অংকীয়া বিবৰ্তন প্ৰক্ৰিয়া আৰু মাতৃভাষাৰ নাট ভাওনা
লেখক- ড॰ মানিক শইকীয়া
অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমীয়া বিভাগ, জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট
সভাপতি, যোৰহাট জিলা ভাওনা সন্মিলন।
শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ কেইগৰাকীমান অনুগামীয়ে ৰচনা কৰা অংকীয়া সমূহে অসমীয়া নাট্য পৰম্পৰাৰ গৌৰৱময় সোপান ৰচনা কৰিছিল৷ পিছলৈ কোনো কোনো সত্ৰাধিকাৰেও এনে পৰম্পৰাত ইন্ধন যোগাইছিল৷ কিন্তু কালক্ৰমত বিভিন্ন কাৰণত অংকীয়া সমূহৰ অভিনয় আৰু জনসাধাৰণৰ অংশ গ্ৰহণৰ পৰিসৰ সংকুচিত হৈ আহিবলৈ ধৰিলে৷ সময়ৰ অগ্ৰগতিত অংকীয়া সমূহৰ অনুপ্ৰেৰণাই ফৌজীয়া ভাওনা, ধূৰা ভাওনা, পালাগান বা যাত্ৰা আদি আপামৰ জনতাৰ বিনোদনৰ মাধ্যম হৈ পৰিছিল৷ কিছুসংখ্যক অংকীয়া প্ৰভাবিত সংস্কৃতি নাটৰো সৃষ্টি হৈছিল৷ নিতান্ত স্বাভাৱিকভাৱেই এনে ধৰণৰ বিৱৰ্তন প্ৰক্ৰিয়াত ভিন ভিন সামাজিক-সাংস্কৃতিক কাৰকে প্ৰভাৱ পেলাইছিল৷(১)
সময়ৰ অগ্ৰগতিৰ লগে লগে সাংস্কৃতিক কাৰ্যক্ৰমসমূহৰ স্বৰূপ চৰিত্ৰ সলনি হোৱাটো এক প্ৰকাৰৰ স্বাভাৱিক কথা৷ এনে পৰিৱৰ্তনক জোৰ কৰি বাধা দিব নোৱাৰি৷ কাৰণ, সাংস্কৃতিক কাৰ্যক্ৰমসূহৰ মাজত এক আন্তঃক্ৰিয়া প্ৰবাহিত হৈ থাকে৷ এই ক্ৰিয়াৰ ফলশ্ৰুতিত কেতিয়াবা লোক-সাংস্কৃতিক উপাদান একোটা মাৰ্গীয় বা ধ্ৰুপদী সংস্কৃতিত অথবা তাৰ বিপৰীতে কেতিয়াবা মাৰ্গীয় বা ধ্ৰুপদী কাৰ্যক্ৰম একোটা লোক সংস্কৃতিত পৰিণত হয়৷ তেনে আন্তঃক্ৰিয়াৰ ফলস্বৰূপেই অংকীয়া ভাওনাৰ ধ্ৰুপদী বৈশিষ্টসমূহ বহুলাংশে পৰিহাৰ কৰি মাতৃভাষাৰ ভাওনা লোক সংস্কৃতিত পৰিণত হৈ বহুকাল জুৰি অসমৰ গাঁওবাসী জনসাধাৰণৰ ধৰ্ম-সাধনা আৰু বিনোদনৰ মাধ্যম হিচাপে মহাপয়োভৰে চলি আহিছে৷
এইবিধ পৰিবেশ্য কলা আৰু তৎসংশ্লিষ্ট সাহিত্যৰ বিষয়ে পৰ্যাপ্ত আলোচনা হোৱা নাই৷ অৱশ্যে সাম্প্ৰতিক কালত অনুষ্ঠিত হোৱা দুই এখন ভাওনা প্ৰতিযোগিতা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থত অলপীয়াকৈ আলোচনা হোৱা চকুত পৰে৷ কিন্তু এনে আলোচনাসমূহতো লেখকসকলে অংকীয়াৰ লগত মাতৃভাষাৰ নাট-ভাওনাৰ পাৰ্থক্য নিৰ্ণয় কৰি নোলোৱাৰ বাবে অংকীয়াৰ বিষয়েহে বেছিকৈ আলোচনা হয়গৈ৷ ইতিমধ্যে ভাওনা দৰ্পন, পূৰ্বৰংগ আদি স্মৃতিগ্ৰন্থ, দুই এখন গ্ৰন্থত চেগা-চোৰোকাকৈ আৰু ডিব্ৰুগড় বিশ্বাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এটা গুৰু প্ৰকল্পত (২) আলোচনা হোৱা পৰিলক্ষিত হৈছে৷
