ফণী শৰ্মাক আমি পাহৰিছোঁ নেকি?

লেখক- ৰক্তিম গোস্বামী

ফণী শৰ্মা অসমৰ নাট্য জগতৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰ। অভিনয়ৰ বাবে বলীয়া ফণী শৰ্মাক তেওঁৰ অনন্য নাট্য প্ৰতিভাৰ বাবে প্ৰদান কৰা হৈছিল ‘নটসূৰ্য’ উপাধি। ১৯৫০ চনত জ্যোতি প্ৰসাদৰ সভাপতিত্বত বহা শিৱসাগৰৰ এখনি সাংস্কৃতিক সন্মিলনত ফণী শৰ্মাক নটসূৰ্য্য উপাধিৰে বিভূষিত কৰা হৈছিল। ফণী শৰ্মা আছিল অসমীয়া চিনেমাৰ জন্মলগ্নৰ পৰা মুঠ ২০খন ছবিত অভিনয় কৰা অভিনেতা আৰু তাৰে ৬খন ছবিয়েই ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত হৈছিল । ফণী শৰ্মা আছিল এনে এজন আত্মবিভোৰ অভিনেতা যি অভিনয়ৰ মাজতে নিজৰ পুত্ৰৰ বিয়োগৰ খবৰ পায়ো বিহ্বল নহৈ নিজৰ অভিনয়ৰ অন্ততহে হিয়া ঢাকুৰি কান্দিছিল।

জ্যোতি প্ৰসাদ আগৰৱালায়ে ফণী শৰ্মাক ‘জয়মতী’ ত অভিনয় কৰিবলৈ আমন্ত্ৰণ কৰিছিল। ভূমিকা দিছিল গাঠি হাজৰিকাৰ। চিনেমা হলৰ অভাৱত বহু কষ্টৰে ৰূপকোৱঁৰে কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অসমৰ প্ৰথম চিনেমা জয়মতী ১৯৩৫ চনৰ ২০ মাৰ্চ তাৰিখে প্ৰদৰ্শন কৰিলে। পাণ বজাৰৰ গোলাম ৰহমানৰ দোকানৰ বাৰাণ্ডাত ‘জয়মতী’ৰ পোষ্টাৰ চোৱা মানুহৰ ভিৰ লাগিছিল। পোষ্টাৰত ‘গাঠি হাজৰিকা’ৰ ৰূপ দেখি অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীয়ে হেনো কৈ উঠিছিল, “ এওঁ খুব ভাল অভিনয় কৰবা পাৰবো, মই ফিল্ম খান নাচখ কৰিয়ে কবা পাৰো এওঁৰ পাৰ্ট খুব ভাল হ’ব বুলি।” দৰাচলতে শব্দৰ ব্যৱহাৰ, শৰীৰৰ ভাষা, চকুৰ অভিব্যক্তি, সংলাপ প্ৰক্ষেপণৰ চাতুৰ্য্যতা, কণ্ঠস্বৰৰ উপযুক্ত প্ৰয়োগৰে তেওঁ নাট্য কৃষ্টিক জীপাল কৰি তুলিছিল।

১৯৩৯ চনত জ্যোতি প্ৰসাদ আগৰৱালাৰ ছবি ‘ইন্দ্ৰমালতী’ত ললিতৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। ১৯৪৮ত জন্ম হৈছিল ‘চিৰাজ’ৰ। ‘চিৰাজ’ৰ জনপ্ৰিয়তাই অসমৰ চোক- কোণ জোকাৰি গৈছিল। ফণী শৰ্মাৰ অনবদ্য চৰিত্ৰ ৰূপায়ণে মানুহৰ মনবোৰো জোকাৰি গৈছিল। চিৰাজ’ৰ জনপ্ৰিয়তা আৰু গাঁৱে- ভূঞে হিলদৌল ভাঙি ‘চিৰাজ’ চাবলৈ যোৱা মানুহবোৰ দেখি বংগৰ এজন বিখ্যাত মানুহে হেনো কৈছিল যে সম্প্ৰীতিৰ এনে উদাহৰণ কেৱল অসমতহে সম্ভৱ।

ফণী শৰ্মাৰ বাবে তেওঁৰ অভিনয় কৰা চৰিত্ৰৰ প্ৰতিটো সংলাপেই আছিল অতি গুৰুত্বৰ। তেওঁ একোটা একোটা সংলাপৰ নিৰ্বাচনৰ বাবে দিনৰ পিছত দিন, মাহৰ পিছত মাহ পৰ্যন্ত পাৰ কৰিছিল। তেওঁ এবাৰ মাথোঁ এটা সংলাপৰ বাবে যোৰহাতৰ সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ঘৰ ওলাইছিলগৈ। জয়মতী, ইন্দ্ৰ মালতী, চিৰাজ, সতী বেউলা, পিয়লি ফুকন, সৰাপাত, এৰাবাটৰ সুৰ, ধুমুহা, ৰঙাপুলিচ, প্ৰাগজ্যোতিকা, কেঁচাসোণ, পুৱতি নিশাৰ সপোন, আমাৰ ঘৰ, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, ইটো সিটো বহুতো, মনিৰাম দেৱান, প্ৰতিধ্বনী, লটিঘটিকে ধৰি ২০খনকৈ চিনেমা মুখ্য ভূমিকাত আছিল ফণী শৰ্মাৰ।

