লিমাৰিক

লেখক- কৰ্ণজ্যোতি সোণোৱাল

কৃষকে কষ্ট কৰি ফল পায় অৰ্ধাংশ,
লাভ হয় ব্যৱসায়ীৰ বাকী থকা ভগ্নাংশ,
লাভ-লোকচানৰ অনুপাত,
জানিব লাগিব সমানুপাত,
কৃষকে পথাৰৰ লাভ পাবলৈ এশ শতাংশ।

সমান্তৰাল অক্ষত গ’লে থাকিব লাগিব একে পদত,
উলম্ব অক্ষত উঠিলে পৰিব লাগিব চাদত,
চাকৰিত কৰিবলৈ উন্নতি,
শিকিব লাগিব সমান্তৰ প্ৰগতি,
জখলাডাল কোণীয়াকৈ ৰাখিলে নপৰিব বিপদত।

মাটি, পানী, বায়ুৰ আছিল সমবাহু ত্ৰিভুজ,
সৰ্বজ্ঞানী মানুহে সাজিলে বিষম চতুৰ্ভুজ,
নিজে কৰে ধ্বংসৰ সৃষ্টি,
প্ৰকৃতিক পিছে মাগে বৃষ্টি,
প্ৰাণবায়ু উৰি গ’লে নিৰ্মাণ কৰে গম্বুজ।

জাতি-মাটি-ভেটিৰ চিন্তা কৰা দলক লাগে ইণ্টিগ্ৰেচন
কেন্দ্ৰত ঘটাবলৈ হ’লে একছত্ৰীদলৰ দিফাৰেনশ্বিয়েচন
পৰিৱৰ্তনকাৰীৰ নাই সম্ভাৱিতা
জনসাধাৰণক দিলে চাপ, প্লাৱিতা
নৱজাগৰণ নিশ্চিত যদি সঠিক হয় পাৰমুটেশ্বন-কম্বিনেশ্বন।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!