স্বাভাৱিকভাৱেই মাতৃভাষাৰ ভাওনাত অংকীয়া আটাইবোৰ উপাদান যথা নিয়মে ৰক্ষিত হোৱা নাছিল৷ এই বিষয়ে কেশৱানন্দ দেৱগোস্বামীৰ মতামত নিম্নলিখিত ধৰণৰ –
… ঘাইকৈ উজনি অসমত এসময়ত ‘মাতৃভাষা’ৰ সৃষ্টি হৈ নাটসমূহৰ ভালেকেইটা দিশত অৱক্ষয়ক আশ্ৰয় দিয়া হ’ল।কোৱা হয় ব্ৰজাৱলী ভাষাটো সাধাৰণ লোকে বুজাত কঠিন হয় কাৰণে কথিত ভাষাত ভাওনাৰ নাট ৰচিত হ’ল। … তাতে আৰু লেঠা হ’ল চিন, চেটিং ব্যৱহাৰ৷ কি অদ্ভূত সংমিশ্ৰণ? অসমৰ বাহিৰত তাকে দেখুৱাই শংকৰদেৱে দি যোৱা বস্তু বুলি ক’ব পৰা হ’বনেঞ ? … ইয়াৰ পৰা বুজা যায় যে সাম্প্ৰতিক কালত অসমৰ ভাওনা দুটা প্ৰধান ভাগত বিভক্ত৷
… শংকৰ মাধৱৰ অংকীয়া নাট আৰু ভাওনা তথা তাৰ অনুৰূপে পৰৱৰ্তী ৰচনাৰো অভিনয়ে সত্ৰসমূহ আৰু অঞ্চল বিশেষক কেন্দ্ৰ কৰি বৰ্তি অহাটো লক্ষ্যণীয়। ইয়াৰ কাৰণ বিচাৰ কৰিলে দেখা যায় যে নাট্যকাহিনীৰ লগত জনসাধাৰণৰ পৰিচয় হেতু তাৰ চৰিত্ৰ ৰূপায়নত অতি সাধাৰণজনেও সক্ৰিয় অংশ গ্ৰহণ কৰি, নিজৰ কলাসুলভ গুণ প্ৰকাশ কৰাৰ সুযোগ পাইছিল আৰু আনুসংগিক শিল্পকলাৰ বিষয়তো ভাগ হৈ প্ৰতিভা বিকাশ ঘটাবৰ এক অৱকাশ উলিয়াইছিল৷ সময়ে সময়ে ৰাজকীয় পৃষ্ঠপোষকতায়ো এই কলাৰ প্ৰসাৰত প্ৰভূত উদ্গনি আৰু অনুপ্ৰেৰণা যোগাইছিল৷ (৩)
শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি হিচাপে নহয়, কিন্তু গুৰুজনাই ৰচনা কৰা অংকীয়াসমূহৰ অনুপ্ৰেৰণাতেই উদ্বুদ্ধ হৈ ৰচিত আৰু পৰিবেশিত হৈ থকা এই পদ সাংস্কৃতিক উপাদানৰ সম্যক আলোচনাই গুৰুজনাৰেই কৃতিত্ব, মহত্ব আৰু প্ৰভাৱশালীতা প্ৰমাণ কৰিব ৷ শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা যুগাগ্ৰগামী মহাপুৰুষৰ কৃতি আৰু কৃতিত্বৰ প্ৰভাৱ সহজ-সৰল অনাখৰী মানুহৰ মাজলৈও কেনেকৈ বিয়পি পৰিছিল, আন নহ’লেও সেই কথাৰ উমান ল’বলৈকে মাতৃভাষাৰ নাট-ভাওনাৰ বিষয়ে আলোচনাৰ প্ৰয়োজন৷ এনেহেন