ৰবি ঠাকুৰৰ ‘ছুটী’ আৰু বেজবৰুৱাৰ ‘মুক্তি’- এক তুলনামূলক বিচাৰ
লেখক- প্ৰণামিকা অধিকাৰী
তুলনামূলক সাহিত্য বিচাৰ দুটি ভাষাৰ সাহিত্যৰ মাজত এক মৈত্ৰীৰ সেতুসন্ধান। তুলনামূলক অধ্যয়নে জাতীয় সাহিত্যৰ সীমা পাৰ কৰি বিশ্ব সাহিত্য অধ্যয়নৰ বাবে পঢ়ুৱৈক লালায়িত কৰে। সেয়ে, সাহিত্যত তুলনামূলক বিচাৰ এক গুৰুত্বপূৰ্ণ বিষয়।
তুলনামূলক সাহিত্যৰ কোনো নিৰ্দিষ্ট সংজ্ঞা এতিয়ালৈ পোৱা হোৱা নাই। ফৰাচী সাহিত্য সমালোচক ফিলমানে তুলনামূলক সাহিত্যৰ সংজ্ঞা বিচাৰি কৈছিল, — আচলতে তুলনামূলক সাহিত্য হ’ল প্ৰত্যেক দেশে অন্যদেশৰ সাহিত্যৰ পৰা আহৰণৰ দ্বাৰা যি গ্ৰহণ কৰে তাৰ অনুসন্ধান কৰা। অৰ্থাৎ সাহিত্যৰ যি শাখাত সাহিত্যৰ বিষয়বস্তু আৰু উপাদানসমূহৰ পৰস্পৰৰ মাজত আদান–প্ৰদান সম্পৰ্কে আলোচনা কৰা হয়, সেয়াই তুলনামূলক সাহিত্য।
তুলনামূলক সাহিত্যক সৃষ্টিশীল সাহিত্যৰ ভিতৰত ধৰা নহয়। ই এক অধ্যয়নৰ ফচল। এই অধ্যয়নে দুটা ভাষাৰ সাহিত্য অথবা দুগৰাকী সাহিত্যিকৰ সাহিত্য অথবা দুগৰাকী সাহিত্যিকৰ বিশেষ সৃষ্টিৰ বিভিন্ন দিশ আলোচনা কৰি সাহিত্যিক মান্যতা প্ৰদান কৰে। এই অনুসন্ধানত কোনোগৰাকী সাহিত্যিককে লঘু বা গুৰু কৰা নহয়। এই অধ্যয়নে সাহিত্যৰ ভাৱধাৰা আদানপ্ৰদানৰহে অনুসন্ধান কৰে।
ভাৰতীয় সাহিত্যৰ ধাৰা অতি পুৰণি। ইংৰাজৰ শাসন শোষণত জুৰুলা দেশে প্ৰাচীন ঐতিহ্যৰ ধাৰিবাহিকতা কিছু হেৰুৱাইছিল যদিও, পাশ্চাত্য শিক্ষাৰে শিক্ষিত নতুন প্ৰজন্মই ভাৰতত আধুনিক সাহিত্যৰ সূচনা কৰি এক প্ৰকাৰ জয়–জয়–ময়–ময় অৱস্থালৈ আনে। অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বাংলা সাহিত্যৰ মধ্যমণি হৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে যিদৰে বাংলা সাহিত্যৰ বিজয় নিচান উৰুৱাইছিল, ঠিক সেইদৰে অসমৰ লক্ষ্মীনাথ বেজবৰুৱায়ো অসমীয়া ভাষাৰ সাহিত্যৰ বিজয় নিচান উৰুৱাইছিল। শ্ৰেষ্ঠত্বৰ দিশ আলোচনা কৰা এই লেখাৰ উদ্দেশ্য নহয় যদিও এয়া সৰ্বজনস্বীকৃত যে, ৰবি ঠাকুৰ বিশ্ববন্দীত বিশ্বকবি হিচাপে সৰ্বত্ৰ সমাদৃত। কিন্তু ভাষাৰ নাজল–নাথল অৱস্থাত অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যৰ প্ৰায় আটাইকেইটা বিভাগতে দক্ষতাৰে সাহিত্য সৃষ্টি কৰি অসমীয়া সাহিত্যৰ ৰথ চলাই নি অসমীয়া আধুনিক সাহিত্যৰ বাট কাটি গৈছিল। তেওঁ আছিল আধুনিক সাহিত্যৰ বাটকটীয়া। সেয়ে তেওঁ অসমীয়াৰ মনত বন্দীত। প্ৰাতঃস্মৰণীয়।
শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত দুয়োগৰাকী অনন্য। শিশু আৰু কৈশোৰ কালৰ মানসিক অৱস্থা অনুধাৱন কৰি যথোপযুক্ত চিত্ৰণেৰে দুয়োগৰাকী লেখকে কেইবাটাও উল্লেখযোগ্য গল্প সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই গৈছে। তেনে দুটি গল্প হ’ল, ৰবীন্দ্ৰনাথ ঠাকুৰৰ “ছুটী” আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ “মুক্তি।”
‘ছুটী’ৰ মূল কাহিনীটো এনেধৰণৰঃ—
গাঁৱৰ মুক্ত পৰিৱেশত বিধৱা মাকৰ দুই সন্তান ফটিক আৰু মাখন লগৰীয়াৰ সৈত উমলি জামলি থাকোঁতেই শিক্ষা, শিষ্টাচাৰ আদিত তথাকথিত সমাজৰ চকুত ফটিক উদণ্ড আৰু মাখন শান্ত শিষ্ট বুলি পৰিগণিত হয়। সৰু সৰু কথাতে মাৰপিট কৰা, মিছা কথা কোৱা আদিত ফটিক সিদ্ধহস্ত। সি সাহসী। সি স্পষ্টবাদী। গাঁৱৰ একঘেমীয়া জীৱনৰ মাজত হয়তো সি নতুনত্ব নাপাইছিল আৰু সেয়ে মোমায়েক বিশ্বম্ভৰে লগত লৈ যাবলৈ ওলোৱাত সি তৎক্ষণাত ৰাজী হৈছিল। অকল ৰাজী হোৱাই নহয়; উত্ৰাৱলো হৈছিল। বিধবা মাকে ককায়েকে ল’ৰাটোৰ শিক্ষা দীক্ষাৰ দায়িত্ব লোৱা দেখি সন্তুষ্ট হৈ তাক যাবলৈ উদ্গনি দিছিল।
ফটিক গুচি আহিছিল। কিন্তু নিজৰ তিনিটা সন্তানৰ উপৰি আন এটা কিশোৰ ঘৰলৈ অহাত মামীয়েক ক্ষুণ্ণ হৈছিল। তেওঁ ফটিকৰ গোঁৱাৰ স্বভাৱলৈ চাই তাক ‘বোজা’ বুলি ভাবিছিল। কিন্তু মৰম প্ৰত্যাশী ফটিকে মামীয়েকৰ মৰম পাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।
গাঁৱৰ পৰিৱেশৰ পৰা অহা ফটিকে চহৰৰ পৰিৱেশৰ লগত খাপ নোখোৱাৰ ফলত নানা আহুকাল ভোগ কৰিছিল। ইয়াৰ কথাবতৰা, চলন–ফুৰণ সকলো বেলেগ। স্কুলত পাঠ গ্ৰহণত শিকণ–শৈলীৰ নতুনত্বই তাক ভেবাচেকা খুৱাইছিল। শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিছিল। শিক্ষকে পিটিছিল আৰু প্ৰায় সদায় পিটন খোৱা অবাধ্য ফটিকৰ লগত মোমায়েকৰ পুতেককেইজনেও দূৰত্ব বজাই ৰাখি চলিবলৈ ধৰিছিল। ইয়াতে অধিক ক্ষুণ্ণ হৈ ফটিকে অধিক দুষ্টালি কৰিবলৈ লৈছিল।
