প্ৰাচীন ভাৰতীয় পৰম্পৰাগত নাট্যশৈলী আৰু শংকৰী নাট্যকলা ভাৱনা

লেখক- ড॰ অকণ চন্দ্ৰ শইকীয়া

আমাৰ মহৎ ভাৰতীয় ঐতিহ্য সাংস্কৃতিক ঐশ্বৰ্য সম্ভাৰেৰে সুসমৃদ্ধ। এই সাংস্কৃতিক ঐশ্বৰ্যৰ অন্যতম মণিকোঠা চহকী কৰিছে এক বিচিত্ৰ নাট্য পৰম্পৰাই। ভাৰতীয় নাট্য পৰম্পৰাৰ প্ৰাচীন কাল অৱধি এক সুদীৰ্ঘ পৰিক্ৰমা আছে। যিটো মধ্যযুগৰ মাজেদি প্ৰাক্-আধুনিক কাল পৰ্যন্ত ব্যাপ্ত। ভাৰতীয় নাট্যশিল্প ক্ষেত্ৰৰ এই খলপীয়া পৰিক্ৰমা বা পৰম্পৰাত এডাল সুৱৰ্ণ শিকলিৰ আঙুঠিৰ দৰে কম-বেছি পৰিমাণে পৰস্পৰৰ সম্পৰ্ক আৰু প্ৰভাৱ এক সূক্ষ্ম দৃষ্টিত পৰিস্ফুট হয়।
আমাৰ আলোচ্য বিষয়ৰ আমুখ বা প্ৰাৰম্ভতে এইখিনি কথাৰ অৱতাৰণা কৰাৰ এক নিমিত্ত আছে। উত্তৰ-পূৱ ভাৰতৰ অসম ভূমিত মধ্যযুগত আৰ্বিভূত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰণীত অংকীয়া নাট ভাওনাৰ ওপৰত উক্ত প্ৰাচীন ভাৰতীয় পৰম্পৰাগত নাট্য শৈলীৰ প্ৰভাৱৰ প্ৰতিফলন বহুদূৰ লক্ষ্য কৰা যায়। অৱশ্যে, একে সময়তে এই কথাও স্বীকাৰ্য যে – পুৰণি সংস্কৃত নাটকৰ উপাদান, থলুৱা লোকনাট্যানুষ্ঠানৰ উপাদান আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ্য নাট্যানুষ্ঠান এই সকলোখিনিৰ সুসমাহাৰৰ মাজেৰে নিজস্ব কলা-কুশলী দক্ষতা আৰু প্ৰতিভাৰে সজাই পৰাই শংকৰদেৱ মহাপুৰুষে ৰূপ দিলে অংকীয়া নাট ভাওনাৰ। অংকীয়া নাটৰ পৰিৱেশনৰ স্থান হ’ল মুকলি মঞ্চ, যিটো শংকৰদেৱৰ কলা-ভাৱনাৰ অপূৰ্ব নিদৰ্শন, কালজয়ী সৃষ্টি। প্ৰসঙ্গত উল্লেখ্য যে সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধুনিক গৱেষক পণ্ডিত তথা মিচিগান ষ্টেইট ইউনিভাৰ্ছিটিৰ অধ্যাপক ড° ফাৰ্লি ৰিচমণ্ডৰ মতে – মহাপুৰুষ শংকৰদেৱ কেৱল অসম তথা ভাৰতৰে নহয়, সমগ্ৰ বিশ্বনাট্য ক্ষেত্ৰৰ মুকলি মঞ্চৰ বাটকটীয়া তথা প্ৰথম ভেটি প্ৰতিষ্ঠাপক। ১
    
গতিকে, এয়া অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ নিমিত্তেই এক অতি গৌৰৱৰ বিষয় ৰূপে বিবেচিত হ’ব। অৱশ্যে, শংকৰদেৱ যে অসমৰ নাট্যমঞ্চৰ জনক, প্ৰথম ভেটি গঢ়োতা এই বিষয়ত নিশ্চয় কাৰো দ্বিমত থাকিব নোৱাৰে। লক্ষণীয় বিষয় এয়ে যে কেৱল আনন্দ লাভৰ নিমিত্তে, অৰ্থাৎ ৰসাস্বাদনৰ নিমিত্তে শংকৰদেৱে নাট সৃষ্টি কৰা নাছিল। নাট ভাওনাৰ মূল লক্ষ্য আছিল নাট