আলোপতিত আলু খেতি

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

অসমৰ চৰ এলেকাক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰ্চা হৈ আহিছে। মাজুলীৰ লগতে সংখ্যালঘু এলেকাত থকা চৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সুকীয়া বিভাগো আছে। ২০০২- ২০০৩ চনৰ আৰ্থ সামাজিক সমীক্ষাত প্ৰকাশ হোৱা মতে ৰাজ্যৰ মুঠ মাটিৰ ৩ লাখ ৬০ হাজাৰ হেক্টৰ মাটি চৰ এলেকাৰ বুলি উল্লেখ কৰা হৈছে। চৰৰ মুঠ জনসংখ্যা হৈছে ২৫ লাখ। ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহৰ চৰ এলেকাত হোৱা খহনীয়া সমস্যাই ৰাইজক সমস্যা বৃদ্ধি কৰিছে। তথাপি চৰৰ বাসিন্দাই খেতিত গুৰুত্ব দি আহিছে। চৰৰ খেতিয়কে বছৰত কেইবাবাৰো খেতি কৰে। ধান, মটৰ, পাচলি, সৰিয়হৰ লগতে চৰৰ আলু খেতিয়ে অসমক আত্মনিৰ্ভৰশীল হোৱাৰ পথ মুকলি কৰিছে। অৱশ্যে কৃষি বিভাগ সতৰ্ক হৈ কাম নকৰাৰ বাবে খেতিয়কে যেনেকৈ ইচ্ছা তেনেকৈ সাৰ ব্যৱহাৰ কৰাত বিপদ বৃদ্ধি হৈছে। এইক্ষেত্ৰত কৃষি বিভাগে সজাগতা সৃষ্টি কৰাত গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। শেহতীয়া আলোপতি চৰৰ খেতিয়কে আলু খেতিৰে বিপ্লৱ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে। আলু খেতিৰে অসম আত্মনিৰ্ভৰশীল হ’ব পাৰিলে বছৰে ৰাজ্যৰ কেইবাহাজাৰ কোটি টকা লাভ হ’ব পাৰে।
এইক্ষেত্ৰত বৰপেটা জিলাৰ আলোপতি চৰে দেখুওৱাবলৈ সক্ষম হৈছে অনন্য উদাহৰণ। তেখেতসকলে আলু খেতিৰ উৎপাদনৰ জৰিয়তে অসমৰ আলুৰ চাহিদা পূৰণত বিশেষ অৱদান যোগাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে কামৰূপৰ নগৰবেৰাৰ পৰাও আলোপতিলৈ যাব পাৰি। এই চৰৰ পাঁ‌চখন গাওঁ পঞ্চায়তৰ বিভিন্ন অংশত পথাৰে পথাৰে এতিয়া আলু খেতিৰ এখন বিশাল প্ৰতিচ্ছবি দেখা পোৱা গৈছে। এই লেখকক আলোপতি চৰৰ লুইতপৰীয়া মহাবিদ্যালয়ৰ এগৰাকী কলেজ শিক্ষক ছামচুল আলমে জনাইছে যে এই চৰত বছৰ বছৰ ধৰি আলু খেতিৰ বিশাল আয়োজন হৈ আহিছে। এইবাৰ আলোপতি চৰৰ অন্তৰ্গত কৰাইখাইতি, আলোপতি, বাঘমৰা, খোলাবন্ধা আদি চৰ অঞ্চলৰ পৰা প্ৰায় ৪০০০ বিঘা মাটিত আলু খেতি হৈছে। এবিঘা মাটিত গড়ে প্ৰায় ৩০-৫০ কিলো আলু উৎপাদন হয়। সেই হিচাপত ফেব্ৰুৱাৰী পৰ্যন্ত কেইবালাখ কিলোগ্ৰাম আলু এই চৰৰ পৰা যোগান ধৰিবলৈ সক্ষম হ’ব। সংশ্লিষ্ট পক্ষই এই কথাও জনাইছে যে যদিহে মধ্যভোগীয়ে বজাৰত জুই নলগাই তেন্তে সময়ান্তৰত প্ৰচলিত বজাৰমূল্যতকৈ প্ৰায় ৫-৮ টকা কমকৈ ৰাইজে এই আলু ক্ৰয় কৰিব পাৰিব।
উল্লেখ্য যে আলুখেতিৰ বৃহৎ বজাৰ উন্মুখ দিশটোত অঞ্চলটোৰ বহু কেইজন শিক্ষিত লোকে কাম কৰি আছে। উদাহৰণ স্বৰূপে আলোপতিৰ কমাৰপাৰাৰ ইনামূল হক, চাইফুল ইছলাম, আদম আলী। আদম আলীৰ নেতৃত্বত এটা স্বেচ্ছাসেৱী সংগঠনে কৃষক সকলক উদগনি যোগাবলৈ বিভিন্ন সমাজহিতৈষী কামতো জড়িত হৈছে। তেওঁলোকে এই আলু খেতিৰ বজাৰ লাভৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগো কামনা কৰিছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ আলোপতি চৰত প্ৰৱেশ কৰাৰ পূৰ্বেই জলজলি নামৰ এখন উপনৈ পোৱ যায়। এই উপনৈৰ ওপৰত কেইবাখনো বাঁ‌হৰ সাঁ‌কো নিৰ্মাণ কৰি ঘোঁৰা আৰু মহৰ গাড়ীৰে