সাধাৰণ পাঠকৰ দৃষ্টিৰে আধুনিক কবিতাৰ দুৰ্বোধ্যতা
লেখক- যশোৱন্ত নিপুণ
আধুনিক কবিতা সঁচাকৈয়ে দুৰ্বোধ্য নেকি ? দুৰ্বোধ্যতা বা জটিলতা আধুনিক কবিতাৰ এটা এৰাব নোৱাৰা দিশ নেকি ? এইবোৰ প্ৰশ্ন আমাৰ দৰে পাঠকসকলৰ মনলৈ সদায়ে আহি থাকে যদিও সদুত্তৰ হয়তো নাপাওঁ৷ বহু মন–আন্দোলিত কৰি যোৱা উৎকৃষ্ট আধুনিক কবিতা বুজিবলৈ খুবেই সহজ ৷ কিছুমান কবিতাই মন চুই যায়, মনত কিবা এটা ভাবৰ সঞ্চাৰ কৰে, অথচ খুব ভালকৈ আমি বুজিব নোৱাৰোঁ ৷ কিছুমান কবিতা বহু কষ্ট কৰিও বুজিব নোৱাৰোঁ আৰু শেষত নমস্কাৰ জনাই সেই কবিতাবোৰৰ পৰা আমি আঁতৰি আহোঁ ৷ অৱশ্যে, দুৰ্বোধ্যতা কেৱল আধুনিক কবিতাৰেই বিশেষত্ব নহয় ৷ এখন উপন্যাস, এটা গল্প আৰু বহু সংগীতো বুজিবলৈ কঠিন হ’ব পাৰে ৷ বিশেষকৈ বিমূৰ্ত শিল্পকৰ্মবোৰৰ ৰস পান কৰিব পৰা পৰিপক্কতা আমাৰ বহুতৰেই নাথাকিবও পাৰে ৷ আমি বহুতেই পিকাছ’ৰ চিত্ৰ এখন বুজিবলৈ বা হৰিপ্ৰসাদ চৌৰাচিয়াই বজোৱা ৰাগ এটাৰ ৰস পান কৰিবলৈ সক্ষম নহ’ব পাৰোঁ, যদিও দুয়োবিধৰে শৈল্পিক মূল্য নিশ্চয়ে প্ৰশ্নাতীত ৷ অসমীয়া ভাষাতো বহুতো বিশ্বমানৰ কালজয়ী কবিতা আছে ৷ অসমীয়া আধুনিক কবিতাৰ কিছুমান দুৰ্বোধ্য, কিছুমান হয়তো বুজিবলৈ সহজ ৷ কিন্তু কবিতা যেনেকৈ সহজ হ’লেও ভাল কবিতা নহ’ব পাৰে, তেনেকৈ কবিতা জটিল হ’লেও ভাল নহ’ব পাৰে ৷ কিছুমান কবিতা ভাল, কিছুমান কবিতা অতি সুন্দৰ আৰু কিছুমান কবিতা বেয়া বা জাবৰ ৷ আৰু এই তিনিও ধৰণৰ কবিতাই জটিল বা সহজ হ’ব পাৰে ৷ সাধাৰণ পাঠকসকলে বহু ক্ষেত্ৰতেই ভাল কবিতা এটাৰ, বিশেষকৈ ভাল জটিল কবিতা এটাৰ ৰস পান কৰিবলৈ সক্ষম নহ’ব পাৰে আৰু বহু ক্ষেত্ৰত এটা বেয়া কবিতাকো ইয়াৰ ছদ্মবেশী কাঠিন্যৰ আভৰণৰ কাৰণে ভাল কবিতা বুলি ভুল কৰিব পাৰে কাৰণ আমাৰ সকলোৰে বোধ আৰু উপলব্ধি সাধাৰণতে সিমান উচ্চ স্তৰৰ নহয় ৷
এইখিনিতে দুটা সৰু ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ ৷
প্ৰথম ঘটনাঃ
————–
