ৰাজস্থানৰ ‘বৰফৰ খনি’ আৰু গুলপীয়া ফ্লেমিংগোৰ সৰোবৰত এভূমুকি
লেখক- ৰঞ্জনা দত্ত
দুমাহমান আগতে নয়ডাত থকা ভাগিনজনীয়ে মোলৈ ৱাটচএপত ফটো কেইখনমান পঠাই সুধিছিল- ‘মামী ঠাইখনলৈ গৈছানে? সাম্ভৰ লেক। বহুতে শাকম্ভৰী লেক বুলিও কয়। জয়পুৰৰ পৰা ৮০ কিলোমিটাৰ।’ আমি জয়পুৰত ১৯৯৫ৰ পৰা ২০০৯ চনলৈকে থকা সময়ছোৱাত ৰাজস্থানৰ প্ৰায়বোৰ ঠাইলৈ গৈছিলো যদিও জয়পুৰৰ ইমান ওচৰতে থকা সাম্ভৰ হ্ৰদলৈ যোৱা হোৱা নাছিল। গুলপীয়া ফ্লেমিংগো চৰাইৰ জাকবোৰৰ লগতে সূৰ্যাস্তৰ ৰহণ সানি জিলিকি থকা নিমখৰ দ’মবোৰ, সুন্দৰ দৃশ্যপটৰ সতে নিমখ কঢ়িওৱা ৰেল গাড়ী আৰু উটৰ গাড়ী দুখনমানৰ ফটো দেখি তেতিয়াই যাওঁ যাওঁ লাগিবলৈ ধৰিলে। ঘৰত কথাটো উলিয়ালো। জয়পুৰত আমাৰ সৰু সুৰা কাম কেইটামানো আছিল। সকলো ফালে মিলাই মেলি লৈ জানুৱাৰী মাহৰ ২৭ তাৰিখে জয়পুৰলৈ যোৱাৰ টিকেট কৰিলো।
বিমান বন্দৰৰ তেনেই কাষতে থকা মালবীয় নগৰ এলেকাত থকা আমাৰ সৰু ঘৰটোত যোৱা ১৩ বছৰ ধৰি কলিকতাৰ বঙালী পৰিয়াল এটা আছে। কোনো জা- জঞ্জাল নোহোৱা পৰিয়াল। ঘৰটোত আমাৰ বস্তু বাহনিৰে সতে কোঠা এটাও আছে, গতিকে থকাৰ চিন্তা নাই। ঘৰটোৰ বৰ্তমান বাসিন্দা সুদীপ আৰু স্বাতী চট্টোপাধ্যায়। একমাত্ৰ ছোৱালী স্নেহাক এইটো ঘৰৰ পৰাই যোৱা নৱেম্বৰ মাহত বিয়া দি উলিয়াই দিছে। স্বাতী বৰ মৰমলগা স্বভাৱৰ ছোৱালী। তাইলৈ ফোন কৰি ২৯ জানুৱাৰী তাৰিখৰ বাবে সাম্ভৰ হ্ৰদ চাবলৈ বুলি গাড়ী এখন বন্দোবস্ত কৰিবলৈ ক’লো। তাই চিনাকি ড্ৰাইভাৰ এজনৰ সতে যোগাযোগ কৰি ২৫০০ টকাত দিনটোৰ বাবে গাড়ী এখন ঠিক কৰিলে। গাড়ীৰ ভাৰা আমাৰ অসমৰ তুলনাত বহুত সস্তা যেন ভাৱ হ’ল। স্বাতীকো আমাৰ লগত ওলাবলৈ ক’লো।
সৰুতে ভূগোলত ৰাজস্থানৰ চম্বৰ (সাম্ভৰ) আৰু পুস্কৰ হ্ৰদৰ কথা পঢ়িছিলো। খনিজ লৱণ সংপৃক্ত বাবে সাম্ভৰ হ্ৰদৰ পানী লুণীয়া। উৰিষ্যাৰ চিল্কা হ্ৰদৰ পানী লুণীয়া যদিও ই সাগৰৰ পৰা সৃষ্টি হোৱা উপহ্ৰদহে মাথোন। মোৰ এটা অভ্যাস আছে কোনোবা নতুন ঠাইলৈ যাব লগা হ’লে সেই ঠাইখনৰ বিষয়ে গুগলত উলিয়াই খুঁচৰি খুঁচৰি পঢ়া। সাম্ভৰ হ্ৰদৰ বিষয়েও পঢ়ি আগতে নজনা কথাবোৰ জানিবলৈ পালো।
