শিশু কবিতা
লেখক- নিবেদিতা শইকীয়া
মনে মনে কাণে কাণে কওঁ এটি কথা
পুটুকণক নজনাবা লগাব যে লেঠা।
মায়ে আজি আখলত ভাজি আছে পিঠা,
নাৰিকল, তিল, গুৰৰ পুৰ দিয়া মিঠা।
চপৰীয়া পিঠাজনী বগী আৰু লাহী,
ঘিলা পিঠাই তেলত গা ধুই মাৰে মিঠা হাঁহি।
বৰ পিঠাই তেলৰ চৰুত জোবোৰাটো মাৰি
পেটাল পেটটো লৈ শুৱায় বৰ কাঁহী।
সুতুলি পিঠাই সুৰ তোলে হাতৰ টিপাত,
মুঠি পিঠাৰো গতি সেই মুঠিৰ কৃপাত।
নাৰিকল, পিঠাগুৰি কেটলিৰ মুখত
ভাপ পাই সাজি কাচি আহে উলাহত।
জেং পিঠাই মাজে মাজে লগাই খেলি মেলি
ভালদৰে নাচালিলে নহয় ৰাংঢালী।
ৰ’দ লৈ হয় তাই বৰ ৰঙীয়াল
তেলত ডুবাই ভাজি খোৱাৰহে পাল।
গুৰৰ সৈতে পিঠাগুৰি হেতাৰে ফেটি ফেটি
কেৰাহীত ঢাকোন মাৰি ভাজে পিঠা ফেনী।
আৰু আছে লাড়ু পিঠা মাৰ আখলৰ
পকা মিঠৈ, কেঁচা মিঠৈ, লাড়ু নাৰিকলৰ।
তিলৰ লাড়ু, মুৰি লাড়ু, চিৰা লাড়ু খাবা,
মাৰ হাতৰ সোৱাদ তেহে তুমি পাবা।
পানীপিঠা খাই মোৰ লাগে বৰ ভাল
পিঠাগুৰি,পানী মিলাই, নাই জঞ্জাল।
পুটুকণ এতিয়াও আহি পোৱা নাই,
আহিলেই পিঠা, লাড়ু হ’ব যে আদায়।
লাড়ু-পিঠাৰ দুটা ভাগ কৰি দেখোঁ মাই
এটা ভাগ সমুখত দিয়ে উলিয়াই।
সামৰণ কৰি মায়ে আনটো ভাগ থয়
আগমন আলহীৰ হ’বই নিশ্চয়।
পুটুকণে নেৰে পিচে মাৰ আঁচল,
এইদৰে চলি থাকে মৰমৰ আখল।।