পৰিৱেশনৰ [অৰ্থাৎ অভিনয়ৰ] দ্বাৰা লোক-ৰঞ্জন, লোক-সংগ্ৰহ আৰু লোক-স্থিতিৰ মাজেৰে তদানীন্তন লোক সমাজত ‘একশৰণ-নামধৰ্ম’, বা ‘ভাগৱতী ভক্তি ধৰ্ম’ৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা, জনপ্ৰিয় কৰি তোলা। অৱশ্যে, এনে লক্ষ্য পূৰণত শংকৰদেৱ সফলো হৈছিল অভূতপূৰ্বভাৱে। যি নহওক অংকীয়া নাট্যকলাৰ বিষয়ত নিবন্ধৰ পিছলৈ অধিক আলোচনাৰ অৱকাশ ৰাখি সম্প্ৰতি প্ৰাচীন ভাৰতীয় পৰম্পৰাগত নাট্য-শৈলীৰ বিষয়ে এক সংক্ষেপ আলোচনা কৰা প্ৰয়োজন।
প্ৰাচীন ভাৰতীয় পৰম্পৰাগত নাট্য-শৈলীৰ নিৰ্দেশক গ্ৰন্থৰাজিৰ ভিতৰত প্ৰথম সমগ্ৰ বিশ্বৰে নাট্যপ্ৰেমী, শিল্পপ্ৰেমী সকলক যুগে যুগে মুগ্ধ কৰি অহা খৃষ্টীয় দ্বিতীয় শতিকাৰ আগে-পাছে মহৰ্ষি ভৰতৰ দ্বাৰা প্ৰণীত বিখ্যাত ‘নাট্য-শাস্ত্ৰ’ৰ নাম উল্লেখ কৰিব লাগিব। ভৰতমুণিৰ এই কাল সম্পৰ্কে আধুনিক ভাৰতীয় গৱেষক পণ্ডিত শৰদৰঞ্জন ৰয়দেৱৰ মন্তব্য প্ৰণিধানযোগ্য – ‘The Celebrated sage Bharata, Whose Natya Shastra in 2nd Century has been declared to be the pioneer in the field of Dramaturgy’। ২
দুঃখাৰ্ত, শ্ৰমাৰ্ত, শোকাৰ্ত আৰু তপস্বী সকলৰ বিশ্ৰাম, বিনোদনৰ নিমিত্তে প্ৰণীত মহামুণি ভৰতৰ ‘নাট্য-শাস্ত্ৰ’, বা নাট্য বেদ যে অতি প্ৰাচীন, বাটকটীয়া এই বিষয়ত কাৰো দ্বিমত নাই। এই প্ৰসঙ্গত অন্য এক স্মৰ্তব্য কথা যে – নজন নাট্য-শিল্প বিশাৰদ পণ্ডিতে নাট্য-শাস্ত্ৰৰ টীকাভাষ্য প্ৰণয়ন কৰা বুলি জনা যায়। সেই সকল হ’ল – মাতৃগুপ্তাচাৰ্য, উদ্ভট, লোল্লট, শংকুক, ভট্টনায়ক, হৰ্ষ, কীৰ্তিধৰ, অভিনৱ-গুপ্ত আৰু নান্যদেৱ। বিশিষ্ট প্ৰাচ্যতত্ত্ববিদ পণ্ডিত ড॰ মুকুন্দ মাধৱ শৰ্মা দেৱেও উক্ত টীকাকাৰ সকলৰ বিষয়ে উল্লেখ কৰিছে। ৩
ভাৰতৰ নাট্য-শাস্ত্ৰৰ পিছত ভালেকেইগৰাকী সংস্কৃত আলংকাৰিকে [Rhetoricians] নাট্যাভিনয়ৰ আধাৰত বহুসংখ্যক অলংকাৰ গ্ৰন্থ প্ৰণয়ন কৰি গৈছে। সেইখিনিৰ ভিতৰত নন্দিকেশ্বৰৰ অভিনয় দৰ্পণম, ধনঞ্জয়ৰ দশৰূপক[ধবনিকেশ্বৰৰ টীকাসহ], ৰূপগোস্বামীৰ নাটক চন্দ্ৰিকা, মন্মট ভট্টৰ কাব্য প্ৰকাশ আৰু কবিৰাজ বিশ্বনাথৰ সাহিত্য-দৰ্পণম্ আদি বিশেষভাৱে উল্লেখনীয়। এই অলংকাৰ-শাস্ত্ৰ সমূহৰ ভিতৰত আকৌ কবিৰাজ বিশ্বনাথৰ [সময় খৃঃদশমৰ পৰা চতুদৰ্শ শতিকাৰ আগভাগৰ ভিতৰত] ‘সাহিত্য-দৰ্পণম্’ দহোটা পৰিচ্ছেদত [অধ্যায়ত] নিবন্ধিত এখন বিস্তাৰিত গ্ৰন্থ। উল্লেখ্য যে উক্ত ‘সাহিত্য-দৰ্পণম’ গ্ৰন্থৰ ষষ্ঠ পৰিচ্ছেদত সংস্কৃত ৰূপক বা দৃশ্য কাব্যৰ বিষয়ে বিশদ ব্যাখ্যা, তথ্য পোৱা যায়। ৪