বোৱঁতী আৰু কোবাল সুঁতি এটাৰ বিষয়ে আলোচনা নকৰাকৈ অসমীয়া সংস্কৃতি নামৰ বৰনৈখনৰ সম্যক পৰিচয় বিচাৰি পাব পৰা নাযাব৷ তদুপৰি, সাম্প্ৰতিক কালত কোনো এটা বিষয়ৰ ধ্ৰুপদী বা মূলসুঁতি বুলি খামোচ মাৰি ধৰি নাথাকি তাৰ স্থানিক ৰূপ বা উপসুঁতিসমূহৰ আলোচনাইও যে অত্যন্ত প্ৰাসংগিকতা দাবী কৰে সেই কথা নকলেও চলে৷
গতিকে শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া ভাওনাৰ অৱক্ষয়ীমান ৰূপ বুলি উল্লেখ নকৰি পৰিবৰ্তিত ৰূপ হিচাপে স্বীকাৰ কৰি লৈ এই বিষয়ে আলোচনা-বিলোচনা হোৱা উচিত৷ কাৰণ ডেৰশ-দুশ বছৰীয়া পৰম্পৰা এটাক নাকচ কৰিবলৈ যত্ন কৰাতকৈ ইয়াৰ সংস্কাৰ সাধন কৰি এটি গ্ৰহণযোগ্য ৰূপ দিবলৈ যত্ন কৰাটোহে অধিক যুক্তিপূৰ্ণ আৰু বাস্তৱসন্মত হ’ব যেন লাগে৷
অংকীয়া ভাওনা ঘাইকৈ সত্ৰসমূহৰ মাজতে আৱদ্ধ হৈ ৰোৱাৰ সময়ত ভাওনাৰ এইটো ৰূপহে গাঁওবাসী জনসাধাৰণৰ মাজত গুৰুজনাৰ অৱদানৰ সম্যক পৰিচয় আৰু ‘ভকতি মুকুতি’ পৰাকাষ্ঠা প্ৰদৰ্শনৰ মাধ্যম ৰূপে বহুকাল জুৰি প্ৰচলিত হৈ আছিল৷ আনহাতে বহুতে ভবাৰ দৰে মাতৃভাষাৰ ভাওনা কেৱল বিনোদনৰ মাধ্যমো নহয়৷ গতিকে বিৱৰ্তনৰ এই প্ৰক্ৰিয়াটোক গুৰুত্ব সহকাৰে লৈ মাতৃভাষাৰ নাটৰ বিষয়ে আলোচনা কৰা উচিত৷ দৰাচলতে মাতৃভাষাৰ ভাওনাই বিগত দুই-তিনিশ বছৰ ধৰি অসমীয়া গাঁওবাসী জনসাধাৰণৰ ধৰ্ম-সাধনা আৰু নাট্যৰস আস্বাদনৰ ঘাই উৎস হৈ আহিছে৷ উজনি অসমৰ প্ৰায়বোৰ নামঘৰতে বাৰ্ষিক সবাহ-ভাওনা আজিও তিনি বিহু তথা তিনি তিথিৰ পিছতে লেখত ল’বলগীয়া উৎসৱ৷ কেৱল উৎসৱেই নহয়, এই দুই অনুষ্ঠানৰ মাজতে নিহিত হৈ আছে সংশ্লিষ্ট ৰাইজৰ ঐহিক আৰু পাৰত্ৰিক কল্যাণ কামনাৰ বাবে ‘দেহৰ হকে’ কৰা ঐকান্তিক প্ৰাৰ্থনাৰো স্বৰূপ৷ সেইকাৰণেই নাট্যকলাৰ উৎকৰ্ষ সাধন বা ব্যক্তি বিশেষৰ অভিনয় প্ৰতিভাৰ বিকাশ ভাওনাৰ মুখ্য উদ্দেশ্য নাছিল৷ নাট এখন গোৱা বা গোওৱাৰ লগত স্বাভাৱিকতেই জড়িত আছিল ধৰ্মভীৰু জনসাধাৰণৰ পৰম পুৰুষৰ প্ৰতি থকা অমলীন অচলা ভক্তিহে ৷ কেৱল অভিনয়ৰ লগত জড়িত শিল্পীসকলেই নহয়, প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলোৱেই অভিনয়ৰ কলাৰ প্ৰতি আগ্ৰহী হোৱাৰ পৰিৱৰ্তে ভাওনাৰ জৰিয়তে ইহজীৱন বা পৰজীৱনৰ কল্যাণ কামনাৰ প্ৰতিহে অধিক আগ্ৰহী আছিল৷ কোনো ব্যক্তি বা পৰিয়ালে ভাওনা এখন কৰাব পাৰিলে মহাপুণ্যৰ কাম বুলি ভবা হয়৷ এনেবোৰ কথা যে কেৱল অংকীয়াৰ ক্ষেত্ৰতহে খাটে তেনে নহয়, মাতৃভাষাৰ ভাওনাৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য ৷
শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী কালত পৰিলক্ষিত হোৱা অসমীয়া নাটৰ বিৱৰ্তন মাতৃভাষাৰ নাট-ভাওনাৰ উৎপত্তি সম্বন্ধে এজন গৱেষকে মন্তব্য কৰিছে –
আগতে কেৱল একেবিধ নাটৰেইহে প্ৰচলন আছিল আৰু সেয়ে হৈছে অংকীয়া নাট; আধুনিক যুগত সময়ে সময়ে বিধে বিধে নাট ৰচনা হ’বলৈ ধৰিলে। প্ৰাচীন ৰচনাৰীতি, নাট্য সাহিত্যৰ কটকটীয়া বিধি-বন্ধনবোৰ ক্ৰমান্বয়ে শিথিল হৈ আহিল৷ আহল বহল মুকলি পৰিবেশত ৰচনাই গা টঙালে; দেশ পৰাধীন হ’ল সঁচা, কিন্তু সাহিত্যিক সকলে স্বাধীনতা পালে – – স্বাধীন চিন্তা, স্বাধীন ভাৱ, স্বাধীন পৰিবেশত নাট্য সাহিত্যৰ সমগ্ৰ আকৃতিৰ (অৰ্থাৎ ৰূপ আৰু ৰচনা ৰীতিৰ) পৰিবৰ্তন হ’ল প্ৰকৃতিৰ (অৰ্থাৎ বিষয়বস্তুৰ) ভেটি লৰিল৷
…. আধুনিক অসমীয়া ভাষাই প্ৰকাশৰ মাধ্যম ৰূপে আসন গ্ৰহণ কৰিলে; ব্ৰজাৱলীয়ে স্বস্থানে প্ৰস্থান কৰিলে৷ (৪)
মাতৃভাষাৰ ভাওনাই মহাকাব্যযুগল কিম্বা পুৰাণৰ কাহিনীসমূহ আপামৰ জনতাৰ কাষ চপাই আনিছিল৷ কোনোদিনে ৰামায়ণ-মহাভাৰতৰ এটা পৃষ্ঠাও লুটিয়াই নোপোৱা গাঁওবাসী জনতাৰ বাবেই ইয়াৰ মাজত থকা সকলো ঘটনা-উপঘটনাৰ লগতে সেইসমূহৰ ধৰ্মীয় তাৎপৰ্য পৰ্যন্ত নিতান্ত পৰিচিত হৈ পৰিছিল৷
আজিৰ আধুনিক, নগৰিক আৰু তথাকথিক শিক্ষিতসকলৰ দৃষ্টিভংগীৰে চালে, অদৰকাৰী আৰু অপ্ৰাংসগিক যেন লগা বস্তুবোৰ উপাদান মাতৃভাষাৰ ভাওনাৰ মাজত সোমাই আছিল৷ অৱশ্যে, লোক-সাংস্কৃতিক কাৰ্যক্ৰমসূহৰ মাজত জনচিত্ৰ আকৰ্ষণৰ বাবে এনেধৰণৰ উপাদান নিহিত হৈ থকাতো একো আচৰিত কথা নহয়। উজনি অসমৰ ঢুলীয়া অনুষ্ঠান, নামনিৰ ওজাপালি আদিৰ মাজতো হাস্যৰসাত্মক উপাদান আজিও দেখিবলৈ পোৱা যায়৷ আনহাতে সূত্ৰধাৰে পৰিৱেশন কৰা সংস্কৃত শ্লোককেইটাও ভুলকৈয়ে উচ্চাৰণ কৰা হৈ আহিছে৷ অৱশ্যে সময় আৰু সমাজৰ অগ্ৰগতিলৈ লক্ষ্য ৰাখি এইবোৰ পৰিহাৰ কৰাটো আদৰণীয়৷
