অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি অনুষ্ঠানৰ গীত-মাত: এটি অধ্যয়ন

লেখক- মিণ্টু বৰা, চন্দনা নাথ

ওজাপালি অসমৰ এক অৰ্ধ-নাটকীয় পৰিৱেশ্য কলা।  সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি এক সামাজিক পৰম্পৰা। অঞ্চলভেদে বা দেশভেদে এখন নদীকেই বিভিন্ন নাম দিয়াৰ দৰে সুপ্ৰাচীন পৰম্পৰা কথকতাইয়ো ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে ধৰা দিছে। অসমত এই পৰম্পৰাৰ এটা নাম হল ওজাপালি। অসমৰ প্ৰাচীন পৰম্পৰাগত দৃশ্য-শ্ৰাব্য কাব্যশৈলী ওজাপালি পূজা-পাতলৰ লগত বিশেষভাৱে জড়িত লোকনৃত্য। গীত, নৃত্য আৰু অভিনয়ৰ সমলয়ত জীৱন্ত হৈ উঠা ওজাপালি অনুষ্ঠানটিৰ অন্যতম লক্ষ্য হ’ল কাহিনী কথন। নিৰক্ষৰ আৰু সাক্ষৰ উভয় সমাজত কাহিনী আৰু আখ্যানৰ যি জনপ্ৰিয়তা আৰু সমাদৰ, সেই জনপ্ৰিয়তা আৰু সমাদৰৰ কাৰণেই কাহিনী আৰু আখ্যান বৰ্ণনাকাৰী অনুষ্ঠান হিচাপে ওজাপালিৰো ইমান জনপ্ৰিয়তা। এই অনুষ্ঠানটি যিহেতু গীত-নৃত্য সম্বলিত অৰ্ধ-নাটকীয় অনুষ্ঠান, গতিকে এই অনুষ্ঠানটি চলাই নিবলৈও কেইটামান চৰিত্ৰৰ প্ৰয়োজন হয়। ওজাপালিৰ সেই চৰিত্ৰকেইটা হ’ল — ওজা, দাইনাপালি আৰু সাধাৰণ পালি। ওজাজন ওজাপালি দলৰ দলপতি সদৃশ। তেওঁৰ নিৰ্দেশ,  পৰিচালনা আৰু নিয়ন্ত্ৰণ অনুসৰি দাইনা পালিৰ সৈতে সাধাৰণ পালিসকলে অভিনয়ত অংশগ্ৰহণ কৰি অনুষ্ঠানটি সফল কৰি তোলে।
বিষয়বস্তু অনুসৰি ওজাপালি অনুষ্ঠানটোক দুটা বহল ভাগত ভগাব পাৰি —
ক]মহাকাব্য আশ্ৰিত ওজাপালি।
খ]মহাকাব্য অনাশ্ৰিত ওজাপালি।
যি ওজাপালিয়ে সাধাৰণতে ৰামায়ণ-মহাভাৰত পুৰাণ আদিৰ বিষয়বস্তু সম্বলিত গীত-পদ-আবৃত্তি কৰে সেই ওজাপালিক মহাকাব্য আশ্ৰয়ী ওজাপালি আখ্যা দিয়া হয়। ইয়াৰ বিপৰীতে মহাকাব্য অনাশ্ৰিত ওজাপালিয়ে সাধাৰণতে শাক্ত-অনুসংগ অথবা দেৱী পূজাৰ প্ৰসংগৰ নাইবা সৰ্প-দেৱী মনসা অথবা পদ্মা বা বৰমানী পূজাৰ লগত জড়িত গীত-পদ আবৃত্তি কৰে। ওজাপালিৰ এই দুটা প্ৰধান ভাগৰ আকৌ কেইবাটাও উপভাগ পৰিলক্ষিত হয়। সেইবোৰ হ’ল —