ফণী শৰ্মাই অভিনয় কৰা ‘ৰঙা পুলিচ’ ৰাষ্ট্ৰপতি পদক পোৱা প্ৰথম অসমীয়া ছবি ৰূপে পৰিগণিত হয়। তাৰ পিছত ক্ৰমে শকুন্তলা, মনিৰাম দেৱান, প্ৰতিধ্বনি, লটিঘটি আদি বোলছবিয়ে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকৰে সন্মানিত হৈছিল। ফণী শৰ্মাৰ নাট্য প্ৰতিভাৰ কথা ক’বলৈ গৈ মণিৰাম দেৱান বোলছবিত হলৰইদ চাহাবৰ ভূমিকাত অভিনয় কৰা বংগৰ বিখ্যাত অভিনেতা উৎপল দত্তই কৈছিল, “মনিৰাম দেৱানত যদি মই হলৰইদ চাহাবৰ ভূমিকাত কিবা কৰিব পাৰিছোঁ, সেয়া সম্পূৰ্ণ ফণী শৰ্মাৰ নিৰ্দেশনা আৰু পৰিচালনাৰ যহতহে। সম-সাময়িক যিকোনো মঞ্চ শিল্পীতকৈ তেওঁ মহত্ত্বৰ অভিনেতা। অসমৰ গাঁৱে চহৰে তেওঁ যি প্ৰশংসা লভিলে কলিকতাৰ খুব কম শিল্পীৰহে তেনে সৌভাগ্য ঘটিছে। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম অধ্যায়ৰ লগত মোৰ পৰিচয় হয় ফণী শৰ্মাৰ যোগেদিয়েই।”

বোলছবিৰ উপৰিও ফণী শৰ্মা মঞ্চ অভিনয়ৰ অনন্য প্ৰতিভাধৰ আছিল।তেওঁৰ নিজৰ ভাষাতে, “জীৱনত এনে ৫টা বছৰ পাৰ হৈ গৈছে যি বছৰকেইটাত বিভিন্ন ভূমিকাত এহেজাৰ নিশাৰ ওপৰত অভিনয় কৰিছোঁ। দুকুৰি বছৰে এই মুখত কমেও এমোন ৰং লগাইছোঁ। কমেও এগেলেন মান স্পিৰিট গাম সানিলোঁ এই শৰীৰত। কমেও এক ফাৰ্লং দীঘল ক্ৰেফট হেয়খৰ আৰিছোঁ। মই নিজেই আজি এইবোৰ হিচাপ কৰিবলৈ গৈ অতিশয় আচৰিত হৈছোঁ। সম্ৰাট হ’লে সিংহাসনত বহি বান্দি-চিৰাজী, স্বৰ্গদেও হ’লে লিগিৰি-ফটিকা, বাদছাহ হ’লে চাকি-মদিৰা, অসুৰাধিপতি হ’লে মহুৱা, দেৱৰাজ হ’লে সোমৰস হা: হা: হা: পাঁচ অঙ্কীয়া নাটত দুটা চৰিত্ৰটো অভিনয় কৰিছোঁ। একো একোখন নাটত ৫/৬ বাৰকৈ তৰোৱাল, গদা লৈ প্ৰৱেশ কৰিছোঁ। এতিয়া ভাবিলে নিজৰে আচৰিত লাগে!”

ফণী শৰ্মাৰ প্ৰতিভাৰ বিষয়ে এনেকৈ কৈ বা লিখি হয়তো শেষ কৰিব পৰা নাযাব যিহেতু নাটক আৰু অভিনয়ৰ লগতে সাহিত্যৰ দিশতো তেওঁৰ আছিল বিশেষ অৱদান। মুখ্য কথাটো এয়ে যে অসমীয়া নাট্য আৰু অভিনয় জগতক কঠোৰ শ্ৰম আৰু ত্যাগেৰে প্ৰকাশৰ দিশে ত্বৰাণ্বিত কৰি এক ন- দিগন্তৰ সূচনা কৰা এই যুগজয়ী প্ৰতিভাকধৰক আমি কি দৰে স্মৰণ কৰি জাতীয় জীৱনত জীয়াই ৰাখোঁ, সি হে ধৰি ৰাখিব জাতীয় কৃতজ্ঞতাবোধৰ স্বাক্ষৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!