তেজীমলা: শব্দৰ পৰা ছবিলৈ

লেখক- ববিতা শৰ্মা

হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰে নাৱৰীয়া তই?
মানুহে ফুলৰ কি জানে আদৰ
তেজীমলা হে মই।

তেজীমলা। শিলে শিলে ঠেকা খাই ভৈয়ামলৈ ঢাপলি মেলা এটি পৰ্বতীয়া জুৰিৰ‌ দৰে চঞ্চল, শিশুৰ আধা ফুটা মাতষাৰৰ দৰে মিঠা, আধা ফুলা ফুল কলিটোৰ দৰে মনোমোহা, কিশোৰী মনৰ স্বপ্নৰে আলোড়িত এক নাৰীৰ নাম। ঠিক কিশোৰী বুলি ক’লেও হয়তো ভুল কৰা হ’ব। কিশোৰীৰ সাজ খহাই, মুখত অবুজন হাঁহি এটা লৈ উঠন গাভৰু হোৱাৰ পথত ডিঙি মেলি চোৱা এটা আলসুৱা নাম, তেজীমলা। যাৰ খোজত পদুম ফুলে, হাঁহিত মুকুতা সৰে। চাৱনিত বিয়পি পৰে তেজগোঁৰা বেলি। ওৰে দিনটো হৰিণী পোৱালিটিৰ দৰে সমনীয়াৰ লগত নাচি-বাগি, হাঁহি-ধেমালি কৰি জঁপিয়াই ফুৰা তেজীমলা কোনোবা সাউদৰ হিয়াৰ আমঠু। সৰুতেই মাতৃ মৰমৰ পৰা বঞ্চিত হোৱা আজলী তেজীমলাক লৈ সাউদৰ চিন্তাৰ সীমা নাই। কাৰ হাতত নো তেজীমলাক নিচিন্ত মনেৰে গতাই তেওঁ বাণিজ বেহাবলৈ যায়! উপায় ওলাল। সাউদৰ ভাৱনাৰ অন্ত পৰিল। সাউদৰ দ্বিতীয় পত্নী হৈ তেজীমলাৰ জীৱনলৈ এজনী নতুন মাক আহিল। মাক শব্দটোৰ মাহীমাকলৈ ৰূপান্তৰ ঘটিল। মানৱতাক ভূ-লুণ্ঠিত কৰি, মাতৃ মমতাক বুঢ়া আঙুলি দেখুৱাই সাউদৰ অনুপস্থিতিত তেজীমলাৰ নতুন মাকে তাইক ঢেঁকীৰে খুন্দি নিষ্কণ্টক অনুভৱ কৰিলে। কিন্তু সঁচাকৈয়ে নিষ্কণ্টক হ’ল নে বাৰু তেজীমলাৰ মাহীমাক! লাউ হৈ, জৰা হৈ, ফুল হৈ মানুহৰ নিষ্ঠুৰতা কিমানলৈ যাব পাৰে তাৰে প্ৰমাণ ল’বলৈ তেজীমলা বাৰে বাৰে মা‌নুহৰ মাজলৈ উভতি আহিল। বাৰে বাৰে তেজীমলাই ‘মাহীমাক’ নামৰ চৰিত্ৰটিক মানুহৰ বাবে এক সাঁথৰ কৰি তুলিলে। কেৱল তেজীমলাৰ বাবেই ‘মাহীমাক’ নামৰ চৰিত্ৰটিত অবিশ্বাসৰ প্ৰলেপ পৰিল। যি প্ৰলেপে যুগে যুগে চৰিত্ৰটিক সন্দেহৰ আৱৰ্তত ৰাখিলে। যাৰ বাবে ভালেমান নাৰী সতীয়া সন্তানৰ মাক হৈয়ো মাহীমাকেই হৈ থাকিল।