দৰাচলতে অসমৰ জনসাধাৰণৰ বুকুৰ আমঠু হিয়াৰ এফাল হৈ বহু বছৰ থাকি যোৱাৰ বাবেহে আজিও ভাওনা প্ৰতিযোগিতাবোৰত দৰ্শকৰ দলদোপ হেন্দোলদোপ হৈ আছে। কিন্তু তাৰ পৰিৱৰ্তে অংকীয়া ভাওনাৰ দৰ্শক সীমিত হৈয়ে আছে। পূৰ্বৰে পৰা সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিবলৈ নোপোৱা (বিশেষকৈ গোসাঁই-মহন্তসকলে আৰু সত্ৰৰ ভকত-বৈষ্ণৱসকলে অংশগ্ৰহণ কৰা) , কিছু পৰিমাণে হ’লেও কঠোৰ নীতি-নিবন্ধনৰ মাজত আবদ্ধ ৰখা, গীত-মাত, সুৰ-সঞ্চাৰৰ ক্ষেত্ৰত বিশুদ্ধতাক অত্যাধিক গুৰুত্ব দিয়া আদি কাৰণত অংকীয়া ভাওনা বৰ্তমানে জনসাধাৰণৰ অনুষ্ঠান হৈ থকাতকৈ বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষিত লোকৰ অধ্যয়ন গৱেষণাৰ বিষয় হৈ পৰিছেগৈ বুলিলেও নিশ্চয় সত্যৰ অপলাপ কৰা নহ’ব৷ উল্লেখ নিষ্প্ৰয়োজন যে নিজে অংশগ্ৰহণ কৰিবলৈ নোপোৱা কোনো কাৰ্যক্ৰমকে জনসাধাৰণে সৰ্বান্তঃকৰণে আকোঁৱালি ল’বলৈ টান পায়৷
মাতৃভাষাৰ নাটসমূহৰ ৰচয়িতাৰ নাম পাবলৈ নাই৷ নাটভাগিক পৰম পবিত্ৰ জ্ঞান কৰা বাবেই নাট্যকাৰসকলে নিজৰ নাম উল্লেখ কৰিব খোজা নাছিল৷ প্ৰতিলিপি কৰোতেও ‘যথা দৃষ্টং তথা লিখিতং’ নীতিহে মানি চলিছিল৷ বহু সময়ত কাহিনী নিৰ্মাণ, সংলাপ আৰু চৰিত্ৰ চিত্ৰণ আছিল একেধৰণৰ নতুনত্বহীন৷
অৱশ্যে যোৱা কেইটামান বছৰত নাট্য কাহিনীৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন পৰিলক্ষিত হৈছে৷ তাৰো কৃতিত্ব দাবী কৰিব পাৰে অতুল চন্দ্ৰ হাজৰিকা, গণেশ চন্দ্ৰ গগৈ, লক্ষ্যধৰ চৌধুৰী, মিত্ৰদেৱ মহন্ত আদিৰ নাটকৰ গইনা লৈ ভাওনাৰ নাট প্রস্তুত কৰা কিছুসংখ্যক অনামী নাট্যকাৰে। অতুল চন্দ্ৰ হাজৰিকাৰ ‘কুৰুক্ষেত্ৰ’ আৰু গণেশ চন্দ্ৰ গগৈৰ ‘শকুনিৰ প্ৰতিশোধ’ নাটকৰ কথা অংশ মিলাই ‘কুৰু সিংহাসন’, লক্ষ্যধৰ চৌধুৰীৰ ‘ৰক্ষকুমাৰ’ আৰু চন্দ্ৰধৰ বৰুৱাৰ ‘মেঘনাদ বধ’ নাটকৰ পৰা ‘লংকা বিজয়’, কমলানন্দ ভট্টাচাৰ্য্যৰ ‘চিত্ৰাংগদা’ নাটকৰ পৰা কৰা ‘পাৰ্থ পৰাজয়’ আদি ভাওনাৰ নাটৰ নিটোল কাহিনী, অমিত্ৰাক্ষৰ ছন্দৰ সুন্দৰ সংলাপ আৰু কাহিনী ভাগৰ সাৱলীল অগ্ৰগতিয়ে ভাওনাপ্ৰিয় ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে৷ ‘দক্ষযজ্ঞ’, ‘সাবিত্ৰী সত্যৱান’, ‘দুষ্যন্ত শকুন্তলাৰ পুনৰ মিলন’, ‘দুৰ্জনাসুৰ বধ’ আদি নাটৰ ক্ষেত্ৰতো একে কথাই খাটে।
