বিশ্ব শ্ৰৱণ দিৱস,কিছু অনুভৱ

লেখক- মানসী দত্ত

সমগ্ৰ বিশ্বতে ৩ মাৰ্চ দিনটো world hearing day অৰ্থাৎ বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰা হয়। ২০০৭ চনৰ পৰাই WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থ্যাই কাণ আৰু শ্ৰৱণ শক্তিৰ সজাগতা বঢ়াবৰ বাবে প্ৰতি বছৰেই বিভিন্ন কাৰ্য্যসূচীৰে এই দিৱস পালন কৰি আহিছে। ভাৰততো সপ্তাহযোৰা বা পষেকযোৰা বিভিন্ন চৰকাৰী কাৰ্য্যসূচীৰে বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয়।
আমাৰ পাচোঁটা জ্ঞানেন্দ্ৰিয়ৰ সকলোকেইটাই অত্যাৱশ্যকীয়। তাৰে যি কোনো এটাত অসুবিধা হ’লেই জীয়াই থকাত যথেষ্ট কষ্ট হয়। তাৰে ভিতৰত কাণেৰে শুনা নোপোৱাটোও এটা। কাণেৰে শুনা পোৱাৰ লগত কথা কোৱাটোও ওত:প্ৰোত ভাবে জড়িত। কাণেৰে শুনা পালেহে মুখেৰে কথা কব পাৰে। আমাৰ সমাজত কাণেৰে নুশুনিলে ৰোগীসকলে কথাটোত গুৰুত্ব নিদিয়ে। বহুতে আকৌ লাজতে কথাটো লুকুৱাই থয়। সমগ্ৰ বিশ্বৰ ৬%লোকে এই অসুবিধাত ভোগে। সংখ্যাৰ হিচাপেৰে ডাঙৰ। এচিয়াৰ দেশবোৰত এই সংখ্যাটো আৰু অলপ ডাঙৰ ৪.৬-৮.৮%। কাণেৰে নুশুনা হোৱাৰ লগে লগে মানুহ এজনৰ কৰ্মদক্ষতা কমি আহে আৰু সামাজিক ভাবে তেওঁ নিজকে অকলশৰীয়া কৰি পেলায়। নুশুনাৰ বাবে সমাজত মিলামিচা কৰিবলৈ সংকোচ কৰে। লগতে হীনমন্যতাতো ভোগে।
সহজ ভাষাত কবলৈ গলে কাণ খনক আমি তিনিটা ভাগত ভগাব পাৰো। বৰ্হি, মধ্য আৰু অন্ত: কৰ্ণ। তাৰে বৰ্হি আৰু মধ্য কাণৰ বিভিন্ন ৰোগতো শ্ৰৱণ শক্তি কমি যায় আৰু এই সকলোবোৰক একেলগে conductive deafness বুলি কোৱা যায়। সাধাৰণতে কাণৰ ভিতৰলৈ শব্দ তৰংগৰ যাত্ৰা পথত হোৱা বিভিন্ন ধৰণৰ বাধাৰ বাবে এই অসুবিধা দেখা যায় যেনে কাণত মলি জমা হোৱা, কাণৰ পৰ্দাত ফুটা হোৱা আদি ৰোগবোৰ। অন্ত: কৰ্ণৰ পৰা আমাৰ মগজু এডাল নাৰ্ভৰ দ্বাৰা সংযোগ হৈ থাকে। তাতে নানা ধৰণৰ ৰোগৰ বাবে শ্ৰৱণ শক্তি কমি যায় আৰু তাক sensori neural deafnesবুলি কয়। ভাৰতত national programme for prevention and control of deafness.কাৰ্য্যসূচীৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কৰি থকা হৈছে। মই নিজেও মোৰ কৰ্মস্থানৰ জিলাখনত ন’ডেল অফিচাৰ হিচাপে বহুধৰণৰ কাৰ্য্যসূচী পালন কৰি আছো। আৰু মানুহৰ মাজত ক্ৰমাৎ সজাগতা বাঢ়ি আহিছে।
যোৱা দহবছৰে বিভিন্ন ধৰণৰ ৰোগী পৰীক্ষা কৰা আৰু সজাগতা সভাবোৰত হোৱা মত বিনিময়ৰ পৰা জানিব পাৰিছো কাণ সৰ্ম্পকে বহুতো ভুল ধাৰণা আছে তাৰেই বিষয়ে অলপমান লিখিবলৈ লৈছো।
কাণৰ ল’ব লগা যতন=
