শিশুৰ ক’ভিড-১৯

লেখক- ড০ জয়ন্ত কুমাৰ

শিশুৰ ক’ভিড-১৯ ৰ লক্ষণসমূহ প্ৰাপ্ত বয়স্ক লোকসকলৰ দৰে প্ৰায় একে। জ্বৰ বা ঠাণ্ডা লাগি কঁপনি উঠা, কাহ, পানীলগা, সোৱাদ বা গোন্ধ নোপোৱা (৮ বছৰৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত), ঘন ঘনকৈ উশাহ লোৱা বা উশাহ লোৱাত অসুবিধা হোৱা, ডায়েৰিয়া, ডিঙিৰ বিষ, খাবলৈ মন নকৰা, বমি হোৱা আদি। লক্ষণসমূহৰ গভীৰতাৰ ওপৰত ভিত্তি কৰি সেইবোৰক তিনিটা ভাগত ভাগ কৰি ল’ব পৰা যায়।।

(ক) মৃদু ( mild), (খ) মধ্যমীয়া ( moderate), (গ) অতিবেছি ( severe)

এতিয়া, মৃদু (mild) জ্বৰ, নাক বন্ধ( পানী লগা), মৃদু কাহ ( mild caugh), উশাহ-নিশাহ সাধাৰণ ( normal), অক্সিজেনৰ মাত্ৰা (spo2) 95 ত কৈ বেছি (spo2 -94% normal) কিন্তু বিপদযুক্ত অন্য লক্ষণসমূহ নাথাকে।

তেনেকৈ, মধ্যমীয়া (moderate): জ্বৰ ৫ দিনতকৈ যদি বেছি হৈ থাকে, উশাহ- নিশাহৰ মাত্ৰা যদি বেছি হয় ( শ্বাস-প্ৰশ্বাসৰ মাত্ৰাৰ তালিকা তলত দিয়া হৈছে)কিন্তু বুকুৰ তলৰ অংশ তললৈ সোমাই নাযায়।
শৰীৰৰ উষ্ণতা ৩৫’ চেলচিয়াচতকৈ বেছি, বিপদযুক্ত লক্ষণ সমূহে যদি দেখা দিয়ে বা দীৰ্ঘ দিনীয়া সহৰোগ থাকে ( যেনে, হাওঁফাওঁ/বৃক্ক/ যকৃতৰ ৰোগ বা জেনেটিক চিনণ্ড্ৰম থাকে)।

অতি বেছি বা জটিলভাবে আক্ৰান্ত শিশু: বয়সতকৈ বেছি ঘন ঘনকৈ যদি উশাহ লয়, উশাস লওঁতে গেঁথনি অহা বা নাকৰ পাহি ফুলি উঠা, অক্সিজেন মাত্ৰা ( spo2) ৯৪ ত কৈ কমি যোৱা, উশাহ লওঁতে বুকুৰ তলৰ অংশ অতি ভিতৰলৈ সোমাই যোৱা, শৰীৰৰ অস্বাভাৱিক কঁপনি বা অজ্ঞান হোৱা, হাত ভৰি ঠাণ্ডা পৰি যোৱা, মুখৰে খাব নোৱাৰা হোৱা, অলস ভাৱ অহা আদি।

ভিন্ন বয়সত উশাহৰ হাৰ:
০-২ মাহ — ৬০/ মিনিট বা বেছি
২-১২ মাহ– ৫০/ মিনিট বা বেছি
১২ মাহ- ৫ বছৰ — ৪০/ মিনিট বা বেছি
৫ বছৰৰ ওপৰৰ শিশু — ৩০/মিনিট বা বেছি

শিশুসকলৰ ক’ভিড -১৯ সংক্ৰমণৰ অতি বিপদজনক চিহ্নসমূহ হ’ল তলত দিয়া ধৰণৰ –
১) জ্বৰ যদি তিনি দিনতকৈ বেছি হয়। (১০০.৪ ° ফাৰেণহাইটতকৈ বেছি)
২) শ্বাস প্ৰশ্বাসৰ হাৰ যদি বয়স অনুযায়ী হ’ব লগা মাত্ৰাতকৈ বেছি হৈ যায়।
৩) যদি ৬ ঘণ্টাতকৈ অধিক সময় প্ৰস্ৰাৱ নকৰে। নৱজাতকৰ ক্ষেত্ৰত ২৪ ঘণ্টাত ৬ বাৰতকৈ কম প্ৰস্ৰাৱ কৰে।
৪) অক্সিজেনৰ পৰিমাণ যদি কমি আহে। ( spo2 94 ত কৈ তললৈ আহিলে )
৫) স্তানপান নকৰাহ’লে বা কৰাৰ পৰিমাণ কমাই দিলে বা খাব নোৱাৰা হ’লে।
৬) অলসতা অৰ্থাৎ শিশুৰ ক্ষেত্ৰত বেছি কান্দি থাকিলে বা পেনপেনাই থাকিলে।
৭) হাত ভৰি যদি চেঁচা হৈ যায়।
৮) হাত, ভৰি, ওঁঠ নীলা পৰিলে।
৯) ছালত ৰঙা ফুটফুটীয়া দাগ হ’লে, চকু ৰঙা হ’লে, ওঁঠ, জিভা, হাত-ভৰি ৰঙা পৰে বা ফুলি উঠিলে।
১০) উশাহ লওঁতে বুকুৰ তলৰ অংশ ভিতৰলৈ সোমাই যায়।
ড০ জয়ন্ত কুমাৰ।
সামূহিক স্বাস্থ্য বিষয়া

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!