সাম্প্ৰতিক কালত ভাওনাৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ লগে লগে মাতৃভাষাৰ নাটৰ উৎকৰ্ষ সাধিত হৈছে৷ এই নাটসমূহৰ সকলো ক্ষেত্ৰতে পৰিমিতি বোধ এক লক্ষণীয় বিষয় হৈ পৰিছে। কাহিনী নিৰ্বাচন আৰু নিৰ্মাণ, চৰিত্ৰ-চিত্ৰণ আৰু সংলাপ এইবোৰ ক্ষেত্ৰত গুৰুত্ব দি ৰচনা কৰা বাবে ভাওনাসমূহ উপভোগ্য হৈ পৰিছে। অৱশ্যে কোনো ক্ষেত্ৰত নাট্যকাহিনীয়ে দাবী কৰা স্বত্বেও হয়তো কেৱল সময় বচাবৰ বাবেই বিলাপ, পয়াৰ, স্তুতি আদি ভাওনাৰ প্ৰকৃত সমলবোৰক উপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে৷ সাম্প্ৰতিক কালত বিনোদনৰ বিভিন্ন উপাদানৰ জয়জয়কাৰ চলি থকাৰ সময়তো মাতৃভাষাৰ ভাওনাৰ প্ৰতিযোগিতাসমূহত দৰ্শক ৰাইজৰ অভূতপূৰ্ব সমাবেশ পৰিলক্ষিত হোৱাতো মন কৰিবলগীয়া৷ কিন্তু ভাওনা প্ৰতিযোগিতাসমূহৰ ব্যাপক প্ৰসাৰে মাতৃভাষাৰ ভাওনালৈ কিছু সমস্যাও মাতি আনিব পাৰে৷ প্ৰতিযোগিতাত যোগদান কৰা মানেই পুৰস্কৃত হ’বলৈ যত্ন কৰা৷ পুৰস্কাৰ পাবলৈ হ’লে একোটা বহল অঞ্চলৰ বা কেতিয়াবা তাতোকৈও দূৰৈৰ বাছকবনীয়া শিক্ষিত, অভিনয় কুশলী, বিশেষজ্ঞ জাতীয় শিল্পীসকলকহে গুৰুত্ব দিব লাগিব৷ আনহাতে আখৰা আৰম্ভ কৰাৰ পৰা প্ৰতিযোগিতাত যোগদান কৰালৈকে কেইবা হাজাৰো টকাৰ প্ৰয়োজন হ’ব – যাৰ বাবে কিছু পৰিমাণে হ’লেও আঢ্যৱন্ত সকলেহে ইয়াত জড়িত হোৱাৰ সুবিধা লাভ কৰিব আৰু এনেকৈয়ে গোটেই অনুষ্ঠানটো গাঁওবাসী সাধাৰণ ৰাইজৰ ওচৰৰ পৰা ক্ৰমে আঁতৰি গৈ থাকিব। মন কৰিবলগীয়া কথা যে বিগত তিনি চাৰি শতিকা ধৰি এই অনুষ্ঠানটো মহা পয়োভৰে চলি থকাৰ মূল কাৰণ আছিল সকলো স্তৰৰ জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ। প্ৰত্যক্ষ বা পৰোক্ষভাৱে সামূহিক অংশ গ্ৰহণৰ সুবিধা আছিল বাবেহে ভাওনাৰ আকৰ্ষণ আৰু জনপ্ৰিয়তা মোলান নপৰাকৈ চলি আছিল৷(৫)
