অসমীয়া সংস্কৃতিৰ স্বৰ্ণসৌধ ভাওনা

লেখক- বাস্তৱ ডেকা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। তেখেতে আজিৰে পৰা পাঁচশ বছৰৰো অধিক সময়ৰ আগতেই ধৰ্ম, শিক্ষা, ভাষা-সংস্কৃতি, শিল্প-কলা আদি সকলো দিশতেই অসমৰ অসমীয়া জাতিক শক্তিশালী ৰূপত গঢ় দি গৈছে। ভাওনা তেখেতৰ দ্বাৰা সৃষ্ট এক অনুপম নাট্যশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক ‘অংকীয়া নাট’ বুলি আখ্যা দিয়া হয়। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক ‘অংকীয়া নাট’ বুলি নামকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ হ’ল ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে ভাওনা বোলে। বৰ্তমান এনে নাটকক ভাওনা আৰু ৰচনা কাৰ্যক নাট-লেখা বুলি কোৱা হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট্যকৰ্মৰ প্ৰধান উদ্দেশ্য ধৰ্ম প্ৰচাৰ, মোক্ষপ্ৰাপ্তি আৰু আধ্যাত্মিক অৱগাহন। তেখেতৰ নাটকৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰ পৰা এই কথা স্পষ্টকৈ বুজা যায়।  এই নাট্যাভিনয় সেই সময়ৰ নিৰক্ষৰ জনসাধাৰণক ধৰ্মৰ কথাবোৰ সহজে উপলব্ধ কৰোৱাৰ এক অধিক ফলদায়ক উপায় আছিল। সেয়েহে তেওঁ ‘অংকীয়া নাটক’ সংস্কৃতিৰ দিশৰ পৰা লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল।
ভাওনাৰ লগত সম্বন্ধ নথকা, আগতে ভাওনা নেদেখা সমাজখনৰ লোকসকলক শিকাই-বুজাই নিজে বাট কাটি বাদ্যযন্ত্ৰ প্ৰস্তুত কৰি, আহাৰ্য তথা ৰংবৰণকে আদি কৰি নাট প্ৰদৰ্শনলৈকে যাৱতীয় কাৰ্যবোৰ তেখেত নিজেই কৰিবলগীয়া হৈছিল।
ভাওনা বা নাটৰ পৰম্পৰা আৰম্ভ হয় গাঁঠি খোলা বা ‘নাট মেলা’ পৰ্বৰে। নামঘৰত সেৱা জনাই ভাওনা পৰিৱেশনৰ বাবে নিৰ্ধাৰণ কৰা ভাওনাৰ আনুষ্ঠানিক আখৰাৰ আৰম্ভণি এই অনুষ্ঠানেৰে সূচিত হয়। ভাওনাৰ আগদিনা এভাগ শৰাই শলিতাৰে নামঘৰত প্ৰাৰ্থনা জনোৱা হয়।
আমাৰ গ্ৰাম্য সমাজত অঘোষিতভাবেই ভাওনাৰ প্ৰতি ৰাইজৰ একধৰণৰ ভক্তিভাব আছে। কেৱল মনোৰঞ্জনৰ অংগ নহৈ ভাওনাত ভক্তি আৰু আমোদ দুয়োৰে উপস্থিতি লক্ষণীয়। ঈশ্বৰত্বৰ প্ৰকাশ থকা বাবেই ভাওনা পৰিৱেশন কাৰ্যও অতি ভক্তি ভাবেৰে কৰা হয়। উদাহৰণস্বৰূপে সূত্ৰধাৰ, গায়ন-বায়ন আৰু শ্ৰীকৃষ্ণৰ ভাও লোৱাসকলে আগদিনা উপবাসে থাকি পিছদিনা লঘু আহাৰ গ্ৰহণ কৰি দিনৰ ভাগত ৰাইজৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি নামৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে। ভাওনাৰ দিনা নামঘৰত এটি পৱিত্ৰ অনুষ্ঠানৰূপে পালন কৰা হয়। ভাওনাৰ শেষত নাট সামৰণিৰে ভাওনাৰ সমস্ত পৰ্বৰ সমাপ্তি ঘটোৱা হয়। অংকীয়া নাটৰ বা ভাওনাৰ প্ৰধান বৈশিষ্ট্যসমূহ এনেধৰণৰ–
•     সপ্ত বৈকুণ্ঠ, পূৰ্ণব্ৰহ্মৰ প্ৰতীক [সাত খলপীয়া সিংহাসন]
•    এক শৰণ নামধৰ্মৰ প্ৰতীক [থাপনাৰ কাষতে মূঢ়াৰে সৈতে আঢ়ৈ ফুটমান ওখকৈ পোতা কলগছৰ মূঢ়াটোৰ মাজতে খোৰোং কৰি, তাত তেল আৰু আৰৈ চাউল দি মাজতে সূতা মেৰোৱা শলা এডাল পুতি জুই লগাই কৰা পোহৰ বন্তি]
•    অগ্নিগড় [নৱবিধ ভক্তিৰ ৰূপ প্ৰকাশ]
•    আৰিয়া [শ্ৰৱণ-কীৰ্তন ভক্তি]
•    আঁৰ কাপোৰ [মায়া] আৰু মহতা [গুৰুৰ দ্বাৰা ভক্তি জ্ঞান প্ৰদান]


ভাওনা পৰিৱেশন কৰোঁতে ভাৱৰীয়াসকলক ভাওনাৰ থলিলৈ আনোতে আঁৰ কাপোৰ ব্যৱহাৰ কৰা হয়। ভাৱৰীয়াই নামঘৰৰ মজিয়াত ৰভাৰ খলাখনত আঁঠুলৈ সেৱা কৰাৰ পাছত খোলাত চাপৰ জোৰালৈকে আঁৰ কাপোৰখনে আঁৰ দি দৰ্শকৰ মনত উৎকণ্ঠা জগায়। আঁৰ কাপোৰৰ ব্যৱহাৰ অগ্নিগড়ৰ পৰা আৰম্ভ কৰি সকলো ভাৱৰীয়া প্ৰৱেশত কৰা হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ নাটত নাট, নাটক আৰু যাত্ৰা শব্দহে ব্যৱহাৰ কৰিছে। মাধৱদেৱৰ নাটত ঝুমুৰা, যাত্ৰা আদি শব্দ ব্যৱহাৰ হৈছিল।  নাটসমূহৰ বিষয়বস্তু মূলত ভক্তিধৰ্ম প্ৰচাৰক যদিও সাত্বিক অভিনয়হে মূল কথা। ‘অংকীয়া নাট’ অভিধাটো পিছত চৰিতকাৰ সকলেহে ব্যৱহাৰ কৰিছে। নাটৰ বিভাগবোৰক ‘অংক’ বোলা হয়।
ভৰত মুনিৰ মতে ৰূপক দহবিধ আৰু উপৰূপক ওঠৰবিধ। ৰূপকৰ অংক বা উৎসৃষ্টিকাংক আৰু উপৰূপকৰ হল্লীসৰ লগত অংকীয়া নাটৰ কিছু সাদৃশ্য বা মিল আছে। কিন্তু মূল লক্ষণবোৰৰ ক্ষেত্ৰত অমিলো আছে। অংকীয়া নাটকক এক অংক বিশিষ্ট নাট বোলা হয়। ভাওনা হ’ল নাট, নৃত্ত আৰু নৃত্যৰ সমাহাৰ। নৃত্ত আৰু নৃত্য হ’ল মূকাভিনয় কিন্তু শ্লোক, বচন, গীত, পয়াৰবিলাকৰ লগে লগে নৃত্য বা নাচৰ চাল-চলন মুদ্ৰা আদিও থাকে। ভাওনাত ভাৱৰীয়া প্ৰৱেশৰ খোলৰ চেৱৰ কিছু পাৰ্থক্য ঠাইভেদে দেখা পোৱা যায়। ভাওনাৰ আৰম্ভণিতে গায়ন-বায়নৰ জোৰাগোৱা পৰ্বটো অতি গুৰুত্বপূৰ্ণ। ভাওনাৰ দিনা কীৰ্তনঘৰ, নামঘৰ পৰিষ্কাৰ কৰি সুন্দৰকৈ সজাই তোলা হয়। সূত্ৰধাৰ প্ৰৱেশৰ আগতে নগছি বন্তিৰে ‘অগ্নিগড়’ প্ৰৱেশ পথত দুজনে ধৰি ৰাখে আৰু আঁৰ কাপোৰ ধৰি সূত্ৰৰ প্ৰৱেশৰ লগে লগে মহতা জ্বলাই কীৰ্তনখন বা ৰভাঘৰ পোহৰ কৰি ৰাখে। তেনেকৈ কৃষ্ণ, ৰাম বা বিশেষ ৰজাৰ প্ৰৱেশতো আঁৰ কাপোৰ ধৰে। বন্তি, মহতা বা আঁৰিয়াবোৰ মিঠাতেলৰ দ্বাৰাই জ্বলোৱা হয়। অগ্নিগড়ৰ নগছি বন্তি হ’ল ন বিধ ভক্তিৰ প্ৰতীক। কেতিয়াবা ৰজা-মন্ত্ৰীৰ প্ৰৱেশত ফুলজাৰি জ্বলোৱা হয়। সেইবোৰ য-খাৰ, বগৰীৰ এঙাৰ, বাহক তিতাৰ এঙাৰ গুড়ি কৰি তৈয়াৰ কৰা হৈছিল।