ওজাপালি

মহাকাব্য আশ্ৰিত ওজাপালি
মহাকাব্য অনাশ্ৰিত ওজাপালি

ব্যাসসংগীত বা বিয়াহ গোৱা ওজাপালি
সুকনান্নি ওজাপালি
ৰামায়ণ গোৱা ওজাপালি
বিষহৰী গান বা গীতগোৱা
ভাউৰা ওজাপালি
মাৰে পূজাৰ গান
দুগাৰ্বৰী ওজাপালি
পদ্মা বা পদ্দা পুৰাণৰ গান
সত্ৰীয়া ওজাপালি
তুকুৰীয়া ওজাপালি
দুলড়ী ওজাপালি
গীতালু গীত
ওজাপালি সংগীত স্বৰ-তাল আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। ওজাপালি অভিনয়ৰ বাচিক দিশটি এই অনুষ্ঠানৰ গীত-পদৰ সংযোগত মূৰ্ত হৈ উঠে। অনুষংগৰ বিভিন্নতাত ওজাপালিৰ কাহিনী কথন, পৰিৱেশনশৈলী আদি বিভিন্ন হোৱাৰ দৰে গীত-পদৰ ক্ষেত্ৰতো বিভিন্নতা নিতান্তই স্বাভাৱিক। আমাৰ এই আলোচনাত ওজাপালি অনুষ্ঠানৰ বিয়াহ গোৱা ওজাপালি বা ব্যাস সংগীত নামক উপবিভাগটোৰ গীত-মাতকহে আলোচনাৰ আওতালৈ অনা হ’ব।
আমাৰ আলোচনাৰ পদ্ধতি হ’ব ঘাইকৈ বিশ্লেষণাত্মক। অৱশ্যে অনিবাৰ্যভাৱে বিশ্লেষণৰ প্ৰয়োজনত স্থান বিশেষে বৰ্ণনাও আহি পৰিব। ওজাপালিৰ বিভিন্ন ভাগৰ ভিতৰত মাত্ৰ বিয়াহ গোৱা ওজাপালিৰ গীত মাতৰ মাজতেই আমাৰ আলোচনা সীমাবদ্ধ থাকিব।

বিয়াহ ওজাপালি বা ব্যাসগোৱা ওজাপালি:

মহাকাব্য আশ্ৰয়ী আৰু মহাকাব্য অনাশ্ৰিত ওজাপালিৰ বিভিন্ন ৰূপৰ ভিতৰত বিয়াহ গোৱা ওজাপালিয়েই প্ৰাচীনতম। বিয়াহৰ ওজাই ব্যাসদেৱে ৰচনা কৰা মহাভাৰতৰ গীত-পদ গায়। দৰাচলতে মহাভাৰত আৰু পুৰাণ-আবৃত্তি পৰম্পৰাৰ পৰাই বিয়াহ ওজাপালিৰ জন্ম। বিয়াহ ওজাপালিয়ে বিভিন্ন প্ৰসংগত অনুষ্ঠিত সভাত গীত-নৃত্য প্ৰদৰ্শন কৰে, সেইবাবে এইবিধ ওজাপালিক সভাগোৱা ওজাপালিও বোলে। পূৰ্বতে ব্যাস বা বিয়াহৰ ওজাপালিয়ে সংস্কৃত মহাকাব্য আৰু পুৰাণৰ বিষয়বস্তু আবৃত্তি কৰিছিল। যদিও পৰবৰ্তী কালত অসমীয়া ভাষাত অনূদিত মহাভাৰতৰ বিষয়বস্তু সম্বলিত বিভিন্ন গ্ৰন্থ যেনে ৰামসৰস্বতীৰ ‘বধকাব্য’, ভৱদেৱ বিপ্ৰৰ ‘নাগাক্ষযুদ্ধ’, ৰঘুনাথ মহন্তৰ ‘অদ্ভুত ৰামায়ণ’ আদিৰ পৰা গীত-পদ আবৃত্তি কৰিবলৈ লয়। ব্যাসগোৱা ওজাপালিৰ একোটা দলত এজন ওজা, এজন দাইনাপালি, দুজন আগপালি আৰু দুজন গোৰাপালিক লৈ মুঠ ছয়জন লোক থাকে। ওজাই গীতৰ বিষয়বস্তুৰ লগত সংগতি ৰক্ষা কৰি নৃত্য-গীত-মুদ্ৰা আদি প্ৰদৰ্শন কৰে। ওজাই লগাই দিয়া দিহাৰ শেষাংশ পালিয়ে হাতেৰে তাল বজাই ভৰিৰে তাল ৰাখি আবৃত্তি কৰে। ওজাৰ সোঁহাত স্বৰূপ দাইনাপালিজনে গীতৰ বিষয়বস্তু গদ্য আৰু পদ্য উভয়তে সহজ-সৰলভাৱে ব্যাখ্যা কৰে আৰু মাজে মাজে হাস্যৰসৰ উদ্ৰেক কৰি দৰ্শক-শ্ৰোতাক আমোদ দিয়ে। ব্যাস ওজাপালিৰ গোৰাপালি দুজনে ওজাই লগাই দিয়া ৰাগ আৰু বানাৰ ধাৰাবাহিকতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আগপালি দুজনে ওজা, দাইনাপালি আৰু বানধৰা পালিক সকলো ক্ষেত্ৰতে সহায় কৰি ওজাপালি অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলে।