ইতিমধ্যে অভিনয় কৰি থকা নাটসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা প্ৰয়োজন৷ কোনোবা আগ্ৰহী ব্যক্তিয়ে এনে প্ৰচেষ্টা গ্ৰহণ কৰিছে যদিও নিশ্চয় পৰ্যাপ্ত নহয়। আমি ভাবো, বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ, অসম সাহিত্য সভা, শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰ অথবা শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আদিয়ে এনে প্ৰচেষ্টা হাতত ল’ব পাৰে৷ জনসাধাৰণৰ বুকুৰ উমেৰে জীপাল হৈ একপ্ৰকাৰে ক’বলৈ গ’লে লোকচক্ষুৰ অন্তৰালত ৰৈ যোৱা অনামী লেখকৰ এই সাহিত্যধাৰা নিশ্চয় অসমীয়া জাতীয় জীৱনৰ বাবেও গৌৰৱৰ নিদৰ্শন হিচাপে চিহ্নিত হ’ব পাৰে। ভাৰতবৰ্ষৰ আন আন জাতীয় সাহিত্যত এনে ৰচনাৰ নিদৰ্শন পাবলৈ নাই বুলিও এগৰাকী পণ্ডিতে মত প্ৰকাশ কৰিছে৷(৬)
প্ৰসংগ টোকা :
১. (ক) প্ৰধান প্ৰচাৰকসকলৰ জীৱিত অৱস্থাত অংকীয়া নাট ভাওনাই যি জনপ্ৰিয়তা লাভ কৰিছিল পৰৱৰ্তী ইতিহাসে তাৰ প্ৰসাৰ, প্ৰতিপত্তি আৰু জনপ্ৰিয়তাৰ কোনো সাক্ষ্য নিদিয়ে৷ … ঊনবিংশ শতাব্দীৰ শেষৰ ফালে বঙালী ৰূপতে অসম প্ৰবাসী বঙালীসকলৰ বিনোদনাৰ্থে অসমলৈ যাত্ৰা নাটৰ আমদানি হৈছিল আৰু অসমীয়া কিছুমানেও পূজাই-উৎসৱে কলিকতীয়া বঙালী যাত্ৰা আমদানি কৰি নাট্যৰস পান কৰিবলৈ প্ৰয়াস কৰিছিল৷ … ক্ৰমে সম্পূৰ্ণ বঙালী নাট অভিনয় নকৰি তাৰ অসমীয়া অনুবাদ অভিনয় কৰিবলৈ ধৰে৷
ড॰ সতেন্দ্ৰ নাথ শৰ্মা, অসমীয় নাট্য সাহিত্য, পৃ. ১০৯-১১০
(খ) অসমৰ ভাওনা পৰম্পৰাত অংকীয়া ভাওনাৰে সৰ্বাধিক প্ৰচলন থাকিলেও মহাপুৰুষসকলৰ পিছত সত্ৰানুষ্ঠানত কথিত ভাষা বা পদ্যধৰ্মী অমিত্ৰাক্ষৰ (যথা) ছন্দৰ প্ৰয়োগ হ’বলৈ ধৰিলে৷ কিন্তু অসমৰ নগাঁও অঞ্চলত ব্ৰজাৱলী ভাষাৰ প্ৰচলনেই হৈ থাকিল৷ এই পৃথকতাৰ বাবে উজনি অসমৰ অভিনয় অংকীয়া ভাওনাৰ পৰিবৰ্তে ভাওনা স্বৰূপেই পিছলৈ চিহ্নিত হ’ল৷ ফলত অংকীয়া ভাওনাৰ কিছু পৰিবৰ্তিত ৰূপ এটাও উজনি অসমত গঢ় লৈ উঠিল৷ নাটকত আদ্যান্ত সূত্ৰধাৰৰ প্ৰয়োজনো নোহোৱা হ’ল৷ নৃত্য পৰিৱেশন আৰু নান্দীশ্লোক-গীত গোৱাৰ পিছতেই অভিনয় ক্ষেত্ৰৰ পৰা সূত্ৰধাৰ একেবাৰে আঁতৰি যায়৷ প্ৰস্তাৱনা-প্ৰৰোচনাৰ ঠাইত সূত্ৰধাৰৰ দীঘলীয়া কথা সংযোজিত হ’ল৷ অংকীয়া ভাওনাৰ গায়ন-বায়নৰ ধেমালি এনে অভিনয়ত থাকিলেও আটাইকেইখন ধেমালিৰ প্ৰয়োগ নঘটে৷ ইয়াৰ ঠাইত গায়ন-বায়নৰ আৰম্ভণি ধৰণ, গুৰুঘাত, গুৰুবন্দনা আৰু ঈশ বন্দনা থাকে৷ আটাইখিনি কাৰ্য গায়ন-বয়নৰ দ্বাৰা হয় যদিও ঈশ বন্দনা