বতৰৰ ফল আৰু অপুষ্টিকৰ গুণাগুণ
লেখক- প্ৰদীপ বৰুৱা
খাদ্যৰ তালিকাত সকলোৰে প্ৰিয় এবিধ বস্তু হ’ল ফল–মূল। বজাৰত দেখা ৰঙবিৰঙৰ চিকমিকাই থকা ফলবোৰ দেখিলে খোৱাৰ হেঁপাহটো হয়তো সকলোৱে বান্ধি ৰাখিব নোৱাৰে। তাতে ফল–মূলৰ যিহে পুষ্টিকৰ গুণাগুণ আছে! আনহাতে আকৌ ইংৰাজীত কথা এষাৰো আছে যে যি দৈনিক এটাকৈ আপেল খায় সি চিকিৎসকৰ কাষ নাচাপিলেও হয় (an apple a day keeps the doctors away)।
গতিকে ফল–মূল স্বাস্থ্যৰ বাবে সৰ্বগুণসম্পন্ন, প্ৰাকৃতিক মহৌষধ ও পুষ্টিকৰ খাদ্য। কিয়নো শৰীৰৰ বাবে অতি প্ৰয়োজনীয় মাইক্ৰ’নিউট্ৰিয়েঞ্চ যেনে ভিটামিন তথা খনিজ পদাৰ্থ আৰু মেক্ৰ’নিউট্ৰিয়েঞ্চ যেনে শৰ্কৰা, প্ৰোটিন আৰু চৰ্বি প্ৰচুৰ পৰিমাণে ফল–মূলত পোৱা যায়।
এতিয়া আহোঁ আলোচনাৰ মূল বিষয়টোলৈ৷ প্ৰথমেই ভাবক, আমি সঁচাই স্বাস্থ্যকৰ আৰু পুষ্টিকৰ ফলমূল নিজে আৰু শিশুক খুৱাইছোনে? বজাৰত উপলব্ধ ৰঙবিৰঙৰ চিকমিকাই থকা ফলবোৰ সঁচাই পূৰঠ আৰু প্ৰাকৃতিকভাৱে পকা হয়নে? এইবোৰ প্ৰশ্নৰ উত্তৰ জনাৰ আগতে আহকচোন জানি লওঁ কিয়নো আমি অস্বাস্থ্যকৰ আৰু অপুষ্টিকৰ ফলমূল খাব লগা হয়। বিশ্লেষণ কৰিলে বহু কাৰকেই ইয়াৰ ওপৰত প্ৰভাৱ পেলোৱা দেখা যায় যদিও মূলতঃ তিনিটা কাৰকেই প্ৰধান।
১) উৎপাদনৰ বিপৰীতে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
২) নষ্ট নোহোৱাকৈ অপ্ৰাকৃতিকভাৱে ফলমূলৰ সংৰক্ষণৰ সময়সীমা বৃদ্ধি কৰা( increases Shelf life)
৩) অৰ্থনৈতিক কাৰণ।
আজিকালি বতৰৰ ফল বজাৰত অবতৰতেই উপলব্ধ হয়, বিশেষকৈ বহিঃৰাজ্যৰ পৰা আমদানিকৃত আৰু কিছু পৰিমাণে স্থানীয়ভাৱে উৎপাদিত। বজাৰৰ ফল–মূলবোৰ প্ৰকৃতাৰ্থত সৰহসংখ্যকেই পূৰঠ নহয় আৰু কৃত্ৰিমভাৱে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি পকোৱা হয়। ফল–মূল পকাবলৈ আৰু সংৰক্ষণ কৰিবলৈ সচৰাচৰ ব্যৱহাৰ কৰা বিষাক্ত স্বাস্থ্য হানিকাৰক ৰাসায়নিক দ্ৰব্যবোৰ হ’ল—
১) কেলচিয়াম কাৰ্বাইড– বিভিন্ন উদ্যোগত ব্যৱহাৰ হোৱা এবিধ বিষাক্ত ৰাসায়নিক দ্ৰব্য। বিশেষকৈ আতচবাজী উদ্যোগত ব্যৱহাৰ হয়। মানুহৰ শৰীৰত ই কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। আমাৰ প্ৰিয় ফলমূল যেনে কল, আনাৰস, কঁঠাল, আম, অমিতা, বিলাহী ইত্যাদি পকাবলৈ ব্যৱহাৰ কৰা হয়।
২) ইথিফ’ন(Ethephon) – এবিধ উদ্ভিদ হ’ৰমন। ফলমূলত ব্যৱহাৰ কৰিলে ৰাসায়নিক বিক্ৰিয়া ঘটি ইথিলিন গেছ নিৰ্গত হয় আৰু ইয়েই অপূৰঠ ফল–মূল পকোৱাত সহায় কৰে। বিশেষকৈ আম আৰু আনাৰস ইয়াক ব্যৱহাৰ কৰে।
৩) অক্সিট’চিন(oxytocin) – মানুহৰ লগতে অন্য স্তন্যপায়ীৰ দেহত পোৱা এবিধ হ’ৰমন। বিশেষকৈ সন্তান প্ৰসৱ আৰু দুগ্ধ উৎপাদন প্ৰক্ৰিয়াত ই ক্ৰিয়া কৰে। ফল–মূল আৰু শাক–পাচলি যেনে জাতিলাও, তিয়ঁহ্, ৰঙালাও, কবি ইত্যাদিৰ আকাৰ বৃদ্ধিৰ লগতে সতেজ কৰি ৰাখিবলৈ দুষ্ট চক্ৰই অবৈজ্ঞানিকভাৱে oxytocin injection ব্যৱহাৰ কৰি আহিছে।