জসুৱা বেল এজন পৃথিৱী বিখ্যাত বেহেলাবাদক ৷ এদিন ষ্টেচন এটাত সাধাৰণ টুপী এটা পিন্ধি লৈ তেওঁ কেইজনমান বিখ্যাত সংজ্ঞীতজ্ঞৰ ৰচনা বজাবলৈ আৰম্ভ কৰিছিল ৷ তেওঁ এনেদৰেই প্ৰায় পঞ্চলিশ মিনিট বিখ্যাত সুৰবোৰ বজাইছিল ৷ বহু লোক তেওঁৰ কাষেৰেই পাৰ হৈ গৈছিল আৰু তেওঁলৈ বা তেওঁ বজাই থকা সুৰবোৰলৈও অকণো মন দিয়া নাছিল ৷ তেওঁ বজাবলৈ আৰম্ভ কৰাৰ তিনি মিনিটমান পাছতহে এজনে বৃদ্ধই তেওঁৰ ফালে চাই অলপ সময় ৰৈছিল ৷ চাৰে তিনি মিনিটমানৰ পাছত এগৰাকী মহিলাই তেওঁলৈ এটা মূদ্ৰা দলিয়াই দি গুচি গৈছিল ৷ ছয় মিনিটমানৰ পাছতহে কোনোবা এজনে অলপ সময় ৰৈ তেওঁ বজোৱা সুৰবোৰ শুনিবলৈ চেষ্টা কৰিছিল ৷ সেই গোটেই সময়খিনিত মাত্ৰ সাতজন ব্যক্তিয়েহে এক মিনিটমান ৰৈ বেলৰ বেহেলাবাদন শুনিছিল ৷ তেওঁ প্ৰায় ৩২ ডলাৰ ঘটিছিল সেইখিনি সময়ত ৷ তাৰে ২০ ডলাৰ এজন ব্যক্তিৰ পৰা আহিছিল যিয়ে বেলক চিনিব পাৰিছিল আৰু আগ নিশাৰ এটা সংগীতানুষ্ঠানত তেওঁক বেহেলা বজোৱা দেখিছিল ৷ প্ৰায় ১,০৭০ জন মানুহ বেলৰ কাষেৰে পাৰ হৈ গৈছিল ৷
দ্বিতীয় ঘটনাঃ
—————
২০১৬ চনৰ ঘটনা এয়া ৷ আমেৰিকাৰ চান ফ্ৰানসিস্ক’ৰ আৰ্ট গেলেৰী এটালৈ দুজন কিশোৰ গৈছিল ৷ যদিও প্ৰদৰ্শনীৰ প্ৰায় সকলোবোৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁলোক অভিভূত হৈছিল, তথাপিও তাৰে কিছুমানৰ শৈল্পিক গুণ সম্পৰ্কে তেওঁলোকৰ অলপ সন্দেহ হৈছিল ৷ তেওঁলোকৰ এজনে ইচ্ছা কৰিয়েই তেওঁৰ চশমাযোৰ খুলি এনে এঠাইত ৰাখিলে যাতে সেইযোৰকো দৰ্শকসকলে প্ৰদৰ্শনীৰ অংগ বুলি ধৰি লয় ৷ সঁচাকৈয়ে দৰ্শকসকলে আহি আহি চশমাযোৰ চাইছিল আৰু বহুতেই চশমাযোৰৰ ফটোও লৈছিল ৷ হয়তো বহুতেই চশমাযোৰকো কোনোবা বিখ্যাত শিল্পীৰ উচ্চ মানৰ শিল্প কৰ্ম বুলি ধৰি লৈছিল ৷ এই ঘটনা দুটাৰ পৰা ধাৰণা কৰিব পাৰি যে বিমূৰ্ত শিল্পকৰ্মৰ প্ৰকৃতাৰ্থত ৰসাস্বাদন কৰাটো সকলোৰে বাবে সম্ভৱ নহয় ৷ কঠিন আধুনিক কবিতাবোৰৰ ক্ষেত্ৰতো একে যুক্তিয়েই খাটে ৷ আমি ভাল সৃষ্টিকো অবজ্ঞা কৰিব পাৰোঁ আৰু জাবৰকো উচ্চ মানৰ শিল্পকৰ্ম বুলি ভুল কৰিব পাৰোঁ ৷ কিন্তু আধুনিক কবিতা কিয় ইমান জটিল হ’ব লাগে ?