এদিন ফটিকৰ পাঠ্যপুথিবোৰ হেৰাই থাকিল। স্কুলৰ পৰা উভতি আহি যেতিয়া মামীয়েকৰ আগত পৰম দোষীভাৱেৰে কিতাপ হেৰোৱা কথাটো কৈছিল, তেতিয়া মামীয়েকে মুখ বেঁকা কৰি কৈ উঠিছিল, “বেশ কৰেছ, আমি তোমাকে মাসেৰ মধ্যে পাঁচবাৰ কৰে বই কিনে দিতে পাৰিনে।” আনৰ অৰ্থ নাশ কৰাৰ এক তীব্ৰ অপৰাধবোধে ফটিকক দংশন কৰিছিল। লোকৰ ঘৰত লোকৰ টকা–পইচা শেষ কৰিবলৈ তাক তাত থোৱা বাবে মাকৰ ওপৰত প্ৰচণ্ড অভিমান জাগিছিল। সি মামাকক সুধিছিল, “আমি মাৰ কাছে কবে যাব।” মামাকে কৈছিল, “ছুটীৰ পৰে।”
সেইদিনা ৰাতি তাৰ গা শিৰ শিৰ কৰি জ্বৰ উঠিছিল আৰু বমিও হৈছিল। এনে অৱস্থাত মামীয়েকৰ যত্ন আশা কৰা বৃথা। একমাত্ৰ মাকেহে সন্তানৰ ৰুগ্ন শৰীৰৰ যথোপযুক্ত শুশ্ৰূষা কৰে। সেয়ে সি ৰাতি ঘৰৰ পৰা ওলাই গ’ল।
পুৱা বিচাৰ–খোচাৰ কৰি ফটিকক বিচাৰি নোপোৱাত পুলিচ থানাত মোমায়েকে খবৰ দিলে। শাওণমহীয়া বৰষুণত তিতি সন্ধিয়ালৈ পুলিচে ফটিকক শায়িত অৱস্থাত লৈ আহিল। সেই অৱস্থাতো মামীয়েকে মোমায়েকক ফটিকক ঘৰলৈ পঠিয়াই দিবলৈ কোৱা কথা শুনি তাৰ শিশু মনত দুখ উঠলি উঠিল। সি বিৰবিৰাই ক’লে, “মাৰ কাছে যাচ্ছিলুম। আমাকে ফিৰিয়ে এনেছে।”
ক্ৰমান্বয়ে তাৰ জ্বৰ বেছি হৈছিল। মাকক খবৰ দিয়া হৈছিল। জ্বৰত সি প্ৰলাপ বকিছিল। এটা সময়ত মাক আহি উদ্বাউল হৈ “ফটিক, আমাৰ সোণা, আমাৰ মাণিক” বুলি সাবটি ধৰি কান্দিবলৈ ধৰিছিল কিন্তু ফটিকে মাত্ৰ “আ্য” বুলি মাত দি আন ফালে চাই কৈছিল, “মা, এখন আমাৰ ছুটী হয়েছে মা। আমি বাড়ী যাচ্ছি।” ইয়াতেই গল্পটো শেষ হৈছে।
বেজবৰুৱাৰ ‘মুক্তি’ৰ কাহিনীটো চমুকৈ এনেধৰণৰঃ—
সুকুমাৰ চতুৰ্থ শ্ৰেণীত পঢ়া এটা সৰু ল’ৰা। গাঁৱৰ মুকলিমূৰীয়া পৰিৱেশত প্ৰকৃতিৰ লগত উমলিজামলি দিন নিয়াইছিল। স্কুলৰ শিক্ষা গ্ৰহণত তাৰ অনীহা। দিনৌ সি পঢ়া দিব নোৱৰাত মাৰ কিল খায় আৰু ঘৰলৈ আহি দিনৌ পাহৰি যায়। এদিন স্কুলৰ শিক্ষকে আহি ঘৰত গোচৰ দিয়াত সুকুমাৰৰ দেউতাকে তাক খুব পিটিলে। মাৰ খাই সি ওৰে ৰাতি তেঁতেলী গছত উঠি শুই থাকিল।
পিছত সুকুমাৰৰ ডিবুৰুত থকা ককায়েক দেৱকুমাৰ আহি তাক পঢ়াশুনা কৰাবলৈ ডিবুৰুলৈ লৈ গ’ল। সুকুমাৰৰ যাবলৈ মন নাছিল আৰু মাক–দেউতাকৰো তাক যাবলৈ দিবলৈ বৰ মন নাছিল যদিও, সুকুমাৰৰ ভৱিষ্যতৰ কথা ভাবি মাকদেউতাকে তাক যাবলৈ দিলে। সুকুমাৰ ককায়েকৰ লগত ডিবুৰুলৈ গ’ল।