৪) ফল–মূলত ব্যৱহৃত বিভিন্ন সংৰক্ষক পদাৰ্থ ( preservatives) যেনে নাইট্ৰ’চামাইন (nitrosamines) আৰু আকৰ্ষণীয় ৰং দিবৰ বাবে ৰাসায়নিক dye ( বিশেষকৈ তৰমুজ, বিলাহী, অমিতাত) ব্যৱহাৰ কৰে যিবোৰ আমাৰ পাচন তন্ত্ৰৰ কৰ্কট ৰোগৰ কাৰক হ’ব পাৰে।
উপৰোক্ত পৰ্যালোচনাখিনি লিখিত চৰকাৰী তথ্যভিত্তিক নহ’লেও নিশ্চয়কৈ বুজিব পাৰি যে আমি খোৱা ফল–মূল বোৰ বৈজ্ঞানিকভাৱে সম্পূৰ্ণ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ নহয়।
এনে ফলমূল সেৱনৰ পৰা হ’ব পৰা স্বাস্থ্যজনিত তাৎক্ষণিক পাৰ্শ্বক্ৰিয়াবোৰ হ’ল–
১) পাতল পায়খানা হোৱা
২)পেট কামোৰা আৰু বিষ হোৱা
৩)ঘনাই ঘনাই পেচাৱ, পায়খানাৰ ভাৱ
৪)ভোক কমা
৫)মূৰৰ বিষ
৬)বদহজম হোৱা
৭)পেট ওফন্দি থকা
৮)বমি বমি ভাৱ ইত্যাদি।
দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়া যেনে–
১)পাচন তন্ত্ৰৰ কৰ্কট ৰোগ হোৱা
২) লিভাৰ, কিডনি আৰু হৃদযন্ত্ৰৰ দৰে অংগবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা।
৩) স্নায়ুৰোগ৷
৪) স্মৃতি শক্তি দুৰ্বল হোৱা ইত্যাদি।
ভাৰত চৰকাৰৰ খাদ্য আৰু সুৰক্ষা আইনৰ (Food safety and standard act 2006)অধীনত Food safety and standard authority of India (FSSAI 2011) ই চৰকাৰৰ বিভিন্ন বিভাগৰ খাদ্য সুৰক্ষা আৰু ভেজালীকৰণ সম্বন্ধীয় কাম কাজবোৰ তদাৰক কৰে। তদুপৰি Prevention of food Adulteration Act 1954 & 1955 আইনৰ অধীনতো সংশ্লিষ্ট চৰকাৰী বিভাগে এই বিষয়ত তদাৰকী কৰে আৰু দোষীক আইনগত ভাবে দণ্ড দিয়ে।
এতিয়া প্ৰশ্ন হ’ল আমি তেন্তে বজাৰৰ ফল–মূল নাখাম নেকি? নিশ্চয় খাম৷ কিন্তু বুদ্ধি আৰু সাৱধানতাৰে খাম।
সহজভাৱে ঘৰতে উপলব্ধ ভিনেগাৰ ( white vinegar), বেকিং চ’ডা আৰু নিমখ ব্যৱহাৰ কৰি ফলমূলবোৰ বিশুদ্ধ কৰি খাব পাৰি।
পদ্ধতিবোৰ হ’ল,
(১) পাত্ৰ এটাত ৪ ভাগ পানী আৰু ১ ভাগ ভিনেগাৰ মিহলাই ফলমূল বোৰ ২০ মিনিট ডুবাই ৰাখিব লাগে।
(২) কেৱল নিমখ পানীতো ডুবাই ৰাখি বিশুদ্ধ পানীৰে ধুই ল’ব পাৰি।
(৩) বেকিং চ’ডা ব্যৱহাৰ কৰিও ফলমূলবোৰ খোৱাৰ উপযোগী কৰি ল’ব পাৰি।
(৪) আপেলবোৰ চিক্মিকাই ৰাখিবৰ বাবে ম’ম বা wax ব্যৱহাৰ কৰে। গতিকে আপেল খোৱাৰ আগত গৰম পানীত ডুবাই পাছত বিশুদ্ধ পানীৰে ধুই বাকলি আঁতৰাই খাব লাগে।
শেষত আকৌ কওঁ যে ফলমূল খাবলৈ ভয় বা আতংকিত নহ’ব৷ কেৱল বুদ্ধি আৰু সাৱধানতাৰে খাবলৈ শিকক। আনফালে ভেজালীকৰণৰ দৰে অসামাজিক কাম কাজবোৰো তাৎক্ষণিকভাৱে ৰোধ কৰিব পৰা নাযায়, কিয়নো প্ৰয়োজন অনুসৰি বজাৰত উৎপাদন কম হয় আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা বেছি। তথাপিও আপোনাৰ সজগতা আৰু সাৱধানতাই সমাজখন সুস্থ কৰি ৰাখিব পাৰে।