আৰু সেই জটিলতাই যদি সিংহভাগ পাঠককে আঁতৰাই পঠিয়ায় তেনেহ’লে সেই সৃষ্টিৰেই বা সাৰ্থকতা ক’ত ? কিন্তু, পুলিটজাৰ বঁটা বিজয়ী আমেৰিকান কবি জেমচ মেৰিলে কবিতাৰ জনপ্ৰিয়তা সম্পৰ্কীয় এনে ধৰণৰ প্ৰশ্ন এটাৰ উত্তৰত কৈছিল, “বহুত পঢ়ুৱৈৰে আমাৰ কি হ’ব ? তাতকৈ মই মাত্ৰ এজন গভীৰ পঢ়ুৱৈ পালেই সন্তুষ্ট হ’ম ৷ সেই এটা ৰূপালী মাছ ধৰিবৰ কাৰণে গোটেই পুখুৰীটোতে ডিনামাইটৰ বিষ্ফোৰণ ঘটোৱাৰ প্ৰয়োজনেই বা কি ?” কথাটো তেনেকুৱাও ৷ এজন সাৰ্থক কবিয়ে তেওঁৰ অনুভূতি সংক্ষেপে কিছু শব্দৰ মাজত ধৰি ৰাখিব বিচাৰে ৷ তেতিয়া কিছুমান কবিতা জটিল হৈ যায়, কিছুমান কবিতা সহজ হৈ যায় ৷ সাৰ্থক কবিসকলে নিশ্চয় অহেতুকভাৱে কবিতা এটা জটিল কৰিবলৈ নাযায় বা অহেতুকভাৱে সহজ কৰিবলৈও নাযায় ৷ কিন্তু, সকলো কবিয়েই সাৰ্থক কবি হ’ব নোৱৰাটো এটা স্বাভাৱিক কথা ৷ কবিতাত অনুভূতিবোৰ বৰ সংক্ষিপ্তভাৱে প্ৰকাশ কৰা হয় ৷ অতি কম, উপযুক্ত শব্দত কবিয়ে তেওঁৰ ভাববোৰ বন্দী কৰিব খোজে ৷ সেইকাৰণেও কবিতা বহু সময়ত জটিল হৈ পৰিব পাৰে ৷
চিৰনমস্য কবি নীলমণি ফুকনদেৱে এবাৰ এটা কবিতা লিখোঁতে প্ৰথমতে কবিতাটি বত্ৰিশ নে তেত্ৰিশ শাৰীৰ হৈছিল ৷ কবিতাটো ভূতনাথ শ্মশানৰ আগেৰে এবাৰ যাওঁতে হোৱা তেখেতৰ অনুভৱৰ ওপৰত লিখিছিল ৷ তেখেতে শ্মশানত জলি থকা চিতাৰ জুই একুৰা দেখিছিল আৰু লগতে দেখিছিল চাৰিওফালৰ প্ৰকৃতিৰ শ্যামল সুন্দৰ অনন্য ৰূপ ৷ সেই অভিজ্ঞতাৰ ওপৰতেই বহুদিনৰ পাছত তেখেতে কবিতাটি লিখিছিল ৷ প্ৰথমৰ কবিতাটি পৰিমাৰ্জনা কৰি কাটি–কুটি তেখেতে তিনি শাৰীলৈ কমাইছিল আৰু শেহত মাত্ৰ দুই শাৰীহে ৰাখিছিলগৈ ৷ তাৰ পাছতো সেই দুই শাৰী তেখেতে প্ৰায় তিনিমাহমান ধৰি পৰীক্ষা কৰিছিল – সেয়া কবিতা হৈছে নে নাই, কিবা অৰ্থ বা ব্যঞ্জনা কঢ়িয়াইছে নাই ৷ কবিতাটিৰ শাৰী দুটা ইয়াতে দিয়া হ’লঃ
“হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটা ঘণ্টা
জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা ৷”
মাত্ৰ দুশাৰীৰ এটা কবিতা, অথচ তাত জড়িত হৈ আছে এজন মহান কবিৰ কেইবামাহৰো শ্ৰম বা সাধনা ৷ আৰু আমাৰ দৰে সাধাৰণ পাঠকসকলৰ মনো কবিতাটিৰ অনুভৱ আৰু মায়াজালে খান্দি লৈ যায় ৷ কবিতাত চিত্ৰকল্প, প্ৰতীক, উপমা আদিৰ ব্যৱহাৰেও কবিতা এটা জটিল কৰি তুলিব পাৰে ৷ উদাহৰণ স্বৰূপে নীলমণি ফুকনদেৱৰ “সেই ৰহস্য নীল ধুতুঁৰা” বা “ওলমি থকা গোলাপী জামুৰ লগ্ন” কবিতা দুটি উল্লেখ কৰিব পাৰি ৷ যদিও কবিতা দুটা আদি আমি সাধাৰণ পাঠকসকলৰ কাৰণে জটিল হ’ব পাৰে, তথাপিও সকলোকে পাঠককে কিবা এটা অনিৰ্বচনীয় অনুভূতিৰে দুয়াটা কবিতাই জোকাৰি থৈ যায় ৷
হীৰেন ভট্টাচাৰ্যৰ অনুপম কবিতাবোৰৰ প্ৰায়বোৰকেই জটিল বুলিব নোৱাৰি ৷ তেওঁৰ কবিতাবোৰে সংক্ষিপ্তভাৱে বহু কথা কৈ যায় আৰু বহু কথা নোকোৱাকৈয়ো কৈ যায় ৷ অপূৰ্ব, সহজ শব্দচয়নেৰে পাঠকৰ মন–প্ৰাণ বিয়াকুল কৰি থৈ যায় তেওঁৰ কবিতা সমূহে ৷ উদাহৰণ স্বৰূপে তেওঁৰ ৰৌদ্ৰ–কামনা কবিতাটি —
“উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল–আলসুৱা তোমাৰ মুখৰ
শইচ–সোনালী হাঁহি।
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি !
ভাৰতীয় আন ভাষাৰ কবিতাতো একে ধৰণৰেই ধাৰা এটা দেখা যায় ৷ কিছুমান উচ্চমানৰ কবিতা জটিল আৰু কিছুমান উচ্চমানৰ কবিতা আপেক্ষিকভাৱে সৰল ৷ উদাহৰণ স্বৰূপে হিন্দী কবি হৰিবংশ ৰায় বচ্চন, মহাদেৱী বৰ্মা, কুঁৱৰ নাৰায়ণ আদিৰ নাম উল্লেখ কৰিব পাৰি ৷ ইয়াতে কোঁৱৰ নাৰায়ণৰ ‘দুৱাৰবোৰ’ কবিতাটিৰ ভাবানুবাদ দিয়া হ’ল:
“এতিয়া মই এটা সৰু ঘৰ
আৰু বৰ বিশাল এখন পৃথিৱীত থাকোঁ
কেতিয়াবা মই এটা বৰ ডাঙৰ ঘৰ
আৰু সৰু এখন পৃথিৱীত আছিলোঁ
কম সংখ্যক দুৱাৰৰ পৰা
বহুত কিবাকিবি সলনি হয়
দুৱাৰবোৰ যদি নাথাকে
তেতিয়া পৃথিৱীতকৈও বিশাল হৈ যায় ঘৰ।”