ব্যাস বা বিয়াহ ওজাপালিৰ গীত-মাত:

গীত, নৃত্য আৰু বাদ্যৰ সমলয়কে সংগীত বোলে। সংগীত শাস্ত্ৰৰ মতে — “গীতং ৱাদ্যং তথা নৃত্তং ত্ৰয়ং সংগীত মুচ্যতে।” গতিকে সংগীত গীত, বাদ্য, নৃত্য আৰু অভিনয়ৰ সমষ্টি। সংগীতৰ অন্যতম উপাদান গীত। কবিতাত সুৰ সঞ্চাৰ কৰিলেই গীত হয়। এই গীতৰ ভাৱ আৰু ৰস দৰ্শকৰ অন্তৰলৈ কঢ়িয়াই নিবৰ বাবে প্ৰয়োজন হয় অভিনয়ৰ। এই অভিনয়ৰ প্ৰথম অৱস্থাটোৱেই হ’ল নৃত্য।  যি হওক গীতত বিশেষকৈ শাস্ত্ৰীয় সংগীতত ৰাগ-ৰাগিনী অপৰিহাৰ্য। লোকগীতত তেনে ৰাগ ৰাগিনী নাথাকে যদিও কোনো কোনো ক্ষেত্ৰত
শাস্ত্ৰীয় ৰাগৰ সুৰ শুনিবলৈ নোপোৱা নহয়। অসমৰ অন্যতম লোকপৰিৱেশ্যকলা ব্যাস বা বিয়াহ ওজাপালিৰ সংগীততো বিভিন্ন ৰাগ-ৰাগিনী, স্বৰ-বিভাজন, তাল নৃত্যভংগী আদিৰ স্থিতি লক্ষ্য কৰিব পাৰি। এইবিধ ওজাপালিৰ সংগীত শৈলীত শাস্ত্ৰীয় সংগীতৰ সমলৰ উপস্থিতিলৈ লক্ষ্য কৰি এইবিধ ওজাপালি নৃত্যক লোকনৃত্য আখ্যা দিয়াতকৈ পৰম্পৰাগত নৃত্য বুলি কোৱাহে সমীচীন।
ব্যাস ওজাপালিৰ সংগীত পাঁচটা স্তৰত বিভক্ত। সেই স্তৰকেইটা হ’ল —
ক]আলাপ
খ]গুৰু বন্দনা
গ]বিষ্ণুপদ
ঘ]সংগীতালাপ
ঙ]ঝুনা বা জুনা
ক]আলাপ:
ব্যাস ওজাপালিৰ সংগীতৰ প্ৰথম স্তৰটো হ’ল আলাপ। আলাপ বা স্বৰ সাধনাৰ অৰ্থ কোনো ৰাগ বা সুৰ হা-তা-না-ৰি-ৰিতা আদি সাংকেতিক অক্ষৰৰ সহায়ত সাংগীতিক পটভূমিত প্ৰতিপাদন কৰা হয়। ওজা আৰু পালি উভয়ে বাদ্যযন্ত্ৰৰ সহায় নোলোৱাকৈ প্ৰায় ১৫ মিনিট সময় আলাপত অংশগ্ৰহণ কৰে। আলাপৰ জৰিয়তে ওজা আৰু পালিসকলে বাগিন্দ্ৰিয়ৰদ্বাৰা নানাবিধ স্বৰ সৃষ্টি কৰি সেই স্বৰমাত্ৰা ক্ৰমশঃ তললৈ নমাই আনে। আলাপ শুনিবলৈ ভ্ৰমৰৰ গুঞ্জন সদৃশ। এই স্তৰত কোনো ধৰণৰ নৃত্য ভংগী নাথাকে। আলাপ স্তৰত পৰিৱেশন কৰা হা-তা-না-ৰি-[ঋ]-ৰিতা [ঋতা] এই পঞ্চ অক্ষৰৰ অৰ্থ দৰঙৰ ওজাপালিয়ে এনেদৰে দিযে –