গাঁৱৰ মুকলিমুৰীয়া পৰিৱেশ নাপাই আৰম্ভণিৰ পৰাই সুকুমাৰৰ মন বিচলিত হৈ উঠিল। পঢ়াশুনাত তাৰ মনোযোগ আগতেও নাছিল, এতিয়াও নাই। প্ৰতিদিনে সি গাঁৱৰ ঘৰলৈ, আয়েকৰ ওচৰলৈ আহিবলৈ মন কৰে। হাজাৰ দোষ কৰিলেও, দোষৰ শাস্তি দিলেও মাকদেউতাকে তাৰ স্নেহৰ প্ৰশ্ৰয়ো দিছিল। কিন্তু ককায়েকৰ ৰঙা চকুৰ ভয়ত মনৰ আশা মনতে মাৰ নিয়াই থাকে। সুকুমাৰে পঢ়েহে পঢ়ে। একো মনত নাথাকে। ককায়েকৰ কঠোৰ শাসনৰ কঠোৰতা বাঢ়ি যায়। এদিন পঢ়া ঠিকমতে দিব নোৱাৰি ককায়েকৰ পৰা কঠোৰ শাস্তি আৰু কটু কথা শুনাই ‘তই বংশৰ কলংক’ বুলি গালি পাৰে। তাৰপাছত, ৰাতিৰ পৰা তাৰ জ্বৰ হয়। জ্বৰ বাঢ়ি যায় আৰু ভ্ৰম বকিবলৈ আৰম্ভ কৰে। প্ৰলাপত সি কেৱল এৰি অহা তাৰ হেঁপাহৰ গাঁৱৰ কথা কয়। “আই, তুমি আহিছা? মই পোহা চৰাই আৰু আন জন্তুবোৰ কেনে আছে? সিহঁতে মোক বিচাৰেনে? মই গৈ সিহঁতৰ সৈতে উমলিম। মই পঢ়িম আই। তুমি নাভাবিবাঁ। ককাইদেৱে মই পঢ়া–শুনা নকৰাত বেয়া পাইছে। মই পঢ়িম, ডাঙৰ মানুহ হ’ম। উস্ ককাইদেউ, মোক আৰু নেমাৰিবাঁ। মই এইবাৰৰ পৰা পঢ়া ঠিক মনত ৰাখিম। মই ভাল ল’ৰা হ’ম। মোৰ বাবে তুমি আৰু লাজ নোপোৱা হ’বাঁ।” – এনেদৰে প্ৰলাপ বকি জ্বৰত ভুগি চৌধ্য দিনৰ দিনা সুকুমাৰৰ দেহ সজাৰ পৰা প্ৰাণপখী উৰি গৈ চিৰকাললৈ মুক্তি লাভ কৰিলে।
কাহিনী, উদ্দেশ্য, লক্ষ্য, শিক্ষণীয় বিষয় আদি দুয়োটা গল্পৰ একেই। কৈশোৰ মনৰ বিচিত্ৰ অনুভূতিক ফটিক আৰু সুকুমাৰৰ চৰিত্ৰৰ মাজেৰে ফুটাই তোলা হৈছে। চৰিত্ৰ আৰু ঘটনাৰ সমাৱেশ ‘মুক্তি’ৰ তুলনাত ‘ছুটী’ত যথেষ্ট বেছি। বহুকেইটা ঘটনাৰ মাজেৰে কৈশোৰ কালৰ মনোজগতৰ সন্ধান কৰি লেখকে এঠাইত লিখিছে, “ সেও সৰ্বদা মনে মনে বুঝিতে পাৰে, পৃথিৱীৰ কোথাও সে ঠিক খাপ খাইতেছে না; এইজন্য আপনাৰ অস্তিত্ব সম্বন্ধে সৰ্ব্বদা লজ্জিত ও ক্ষমাপ্ৰাৰ্থী হইয়া থাকে। অথচ এই বয়সেই স্নেহেৰ জন্য কিঞ্চিৎ অতিৰিক্ত কাতৰতা মনে জন্মায়। এইসময়ে যদি কোনো সহৃদয় ব্যক্তিৰ নিকট হইতে স্নেহ কিম্বা সখ্য লাভ কৰিতে পাৰে, তবে তাহাৰ নিকট আত্মবিক্ৰীত হইয়া থাকে। কিন্তু তাহাকে স্নেহ কৰিতে কেউ সাহস কৰেনা; কাৰণ সেটা সাধাৰণে প্ৰশ্ৰয় বলিয়া মনে কৰে। সুতৰাং তাহাৰ চেহাৰা এবং ভাবখানা অনেকটা প্ৰভুহীন পথেৰ কুকুৰেৰ মতো হইয়া যায়।” কিশোৰ মানসিকতা বুজিবলৈ ওপৰৰ কথাখিনি যথেষ্ট। ৰবিঠাকুৰৰ “ছুটী” গল্পই বৰ্তমানৰ শিশু মনোবিজ্ঞানৰ আলোচ্য দিশসমূহকেই নিৰ্দেশ কৰিছে।
‘মুক্তি’ নামৰ গল্পটোতো ককায়েকৰ মাৰ খাই অনুতপ্ত সুকুমাৰৰ মানসিক সংঘাত আৰম্ভ হয় আৰু তাৰ পৰিণতি তাৰ জ্বৰ হয়। জ্বৰ ক্ৰমে প্ৰবল হয়। প্ৰলাপ বকিবলৈ আৰম্ভ কৰে। প্ৰলাপত তাৰ অৱচেতন মনত ভাঁহি থকা আপোন গাঁৱৰ নিভাঁজ প্ৰাকৃতিক পৰিৱেশক সুঁৱৰি মনৰ ভাব প্ৰকাশ কৰে।