কবিতাটি সহজ, অথচ ভাবগধুৰ ৷ তেওঁৰ বিখ্যাত কবিতা ‘নিমৰ ফুল’, ‘অন্তিম উচ্চতা’ আদিত জটিলতা একেবাৰেই নাই ৷ ইয়াৰ পৰা বুজিব পাৰি যে এটা সাৰ্থক আধুনিক কবিতা জটিল হ’বই লাগিব বুলি কোনো কথা নাই ৷ বিদেশী কবিতাতো আমাৰ সাধাৰণ পাঠকসকলৰ বাবে সহজে বোধগম্য হোৱা আৰু জটিল, এই দুয়ো ধৰণৰ কবিতাই দেখিবলৈ পাওঁ ৷ পুলিটজাৰ বিজয়ী আমেৰিকান কবি মেৰী অ’লিভাৰৰ ‘উপহাৰ’ কবিতাটিৰ ভাবানুবাদ তলত দিয়া হ’লঃ
“শান্ত হোৱা, মোৰ হৃদয়, আৰু দৃঢ় হোৱা ৷
পৃথিৱী আৰু সৰগ দুয়োৱেই এতিয়াও চাই আছে
যদিও সময় ঘড়ীটোৰ পৰা টোপা–টোপে সৰি পৰিছে
আৰু তোমাৰ খোজবোৰ যি দৃঢ়তাপূৰ্ণ আৰু তেজাল আছিল ,
এতিয়া মন্থৰ হ’ল ৷
গতিকে, মন্থৰ হোৱা যদি সেয়া হ’বই লাগে,
কিন্তু বুকুখনক তাৰ সঁচা কামবোৰ কৰিবলৈ দিয়া ৷
আৰু ভালপোৱা যেনেকৈ তুমি এসময়ত ভাল পাইছিলা, গভীৰভাৱে
আৰু অকণো হিচাপ নকৰাকৈ ৷ ঈশ্বৰ আৰু জগতক
জানিবলৈ দিয়া যে তুমি কৃতজ্ঞ, আৰু উপহাৰটো প্ৰদান কৰা হ’ল ৷”
‘উপহাৰ’ কবিতাটিত কোনো জটিলতা নাই ৷ কিন্তু কবিতাটোৱে আমাৰ মন গভীৰভাৱে চুই যায় ৷ অৱশ্যে, আমাৰ দৰে সাধাৰণ পাঠকসকলৰ কাৰণে বহুতো জটিল কবিতাও তেওঁ লিখি থৈ গৈছে ৷ বহু সময়ত কবিতা এটাৰ ৰসাস্বাদনৰ বাবে কবিতাটোৰ পটভূমি, প্ৰসংগ–সংগতি আদিৰো জ্ঞানৰ দৰকাৰ, যাৰ অবিহনে কবিতা এটি কেতিয়াবা আৰু বেছি কঠিন যেন অনুভৱ হ’ব পাৰে ৷ উদাহৰণ স্বৰূপে নোবেল বঁটা বিজয়ী কবি যোশেফ ব্ৰদস্কিৰ কবিতা ‘সপ্ত স্তৱক (Seven Strophes)’-ৰ উল্লেখ কৰিব পাৰি ৷ কবিতাটিত ব্ৰদস্কিৰ এসময়ৰ প্ৰেমিকা মাৰিয়া বাসমানোভা নামৰ চিত্ৰশিল্পীৰ প্ৰতি তেওঁৰ পাহৰি যাব নোৱৰা ভালপোৱাৰ কথা কোৱা হৈছিল আৰু কেনেকৈ মাৰিণাই ব্ৰদস্কিক অকলশৰে এৰি থৈ গৈছিল এদিন, কেনেদৰে ব্ৰদস্কি প্ৰথমে তুচ্ছ, অস্তিত্ববিহীন ধূলিকণাৰ দৰে আছিল আৰু কেনেদৰে মাৰিণাই প্ৰথমে তেওঁক ভালকৈ চিনিবই পৰা নাছিল কিন্তু পাছলৈ লাহে লাহে কেনেকৈ ওচৰ চাপি অহাত স্পষ্ট হৈছিল তেওঁৰ সত্তা আৰু তাইৰ স্পৰ্শ, কণ্ঠ আৰু উত্তপ্ত নিশ্বাসেৰে তেওঁ এখন পৃথিৱী হৈ পৰিছিল ৷ তেওঁ দস্তুৰমত অন্ধ আছিল আৰু তাই তেওঁৰ চকুলৈ পোহৰ লৈ আহিছিল ৷ আৰু এই সৃষ্টিৰ পাছত হঠাতে এদিন সেই পৃথিৱীখনক মহাশূন্যৰ চাকনৈয়াত এৰি থৈ যোৱা হ’ল অকলশৰে আৱৰ্তন কৰিবলৈ সেই পৃথিৱীখন পৰিধিবিহীন কিন্তু শূন্যতাৰ আছিল ৷ কিন্তু, এইখিনি কথা নজনাকৈ কবিতাটিৰ সম্পূৰ্ণ ৰসাস্বাদন কৰাটো কিছু কঠিন ৷