তেজীমলা অসমীয়া লোক সাহিত্যৰ চহকী পথাৰ খনত আপোনাআপুনি বিকশিত হোৱা এপাহ বনৰীয়া ফুল। সাহিত্যৰথীয়ে এই বনৰীয়া ফুলপাহ যতনেৰে উভালি আনি ঘৰৰ ফুলনি সজালে। ফুলপাহৰ সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰিলে। অসমীয়া সমাজৰ বাবে তেজীমলা হৈ পৰিল ৰূপকথাৰ জনপ্ৰিয় নায়িকা।

হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰে নাৱৰীয়া তই?
পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে
তেজীমলা হে মই।

মানুহৰ নিষ্ঠুৰতাৰ সাক্ষী হৈ ফুল হৈ ফুলি ৰোৱা তেজীমলাৰ কৰুণ বিননিয়ে মানুহৰ হৃদয় চুই যায়। এই বিননি হৃদয়ৰ পৰা হৃদয়লৈ বাগৰে। তেজীমলাৰ মূৰত ঢেঁকীৰ শেষৰ চাবটো এৰি দি নাৰী মমতাক চিৰদিনৰ বাবে সন্দেহৰ আওতালৈ লৈ যায় তেজীমলাৰ মাহীমাকে। নাৰীৰ মমতাময়ী ৰূপত কলঙ্ক সানে তেজীমলাৰ কৰুণগাঁথাই। কলংক সানে নাৰী ‘স্বভাৱিকভাৱে কোমল মনৰ’ বুলি থকা খ্যাতিতো। যি কলঙ্কৰ বোজা যুগে যুগে বব লগা হয় কোনোবা পুৰুষৰ দ্বিতীয় পত্নী হৈ মাতৃহীন সন্তানক বুকুৰ উম দি ডাঙৰ কৰিব খোজা মাহীমাক নামধাৰী এচাম নাৰীয়ে। তেজীমলাই মানৱ সমাজলৈ এৰি যায় অলেখ প্ৰশ্ন। তেজীমলাৰ সাধুৱে জন্ম দিয়া তথাকথিত ‘মাহীমাক’ শ্ৰেণীটো সঁচাকৈয়ে বাৰু ইমান নিষ্ঠুৰনে? মাহীমাক আৰু সতীয়া সন্তানৰ মাজত ইতিবাচক সম্পৰ্ক সম্ভৱ নহয় নেকি? তেজীমলাৰ কাহিনীয়ে সমাজলৈ এক নেতিবাচক বাৰ্তা বহন কৰা নাই নে? এনে ধৰণৰ অলেখ প্ৰশ্নই মানুহৰ মনত দোলা দি যায়। এই প্ৰশ্নবোৰৰ সমাধানৰ বাট কাটি আধুনিক যুগত ভালেমান লেখকে তেজীমলাৰ কাহিনীটো বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰিছে। নাৰী মনস্তত্ত্বক নতুন দৃষ্টিভংগীৰে বিশ্লেষণ কৰি তেজীমলাক আধাৰ কৰি এইচাম লেখকে সৃষ্টি কৰিছে কিছুমান নতুন সাহিত্য। আনহাতে, তেজীমলা কাহিনীটোত প্ৰতিফলিত হোৱা মানৱতাবাদৰ স্খলিত ৰূপক তুলি ধৰি আন এচাম লেখকেও সাহিত্য ৰচনা কৰি গৈছে।