দুয়োটা গল্পৰেই লেখকদ্বয়ে, সমাজত শিশু বা কৈশোৰ কালৰ বয়ঃসন্ধিৰ মানসিক দ্বন্দ্বক নিপুনতাৰে প্ৰকাশ কৰিছে। ল’ৰাছোৱালীৰ বয়ঃসন্ধিকালৰ উৎপতীয়া আচাৰ – আচৰণক সহজভাৱে গ্ৰহণ নকৰি কঠোৰতা দেখুওৱাৰ ফলত দুটি অবোধ কিশোৰে মানসিক সংঘাতত জীৱন নাট কলিতেই সামৰিবলগীয়া হয়।
দুয়োটা গল্পতে, মাতৃস্নেহক মাতৃ “যশোদাৰ পুত্ৰপ্ৰেম”ৰ দৰে শ্বাশ্বত ৰূপত তুলি ধৰা হৈছে। ফটিক মোমায়েক বিশ্বম্ভৰৰ লগত উছাহেৰে সৈতে যাবলৈ ওলোৱাত মাকে সন্দেহবশতঃ সুধিছিল, কি ৰে, তুই যাবি?
–যাবো– ফটিকৰ উৎসাহভৰা উত্তৰত মাক মনে মনে ক্ষুণ্ণ হৈছিল; অথচ এইজন পুতেকক লৈয়েই ককায়েকক গোচৰ দিছিল। “ফটিক আমাৰ হাড় জালাতন কৰিয়াছে।”
আনহাতে, “মুক্তি”তো সুকুমাৰৰ মাকে উৎপতীয়া সুকুমাৰৰ ভৱিষ্যত মংগলৰ বাবে বৰপুতেকৰ ওচৰলৈ পঠিয়াবলৈ সাজু হৈছিল যদিও মনত শংকা আছিল, জানোচা তেওঁৰ আদৰৰ সৰুপুতেকক ককায়েকে বৰ কঠোৰ শাসন কৰে। সৰু ল’ৰাটোৰ মানসিক স্থিতি কি হ’ব পাৰে তাৰ অনুমান কৰি তেওঁ বৰপুতেকক কৈছিল, “হেৰ বৰবোপা, তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা, সি লাহে লাহে পঢ়িব; অঁজলা ল’ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি।”
অতি আদৰে ল’ৰাছোৱালী নষ্ট কৰে বুলি কোৱাৰ সমান্তৰালভাৱে অতি শাসনেও ল’ৰাছোৱালীৰ ভৱিষ্যত অন্ধকাৰ কৰে। “ছুটী” আৰু “মুক্তি” দুয়োটা গল্পতে এই শিক্ষা পাঠকসমাজলৈ আগবঢ়োৱা হৈছে।
দুয়োটা গল্পতে গাঁৱৰ মুকলিমূৰীয়া পৰিৱেশ যে ল’ৰাছোৱালীৰ মানসিক উত্তৰণৰ বাবে প্ৰয়োজনীয় তাক স্পষ্টকৈ ফুটাই তোলা হৈছে। আজন্ম প্ৰাপ্ত পৰিৱেশৰ পৰা কিশোৰ মনে নতুনকৈ নগৰীয়া পৰিৱেশত খাপ খাবলগীয়া হোৱাটো এক অতিৰিক্ত মানসিক চাপ হৈ পৰে।
অসমীয়া আৰু বাংলা ভাষাত “মুক্তি” আৰু “ছুটী” গল্পই এই দিশত মাইলৰ খুটি হৈ থাকিব যদিও “মুক্তি” গল্পই “ছুটী”ৰ দ্বাৰা প্ৰভাবিত হোৱাৰ থল আছে বুলি বেজবৰুৱাৰ জীৱন অনুসন্ধান কৰিলে অনুভৱ কৰিব পৰা যায়। সেয়ে হ’লেও, অসমীয়া সাহিত্যত নিভাঁজ অসমীয়া গ্ৰাম্য পৰিৱেশৰ পটভূমিত আৰু কিশোৰ চৰিত্ৰ সুকুমাৰৰ ছবিৰ চিত্ৰণেৰে সমগ্ৰ কিশোৰক একত্ৰিত কৰিব পৰাতে “মুক্তি” যিদৰে অনন্য, সেইদৰে “ছুটী”ও ব্যতিক্ৰম নহয়।