অংকীয়া নাট বা ভাওনাৰ নৃত্যক ন-প্ৰকাৰত বিভক্ত কৰা যায়।
•    গায়ন-বায়নৰ নাচ
•     সূত্ৰধাৰী নাচ
•    গোসাঁই নাচ
•     মাইকী বা স্ত্ৰী নাচ
•    অন্যান্য ভাৱৰীয়া প্ৰৱেশৰ নাচ
•     যুদ্ধৰ নাচ
•    গীত-শ্লোক-ভটিমাৰ নাচ
•     খৰমানৰ নাচ
•    ভঙ্গী নাচ
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা অংকীয়া নাটবোৰত কাহিনী বা সংলাপতকৈ নৃত্যৰ ওপৰতহে বেছি গুৰুত্ব দিছিল। নাটত নৃত্যৰ পয়োভৰ ইমান অধিক যে শংকৰদেৱে নিজে কেতিয়াবা নাটক নাট নুবুলি নৃত্য বুলিহে আখ্যা দিছিল। সংলাপৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই ৰুক্মিনীহৰণ নাটৰ দৰে পূৰ্ণাংগ কাহিনীযুক্ত নাটককো শংকৰদেৱে নাট বুলি নকৈ নৃত্যহে বুলিছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহ সংগীত প্ৰধান। শংকৰদেৱে বৈকুণ্ঠপট আঁকি দৰ্শকৰ আগত দেখুওৱা ‘চিহ্ন যাত্ৰা’ ভাওনা স্থিৰচিত্ৰ আছিল। সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে মনোমোহা কৰি তুলিছিল। যাৰ বাবে তেওঁ নিজেই বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিৱেশন কৰাইছিল। ভাওনাত ব্যৱহৃত অৱনদ্ধ বাদ্যৰ ভিতৰত খোল, মৃদংগ, নেগেৰা আদি পৰে। টান পদাৰ্থৰে স্পৰ্শ কৰি বজোৱা বাদ্যৰ ভিতৰত পাতি তাল, ভোৰ তাল, বৰকাঁহ, খেৰেঙী তাল, খুটি তাল, মঞ্জিৰা আদি অন্যতম। ভাওনাত পূৰ্বে তাঁৰযুক্ত বা তত্ বাদ্যৰূপে চাৰেন্দাৰ আৰু ৰবাৰ প্ৰচলন আছিল যদিও বৰ্তমান এইবোৰৰ ব্যৱহাৰ লুপ্ত। এইসমূহৰ ঠাই বেহেলা আদি বাদ্যই পূৰণ কৰিছে। ভাওনাত ব্যৱহৃত সুষিৰ বাদ্য হৈছে শঙ্খ, কালি, বাঁহী ইত্যাদি।
অংকৰী নাটত বা ভাওনাত ভাও অনুসৰি ভাৱৰীয়াসকলক বাছনি কৰি সাজ-পোচাক নিৰ্দিষ্ট ৰূপে দিয়া হয়। গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ বগা সাজ আৰু মূৰত বগা পাগ থাকে। ৰামৰ চৰিত্ৰৰ বাবে গা আৰু হাতত নীল, হালধীয়া ৰং মিশ্ৰিত অনুলেপন সানি কপালত দীঘল ফোট, মাজত গেৰুৱা ধূতি আৰু ৰঙীন চেলেংচাদৰ। হাত আৰু বাহুত বাজু, ভৰিত কিংকিনি থাকে। কৃষ্ণ আৰু বলৰামৰ ক্ষেত্ৰত কৃষ্ণক গেৰুৱা-হালধীয়া ধূতি, গাত গেঞ্জী, পিঠিয়া আৰু বুকুৰফালে বুকুৱা, গাত ৰঙীণ চেলেং চাদৰ, কঁকাল বান্ধনী, মুখ- হাতত বগা, হালধীয়া আৰু নীল মিশ্ৰণ কৰি প্ৰস্তুত কৰা অনুলেপন, কপালত দীঘলীয়া ফোট, হাত আৰু ভৰিত বাজু, মণি-মুকুতা সজোৱা ৰাজকীয় পোচাক, ভৰিত