“হা ৱৰ্ণে তু গণাধ্যক্ষঃ।
তা ৱৰ্ণে তু সদাশিৱ।
না ৱৰ্ণে তু মহামায়া
ৰি [ঋ]ৱৰ্ণে তু কংস বৈৰী কৃষ্ণঃ।
ৰিতা [ঋতা] ৱৰ্ণে তু গন্ধৰ্বঃ।” [শৰ্মা, ১৯৬]
কোনো কোনো পণ্ডিতে আলাপকেই গুৰু বন্দনা আখ্যা দিবলৈ প্ৰয়াস কৰে যদিও প্ৰকৃতাৰ্থত আলাপৰ পিছতহে গুৰু বন্দনা অনুষ্ঠিত হয়।
খ]গুৰু বন্দনা:
আলাপৰ সামৰণি পৰাৰ লগে লগেই গুৰু বন্দনাৰ আৰম্ভ হয়। গুৰু বন্দনাত বিষ্ণু বা বাসুদেৱৰ প্ৰশস্তি বিশিষ্ট দীঘলীয়া গীত এটি ওজা আৰু পালিয়ে পৰিৱেশন কৰে। সিন্ধুৰা বা ৰামগিৰি বা ৰামকিৰি ৰাগত গোৱা এই গীতটিৰ পৰিৱেশনত পালিয়ে নৃত্য-ভংগী প্ৰদৰ্শন কৰে।
“শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ।
নন্দ গোপ কুমাৰায় গোৱিন্দয় নমো নমঃ। ।”
এই শ্লোকটিৰে আৰম্ভ কৰা গুৰু বন্দনাৰ প্ৰথম বন্দনাৰ পিছত দ্বিতীয় বন্দনাত কেইবাটাও গীত থাকিব পাৰে। কিন্তু সচৰাচৰ দ্বিতীয় বন্দনাৰ প্ৰসংগত কেৱল এটা গীতহে গায়। দ্বিতীয় বন্দনাৰ গীতৰ তাল লেছাৰি বা জিকিৰ হ’ব পাৰে। এই গীতটোৰ শেষত পালিসকলে অদ্ধবৃত্তকাৰ অৱস্থাত থিয় হয় আৰু ওজাই পালিসকলৰ সোঁমাজত অৱস্থান কৰি ওজা আৰু পালি উভয়ে মুদ্ৰা আৰু ভংগীসহ নৃত্য কৰে। দক্ষিণ কামৰূপৰ ব্যাস-ওজাপালিয়ে ‘গুৰু-বন্দনা’ ৰূপে গোৱা এটি গীত হ’ল এনেধৰণৰ–
“দিহা: নন্দ নাচে যশোদা নাচে
নাচেৰে ৰোহিনী
আকাশৰ দেৱতা নাচে
নাচে যদুমণি এই হে। ।”
পদ: চন্দ্ৰ নাচে সূৰ্য নাচে
নাচে তৰাগন।
আকাশৰ দেৱতা নাচে
নাচে নাৰায়ণ। ।
ব্ৰহ্মা নাচে শিৱ নাচে
আৰু নাচে ইন্দ্ৰ।
চৌষষ্ঠি গোপিনীৰ মধ্যে
নাচেৰেগোবিন্দ। ।” [শৰ্মা, ২০৭]

গ]বিষ্ণু-পদ:
গুৰু-বন্দনাৰ পিছত অনুষ্ঠিত হোৱা বিষ্ণু পদৰ প্ৰসংগত গোৱা ৰাগৰ নাম বিষ্ণু-ৰাগ অথবা বিষ্ণু-পদৰ ঢেক। বিষ্ণু পদৰ সুৰমাত্ৰা প্ৰথম চৰণত আৰম্ভ হৈ ক্ৰমশঃ উৰ্ধ গতিত অগ্ৰসৰ হৈ চতুৰ্থ চৰণত সবাৰ্ধিক মাত্ৰাত আৰোহিত হয় আৰু পঞ্চম চৰণৰ পৰা লাহে লাহে অৱৰোহিত হৈ সপ্তম চৰণত পৰিণতি লাভ কৰে। দৰাচলতে ব্যাস-ওজাপালিৰ সংগীতৰ প্ৰধান আকৰ্ষণ ইয়াৰ সুৰ আৰু পদ। সুৰৰ পৰিসীমাত পৰে ৰাগ-বানা আদি আৰু পদৰ পৰিধিত পৰে কাহিনীৰ বিমোহন কথকতা। বিষ্ণু পদৰ গীত পৰিৱেশনৰ অন্তত ওজাই বিষ্ণুৰ দশাৱতাৰৰ বৰ্ণনা বিশিষ্ট গীত এটি লগাই দিয়ে আৰু পালিসকলে ধৰে। বিষ্ণু-পদৰ প্ৰসংগত পালিয়ে চাবতাল, লেছাৰি আৰু চৌতাল ব্যৱহাৰ কৰে।

ঘ]সংগীতালাপ:
ব্যাস-ওজাপালি সংগীতৰ চতুৰ্থ স্তৰটোক সংগীতালাপ বোলে। অৱশ্যে ঠাইভেদে সংগীতালাপ ‘চাবৰবানা’ বা ‘গানকাৰ ৰাগ’ নামেৰেও পৰিচিত। গীতৰ ক্ৰম আৰু বৈশিষ্ট্যৰ প্ৰতি চকু দি সংগীতালাপক পাঁচটা ভাগত বিভক্ত কৰিব পাৰি —
১]মালিতা ২]ৰাগ ৩] বানা ৪] দিহা আৰু
৫] পদ বা থোকা।
১]মালিতা: ‘মালিতা’ শব্দৰ অৰ্থ জন্ম সম্পৰ্কীয় বৰ্ণনা। মালিতা শব্দৰ প্ৰয়োগ অসমীয়া ভাষাত বিভিন্ন প্ৰসংগত দেখা যায় যদিও ওজাপালিৰ ক্ষেত্ৰত ৰাগ-ৰাগিণীৰ জন্ম সম্পৰ্কীয় বৰ্ণনা বিশিষ্ট গীতক ‘ৰাগমালিতা’ আখ্যা দিয়া হয়। ব্যাস-ওজাপালি সংগীত পৰম্পৰাত প্ৰচলিত ৰাগ-ৰাগিণীসমূহৰ প্ৰত্যেকৰে মালিতা আছে। মূল সংগীত স্তৰৰ আৰম্ভণিতে ৰাগৰ আলাপৰ সহায়ত ৰাগৰ নাম, জন্ম-কাহিনী আদি কৰা হয়। এইবিধ ওজাপালিৰ সক্ৰিয় ধাৰক আৰু বাহকসকলৰ মুখ পৰম্পৰা প্ৰচলিত মালিতাটি তলত দিয়া হ’ল–
“ওম্ কৈৰপৰা আসে ৰাগ গোট কৈক লাগি যায়।
কোন থানে ৰাগ কোন থানে যায়। ।
শূন্য হন্তে আসে ৰাগ শূন্য হন্তে যাই উৰি।
নাভি হন্তে আসে ৰাগ শূন্যে যাই উৰি। ।
ওষ্ঠ ভৈলা আগ ৰাগৰ জিহ্বাই ভৈলা গুৰি। ।
জিহ্বাই ভৈলন্ত আগ তালু ভৈলা গুৰি। ।
শূন্যে আসে শূন্যে যাই শূন্যে লৱে থাৱ।
হংকাৰ ভৈলেক গুৰু হৃদি বাপ-মাৱ। ।” [শৰ্মা, ২০৭]