তেজীমলা অসমীয়া সমাজৰ আপোন নাম। সাহিত্যৰ এক চিনাকি চৰিত্ৰ। তেজীমলাৰ কাহিনীত মানৱতাৰ ভূ-লুণ্ঠিত ৰূপ তথা মানুহৰ মনৰ ঈৰ্ষা আৰু নিষ্ঠুৰতাক বৰ সাৰ্থকভাৱে ফুটাই তোলা হৈছে। ৰূপকথাত তেজীমলা ‘সুন্দৰ আৰু সৰলতা’ৰ প্ৰতীক। তেজীমলাৰ মাহীমাক ‘ঈৰ্ষা আৰু নিষ্ঠুৰতা’ৰ প্ৰতীক। ‘সুন্দৰ আৰু সৰলতা’ক অসুন্দৰ আৰু নিষ্ঠুৰতাই সদায় নিজৰ অধীন কৰিব খোজে। আনহাতে ঈৰ্ষাই মানুহক নিজৰ নিয়ন্ত্ৰণৰ বাহিৰ কৰে। তেজীমলাৰ কাহিনীত প্ৰতিফলিত হোৱা এইবোৰ বাৰ্তা মানুহৰ মাজলৈ লৈ যাবলৈকে ‘তেজীমলা’ৰ কাহিনীভাগক দৃশ্যমান কলালৈ উত্তৰণ ঘটোৱা হৈছে। কাহিনী ভাগক নাট্যৰূপ দিয়া হৈছে আৰু সফলতাৰে মঞ্চস্থ কৰা হৈছে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই একে নামেৰে এখন অনাতাঁৰ নাটো প্ৰচাৰ কৰাৰ কথা মনত পৰে। ভ্ৰাম্যমাণ থিয়েটাৰতো তেজীমলাৰ কাহিনী আধাৰিত নাট সফলতাৰে মঞ্চস্থ কৰা হৈছে। ‘তেজীমলা’ নয়নতৰা থিয়েটাৰৰ ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ নাট। সাহিত্য আৰু মঞ্চৰ পৰা তেজীমলাক চেলুলয়ডৰ পৰ্দাত প্ৰথমবাৰৰ বাবে উপস্থাপন কৰি দেখুৱাই শ্ৰদ্ধাৰ আনোৱাৰ হুছেইনে। ১৯৬৩ চনত তেখেতে বেজবৰুৱাৰ কাহিনীৰ আধাৰত গুৱাহাটীৰ কুমাৰপাৰাৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিল। ইন্দিৰা বৰুৱা, বীণা বৰুৱা, অনুৰাধা দেৱী, ৰোহিনী বৰুৱা আদিৰ অভিনয়েৰে নাৰীকেন্দ্ৰিক এই ছবিখনৰ সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈ। ছবিখনে আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অৱ মেৰিট’ লাভ কৰে। এই ছবিখনৰ পাছত অনামিকা প্ৰডাকচন, এন. জে. প্ৰডাকচন, দীপজ্যোতি দাস আদিৰ পৰিচালনাত একে নাম আৰু একে কাহিনীৰে আন কেইবাখনো ছবি নিৰ্মাণ কৰা হয়।

তেজীমলাৰ জনপ্ৰিয়তাই বহুতকে সৃষ্টিৰ প্ৰেৰণা যোগায়। ভালেমান চিত্ৰ শিল্পীয়ে মানুহৰ মন চুই যোৱা তেজীমলাৰ কৰুণ গাঁথাক ছবিৰে ফুটাই তোলাৰ প্ৰয়াস কৰিছে। ৰং আৰু তুলিকাৰে এওঁলোকে তেজীমলাৰ কাহিনীক লৈ কেইবাখনো Illustrative Story Book প্ৰস্তুত কৰি উলিয়াইছে। পেঞ্চিল আৰ্টৰ‌ উপৰিও ভাৰতৰ এক বিখ্যাত আৰ্টশৈলী ‘মধুবাণী’ও এইবোৰত ব্যৱহাৰ কৰা হৈছে।

তেজীমলা সাৰে আছে
নিয়ৰৰ চকুলোৰে সেমেকা
ফুলৰ পাহে পাহে …

তেজীমলাৰ বিষাদগাঁথাক গীতৰ ৰূপ দিছে অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ শ্ৰদ্ধাৰ মৃণাল কুমাৰ চৌধুৰীয়ে।
দৰদী শিল্পী অণিমা চৌধুৰীয়ে অমিয়া কণ্ঠৰে এই গীতটিত প্ৰাণ ঢালি দিছে। গীতটি অসমীয়া সংগীত জগতৰ এটা জনপ্ৰিয় গীত। একে বিষয়বস্তুৰে আন এটি জনপ্ৰিয় গীত ৰচনা কৰিছে সংগীত শিল্পী শ্ৰদ্ধাৰ জয় বৰুৱাই —