বহুতৰে এটা ভুল ধাৰণা আছে যে কাণখন নিয়মিত ভাবে চাফা কৰি থাকিব লাগে। আমাৰ কাণত থকা তৈলগ্ৰন্থি আৰু সৰু চুলি বোৰে কাণখন আপোনা আপুনি পৰিষ্কাৰ কৰি ৰাখে। গতিকে bud বা অন্যান্য বস্তুৰে পৰিষ্কাৰ কৰাৰ দৰকাৰ নাথাকে। শিশু সকলৰ ক্ষেত্ৰত drop ব্যৱহাৰ কৰিলেই হয় । নদী পুখুৰীত গা ধুলে কাণত যাতে পানী নোসোমায় তাৰ বাবে সাৱধান হ’ব লাগে।
কি কি কৰিব নালাগে;
১.কাণত কেতিয়াও জোঙা বস্তু ভৰাব নালাগে। বহুতে চেফটি পিন, গছৰ ঠানিৰে কান চাফা কৰে , ফলত কাণত আঘাত লাগে।
২. কাণত বহুতে মিঠাতেল বা নাৰিকল তেল দিয়ে। বহুতে গছৰ পাতৰ ৰস বা কচুৰ ঠাৰি ইত্যাদিও ভৰাই ৰাখে। এনেধৰণৰ বস্তু দিলে কাণত বেক্টেৰীয়া বা ফাংগাছৰ দ্বাৰা সংক্ৰমন হয়।
৩. বহুত মানুহৰ কাণত চৰ মৰাৰ অভ্যাস। অসমীয়াত কাণতলীয়া চৰ বুলি এটা শব্দই আছে। এই কাণতলীয়া চৰ মৰাৰ বাবে বা কাণত আঘাত পোৱাৰ ফলত মানুহৰ কাণৰ পৰ্দাত ফুটা হয়। সময়ত ভালদৰে চিকিৎসা নকৰিলে মানুহজনে শ্ৰৱণহীনতাত ভুগিব লগা হয়।
৪. কাণত হেড ফোন ব্যৱহাৰ নকৰিব। হেডফোন ব্যৱহাৰ কৰাৰ ফলত শ্ৰৱণ শক্তি খুব সোনকালে কমি যায়।
৫.উচ্চ স্বৰত মাইক বজাব নালাগে। উচ্চ প্ৰাৱল্যৰ শব্দবোৰে কানৰ নাৰ্ভডালৰ ক্ষতি সাধন কৰে। ফলত কানৰ শ্ৰৱণ শক্তি কমি যায়।
৬.যিসকলে পেছাগত ভাৱে গানবাজনা বা মঞ্চত অনুষ্ঠান পৰিবেশন কৰে, তেওঁলোকে নিয়মিত ভাৱে কাণখন পৰীক্ষা কৰাব লাগে।
৭.উচ্চ প্ৰাৱল্যৰ শব্দ নিয়মিত ভাৱে শুনি থকা লোকসকল যেনে ট্ৰেফিক পুলিচ, অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলৰ ক্ষেত্ৰত উচ্চপ্ৰাৱল্যৰ শব্দবোৰৰ কাৰণে শ্ৰৱণ শক্তি কমি যায়। গতিকে নিয়মিত কাণৰ পৰীক্ষা কৰাব লাগে।
৭.গৰ্ভাৱস্থাত কোনোধৰণৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে খাব নালাগে। বহুতো ঔষধৰ পাৰ্শ্বক্ৰিয়াই কাণৰ শ্ৰৱণ শক্তি সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলাব পাৰে।
৮.মেলেৰীয়া, বসন্ত ওলোৱা, মুখফুলা আদি বেমাৰত ভুগিলে কাণখন পৰীক্ষা কৰাই লব লাগে।
৯.কোনো শিশুৱে যদি মুখেৰে মাত মতা নাই বা ডাঙৰ শব্দৰ ফালে ঘূৰি চোৱা নাই লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব। প্ৰথম ৩বছৰৰ পৰা ৫ বছৰ বয়স খুবেই মূল্যবান। শিশুসকলৰ শ্ৰৱণ শক্তি জন্মৰ প্ৰথম সপ্তাহৰ পৰাই পৰীক্ষা কৰিব পাৰি। সময়ত শ্ৰৱণ যন্ত্ৰ বা cochlear implant লগালে আৰু থেৰাপীবোৰ কৰিলে শিশু এটা আন শিশুৰ দৰেই শুনিব পৰা হয়।
১০.বহুতো মানুহেই কাণত অসুবিধা পালে ফাৰ্মাচিৰ পৰা নিজে ঔষধ লৈ খায় বা ড্ৰপ লগায়। এই ঔষধবোৰৰ বেচি ভাগেই কাণৰ বহুত ক্ষতি কৰে।
আমাৰ অতি মূল্যৱান কাণখনৰ ভালদৰে যতন লৈ নিজৰ লগতে আন দহজনকো সজাগ কৰি বধিৰতা মুক্ত এখন দেশ গঢ়োঁ আহক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!