ঘ্ৰাণ বিহীন জীৱন -ANOSMIA

লেখক- দেৱীকা বৰপূজাৰী

মোৰ বান্ধৱী এজনীৰ ভনীয়েকৰ এই কাহিনী। নাম তাইৰ নেইনা, ৩৩ বছৰীয়া নেইনাই নিমখীয়া কাজু, চিপছ, ভুজিয়া আদি খাই বৰ ভাল পায়। এয়া ২০২০ ৰ নৱেম্বৰৰ দুপৰীয়া, সদায় খাই থকা চিপছ খাই নেইনাৰ দেখোন কিবা ভাল লগা নাই! “নিমখীয়া ভাব এটা পাইছোঁ কিন্তু সেই সোৱাদ নাই” বুলি নেইনাই কয় আৰু তাই উপলব্ধি কৰিলে যে এই সোৱাদ নোপোৱাৰ কাৰণ হয়তো তাইৰ ক’ভিড- ১৯ হব খুজিছে! লগে লগেই ঘৰত থকা সকলো পাৰ্ফিউম, নেমু, আদা – যি আছে সকলো শুঙি শুঙি চালে, কিন্তু তাই একো গোন্ধেই পোৱা নাই। নেইনাৰ ভাষাত “বৰ আচৰিত আৰু ভয়লগা অনুভৱ!”
তিনি মাহৰ পাছত নেইনা সুস্থ হ’ল যদিও সম্পূৰ্ণভাবে গোন্ধ এতিয়াও লব পৰা হোৱা নাই। ….প্ৰায় ৪৫% ক’ভিড ৰোগীয়ে কেতিয়াবা কমকৈ আৰু বেছি ভাগেই একেবাৰে গোন্ধ নোপোৱা হয়, ইয়াকে কয়, Anosmia অৰ্থাৎ ঘ্ৰাণৰ পৰা বঞ্চিত হোৱা!
“বিশেষজ্ঞৰ মতে ACE2 নামৰ প্ৰক্ৰিয়াই আমাৰ নাকত ভাইৰাছৰ সঘন চলাচল কৰাৰ ফলত আমাৰ ঘ্ৰাণ শক্তি লোপ পায় আৰু ইয়াকে Anosmia বুলি কোৱা হয়।” নেইনাৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া। তাইৰ পাছত নিগেটিভ ৰিপৰ্ট অহাৰ পাছত, সামান্য কাহ হৈ আছিল, পিছে এই Anosmia ই তাইৰ লগ নেৰা হ’ল, কিয়নো তাই একোৰেই গোন্ধ নোপোৱা হোৱাত খোৱা বোৱা কৰিবলৈকো মন নকৰা হোৱাত দুৰ্বল হৈ পৰিল। ক’ভিড ভাল হোৱাৰ পাছতো যে মানুহবোৰ বৰ দুৰ্বল হৈ থাকে, এয়াই কাৰণ। গোন্ধ নাপালে, সোৱাদ নোপোৱা হোৱাটো স্বাভাৱিক, ফলত খোৱা বোৱা কমি যায় আৰু মানুহ দুৰ্বল হৈ পৰে।
কিছুদিনৰ পাছত নেইনাই প্ৰথম এক গোন্ধ পালে, মাকে তাইৰ বাবে তৈয়াৰ কৰা কাৰা ( kadha) ত থকা লং আৰু আদা ৰ পৰা। কিছু সময় গোন্ধটো প্ৰাণভৰি উপভোগ কৰিলে পিছে মুহূৰ্ততে নোহোৱা হ’ল। নেইনাই গোন্ধ এটা পাবৰ কাৰণে হাবাথুৰি খাই ফুৰাৰ পাছত যেনিবা ক্ৰমান্বয়ে হেৰোৱা গোন্ধ ঘূৰি আহিল; বহুদিনৰ মুৰত আহাৰ খাবলৈ মন কৰিলে আমৰ আচাৰৰ লগত। এই ফেব্ৰুৱাৰী ত হে নেইনাই বহু গোন্ধ আৰু খোৱা বস্তুৰ সোৱাদ পাবলৈ আৰম্ভ কৰিছে। পিছে, এতিয়ালৈকে বেয়া গোন্ধ মানে, গেলা বস্তু, মোজাৰ অসহ্য লগা গোন্ধ আদি পোৱা নাই। ডঃ ৰ মতেও “গোন্ধে আমাক সতৰ্ক কৰি দিয়ে যে, আমাৰ আশে পাশে কিবা বিষাক্ত বস্তু আছে নাইবা বাহি খাদ্য আছে নেকি? সেই গোন্ধ ঘূৰি নহালৈকে কাকো বৰ এটা সুৰক্ষিত বুলি কব পৰা নাযায় ।”
সহায় লৈ….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!