সাম্ভৰ হ্ৰদটো হৈছে ভাৰতৰ সৰ্ববৃহৎ আভ্যন্তৰীণ লুণীয়া পানীৰ হ্ৰদ। হ্ৰদটো জয়পুৰ আৰু আজমীৰৰ প্ৰায় মাজতে পৰে। হ্ৰদটো ইতিহাস প্ৰসিদ্ধ সাম্ভৰ লেক নগৰীত অৱস্থিত আৰু ইয়াৰ আয়তন খৰালি আৰু বাৰিষাৰ সময়ত যথাক্ৰমে ১৯০ৰ পৰা ২৩০ স্কোৱেৰ কিল’মিটাৰলৈকে। নিমখ উৎপাদনৰ সুবিধাৰ বাবে হ্ৰদটো প্ৰায় ৫.১ কিল’মিটাৰমান দীঘল চেণ্ড ষ্টনৰ বান্ধ এটাৰ দ্বাৰা দুভাগত ভাগ কৰা হৈছে। সৰোবৰৰ পানীয়ে এটা নিৰ্দিষ্ট নিমখৰ ঘনত্ব পোৱাৰ পিছতেই পানীবোৰ বান্ধটোৰ পশ্চিমৰ দিশৰ পৰা পূব ফাললৈ এৰি দিয়া হয়। পূবফালে থকা বাষ্পীকৰণ পুখুৰীবোৰত হেজাৰ বছৰ ধৰি নিমখৰ নিস্কাশন কৰিয়েই আছে। এই পুখুৰীবোৰৰ একাষে ব্ৰিটিছসকলে কাৰখানা সমূহলৈ বালি মিহলি নিমখ কঢ়িয়াবলৈ সজা ৰেল আলি এতিয়াও ব্যৱহাৰ হৈ আছে।
আমাৰ প্ৰধান আকৰ্ষণ আছিল সাম্ভৰ হ্ৰদলৈ অহা শীতৰ আলহী জাক জাক গুলপীয়া ফ্লেমিংগো চৰাইবোৰ চোৱাৰ। নৱেম্বৰ মাহৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহলৈকে চাইবেৰিয়া আৰু এছিয়াৰ উত্তৰাঞ্চলৰ শীত প্ৰধান দেশ সমূহৰ পৰা অহা হেজাৰ হেজাৰ গুলপীয়া ফ্লেমিংগো চৰায়ে ৰাতিপুৱা আৰু গধূলি সময় সৰোবৰৰ পাৰ গুলপীয়া কৰি তোলে। ইয়াৰ চ’ডিয়াম ক্লৰাইড সমৃদ্ধ পানীত সৃষ্টি হোৱা হেলো এককালিফিলিক অণুজীৱ কিছুমানৰ বাবে নিমখৰ গাঢ়তা অনুযায়ী পানীৰ ৰঙো গুলপীয়া, কমলা, বেঙুনীয়া আদি হোৱা দেখা যায়। ফ্লেমিংগো চৰাইবোৰে ইয়াৰ পানীত সিহঁতৰ অতি প্ৰিয় খাদ্য পৰ্যাপ্ত পৰিমাণে পায় বাবে শীতকালি ইয়াত আহি ভীৰ কৰেহি। ২০১৯ চনৰ নৱেম্বৰ মাহত সাম্ভৰ লেকত প্ৰায় পাঁচ হেজাৰ পৰিভ্ৰমী পক্ষীৰ মৃত্যুৰ বাতৰি এটা পঢ়িবলৈ পাইছিলো। মৃত্যুৰ কাৰণ খুব সম্ভৱ এক ধৰণৰ বাৰ্ড ফ্লু আছিল। ৰাতিপুৱা পোৱাকৈ যাবলৈ অসুবিধা হ’ব বাবে আমি সূৰ্যাস্তৰ সময়তেই হ্ৰদত পিঙ্ক ফ্লেমিংগো চামগৈ বুলি ঠিক