২]ৰাগ:
মালিতাৰ পিছতে প্ৰস্তাৱিত পদৰ সহায়ত উক্ত ৰাগটো হয়। ব্যাস-ওজাপালিয়ে প্ৰত্যেকটো ৰাগেই পয়াৰ বা পদছন্দত গায়। ৰাগৰ স্তৰ সাতটা। সেইকেইটা হ’ল —
ক]স্বৰ -সাধনা আৰু সুৰ-প্ৰতিপাদন।
খ]ঘুন্নি বা উপস্থাপন।
গ]তোলনি বা স্বৰৰ আৰোহী ক্ৰম।
ঘ]মালিতা বা ৰাগৰ জন্মালাপ।
ঙ]চৰণ বা মূচ্চৰ্না অৰ্থাৎ সপ্তসুৰৰ আৰোহী আৰু অৱৰোহী ক্ৰম।
চ]ধুৰা বা অৱৰোহ।
ছ]দিহা বা সঞ্চাৰী -আৰোহী আৰু অৱৰোহী সুৰৰ সমলয়।

৩]বানা:
ৰাগ আৰু বানাৰ মাজত স্বৰূপাৰ্থত পাৰ্থক্য নাই। বিভিন্নজন পণ্ডিতে বানাৰ সংজ্ঞা বিভিন্ন ধৰণে দিয়া দেখা যায়। নাট্যশাস্ত্ৰৰ মতে — উচ্ছস্বৰে গোৱা পদৰ সুৰক বানা বোলে। মহেশ্বৰ নেওগৰ মতে বানা বিশেষ এক প্ৰকাৰ ৰাগৰ বাহিৰে আন একো নহয়। বানাৰ লগত নৃত্য সংপৃক্ত হৈ থাকে। দিহা আৰু পদৰ সমষ্টিয়েই বানা। যিবোৰ ৰাগ গোৱাৰ প্ৰসংগত ইয়াৰ স্বৰ বিস্তাৰ ক্ৰমশঃ উচ্ছস্বৰলৈ আৰোহিত হয় সেই বোৰ ৰাগেই বানা। মুঠতে ক’ব পাৰি উচ্ছসুৰত গোৱা ৰাগৰূপৰ অংশ বিশেষক বানা বোলে।

৪]দিহা:
বানাৰ পিছত ব্যাস-ওজাপালি সংগীতৰ পিছৰ স্তৰটো হ’ল দিহা। গীতৰ দিহাৰ প্ৰথম অংশ আৰু দ্বিতীয় অংশৰ আধা ওজাই লগাই দিয়ে। পালিয়ে বাকী আধা টানি নি সম্পূৰ্ণ দিহাটো দোহাৰে। এইখিনি সময়ত ওজাই দিহাৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰে। ওজাই লগাই দিয়া দিহাৰ শেষাংশ পালিয়ে হাতেৰে তাল বজাই আৰু ভৰিৰে তাল ৰাখি আবৃত্তি কৰে। দিহা সাধাৰণতে দুই প্ৰকাৰৰ — বন্ধা বা বান্ধা দিহা আৰু খোলা দিহা। ৰাগ-বানাৰ লগত গোৱা দিহাৰ নাম ‘বন্ধা’ বা ‘বান্ধা’ আৰু ৰাগ-বানাৰ লগত যি দিহা গোৱা নহয় তাৰ নাম খোলা দিহা।