তেজে তেজে
ৰঙা ৰঙা
দিশে দিশে ধোঁৱা ধোঁৱা

সংস্কৃতিৰ জগতৰ পৰা সাহিত্যৰ জগতখনলৈ আহোঁ। বেজবৰুৱাৰ ‘তেজীমলা’ই তেওঁৰ সমসাময়িক আৰু পৰৱৰ্তী সাহিত্যিকসকলক ইমানেই আকৰ্ষণ কৰিছিল যে সাধুকথাৰ তেজীমলাই আধুনিকতাৰ সাজ পিন্ধি আধুনিক সাহিত্যৰ প্ৰায় সকলো কেইটা প্ৰধান শাখাকে ন ন ৰূপেৰে চহকী কৰি তোলে। তেজীমলাৰ কাহিনীক আধাৰ কৰি ৰচিত হোৱা কবিতা, গল্প, প্ৰবন্ধ, উপন্যাস আদিৰে আধুনিক সাহিত্য চহকী হৈছে। এইখিনিতে মনলৈ এটা প্ৰশ্ন আহিছে। বেজবৰুৱাৰ তেজীমলাত এনে কি কথা আছে, যাৰ সন্মোহিনী শক্তিয়ে এটা শতিকাৰো অধিক কাল মানুহক আচ্ছন্ন কৰি ৰাখিছে। তেজীমলাৰ কাহিনী কেতিয়াৰ পৰা সাধু ৰূপত আমাৰ সমাজত প্ৰচলিত আছিল বা কোনে কাক প্ৰথমে তেজীমলাৰ কাহিনী শুনাইছিল তাৰ কোনো তথ্য পোৱা নাযায়। ‌ লোকসাহিত্য সৃষ্টিৰ সময়, স্থান বা পাত্ৰ সদায় অন্ধকাৰতে থাকে। ই লোকসাহিত্যৰ এক প্ৰধান বৈশিষ্ট্য। বেজবৰুৱাৰ সময়তকৈ বহু আগৰে পৰা মৌখিক ৰূপত প্ৰচাৰিত তেজীমলাৰ কাহিনীটো বিচাৰি আনি বেজবৰুৱাই সজাই-পৰাই লিখিত ৰূপ দিলে। বেজবৰুৱাৰ আগৰ বা তেওঁৰ সমসাময়িক সমাজে তেজীমলাৰ কৰুণগাঁথা শুনি যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, সি আছিল সম্পূৰ্ণৰূপে তেজীমলাকেন্দ্ৰিক। তেজীমলাৰ প্ৰতি শ্ৰোতা বা পাঠকৰ অপৰিসীম অনুকম্পাই আন এটি চৰিত্ৰক সদায় সন্দেহৰ আওতাত ৰাখি থৈছে। ‘মাহীমাক’ শব্দটোৰ সংজ্ঞাই যেন তেজীমলাই সলনি কৰি পেলাইছে। মাহীমাক মানেই হৈ পৰে ভয়, সন্ত্ৰাস, নিষ্ঠুৰতা, ঈৰ্ষাপৰায়ণতা আদিৰ এক সন্মিলিত ৰূপ। মাহীমাকৰ অন্তৰত দয়া, মমতা আদিৰ স্থান নাই। নাই মানে থাকিব নোৱাৰে। তেজীমলাৰ কাহিনীয়ে দিয়া অভিধাকে লৈ ‘মাহীমাক’ নামৰ তথাকথিত চৰিত্ৰটিয়ে যুগে যুগে সমাজৰ অপযশ, লাঞ্ছনা-গঞ্জনা নীৰৱে হজম কৰি আহিছে। কিন্তু সময় বাগৰাৰ লগে লগে মানুহৰ পৰিৱৰ্ত্তিত চিন্তা-চৰ্চা, ধ্যান-ধাৰণাই তেজীমলাৰ কাহিনীৰ নতুন নতুন বিশ্লেষণৰ বাট কাটি দিলে। তেজীমলাৰ মাহীমাকৰ মনস্তত্ত্ব নতুন দৃষ্টিভংগীৰে মানুহে চাবলৈ ল’লে। পুৰুষ প্ৰধান সমাজ এখনত এগৰাকী নাৰী এজন পুৰুষৰ দ্বিতীয় পত্নী হৈ, তেওঁৰ সন্তানৰ দ্বিতীয় মাতৃ হৈ কি ধৰণৰ সমস্যাৰ মুখামুখি হয়, তাক ভাবিবলৈ সমাজৰ আহৰি আৰু ইচ্ছা দুয়োটাৰে অভাৱ ঘটে নেকি বাৰু? দ্বিতীয় পত্নী কৰি অনা নাৰী গৰাকীৰ মানসিক অৱস্থাৰ খতিয়ান ল’বলৈ, তেওঁৰ কথা চিন্তা কৰিবলৈ স্বামী জনৰেই বা আহৰি কিমান? আহৰি ওলালেও ইচ্ছাৰ অভাৱ ঘটে নেকি? ইত্যাদি হাজাৰটা প্ৰশ্নই একে সময়তে কিছুলোকৰ মনত তোলপাৰ লগাইছিল। আনুষংগিকভাবে প্ৰথমা পত্নীৰ অকাল বিয়োগে দিকহাৰা কৰা পুৰুষ এজনৰ মাতৃহাৰা সন্তানৰ প্ৰতি থকা অত্যধিক মৰম আৰু আনুগত্যৰ বাবেও বাৰু তেজীমলাৰ মাহীমাকৰ জন্ম হয় নেকি? আমাৰ সমাজে মাহীমাকৰ ফালে টোৱাই ৰখা সন্দেহৰ আঙুলিটোৱেও সতীয়া মাক আৰু সন্তানৰ মাজৰ সম্পৰ্ক সহজ নোহোৱাত ইন্ধন যোগাই নেকি? আদি কথাবোৰো কিছুলোকে বিচাৰ কৰিছিল। তেজ-মঙহৰ এগৰাকী নাৰীয়ে নিজৰ ইচ্ছা, আশা, আকাংক্ষা সকলো সামৰি আনৰ সন্তানক নিজৰ কৰি লয়। এনে মহানতাকো সমাজে মাহীমাক নাম দি তাচ্ছিল্য কৰে। সন্তান গৰ্ভত ধাৰণ কৰি জন্ম দি লালন-পালন কৰি সন্তানৰ মুখত ‘মা’ সম্বোধন শুনাৰ স্পৃহা সকলো নাৰীৰে থাকে। অথচ মাত্ৰ গৰ্ভত ধাৰণ নকৰাৰ বাবেই নিজৰ বুকুৰ উম দি সতীয়া সন্তানক লালন-পালন কৰা নাৰী মাক নহৈ হৈ পৰে মাহীমাক। এনে কথাবোৰে সন্দেহৰ আৱৰ্তত ৰখা মাহীমাকসকলক তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিবলৈ এচাম লোক আগবাঢ়ি আহিল। নিজৰ সৃষ্টিৰ মাজেৰে এইচাম সচেতন লোকে ‘মাহীমাক’ শব্দটোৰ পৰিভাষা সলনি কৰিবলৈ সাহিত্যৰ আশ্ৰয় ল’লে। নিজৰ সৰ্বস্ব দিও ‘মাহীমাক’ৰ পৰা ‘মাক’লৈ উত্তৰণৰ পথত হেঙাৰ হৈ ৰোৱা তেজীমলাৰ মাহীমাকজনীক যুক্তিৰ কাঠগঢ়াত থিয় কৰাই এইচাম লেখকে এচাম মহীয়সী নাৰীৰ ত্যাগক স্বীকৃতি দিবলৈ কলমৰ সহায় ল’লে। তেজীমলাৰ মাহীমাকে স্বীকৃতি পালে। তেজীমলাৰ মাহীমাক তেজীমলাৰ মাক হ’ল। এই সকলোবোৰৰ উৰ্দ্ধত তেজীমলাৰ কাহিনীত প্ৰকাশ পোৱা ভূ-লুণ্ঠিত মানৱতাবাদক পুনৰ প্ৰতিষ্ঠা কৰি সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰদানৰ স্পৃহায়ো হয়তো তেজীমলাৰ প্ৰতি লেখকৰ আকৰ্ষণ বঢ়াই তুলিছে।

