। আকৌ ১৪ ফেব্ৰুৱাৰী ২০১৯ ত জম্মুৰ পুলৱামাত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে ভাৰতৰ CRPF সৈনিকৰ ওপৰত আক্ৰমণ কৰে আৰু ৪০ CRPF সৈনিকৰ জীৱন লয়। সেইবাৰো কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নীতিন গাডকাৰীয়ে পাকিস্তানক সকীয়নী দিয়ে পাকিস্তান চিধা নহ’লে পাকিস্তানক শিক্ষা দিবলৈ ভাৰতে সিন্ধু জল চুক্তি ভাঙি সিন্ধু নৈৰ গতি সলাবলৈ বাধ্য হ’ব।
ইমানৰ পাছতো পাকিস্তানৰ স্বভাৱ সলনি নহ’ল। এবাৰ, তাৰ পাছত দুবাৰ সকীয়নী দিয়া হ’ল। তাৰ পাছতো যেতিয়া তিনি নম্বৰ বাৰ যোৱা ২২ এপ্ৰিল তাৰিখে আকৌ জম্মু-কাশ্মীৰৰ পাহালগামত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে ২৮ জন নিৰীহ ভাৰতীয় পৰ্যটকক বৰ্বৰতাৰে হত্যা কৰিলে, তাৰ পাছত ভাৰত চৰকাৰে সিদ্ধান্ত ল’লে যে শাস্ত্ৰতো লিখা আছে “তিনি বাৰত নিবাৰণ”, এতিয়া সিন্ধু জল সন্ধি নিবাৰণ কৰাৰ সময় আহি গ’ল। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা বিভাগৰ কেবিনেটত ২৩ এপ্ৰিল তাৰিখে সিন্ধু জল সন্ধি ভংগ কৰি দিয়া হয়। এতিয়া সেই ৩০%-৭০%, তিনিখন তোমাৰ-তিনিখন মোৰ খেল নাই আৰু। এতিয়া ভাৰত চৰকাৰে স্বতন্ত্ৰভাৱে নিয়ন্ত্ৰণ আৰু ব্যৱহাৰ কৰিব ভাৰতৰ মাজেৰে বৈ অহা সিন্ধু নদীৰ লগতে আন ৫ খন নদী।