৫]পদ বা থোকা:
অনুচ্ছভাৱে তীব্ৰগতিত পদ গাই অধ্যায়ৰ পৰিসমাপ্তি ঘটোৱা ব্যাস-ওজাপালি সংগীতৰ পঞ্চম স্তৰটোৰ নামেই পদ বা থোকা। ওজাপালিৰ প্ৰসংগত ‘পদ’ৰ অৰ্থ গীত। ‘পদ’ আকৌ দুভাগত বিভক্ত। ভাগদুটি হ’ল নিৱদ্ধ আৰু অনিৱদ্ধ। ৰাগ, তাল যতি, ধাতু, অংগ আদিৰদ্বাৰা শাসিত পদৰ নাম নিৱদ্ধ। ইয়াৰ বিপৰীতে যি পদ ৰাগ, তাল আদিৰদ্বাৰা নিয়ন্ত্ৰিত নহয় তাক অনিৱদ্ধ বোলে। ওজাপালি সংগীত স্বৰ, তাল, পদৰ সুৰাত্মক এটি সমন্বয়। ইয়াৰ পদ সততে ৰাগ-তাল-স্বৰ আদিৰ দ্বাৰা নিয়ন্ত্ৰিত। গতিকে ওজাপালিৰ পদ নিৱদ্ধ পদ।

৬]ঝুনা বা জুনা:
ব্যাসগোৱা বা বিয়াহ ওজাপালি সংগীতৰ পঞ্চম স্তৰটোৰ নাম হ’ল ঝুনা বা জুনা। ঝুনা পদটিয়ে অসমীয়া ছন্দ বিশেষক বুজাই যদিও ওজাপালিৰ প্ৰসংগত ঝুনা বা জুনা পদটোৱে লঘুগীতক সূচায়। শৃংগাৰ-ৰসাত্মক এইবিধ গীতৰ বিষয়বস্তু সাধাৰণভাৱে শিৱ-পাৰ্বতী আৰু ৰাধা-কৃষ্ণৰ তেওঁলোকৰ লৌকিক লীলা-মালাৰে সমৃদ্ধ।  ঝুনা-গীত ৰাগ প্ৰধান নহয়, লৌকিক গীতৰ সুৰৰ আধাৰত এইবোৰ গোৱা হয়। দৰ্শক আৰু শ্ৰোতাৰ অনুমোদন নোহোৱাকৈ ব্যাস ওজাপালিয়ে ‘জুনা’ বা ‘ঝুনা’ গীত গাব নোৱাৰে। কাৰণ ঝুনা গীতৰ প্ৰতি বিশুদ্ধ ব্যাসগোৱা ওজাপালিয়ে উদাৰ মনোভাৱ পোষণ কৰা নাছিল। বিশুদ্ধ ব্যাসগোৱা ওজাপালিয়ে ‘ঝুনা গীত’ৰ সলনি ‘পুৱেলি গীত’ বা ‘পুৱলি গীত’ গায়।
জুনা বা পুৱেলি গীতৰ অন্তত বাসুদেৱ বা নাৰায়ণ অথবা কৃষ্ণ স্তুতিৰে ব্যাস ওজাপালি সংগীতৰ সামৰণি পৰে।