এতিয়া চাওঁ তেজীমলাৰ মাহীমাকৰ পৰা তেজীমলাৰ মাকলৈ উত্তৰণৰ পথত তেজীমলাৰ কাহিনী ভাগক আধাৰ কৰি সৃষ্টি হোৱা সাহিত্য সম্ভাৰ লৈ। তেজীমলাৰ কাহিনীক আধাৰ কৰি অসমীয়া সাহিত্যত তিনিটা বিখ্যাত কবিতা ৰচনা হৈছে। তাৰে প্ৰথমটো ৰচনা হৈছিল ৰোমাণ্টিক যুগত, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ হাতত —

তেজগোৰা বেলি জিলিঙনি মেলি
সাৱটিব আহি ধৰা,
পুৱাতে মলয়া উঠি ছঁয়া-ময়া
বোলে উঠা তেজীমলা।

দ্বিতীয় কবিতাটি ৰচনা কৰিছিল আধুনিক যুগৰ এজন স্বনামধন্য কবি নৱকান্ত বৰুৱাই —

হাতো নেমেলিবি ফুলো নিচিঙিবি
কৰে গৰখীয়া তই,
মানুহে ফুলৰ নুবুজে আদৰ
তেজীমলাহে মই।

হাতো মেলা নাই ফুলো চিঙা নাই
তোমাৰ নিষেধ আজিও মানিছোঁ
আমাৰ গ্লানিৰ বোকাৰ কুসুম
আমাৰেই তেজীমলা।

তেজীমলাৰ কাহিনীক লৈ তৃতীয়টো কবিতা ৰচনা কৰিছিল আধুনিক যুগৰ আন এজন বিখ্যাত কবি মহেন্দ্ৰ বৰাই —

উভতি আহিবা তুমি
ফুল হৈ নালাগে ফুলিব
চিৰকাল নালাগে ফুলিব।

‘পুনৰ জনম লয় তেজীমলাই’ গল্পকাৰ মনালিছা শইকীয়াৰ এখন গল্প সংকলন। ২০০৪ চনত এই সংকলনটিয়ে মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ‘তেজীমলা’ সাম্প্ৰতিক কালৰ এজন সফল গল্পকাৰ অশোক কুমাৰ নাথৰ এটা উল্লেখযোগ্য গল্প। ঔপন্যাসিক মৃদুল কুমাৰ শৰ্মাই তেজীমলাৰ কাহিনীক আধাৰ কৰি ৰচনা কৰিছে ‘তেজীমলাৰ মাকৰ সাধু’। আঁক-বাক উপন্যাস বঁটাপ্ৰাপ্ত উপন্যাসখনৰ মাজেৰে ঔপন্যাসিকে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পৰিস্থিতিৰ দাস হৈ মানুহৰ সন্দেহৰ গণ্ডীত সোমাই পৰা ‘মাহীমাক’ শ্ৰেণীটোৰ মানসিক অৱস্থাৰ মানৱীয় দৃষ্টিকোণেৰে বুজ লোৱাৰ সচেতন প্ৰয়াস কৰিছে। অনুৰূপ প্ৰচেষ্টাৰে সাম্প্ৰতিক সময়ৰ আন এগৰাকী প্ৰতিশ্ৰুতিসম্পন্না লেখিকা ৰাস্না পালকে লিখি উলিয়াইছে আন এখন সুন্দৰ উপন্যাস ‘ৰ’দালি ৰ’দ দে’। তেজীমলাৰ কাহিনী তথা ইয়াৰ লগত জড়িত প্ৰাসংগিক বিষয়সমূহ আলোচনাৰ আওতালৈ আনি ভালেমান প্ৰবন্ধ ৰচনা হৈছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য প্ৰবন্ধ হ’ল ড° ৰূপাঞ্জলি দেৱীৰ “সাহিত্যৰথীৰ তেজীমলা: নাৰীৰ আহত জীৱনবোধৰ জীয়া কাহিনী।”