উৎপাদিত সামগ্ৰী পৰিবহণ কৰা হয়। অঞ্চলটোৰ এগৰাকী কৃষি সংগঠক আদম আলীয়ে জনাইছে যে যোৱা বছৰ তিনিমাহ সময় এনেকৈ সাঁ‌কোৰে খেতিয়কসকলে ঘোঁৰা আৰু মহৰ গাড়ীৰে বজাৰলৈ আলু বোজাই কৰি পৰিবহণ কৰি অত্যন্ত কষ্টৰে তেওঁলোকে কৃষিকৰ্ম কৰি আহিছে। এইবাৰ আলুৰ উৎপাদন বৃদ্ধি পাইছে। সেই অনুসাৰে এনেকৈ দিনে নিশাই এই অঞ্চলৰ লোকে আলু পৰিবহণ বজাৰ দখল কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে এই বিষয়ত লেখকৰ এখন বিস্তৃত প্ৰতিবেদন দৈনিক অসমত কাকতত প্ৰকাশ কৰা হৈছিল। কিন্তু গুৰুত্বপূৰ্ণ কথা এইযে সততে ভিন্ন দৃষ্টি নিৱদ্ধ কৰা এই চৰ চাপৰিৰ লোকসকলে কষ্টৰে কিমান ডাঙৰ এক কৃষি অৰ্থনীতিত অংশগ্ৰহণ কৰিছে সেয়া মন কৰিবলগীয়া। অসমৰ বিভিন্ন সাৰুৱা ভূমিত বিভিন্ন বতৰীয়া শাক-পাচলিৰ খেতি কৰি আমাৰ ৰাইজ কেনেকৈ উপকৃত হ’ব পাৰে, সেই কথাখিনিৰ বাট পোনোৱাৰ সময় সমাগত। সংশ্লিষ্ট কৃষি বিভাগে উক্ত অঞ্চলসমূহৰ কৃষি ক্ষেত্ৰক বিশেষ সহায়ৰ হাত আগবঢ়োৱা বা আগনবঢ়োৱা আদি বিভিন্ন কথা এই প্ৰতিবেদন প্ৰস্তুতকালত আমি সংগ্ৰহ কৰিছিলোঁ। কিন্তু উক্ত পৰিশ্ৰমী খেতিয়কসকলে এইবোৰ দিশৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কেৱল আলু খেতিৰ মাধ্যমেৰে কিমানখিনি অৰ্থনৈতিক লাভালাভ কৰিবলৈ সক্ষম হৈছে, সেই কথাবোৰ আমি হৃদয়ংগম কৰাৰ প্ৰয়োজন হৈছে। তেওঁলোকে প্ৰচলিত খেতিৰ মাজত উলম্বভাবে অন্যান্য খেতিসমূহ সংযোগ কৰিও বাণিজ্য কৰিবলৈ সক্ষম হৈছে। আলুৰ মাজে মাজে ৰঙালাও খেতি কৰিও তেওঁলোক লাভৱান হৈছে। বিভিন্ন বহিৰাগত বনিয়াই আলু, পিঁয়াজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মুনাফা লাভ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। কিন্তু এনেক্ষেত্ৰত আমাৰ স্থানীয় খেতিয়কসকলে থলুৱা উৎপাদনেৰে বজাৰৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’লে বজাৰত বৰ্ধিত দামৰ জুই নিৰ্বাপিত হ’ব বুলি আশা কৰিব পাৰি। আলোপতিৰ খেতিয়কসকলৰ পৰা শিকিব লগা দিশসমূহ হৈছে তেওঁলোকে বৰষুণৰ বাবে খেতিত কোনো কোনো সময়ত লোকচানৰ সন্মুখীন হ’লেও হতাশ নহৈ দুগুণ উৎসাহেৰে পুনৰ খেতিৰ যতন লৈ বজাৰ দখলৰ বাবে হাড়ভঙা পৰিশ্ৰম কৰিছে। এইক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ আলু ক্ৰয় কৰি বিস্তৃত বজাৰৰ সুবিধা দিব বুলি আশা ব্যক্ত কৰিছে আলোপতিৰে এগৰাকী শিক্ষিত খেতিয়ক ইনামূল হকে।
আন এক দৰকাৰী কথা হ’ল আলোপতিৰ দৰে এই চৰ অঞ্চলবোৰত পৰিবহণৰ যথেষ্ট অসুবিধা থকা সত্ত্বেও কেতিয়াবা নাৱত, কেতিয়াবা ঘোঁৰা গাড়ী, মহগাড়ীৰে ফচল সৰবৰাহ কৰি সকলো বাধা অতিক্ৰমী লাভ আহৰণ কৰিবলৈ সক্ষম হৈছে। তেনেস্থলত তেওঁলোকৰ কষ্টসহিষ্ণু ভাবধাৰাৰ পৰা অসমৰ মানুহে কিছু উপলব্ধি আহৰণ কৰাৰ অৱকাশ নিশ্চয়কৈ আছে। আমৰ বহুত খেতিয়কে বা উদ্যমী যুৱ প্ৰজন্মই ব্যৱসায়, কৃষি ইত্যাদিত সৰু-সুৰা সমস্যাৰ মুখামুখি হ’লেই বাট হেৰুৱায়। এই কষ্টসহিষ্ণু লোকসকলৰ পৰা আমি কিন্তু শিকা উচিত। অন্যথা আমি ৰাজ্যৰ তথা দেশৰ স্বাভাৱিক নিয়মীয়া অৰ্থনীতিলৈ কোনো উৎপাদনশীল অৱদান যোগাবলৈ সক্ষম নহ’ম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!