অসমীয়াৰ আয়ুসৰেখা ব'হাগ

লেখক- ববিতা শৰ্মা

মোৰ পদূলিত দুজোপা নাহৰ । নাহৰ দুজোপাৰ লগত মোৰ আত্মীয়তা সুদীৰ্ঘ দিনৰ । এই আত্মীয়তা এই সময়চোৱাত আৰু অধিক সুদৃঢ় হৈ পৰে । কাৰণ এই সময়চোৱাতে নাহৰ দুজোপা নকৈ গাভৰু হয় । শ্যামলী সাজযোৰ খহাই ৰাঙলী বৰণ লয় । এইবাৰো দুয়োজোপা নাহৰে ন-সাজ পিন্ধিলে । গোলাকৃতিৰ শুভ্ৰ ফুলবোৰে ৰাঙলী সাজত বুটা বছাৰ সময়তে পাতৰ আঁৰ লৈ আজি কেইদিনমানৰ পৰা ক’ৰবাৰ কুলি এজনীয়ে আহি বৰকৈ বিনাই আছেহি । তাৰ মানে ব’হাগ আহিল । কথাষাৰ মনলৈ অহাৰ লগে লগে মোৰ মন দাপোনত ভাঁহি উঠিল ব’হাগৰ বিনন্দীয়া ছবিখন । ব’হাগ মানে সৌন্দৰ্য, ব’হাগ মানে মাধুৰ্য , ব’হাগ মানে নতুনত্ব । চাৰিওফালে বনস্পতিৰ মন উতলা কৰা সুবাসৰ মাজতে ব’হাগে আমাৰ মনলৈ এক সম্ভাৱনাৰ বতৰা আনে । সেই সম্ভাৱনাৰ আলম লৈয়ে হয়তো ভূপেনদাই কৈ পেলাইছিল —- ব’হাগ এটি মাথোঁ ঋতু নহয় নহয় ব’হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুসৰেখা জনজীৱনৰ ই সাহ… সঁচা, মোৰ অনুভৱতো ব’হাগ এটি মাথোঁ ঋতু বা মাহ নহয় । মোৰ বাবে ব’হাগ মানেই বন-বিৰিখৰ ন-কুঁহিপাত, ব’হাগ মানেই বছেৰেকৰ বিহুটিত মাকৰ ঘৰলৈ ঢপলিয়াই যোৱা বৰদৈচিলা, ব’হাগ মানেই নাহৰ, কপৌ, তগৰৰ আমোলমোল সুবাস, ব’হাগ মানেই কুলি-কেতেকীৰ সুললিত মাত, ব’হাগ মানেই ভেবেলি লতা, মাখিয়তী-দীঘলতিৰ পাত, ব’হাগ মানেই গছে গছে ফুলৰ তোৰণ সজা নানা বৰণৰ অৰ্কিডৰ থোপা, ব’হাগ মানেই তৰা পঘা, লাউ-বেঙেনা-কেৰেলাৰে সজা চাট, ব’হাগ মানেই আমৰ মল, কঁঠালৰ মুচি, আমৰলি টোপ, জাতিলাউ-হাঁহকণী, পচলা আৰু এশ এবিধ শাক , ব’হাগ মানেই বৰ্হমথুৰি আৰু জেতুকা পাত, ব’হাগ মানেই তাঁতৰ খটখট আৰু ঢেঁকীৰ ধেংকুলুচ ধেংকুলুচ মাত, ব’হাগ মানেই ৰঙা আঁচুৰ গুটি ফুলৰ বিহুৱান, ব’হাগ মানেই অসমৰ আকাশ-বতাহ মুখৰিত কৰা ঢোল-পেঁপা-গগনাৰ মাত, ব’হাগ মানেই কলডিলীয়া খোপাত কপৌফুল গুজি মুগাৰিহা-ৰঙাচোলা, গামখাৰু, জোনবিৰি, ঢোলবিৰিৰে সাজি কাচি বিহুলৈ ওলাই অহা নাচনীৰ জাক, ব’হাগ মানেই ‘দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলেমলাই ঐ গোবিন্দাই ৰাম’ বুলি গৃহস্থৰ কুশল কামনাৰে চোতাল গৰকা হুঁচৰি জাক, ব’হাগ মানেই চিৰা, হুৰুম, সান্দহ, তিলপিঠা, ঘিলাপিঠাৰ জা-জলপান, ব’হাগ মানেই কণীযুঁজ আৰু কড়িখেল, ব’হাগ মানেই হেঁপাহৰ সাতবিহু, ব’হাগ মানেই অসমীয়া নৱবৰ্ষ, ব’হাগ মানেই নতুন আশা-আকাংক্ষা, নতুন সাহ । ব’হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ । ব’হাগ মাহ একত্ৰিশ দিনীয়া । বতৰ বিজ্ঞানীসকলে কোনো এক জলবায়ু ক্ষেত্ৰক আন্তৰ্জাতিক পদ্ধতিৰে বসন্ত, গ্ৰীষ্ম, শৰৎ আৰু শীত — এই চাৰিটা ঋতুত ভাগ কৰিছে । মাহৰ আধাৰত বিভক্ত প্ৰতিটো ঋতুৱে তিনিটাকৈ মাহক প্ৰতিনিধিত্ব কৰে । কিন্তু অসমীয়া লেখেৰে ঋতু ছটা আৰু প্ৰতিটো ঋতুৱে দুটাকৈ মাহক প্ৰতিনিধিত্ব কৰে । অসমীয়া এই ছয় ঋতুৰ অন্তিমটো ঋতু হ’ল বসন্ত । চ’ত আৰু ব’হাগ মাহত অসমত বসন্ত ঋতু —– চ’ত ব’হাগত ঋতু বসন্ত বিৰিখে সলায় পাত … চ’ত আৰু ব’হাগ মাহৰ পৰা গ্ৰীষ্ম মণ্ডলটো লাহে লাহে সূৰ্যৰ ফালে ঢাল খায় । সেয়েহে এই সময়চোৱাত গ্ৰীষ্মমণ্ডলৰ ঠাইসমূহত ক্ৰমান্বয়ে উত্তাপ বাঢ়িবলৈ ধৰে । মাজে-সময়ে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয় । শীতৰ লঠঙা গছবোৰে কুঁহিপাত মেলে । নানা বৰণৰ ফুলে প্ৰকৃতিৰাণীক জাতিষ্কাৰ কৰি তোলে । কুলি, কেতেকী আদি চৰাইবোৰে সুললিত কণ্ঠেৰে গীত জুৰে । পছোৱা বা ছাটিয়ে শৰীৰ-মন উতলা কৰাৰ সময়তে শীতনিদ্ৰাত থকা জীৱকুল সাৰ পাই স্বাভাৱিক জীৱনলৈ উভতি আহে । প্ৰকৃতিৰ এই বিনন্দীয়া পৰিৱেশৰ মাজতে চ’তৰ অন্তত ব’হাগ আহে । ব’হাগতেই অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহু । ৰঙালী বিহুৰ দ্বিতীয় দিনটোত মানুহ বিহু । সেইদিনা এক ব’হাগ । অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন । জনশ্ৰুতিমতে ব’হাগত বিহু উৎসৱ পালনৰ মাজেদি ডেকা-গাভৰুৱে মুকলি পথাৰলৈ গৈ প্ৰেম-যৌৱনৰ গীত জুৰি পুৰুষ স্বৰূপ মেঘ আৰু নাচৰ গিৰিপনিৰে নাৰী স্বৰূপ পৃথিৱীক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই আই বসুমতীক শস্যসম্ভৱা কৰি তোলে । সেইদৰে ব’হাগ মাহতে অসমীয়া মানুহে ঘৰ বন্ধা, ছোৱালী চোৱা, বিয়া-বাৰু পতা, সকাম-নিকাম পতা, পূজা-পাতল কৰা আদি শুভ কামবোৰ কৰিবলৈ ভাল পায় । গতিকে অসমীয়া জনজীৱনত ব’হাগ মাহৰ বিশেষ গুৰুত্ব আছে । সেয়েহে অসমীয়াৰ বাবে ব’হাগ কেৱল এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ। ব’হাগ অসমীয়াৰ মান,অসমীয়াৰ প্ৰাণ, ব’হাগ অসমীয়াৰ আবেগ-অনুভূতি সকলো । সেয়েহে অসমৰ জনজীৱনৰ সমান্তৰালকৈ অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনতো ব’হাগৰ গুৰুত্ব অধিক । অসমীয়া কবি-সাহিত্যিকৰ বাবে ‘ব’হাগ’ এটা প্ৰিয় বিষয় । অসমীয়া কবিতাত ব’হাগ বন্দনা এটি সাধাৰণ বিষয় । অনুৰূপ ধৰণে গল্প, উপন্যাসৰ পাততো ব’হাগৰ বৰ্ণনা অতি সুলভ। শ্ৰদ্ধাৰ ড° লীলা গগৈ ছাৰৰ ‘নৈ বৈ যায়’ উপন্যাসত নায়ক ভগী আৰু নায়িকা সুৱাগীৰ প্ৰেমে ব’হাগতে পূৰ্ণতা পোৱা নাছিল জানো ? সাহিত্যৰ আন এটি বিশিষ্ট ভাগ গীতি সাহিত্যতো ব’হাগ অসমীয়া গীতিকাৰৰ বাবে এটি প্ৰিয় বিষয় হৈ ধৰা দিয়া পৰিলক্ষিত হয় । অসমীয়া প্ৰাচীন গীতি সাহিত্যত অৰ্থাৎ লোকগীতত ব’হাগৰ স্বকীয়তা, বৈশিষ্ট্য তথা সৌন্দৰ্য বিহুগীতৰ মাজত অতি সুন্দৰ ৰূপত ফুটি উঠিছে । সেয়েহে সুধাকণ্ঠ ভূপেনদাৰ বাবে ব’হাগ এটি সৰু বিহুগীত — মোৰ ব’হাগ যেন এটি সৰু বিহুগীত ক’ৰবাত হেৰাই যোৱা আজি যেন হঠাতে পোৱা। অসমীয়াৰ জাতীয় উৎসৱ বিহু তিনি প্ৰকাৰৰ যদিও অসমীয়াৰ জাতীয় জীৱনত কাতি মাহৰ কঙালী বিহু আৰু মাঘ মাহৰ ভোগালী বিহুতকৈ ব’হাগ মাহৰ ৰঙালী বিহুৰ গুৰুত্ব কিছু বেছি । প্ৰকৃততে বিহু মানেই ব’হাগ আৰু ব’হাগ মানেই বিহু । অসমীয়াৰ প্ৰাণৰো প্ৰাণ ব’হাগ বিহুৰ কথা বখানি শেষ কৰিব নোৱাৰি — চ’তে গৈ গৈ ব’হাগে পালেহি ফুলিলে ভেবেলি লতা । কৈনোকৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা । ব’হাগৰ বিহুটিৰ লগত অসমীয়া জাতীয় জীৱনৰ ৰং-আনন্দ, আবেগ-অনুভূতি, আশা-আকাংক্ষা জড়িত হৈ আছে । বছেৰেকৰ বিহুটিত মানুহে দৈনন্দিন জীৱনৰ দুখ-বেদনাবোৰ পাহৰি অনাগত দিনবোৰৰ সুখ-সমৃদ্ধিৰ বাবে গুৰু-ভকতৰ আশীৰ্বাদ বিচাৰে — চ’ততে চকৰি ব’হাগত বগৰী জেঠতে আমনা ধান, গৰু বিহুৰ দিনা আশীৰ্বাদ ল’লেহে পোৱা যায় বৈকুণ্ঠত থান । বিহুগীতৰ দৰে আধুনিক গীতি সাহিত্যতো গীতিকাৰৰ দৃষ্টিত ব’হাগে ন ন ৰূপৰ ডুখৰীয়া ছবি হৈ ধৰা দিছে । ব’হাগ হ’ল প্ৰেম, বিৰহ, যৌৱন, আশা-আকাংক্ষা, প্ৰেৰণা তথা মান-অভিমানৰ মাহ । সৰহ সংখ্যক আধুনিক গীতিকাৰে ব’হাগৰ এই ৰূপকে তেওঁ লোকৰ গীতৰ মাজেৰে ফুটাই তুলিছে —- ১) ব’হাগ হয় যদি ফুলৰে হাঁহি মন কিয় কৰে ৰাইজাই তোমাৰ মাত দেখোন বিহুৰে বাঁহী চিত কৰে ৰাইজাই । ২) ব’হাগ মানে কুলিৰ মাত মৰম মানে এষাৰ মাত আৰু প্ৰেম মানে মানে মানে অ’ বোলো প্ৰেম মানে বনৰীয়া পখীৰে এজাক । ৩) চেনাই মোৰে ঐ আকৌ ব’হাগ পালেহি কুলীয়ে বিনালেহি উগুল থুগুল মন আজি আজি নলয় কিয় বুজনি । চেনাই মোৰে ঐ বিহুতলীত লগে পাম মনৰ কথা কম বুলি । ৪) আজি ব’হাগ আহিলে বুলি মন কিয় উঠে ফুলি শিমলুৰ ৰঙা তুলা হৈ কমোৱা তুলাৰ দৰে মনৰ সপোন উৰে ফাগুনৰ গীত এটি হৈ । ৫) নৱ নৱ ব’হাগ আহে সৰু ফুলে মিচিকি হাঁহে মনে তোমাক ধিয়ায় । গীতিকাৰৰ গীতত ব’হাগৰ বৰষুণ জাকো একো একোখন সুন্দৰ ছবি হৈ ধৰা দিয়েহি —- ৬) ব’হাগৰ বৰষুণ ৰুণঝুণ ৰুণঝুণ ৰুণঝুণ সুকোমল গীতৰ মূৰ্চনা … । আকৌ, ৭) ব’হাগৰ এটি মিঠা আবেলি চিপ চিপ বৰষুণ এজাক আহি ধুৱালেহি ধূলিয়ৰি মোৰ এই পদূলি টিপ টিপ টিপচী চৰাই দুটি এডোঙা পানীতে দেহাটি পখালি উলাহেৰে উৰি গ’ল দুপাখি জোঁকাৰি । ব’হাগৰ বতৰত কোনোবা প্ৰেমিকৰ আকুল হৃদয়ে প্ৰেমিকাৰ আগমন লৈ আকুলতাৰে বাট চায় । তেওঁৰ অপেক্ষা যে এটা সময়ত অন্ত পৰিব , সেয়া তেওঁৰ বিশ্বাস । গীতিকাৰৰ গীতত প্ৰেমিক হৃদয়ৰ এই বিশ্বাসে গীতৰ ৰূপ লয় —- ৮) ব’হাগ ধুনীয়া জোনালী পৰত শুকুলা কপৌ পাহি চেনাই আহিব সন্ধিয়া পৰত মুকুতা মালা গাঁথি । প্ৰেমিকৰ দৰে প্ৰেমিকাৰ হৃদয়ও প্ৰিয়জনৰ সান্নিধ্যৰ বাবে আকুল হৈ পৰে । বছেৰেকৰ বিহুটিত উকা খোপাটি প্ৰেমিকে গুজি দিয়া কপৌফুল এপাহেৰে সজাবলৈ অধীৰ হৈ পৰা প্ৰেমিকাৰ মনৰ উচপিচনি গীতিকাৰৰ গীতত এনেদৰে ফুটি উঠিছে — ৯) ব’হাগতে আহিবি চেনাই ঐ খোপাতে এপাহি কপৌফুল দিবলৈ ব’হাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ । ব’হাগৰ মাধুৰ্যময় পৰিৱেশে কোনোবা প্ৰেমিক গীতিকাৰৰ সৃষ্টি স্পৃহা তীব্ৰ কৰি তোলোতেই প্ৰেয়সী আহি কাষত থিয় হ’ল । প্ৰেমিকক আৰু পাই কোনে! ক্ষন্তেকতে ভাববোৰ ভাষা হৈ তেওঁৰ কাপেৰে নিগৰি ওলাল — ১০) মিঠা মিঠা ব’হাগত গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ এনেতে মিচিক মাচাক কৈ কাষ চাপিলা মই যেন ভাষা পালোঁ । ব’হাগত গছে কুঁহিপাত মেলে । পেঁপাৰ মিহি মাতে বিহুৱা ডেকা, বিহুৱতী গাভৰুৰ মন বলীয়া কৰে । ব’হাগৰ এই অনুভৱ গীতিকাৰৰ গীতত এনেদৰে ফুটি উঠে —- ১১) ব’হাগৰ কুঁহিপাত পেঁপাটিৰ মিহি মাত সোণালী সোণাৰুৰ গা অ’ বাউলী বিৰিণাৰ বা অ’ নাচনীৰ লিহিৰি ছাঁ অ’ দহিছে ঢুলীয়াৰ গা অ’ । ব’হাগৰ নিজন দুপৰীয়াৰ ছবিখন গীতিকাৰৰ বৰ্ণনাত এনেদৰে প্ৰকাশ পাইছে — ১২) ব’হাগৰ দুপৰীয়া নিমাত নিজন যেন ৰ’দালিৰে ভৰা ৰাতি ব’হাগৰ দুপৰীয়া ৰূপ দি আমনি লগা এমুৰি পাৰই মোক খিৰিকীৰ কাষলৈ আনে মাতি । আধুনিক গীতিকাৰে তেওঁলোকৰ গীতত ব’হাগৰ ছবি দুই ধৰণে আঁকিছে — প্ৰত্যক্ষ ভাৱে আৰু পৰোক্ষভাৱে । ওপৰৰ গীতসমূহ প্ৰথম ভাগৰ উদাহৰণ । দ্বিতীয় ভাগ গীতত ব’হাগৰ অনুভৱক, ব’হাগৰ পৰিৱেশক গীতৰ মাজেৰে ফুটাই তোলা হয় । এইবোৰ গীতত ব’হাগ নাই, কিন্তু ব’হাগৰ উপলদ্ধি আছে, আছে ব’হাগৰ পৰিৱেশ-পৰিস্থিতি, ব’হাগৰ অনুভৱ —- ১) অ’ চিকুণ বিহুটি সাজি কাছি আজি নাহিবি মোৰ, ভাল লগা নাই দেহা- সুত পৰা নাই মনটিও চোন নিলে কোনোবাই লুকুৱাই ফুচুলাই । ২) শুনি কি নুশুনি অ’ চেনাইৰে পেঁপাৰে মাত পেঁপাৰ মাতে শুনি ৰ’ব মই নোৱাৰোঁ ততে নাইকীয়া গাত মোৰ চেনাই অ’ ততে নাইকীয়া গাত । ৩) ঢোল বাই ক’ত ৰতনপুৰত খোল বাই ক’ত ৰতনপুৰত কোৱাই কলকলাই বান্দৰী নচুৱাই বাঁহবাৰী বাঁহবাৰী গোঁসাইঘৰত । ৪) চেনাই মই আজিও পাহৰা নাই তোকে ঐ চেনাই মই আজিও সপোন দেখোঁ তোৰে ঐ কি যে কৰোঁ ভাবি মৰোঁ অকলেই চেনাই বিদেশত আছ মোক এৰি থৈ । ৫) কপৌ পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি অ’ মইহে বুজি পাওঁ চেনাই তোলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলায় । ৬) অ’ সৰু ভনীটি মুগা ৰিহা পিন্ধিলি লাহৰী খোপাতে কপৌফুল গুজিলি দেখি মৰম লাগি যায় । ৭) অ’ চেনাই মই যাওঁ দেই বিহুতে আহিম গৈ তেতিয়া গাই যাম গীত অ’ হাঁহি মুখে থাকিবা চকুলো নুটুকিবা আইৰে ঐ মনতে বেজাৰেনো নিদিবা । অসমৰ প্ৰকৃতিত, বন-বিৰিখত, ফুলৰ সুবাসত, চৰাই মাতত, ঢোল-পেঁপাৰ শবদত, বিহুগীতত, বিহুনাচত, বিহুসুৰীয়া গীতত ব’হাগৰ মাদকতা উপচি পৰে । ব’হাগ অসমৰ জাতীয় জীৱনৰ লাইখুটা । ব’হাগ আমাৰ সাহ, আমাৰ প্ৰাণ, আমাৰ মান, আমাৰ স্বভিমান । সেয়ে ব’হাগ আমাৰ বাবে কেৱল মাহ নহয়, ব’হাগ আমাৰ আয়ুসৰেখা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!