কৰিলো। ২৯ জানুৱাৰীৰ দিনা পুৱাৰ আহাৰ কৰি আমি যাত্ৰাৰ বাবে সাজু হ’লো। ড্ৰাইভাৰজনে আমি থকা ঠাইৰ পৰা সাম্ভৰ হ্ৰদ পাবলৈ মাত্ৰ ডেৰ দুঘণ্টা সময়হে লাগিব বুলি কোৱাত আমি পোনপটীয়াকৈ তালৈ নগৈ জয়পুৰৰে চিচোদিয়া ৰাণীৰ উদ্যানত সময় কটাই তালৈ একমান বজাত যাম বুলি ড্ৰাইভাৰজনক বুজাই ক’লো। হ্ৰদৰ কিছু আঁতৰত থকা বুৰঞ্জী প্ৰসিদ্ধ শাকম্ভৰী দেৱীৰ মন্দিৰো দৰ্শন কৰাৰ ইচ্ছাৰ কথা জনালোঁ। ৰাজস্থানী ড্ৰাইভাৰজনে মূৰ দুপিয়াই দুপিয়াই খুব শলাগিলে যদিও কি বুজিলে সেয়াহে আমি নুবুজিলোঁ!
চিচোদিয়া ৰাণীৰ বাগিছালৈ আগতে দুবাৰমান গৈছোঁ। বাগিছাখন ১৭২৮ চনত মহাৰাজ চাৱাই জয় সিংহৰ দিনত নিৰ্মাণ কৰা। কাৰুকাৰ্য্যখচিত ৰাণীৰ মহলটোৰ সতে কেইবাখলপীয়া বাগিছাখন ফোঁৱাৰা, পুখুৰী আদিৰে সমৃদ্ধ। ইফালে সিফালে ঘূৰি সুন্দৰকৈ দুঘণ্টামান পাৰ কৰিব পৰা যায়। ড্ৰাইভাৰজনে গাড়ীখন জয়পুৰ পাৰ কৰি জয়পুৰ -আজমীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কোঁ কোঁৱাই লৈ যোৱা দেখি আমাৰ সন্দেহ হ’ল। চিচোদিয়া গাৰ্ডেন দেখোন কেতিয়াবাই পাৰ হৈ আহিলো! ড্ৰাইভাৰ জনক সোধাত তেওঁ ঘূৰি অহাৰ সময়ত সোমাব বুলি ক’লে। কি বিপদ! ইমান ভৰ দুপৰীয়াতে সাম্ভৰ হ্ৰদলৈ গৈ কি কৰিম? ক’লৈ যাওঁ চিন্তা কৰি থাকোঁতেই স্বাতীয়ে ক’লে- ‘দিদি কিষাণগড়েৰ কাছে একটা খুব সুন্দৰ জায়গা আছে। কিষাণগড় ডাম্পিঙ য়াৰ্ড। আমৰা দুবছৰ আগে গিয়েছিলাম। তোমাদেৰ খুব ভালো লাগবে।’
‘ডাম্পিঙ য়াৰ্ড?’ মানে আৱৰ্জনা পেলোৱা ঠাই? লগে লগে গুগল আৰু ইনষ্টাগ্ৰামত খুঁচৰিবলৈ ধৰিলো। ফটোবোৰ দেখি হতবাক হৈ পৰিলো। ইমান ধুনীয়া ঠাই! ঢকঢকীয়া বগা বৰফে ঢকা ওখচাপৰ টিলাবোৰৰ মাজে মাজে নীলা পানীৰ লেক। ভালদৰে চাই গম পালো সেইবোৰ মাৰ্বলৰ পেলনীয়া সামগ্ৰীৰ পাহাৰ। ঠাইখন চিনি পাই নেকি ড্ৰাইভাৰ জনক সুধিলো। তেওঁ ঠাইখন ভালদৰে চিনি পায়। আমাক ক’লে –
