ৰূপচৰ্চা

লেখক- ৰাগিণী কাশ্যপ

“পুৰুষৰ সৌন্দৰ্য চৰ্চা” — এই বিষয়টো সমাজত গভীৰভাৱে আলোচনা কৰা দেখা নাযায়। অৱশ্য বৰ্তমান সময়ত পুৰুষ সকলৰ মাজতো এই বিষয়ে সচেতনতা বৃদ্ধি পোৱা দেখা গৈছে। পুৰুষেও নিজৰ ছাল আৰু চুলিৰ যত্ন ল’ব লাগে। মুখ ধোৱা, ময়শ্চাৰাইজাৰ ব্যৱহাৰ, ছানস্ক্ৰিণ আৰু চুলিৰ বাবে উপযুক্ত চেম্পু-তেল ইত্যাদি। আহকচোন পুৰুষসকলৰ বাবে উপযুক্ত কেইটামান ফেচপেকৰ বিষয়ে জানো। 

     পুৰুষৰ ছালৰ বাবে ফেচপেক খুবেই উপকাৰী। বিশেষকৈ ধূলি, ৰ’দ আৰু তেল নিয়ন্ত্ৰণৰ বাবে। পুৰুষৰ ছাল সাধাৰণতে শুকান ঘাম-বেছি হোৱাৰ বাবে উপযুক্ত উপাদানেৰে তৈয়াৰ ফেচপেক ব্যৱহাৰ কৰাটো দৰকাৰ। 

     পুৰুষৰ বাবে ঘৰুৱা আৰু সহজ ফেচপেক দুটামান দিয়া হ’ল 

১) তৈলাক্ত ছালৰ বাবে (মুলতানী মাটিৰ ফেচপেক): 

উপকৰণ: 

মুলতানী মাটি – ২ চামুচ

গোলাপ জল – প্ৰয়োজন অনুসৰি

নিমৰ গুড়ি – ১চামুচ

     সকলো উপকৰণ মিহলাই মুখত লগাই ১৫-২০ মিনিট পিছত ঠাণ্ডা পানীৰে মুখখন ধুই দিয়ক। 

এইটো ফেচপেকে মুখৰ তেল নিয়ন্ত্ৰণ কৰাৰ লগতে ছাল মজবুদ কৰে আৰু শালমইনাও কম কৰে। 

২) শুকান ছালৰ বাবে – দৈ আৰু মৌৰ ফেচপেক 

উপকৰণ: 

মৌ – ১ চামুচ

টেঙা দৈ – ১ চামুচ

আটাইকেইটা উপকৰণ ভালদৰে মিহলাই মুখত লগাওক৷ ১৫ মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই দিয়ক। 

এইটো পেকে ছাল হাইড্ৰেইট, কোমল আৰু উজ্জ্বল কৰে। 

৩) ছাল উজ্জ্বলতাৰ বাবে: 

হালধি আৰু বেচনৰ ফেচপেক

উপকৰণ: 

বেচন – ২ চামুচ

হালধি – আধা চামুচ 

কেচাঁ গাখীৰ প্ৰয়োজন অনুসৰি মিহলাই মুখত লগাই ১৫ মিনিট পিছত ধুই দিয়ক। 

এইটো পেকে ছালখন উজ্জ্বল কৰে আৰ দাগ আঁতৰায়। 

     পুৰুষসকলে চুলিত লগাব পৰা সাধাৰণ আৰু ঘৰুৱা ভাবে লগাব পৰা হেয়াৰ মাক্স (সপ্তাহত ১ বাৰ)। 

১) কণী আৰু দৈৰ মাক্স-

     ১টা কণী আৰু প্ৰয়োজন অনুসৰি দৈ মিহলাই চুলিত লগাওক। ৩০-৪০ মিনিট পিছত চুলি ধুই দিয়ক। 

২) এল’ভেৰা আৰু নাৰিকল তেল মাক্স: 

     ২ চামুচ এল’ভেৰা জেল আৰু ১ চামুচ নাৰিকল তেল মিহলাই চুলিত লগাওক। আধা ঘণ্টা থৈ ধুই দিয়ক। 

৩) নাৰিকল তেল আৰু মিঠি গুটিৰ মাক্স- 

     দুচামুচ নাৰিকল তেল গৰম কৰি তাত এচামুচ মেঠিগুটিৰ গুড়ি মিহলাই চুলিত সানি আধাঘণ্টা পিছত ধুই দিয়ক।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!