দিহিং পাটকাই

লেখক- যাদৱ হাজৰিকা

দিহিং পাটকাই –
নিচেই কাষতে থাকিও মই যেন
তোমাৰ পৰা বহু দূৰত
তোমাৰ সুবাস, তোমাৰ নান্দনিক ৰূপ
মই অনুভৱ কৰোঁ মাথোন
বিমূৰ্ত ভাবনাৰে
নিলগৰ পৰা চাই ৰওঁ –
তোমাক আৱিষ্কাৰ কৰোঁ
নিতে ন-ৰূপত
দিহিং পাটকাই –
ৰাখিব পাৰিবানে ধৰি
তোমাৰ সেউজীয়াখিনি
মৰুভূমি হোৱাৰ পৰা
পাৰিবানে বোৱাই ৰাখিব
স্ৰোতস্বিনীক তোমাৰ
পাৰিবানে ৰত্নগৰ্ভা বক্ষ অক্ষত ৰাখিব
দিহিং পাটকাই –
মোৰ বুক কঁপে
দানৱৰ অমূৰ্তক আস্ফালন শুনি
মই শিয়ৰি উঠোঁ
সিহঁতৰ হিংস্ৰ ললুপ দৃষ্টি দেখি
উঃ কি ভয়ানক, কি বিভৎস !
সিহঁতৰ কোৱাৰিয়েদি বৈ অহা
লোভৰ লেলাউটিত
উটি ভাঁহি থকা ধৰ্ষণকামী কামনা দেখি
মই চটফটাই মৰোঁ
মোৰ দুবাহুৱে নাপায় ঢুকি সিহঁতক
মই যে নিৰুপায় ,
মই যে আসহায় দিহিং পাটকাই ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!