জুনুকা বা নূপূৰ, কঁকালত বান্ধনী, ৰঙীণ শাৰী, ডিঙিত মণি-মুকুতাৰ মালা বা ফুলৰ মালা, মূৰত কীৰিতি বা মুকুট, হাতত বাজু, ভীমৰ মূৰত বাৰ্বি, গাত গাঁঠি চোলা, মাণিক-মুকুতা লগোৱা পোচাক, কঁকাল বান্ধনী, পিন্ধনত ৰঙীণ শাৰী, হাত-বাহুত বাজু, ডিঙিত ৰাজকীয় মালা বা মণি, ঋষি-মুনিসকলৰ মূৰত জঁটা, মুগা-ক’লা বৰণৰ গাত অনুলেপন, হালধীয়া ধূতি, হালধীয়া চেলেং-চাদৰ, হাত-ডিঙিত মালা, কপালত চন্দনৰ দীঘল ফোঁট, হাতত কমন্দলু, চিমতা, কিছুমানে জঁটাতো ফুলৰ মালা পিন্ধা দেখা যায়। অসুৰৰ ৰজা-মন্ত্ৰীসকলে মণি-মুকুতা, গদা, ত্ৰিশূল, হাত-বাহুত বাজু, মূৰত চুলি, হাতত শূল লৈ প্ৰৱেশ কৰা দেখা যায়। সকলোবিলাক ভাৱৰীয়াই ভৰিত জুনুকা বা নূপূৰ পিন্ধে, কাণত কুণ্ডল, মণি আদি পিন্ধা দেখা যায়। উপৰ্যুক্ত সাজ পোচাকবোৰ প্ৰচলিত ৰূপত দেখাৰ ধৰণে বৰ্ণোৱা হৈছে। ঠাইভেদে ৰূপসজ্জা আৰু পোচাকৰ পাৰ্থক্য লক্ষণীয়।
বৰ্তমান সময়ত মাতৃভাষা ভাওনাৰ সংখ্যাই বেছিকৈ বৃদ্ধি পাইছে। শংকৰদেৱৰ পিছৰ সময়ছোৱাত অসমীয়া আৰু প্ৰাচীন সাহিত্যৰ শব্দৰ সংমিশ্ৰণেৰে বহু ভাওনা নাট ৰচনা হ’ল। সেই মাতৃভাষা ভাওনাৰ নাটসমূহত ব্ৰজাৱলীৰ পৰিৱৰ্তে কথিত অসমীয়া ভাষাৰ কিঞ্চিত পৰিৱৰ্তিত ৰূপ এটাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ কৰা দেখা যায়। মাতৃভাষা নাট ভাওনাৰ লগে লগে ব্ৰজাৱলী ভাষাই এটা সৰলীকৰণ ৰূপ লাভ কৰে। উজনি অসমৰ নাটসমূহ উল্লিখিত ধৰণৰ ভাষাৰে ৰচিত হ’লেও অসমৰ নগাঁও অঞ্চলত ব্ৰজাৱলী ভাষাৰ প্ৰচলনেই অব্যাহত থাকিল। ঊনবিংশ-বিংশ শতিকাৰ উজনি অসমত মাতৃভাষা ভাওনা জনপ্ৰিয় হৈ পৰে। কিন্তু এই নাট্য পৰম্পৰাৰ মনোৰম আবেদন অসমৰ চুকে কোণে প্ৰচাৰ প্ৰসাৰ লাভ কৰাৰ প্ৰয়োজন আছে। অসমৰ কোনো অঞ্চলত ভাওনাৰ পয়োভৰ কম। ইয়াৰ প্ৰচাৰ প্ৰসাৰ হোৱা উচিত।

(লেখক চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ ছাত্ৰ)


তথ্য সংগ্ৰহ –
১) ভাওনা ঃ লোহিত চন্দ্ৰ দেৱগোস্বামী, ৰামধেনু, দৈনিক অসম, ২৫ মে’, ২০১২।
২) গোলাপ মহন্ত [জানুৱাৰী-২০০৩] ভাওনা দৰ্পন প্ৰকাশক যোৰহাট জিলা সংকলন কোষ সমিতি, ন-আলি ঢেকিয়াজুলি, যোৰহাট জিলা, পৃষ্ঠা ৪০, ৪১।
৩) ড॰ নবীন চন্দ্ৰ শৰ্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বনলতা।
৪) ড॰ জগন্নাথ মহন্ত [জানুৱাৰী ২০০৩], ভাওনা দৰ্পন, প্ৰকাশক যোৰহাট জিলা, সংকলন কোষ সমিতি, ন-আলি ঢেকিয়াজুলি, যোৰহাট জিলা, পৃষ্ঠা ৪০।
৫) ইণ্টাৰনেট।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!