তলত কবিতাটিৰ ভাবানুবাদ দিয়া হ’লঃ
“মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তুমি
তোমাৰ হাতৰ তলুৱাৰে স্পৰ্শ কৰিছিলা, যালৈ তোমাৰ
হেলনীয়া ভ্ৰু কুঞ্চিত হৈছিল
সন্ধিয়াৰ ঘন শ্যামল নিস্তব্ধতাত ৷
মই আছিলোঁ এক অস্তিত্ব মাত্ৰ যাক তোমাৰ দৃষ্টিয়ে
চিনিব পাৰিছিল সেই এন্ধাৰৰ গভীৰত:
প্ৰথমতে এক অস্পষ্ট অৱয়ব,
আৰু ক্ৰমশঃ — অংগ–প্ৰত্যংগ, এখন মুখ ৷
সেয়া তুমিয়েই আছিলা, মোৰ সোঁফালে,
মোৰ বাওঁফালে, তোমাৰ উত্তপ্ত
নিশ্বাসেৰে , মোৰ কাষত অনুচ্চ কণ্ঠেৰে সুহুৰিয়াই
যিয়ে নিৰ্মাণ কৰিছিল মোৰ শ্ৰৱণ ৷
সেয়া তুমিয়েই আছিলা শ্যামল
খিৰিকীৰ পৰ্দাৰ কম্পিত সুদৃশ্য ফুলৰ সান্নিধ্যত,
যিয়ে মোৰ চেতনাহীন গহ্বৰত স্থাপন কৰিছিল
তোমাক আকুলতাৰে আহ্বান কৰা এক কণ্ঠ ৷
মই প্ৰকৃততেই অন্ধ আছিলোঁ ৷
তুমি দৃশ্যমান, আৰু অদৃশ্য হৈ,
মোৰ চকুলৈ আনিছিলা এক জ্যোতি আৰু
তীব্ৰতৰ কৰিছিলা তাক ৷ এনেকৈয়ে কিছুমানে এৰি থৈ যায়,
এটি তৰংগ ৷ এনৈকৈ সিহঁতে নিৰ্মাণ কৰে পৃথিৱীৰ ৷
আৰু, তাৰ পাছত, সূচনাবিহীনভাৱে
বেহিচাপেৰে ত্যাগ কৰে
সিহঁতৰ সৃষ্টি সেই প্ৰলয়ৰ গৰ্ভত ৷
আৰু এনেকৈয়ে, পোহৰ,
উত্তাপ, শীতলতা বা অন্ধকাৰৰ তীব্ৰ গতিৰ চিকাৰ,
মহাশূন্যত এক পৰিধিবিহীন গোলক
ঘূৰ্ণীয়মান আৰু ঘূৰ্ণীয়মান ৷”
শেহত এইখিনিয়েই ক’ব খোজোঁ যে এজন কবিয়ে তেওঁৰ অনুভৱ, চিন্তাৰ এটি তৰংগ বা অভিজ্ঞতা সংক্ষেপে আৰু পৰিষ্কাৰকৈ প্ৰকাশ কৰিবলৈ বিচাৰে যদিও কেতিয়াবা সেই প্ৰকাশ সাধাৰণ পাঠকসকলৰ বাবে জটিল হৈ যায় ৷ কিন্তু, কোনো কবিয়ে যদি ইচ্ছা কৰিয়েই জটিলতাৰ প্ৰলেপ তেওঁৰ কবিতাত জোৰকৈ জাপি দিব খোজে, তেনেহ’লে তেওঁৰ কবিতা জাবৰ ৰূপে পৰিগণিত হ’বলৈ বেছি দিন নালাগিব ৷”