সূত্ৰধাৰে নৃত্য কৰাৰ পিছত গায়ন-বায়নৰ লগত সমস্বৰে গায়৷ সূত্ৰধাৰে কথাৰে ভাওনাৰ সামগ্ৰিক পৰিচয় দাঙি ধৰে৷ সূত্ৰধাৰৰ কথাত ভাওনাৰ নামকৰণ আৰু বিষয়বস্তুৰ চমু পৰিচয় প্ৰকাশ পায়৷ অংকীয়া ভাওনাৰ প্ৰস্তাৱনাৰ দৰেই সূত্ৰধাৰে নিজৰ কথাৰে ভাওনাৰ আৰম্ভণিতে চৰিত্ৰ প্ৰৱেশৰ ঘোষণা কৰি প্ৰস্থান কৰে৷
ড॰ পীতাম্বৰ দেৱগোস্বামী, সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য, পৃ. ২৪১
(গ) মৌলিক আদৰ্শৰ কথা বিচাৰ কৰিলেও দেখা যায় যে নাটবোৰত ভক্তিৰ উৎসাহ ক্ৰমে কমি যুদ্ধ-বিগ্ৰহ বহুল হৈ জনসাধাৰণৰ মনোৰঞ্জনৰ প্ৰতিহে অধিক মনোনিবেশ কৰা হ’ল। তেনেদৰে গদ্যই কথিত ৰূপৰ কাষ চাপি আহিল আৰু বিলাপ, পয়াৰ, লেছাৰী, মুক্তাৱলী, একাৱলী আদিয়ে প্ৰাচুৰ্য্য লাভ কৰিলে। ইয়াৰ ফলতেই পৰৱৰ্তী কালত উজনি অসমত ‘মাতৃভাষা’ৰ নাটৰ সৃষ্টি হৈ সেইবোৰহে জনপ্ৰিয় হৈ পৰিল৷
ডঃ কেশৱানন্দ দেৱগোস্বামী, অংকমালা, পাতনি
(ঘ) ১৮৩৬ চনৰে পৰা … অসমীয়া ভাষাক বিদ্যালয় বিচাৰালয় আদিৰ পৰা আঁতৰাই তাৰ ঠাইত বঙলা ভাষা প্ৰৱৰ্তন কৰিলে৷ ১৮৭৩ চন পৰ্য্যন্ত সেই ব্যৱস্থা বলবৎ থাকিল৷ … অসমীয়া ভাষাই পুনৰ নিজৰ ঠাই দখল কৰি ল’লে। তেতিয়াৰ পৰাই অসমত অসমীয়া ভাওনাৰ পুনৰ প্ৰচলন হয়৷
উদ্ধৃত ড॰ নাৰায়ণ চন্দ্ৰ গোস্বামী, সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা, পৃ. ৮০৫
২. ট্ৰেডিচনেল ড্ৰামাটিক ৱৰ্কচ ইন আচামিজ, ৰিপৰ্ট অন দি মেজৰ ৰিচাৰ্ছ প্ৰজেক্ট অফ ইউ.জি.চি আন্দাৰটেকেন বাই কেশৱানন্দ দেৱগোস্বামী, ডিব্ৰুগড় ইউনিভাৰৰ্চিটি৷
৩. ভাওনা দৰ্পন, পৃ. ১১-১২
৪. ড॰ হৰিচন্দ্ৰ ভট্টাচাৰ্য্য, অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি, পৃ. ১১৪
৫. উজনি অসমত আধুনিক অসমীয়া বা মাতৃভাষাৰ ভাওনাৰ অপ্ৰতিৰোধ্য জনপ্ৰিয়তাক অস্বীকাৰ কৰাৰ উপায় নাই৷ আনকি বহুতে ভাওনা বুলিলে অসমীয়া ভাষাৰ ভাওনাৰ কথাহে বুজে৷”
ৰক্তিম ৰঞ্জন বৰদলৈ, মনোৰঞ্জন বৰদলৈ, ভাওনা দৰ্পন, পৃ. ২২৭
৬. “এই ৰূপটোৰ সাহিত্য সংখ্যা অন্য ৰূপতকৈ সৰ্বাধিক আৰু এনে অবিচ্ছিন্ন ধাৰাবাহিকতাৰ নিদৰ্শন অন্যান্য ভাৰতীয় সাহিত্যত বিৰল৷”
ড॰ কেশৱানন্দ দেৱগোস্বামী, ভাওনা দৰ্পন, পৃ. ১৩