এই ৰচনা সমূহৰ উপৰিও আন ভালেমান লেখকে তেজীমলাৰ কাহিনীভাগক আলম কৰি সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে। চ’চিয়েল মিডিয়াৰ এজন জনপ্ৰিয় লেখক ৰাজীৱ শৰ্মাই লেখি উলিয়াইছে এটি সুন্দৰ গল্প ’আধুনিক তেজীমলাৰ সাধু’। এই লেখাৰ লেখিকা ববিতা শৰ্মাৰ ‘তেজীমলাৰ মাক’ নামৰ গল্পটিয়ে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তিনিচুকীয়া শাখাই অসম ভিত্তিত অনুষ্ঠিত কৰা অনুভা বৰুৱা সোঁৱৰণী চুটিগল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।

তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ উত্তৰ-পূব দিশে এখনি সৰু গ্ৰাম্য চহৰ। নাম কাকপথাৰ। এই চহৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এখন ঐতিহাসিক গাঁও তেজী গাঁও। তেজী গাঁৱৰ উৎপত্তি সম্পৰ্কে ভালেমান কিংবদন্তি প্ৰচলিত আছে। তাৰে এক কিংবদন্তি তেজীমলা আখ্যানৰ লগত জড়িত। প্ৰচলিত কিংবদন্তি অনুসৰি গাঁওখনৰ ডাঙৰী নৈৰ পাৰতে থকা পুখুৰী দুটা তেজীমলাৰ কাহিনীৰ পৰাই ‘তেজীমলা পুখুৰী’ নামেৰে জনাজাত হৈছে। দুয়োটা পুখুৰী কোনোবা ধনী সদাগৰে নিজৰ জীয়েকৰ স্মৃতিত খন্দাইছিল বুলি প্ৰবাদ আছে। ১নং তেজীমলা পুখুৰী দীঘলে ৩৪০ ফুট, বহলে ২২০ ফুট আৰু ২৬ ফুট গভীৰ। ১নং পুখুৰীৰ পৰা ভালেখিনি দূৰত ২নং তেজীমলা পুখুৰী।

তেজীমলা অসমীয়া সাহিত্যৰ এটি বহু চৰ্চিত চৰিত্ৰ। শব্দটোৰ প্ৰতি প্ৰতিজনৰে এক অহেতুক আকৰ্ষণ। সেয়ে হয়তো তেজীমলাকেন্দ্ৰিক সৃষ্টিশীল সাহিত্যকৰ্মই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সাহিত্যই তেজীমলাৰ কাহিনীৰ ন ন দিশ উন্মোচিত কৰিছে। কাহিনীটোৰ ন ন বিশ্লেষণেৰে সৃষ্টি হৈছে ন ন সাহিত্য। তেজীমলাৰ কাহিনীভাগ ইতিমধ্যে ইংৰাজী আৰু হিন্দী লৈ অনুবাদ কৰা হৈছে। চৰ্চাই তেজীমলাৰ জনপ্ৰিয়তা বঢ়াইছে। তেজীমলাৰ কাহিনীক লৈ নতুন নতুন চিন্তা হৈ থাকিব আৰু এই চিন্তাই নতুন নতুন সৃষ্টিৰ দুৱাৰ খুলি ৰাখিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!