‘ঠাইখন কিষাণগড় স্ন য়াৰ্ড নামেৰেহে জনাজাত। তাৰ মাৰ্বল এচ’চিয়েচনে ৰিকো(RICCO)ৰ সৈতে লগ হৈ তৈয়াৰ কৰিছে। বহুতেই ঠাইখন চুইজাৰলেণ্ড অফ ৰাজস্থান বুলিও কয়। তেওঁ আমাক ক’লে তালৈ গ’লে আমি সাম্ভৰ লেকলৈ সোমাই যোৱা বাটটোৰ পৰা বহুদূৰ আগুৱাই যাব লাগিব আৰু গাড়ীৰ ভাৰা এহেজাৰ টকা বেছিকৈ দিব লাগিব। আমি চালি জাৰি চাই তালৈ যোৱাটোকে ঠিক কৰিলো। ড্ৰাইভাৰৰ ভুলকৈ বুজা কথাটো আমাৰ বাবে blessing in disguise ৰ দৰে হ’ল। এক গুলীত দুই চিকাৰ।
কিষাণগড়ৰ ৰিকো(RICCO) ইণ্ডাষ্ট্ৰিয়েল এলেকাত থকা প্ৰায় ডেৰ হাজাৰ মাৰ্বল কাৰখানাৰ বৰ্জিত পদাৰ্থ সমূহ কাষতে থকা ৩৩২ বিঘা মাটিত পৰিকল্পপিত ভাবে পেলোৱাৰ কাম ২০০৯ চনতে আৰম্ভ হৈছিল। ২০১৫ চনত এই কাম প্ৰায় সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। চাৰিওফালে পেলনীয়া মাৰ্বল শ্লাৰীৰে সৃষ্টি কৰা পাহাৰ আৰু সমতল বোৰৰ মাজে মাজে ওখ চাপৰ বিভিন্ন আকৃতিৰ টিলা, আবৰ্জনাৰ দ’মেৰে নিজে নিজে সৃষ্টি হোৱা অনুপম আকৃতিৰ ভাস্কৰ্য্য, নীলা পানীৰ পুখুৰীৰ লগতে ঠায়ে ঠায়ে মানৱ নিৰ্মিত কিছুমান সুন্দৰ মাৰ্বলৰ গাঁঠনিৰে সতে সজ্জিত এখন অপূৰ্ব সুন্দৰ ঠাই। স্থানীয় মানুহবোৰে ইয়াক বৰফৰ খনি (mine of snow) বুলি কয়। কেই বছৰমান আগতে কানাডাৰ ভিক্টোৰিয়াৰ কাষত থকা বিশ্ব প্ৰসিদ্ধ বুটচাৰ্ট গাৰ্ডেন (Butchart Garden)খন চাবলৈ গৈছিলোঁ। সেই বাগিছাখনো নিৰ্মাণ কৰিছিল এটা পৰিত্যক্ত কয়লা খনিত। তেতিয়া ভাবিছিলো আমাৰ অসমৰ পৰিত্যক্ত কয়লা বা চূণশিলৰ খনিবোৰো যদি একোখন উদ্যানলৈ পৰিৱৰ্তিত কৰিব পাৰিলোহেঁতেন! সেই একে ভাবটো এইবাৰো মনলৈ আহিল। প্ৰখৰ ৰ’দত মাৰ্বল আৱৰ্জনাৰে সৃষ্ট পাহাৰৰ ওখ চাপৰ বোৰেৰে উঠা নমা কৰি, নীলা পানীৰ সৰোবৰৰ কাষত বহি বহু সময় পাৰ কৰিলো। কি যে ভাললগা অনুভৱ! ঠায়ে ঠায়ে চিনেমা আৰু ভিডিও শ্বুটিং চলি থকা দেখিবলৈ পালোঁ। ইয়াত সাধাৰণ পৰ্যটকৰ বাবে প্ৰৱেশ বিনামূল্য যদিও চিনেমা, ফটো শ্বুট আৰু ভিডিওগ্ৰাফীৰ বাবে এক বৃহৎ পৰিমাণৰ প্ৰৱেশ মূল্য দিব লগা হয়। আৱৰ্জনা ক্ষেত্ৰৰ বাহিৰৰ ফালে হেলিকপ্তাৰ এখন নমা দেখিবলৈ পালো। কেমেৰা লৈ থকা মানুহ এদলৰ ব্যস্ততা দেখি কোনো নামজ্বলা চিনেমাৰ নায়ক বা নায়িকা অহা যেন ভাব হ’ল। ৰ’দ প্ৰখৰ হৈ অহাৰ উপৰিও আমাৰ ভোক লাগিবলৈ আৰম্ভ কৰিছিল। সোনকালে কিবা এটা খাই সাম্ভৰ হ্ৰদলৈ যোৱাৰ কথাও আছিল। অহাৰ সময়ত বাটৰ কাষত বহুতো ভোজনালয় দেখিছিলোঁ। সেইটো বাটেৰেই কিছুদূৰ উভতি যাম বাবে খোৱাৰ দোকান পাম বুলি নিশ্চিন্ত হৈ থাকিলো।
সাম্ভৰ হ্ৰদলৈ জয়পুৰ-আজমীৰ হাইৱেৰ পৰা ভিতৰলৈ সোমাই যাব লাগে। ৰাস্তাটোৰ দুয়োকাষে সৰু-ডাঙৰ বহুতো গাওঁ। গাওঁবোৰ সেউজীয়া হালধীয়া খেতিৰে উজ্জ্বল হৈ আছে। দুই এঠাইত মূৰত ৰঙচঙীয়া ৰাজস্থানী পাগুৰী মাৰি দুই চাৰিজন বয়স্ক লোকে আঁহত গছৰ তলত আৰু ঘৰৰ চোতালত বহি মেল মাৰি থকাও দেখিবলৈ পালো। আটাইবোৰ গাওঁ খেতিবাতিৰে সমৃদ্ধ যেন ভাব হ’ল। দুপৰীয়াৰ বেলি লহিয়াবলৈ আৰম্ভ কৰিছিল। কিছুদূৰ যোৱাৰ পাছতে গাওঁবোৰ নাইকিয়া হৈ বাটৰ দুয়োকাষে বিশাল জলাশয় দৃষ্টিগোচৰ হৈছিল। সাম্ভৰ হ্ৰদৰ ওচৰ পালোহি বুলি অনুমান কৰিলো।
জলাশয়ৰ মাজত জোপোহাৰে ভৰি থকা সৰু সৰু চৰ দুটামানত বিভিন্ন ধৰণৰ চৰাই বহি থকা দেখিবলৈ পালো। বহু দূৰত গুলপীয়া ফ্লেমিংগ’ৰ জাক এটাও দেখিলো। বহু কষ্ট কৰি ফটো দুখনমান ল’লো। ড্ৰাইভাৰজনে ক’লে- ‘আচল সাম্ভৰ হ্ৰদ কিছু আগলৈ আছে। তাত বহুত চৰাই দেখিবলৈ পাব।’ পুনৰ আধাঘণ্টামান যোৱাৰ পাছত ড্ৰাইভাৰজনে গাড়ীখন প্ৰকাণ্ড গেট এখনেৰে সোমোৱাই আনি বগা গুলপীয়া নিমখ-বালি মিহলি ঠাই এখনত ৰখাই দিলে। খুব সম্ভৱ এইখিনি সাম্ভৰ হ্ৰদৰ পূব দিশ। ইয়াৰ নিমখৰ পুখুৰীবোৰত এতিয়া পানী নাই। চাৰিওফালে সেমেকা নিমখ মিহলি বালি বিয়পি থকা বিস্তৃত স্থলভূমি। পশ্চিম দিশৰ পৰা নিমখ মিহলি পানীবোৰ এৰি দিলেই এইবোৰ ঠাই পানীৰে ভৰি পৰিব। বিয়লি বেলিৰ গোলাপী আভাৰে ঠাইখনত কুহুমীয়া ৰঙ এটা বিয়পি পৰিছিল। বাটত আহোঁতেই এটা ৰেল লাইন দেখিছিলো। দেখিলো ইয়াতো ৰেল লাইনটো আছে। সৰু সৰু ডবাৰ সতে এখন ৰঙচঙীয়া পুতলা ৰেলগাড়ী (toy train) ৰৈ থকা দেখিলো। স্বাতী আৰু মই কোনো মানুহ দুনুহ নেদেখি ৰেলখনত উঠি ফটো তুলিবলৈ ধৰিলো। আমি ফটো তুলি থকা দেখি দূৰৈৰ পৰা মানুহ এজন দৌৰি আহি ৰেল ভ্ৰমণ কৰিম নেকি সুধিলেহি। প্ৰতিজন যাত্ৰীৰ বাবে ১৫০০ টকা। আমি নাযাওঁ বুলি কৈ ঠাইখনৰ পৰা আঁতৰ হ’লো। মোৰ গৃহস্থ মানুহজনৰ চাহৰ ভীষণ নিচা। নিজেও খাই লগতে আনকো খুৱাই ভাল পায়। আমি নাখাওঁ বুলি কোৱাত ড্ৰাইভাৰজনকে চাহ খাবলৈ ওচৰত থকা চাহৰ দোকানখনলৈ লৈ গ’ল। স্বাতী আৰু মই বহুত দূৰত ফ্লেমিংগোৰ ডাঙৰ জাক এটা দেখি ৰেল লাইনেৰে সেইফালে আগবঢ়ি গ’লো। কিছু দূৰ গৈ দেখিলো সেইবোৰ চৰাই নহয় বৰঞ্চ কিবা খুটাহে পুঁতি থোৱা আছিল। দূৰৰ পৰাই নিমখ বোজাই কৰা উটৰ গাড়ী দুখনমান দেখিলো। সাম্ভৰ লেকৰ পৰা বছৰি ১৯৬,০০০ টন নিমখৰ উৎপাদন কৰা হয়। এইখিনি ভাৰতৰ নিমখ উৎপাদনৰ মাত্ৰ ০.৬৬%হে। অনুজ্ঞাপত্ৰহীন বহু লোকে অবৈধ ভাৱে লোণৰ বৰিঙ কৰাৰ ফলত পুৰণি বৈধ লোণ উৎপাদন কাৰখানাটোলৈ ভাবুকি আহি পৰিছে। পাতল গুলপীয়া নিমখ মিহলি বালিৰ মাজত ৰঙীন পাগুৰী মৰা আৰু ৰঙীন কাপোৰ পিন্ধা পুৰুষ মহিলা দুজনমানে মাটিত বহি নিমখ চুৰুকি থকা দৃশ্য এটাও দূৰৰ পৰা লক্ষ্য কৰিলোঁ। কি অপূৰ্ব ৰঙৰ সমাহাৰ! গুগলত চাই সেইদিনা ৬ বাজি ১৫ মিনিটত সূৰ্যাস্ত হ’ব বুলি গম পাই লৰালৰিকৈ সেই ঠাই এৰি পানী ভৰি থকা হ্ৰদটোৰ পশ্চিম দিশলৈ বুলি ৰাওনা হ’লো।
আকাশখন কমলা গুলপীয়া ৰঙেৰে ৰঙীন হৈ পৰিছিল। তাৰ মাজত জিলিকি আছিল উজ্জ্বল কমলা ৰঙৰ পকা সুমথিৰা হেন সূৰ্য্যটো। সৰোবৰৰ পানীত আকাশ আৰু সূৰুযে খেলা কৰিছিল। পানীৰ মাজত থকা সৰু সৰু চৰৰ জোপোহাবোৰত বিভিন্ন প্ৰজাতিৰ চৰাইবোৰে ৰাতিটোৰ বাবে আশ্ৰয় লৈছিলহি। কিছু আঁতৰত গুলপীয়া ফ্লেমিঙগো চৰাইৰ বেছ ডাঙৰ জাক এটা দেখিলো। বগা গুলপীয়া ৰঙৰ চৰাইৰ জাকটোও টোও গুলপীয়াৰ পৰা কমলা ৰঙৰ হৈ এসময়ত দৃষ্টিৰ আঁতৰ হৈ পৰিছিল। গোলাকাৰ বেলিটো লাহে লাহে ডুব যোৱাৰ পিছতেই আমি সাম্ভৰ লেকৰ গোলাপী স্মৃতি বুকুত বান্ধি উভতি আহিলোঁ।