উপসংহাৰ:
ওজাপালি জীৱন্ত পৰম্পৰা। পূজা-উপাসনাত গীত-পদ পৰিৱেশন আৰু নৃত্য-প্ৰদশৰ্নৰ মাধ্যমেৰে ওজাপলিৰ পৰম্পৰাগত বৈশিষ্ট্য ৰক্ষিত হৈছে। ব্যাস-ওজাপালিও ইয়াৰ ব্যতিক্ৰম নহয়। ওজাপালিৰ জনপ্ৰিয়তা আৰু ইয়াৰ সুদূপ্ৰসাৰী প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই শংকৰদেৱ, দামোদৰদেৱ আদি ধৰ্ম প্ৰচাৰকে ধৰ্ম প্ৰচাৰৰ বিশিষ্ট মাধ্যম স্বৰূপে বিশেষকৈ ব্যাস ওজাপালিৰ সহায় লৈছিল। তদুপৰি দৰং, কামৰূপৰ খুলীয়া ভাউৰীয়া, নাগাৰা বা নাগেৰা নাম, ঢেপা ঢুলীয়া, বৰঢুলীয়া আদি লোক-নাট্যানুষ্ঠানবোৰৰ গীত-পদতো ওজাপালিৰ গীত-পদৰ প্ৰভাৱ অনুমেয়। ব্যাস-ওজাপালিৰ গীত-মাতৰ বিষয়বস্তু সাধাৰণতে মহাভাৰত আৰু পুৰাণ আশ্ৰয়ী আছিল যদিও ওজা আৰু পালিৰ সচেতন বা অসচেতন কাহিনী বা গীত-পদ ৰচনাৰ প্ৰচেষ্টা আৰু দৰ্শক- শ্ৰোতাৰ মনোৰঞ্জনৰ প্ৰযত্ন আদিৰ পৰিণতিত এইবিধ ওজাপালিৰ লগতে অন্যান্য ওজাপালিৰো গীত-পদৰ একাধিক পাঠান্তৰ সৃষ্টি হোৱা দেখা গৈছে। কিন্তু যি নহওক ওজাপালিৰ গীত-মাতে পূৰ্বৰ দৰে আজিও লোক সমাজক আনন্দৰ খোৰাক যোগাই আহিছে। সংগীতৰ বৈশিষ্ট্য বিদ্যমান ব্যাস-ওজাপালিৰ সক্ৰিয় ধাৰক আৰু বাহকসকলে অসম আৰু অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাত গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমীয়া সমাজ জীৱনত ধৰ্মীয় প্ৰকাৰ্যৰ সমান্তৰালভাৱে সামাজিক প্ৰকাৰ্য সাধন কৰি অহা ওজাপালিক জীয়াই ৰখাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ প্ৰতিজন অসমবাসীৰ।
০০০

প্ৰসংগ সূত্ৰ

শৰ্মা, নবীন চন্দ্ৰ। অসমৰ পৰিৱেশ্যকলা ওজাপালি। প্ৰথম প্ৰকাশ। গুৱাহাটী ঃ বাণী প্ৰকাশ, ১৯৯৬।  ১৯৬, ২০৭, ২০৭। প্ৰকাশিত।

গ্ৰন্থপঞ্জী

১। ৰাজবংশী, পৰমানন্দ। অসমীয়া নাটক পৰম্পৰা আৰু পৰিৱৰ্তন। দ্বিতীয় সংস্কৰণ। গুৱাহাটী ঃ চন্দ্ৰ প্ৰকাশ,  ২০০৮। প্ৰকাশিত।
২। শৰ্মা, নবীন চন্দ্ৰ। অসমৰ পৰিৱেশ্যকলা ওজাপালি। প্ৰথম প্ৰকাশ। গুৱাহাটী ঃ বাণী প্ৰকাশ, ১৯৯৬। প্ৰকাশিত।
৩। শৰ্মা, নবীন চন্দ্ৰ। অসমীয়া লোকসংস্কৃতিৰ আভাস¸। চতুৰ্থ প্ৰকাশ। গুৱাহাটী ঃ বাণী প্ৰকাশ, ২০০৭। প্ৰকাশিত।
৪। শৰ্মা, নবীন চন্দ্ৰ [মু. সম্পা.]। অসমৰ সংস্কৃতি সমীক্ষা¸। প্ৰথম প্ৰকাশ। গুৱাহাটী ঃ চন্দ্ৰ প্ৰকাশ, ২০০০। প্ৰকাশিত।
৫। শৰ্মা, নবীন চন্দ্ৰ। অসমৰ লোক নাট। প্ৰথম প্ৰকাশ। গুৱাহাটী ঃ বাণী প্ৰকাশ, ২০১০। প্ৰকাশিত।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!