লগতে জ্ঞাতব্য যে পৰৱৰ্তী কালৰ ভাৰতীয় আৰু অভাৰতীয় অধিকাংশ পণ্ডিতে বিশ্বনাথৰ উক্ত সাহিত্য দৰ্পণ গ্ৰন্থৰ সূত্ৰ আৰু ব্যাখ্যা অনুসৰণ কৰা লক্ষ্য কৰা যায়।
মনকৰিবলগীয়া যে ভাৰতৰ নাট্য-শাস্ত্ৰ আৰু উল্লিখিত পৰৱৰ্তী অলংকাৰ শাস্ত্ৰসমূহৰ ব্যাখ্যা বা উপস্থাপনৰ বিষয় অতি ব্যাপক; অন্যহাতে শংকৰী পৰিৱেশ্য নাট্য কলাৰ পৰিসৰো কম নহয়, ই বিস্তৃত। এই সকলোখিনি বিতং ভাৱে বিচাৰ বিশ্লেষণ কৰাতো এক দুৰূহ কাৰ্য। গতিকে আলোচনাৰ বিষয়ৰ লগত সংগতি থকা কেইটামান দিশ সংক্ষেপ উদাহৰণস্বৰূপে নিবন্ধৰ আওতালৈ অনাৰ প্ৰয়াস কৰা হল।
আগতে উল্লেখ কৰি অহা হৈছে যে শংকৰদেৱ গুৰুজনাৰ অংকীয়া নাট ৰচনা বা নাট ভাওনাৰ সৃষ্টিৰ মূল লক্ষ্য হ’ল লোক সমাজত এক কৃষ্ণভক্তি প্ৰচাৰ কৰা। এক শৰণ ভাগৱতী ভক্তি ধৰ্মৰ এক কৃষ্ণহে ভজনীয়,  উপাস্য ‘কৃষ্ণ এক দেৱ দুখ হাৰী’। গতিকে নাট্য-শাস্ত্ৰ বা পৰৱৰ্তী পৰম্পৰাগত নাট্য গ্ৰন্থত নিৰ্দেশ কৰা অন্য দেৱতাৰ পূজা অৰ্চনাৰ অংশ শংকৰদেৱৰ দ্বাৰা গ্ৰহণ কৰা হোৱা নাই। সেয়া পৰিহাৰ কৰা হৈছে। উদাহৰণ স্বৰূপে – নাট্য শাস্ত্ৰৰ গ্ৰন্থাৰম্ভৰ প্ৰথম অধ্যায়ৰ মঙ্গল শ্লোকত ভগৱান শিৱ আৰু ব্ৰহ্মাক প্ৰণাম জনোৱা হৈছে, -‘প্ৰণম্য শিৰসা দেব …. যদুদাহূতম্’। অন্যহাতে, তৃতীয় অধ্যায়ত নাটকৰ বিঘিনি উপপান্ত বা দূৰ হোৱাৰ কামনাৰে ৰঙ্গ দেৱতাৰ পূজাৰে ৰঙ্গগৃহৰ সংস্কাৰ কৰাৰ উল্লেখ আছে। ৫
এই প্ৰসঙ্গতে মহাদেৱ, পদ্ম যোণি ব্ৰহ্মা, সুৰুগুৰু, লক্ষ্মী, সৰস্বতী আদি দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হৈছে, – “নমস্কৃত্য মহাদেৱ…. পদ্মযোণিং সুৰ গুৰুং ……… সৰস্বতীৱ চ লক্ষ্মীৱ চ সিদ্ধিং যথা স্থান স্থিতাম্…… বদেৎ। ।”
অৱশ্যে সংস্কৃত নাটকতো কোনো নাট্যকাৰে ৰঙ্গদেৱতাৰ পূজাৰ দৃশ্য পোনপটীয়াকৈ দেখুওৱা নাই, যদিও আশিস বচনযুক্ত নান্দী শ্লোকত ‘দেৱ দ্বিজ-নৃপাদীনাং’ প্ৰশস্তি কৰা হৈছে। এই দেৱ, দ্বিজ, নৃপ আদিৰ স্তুতিগান আৰু আশিস বচনযুক্ত বাণীকে নান্দী বুলি, বিশেষকৈ সাহিত্য দৰ্পণকাৰ কবিৰাজ বিশ্বনাথে সংজ্ঞা দিছে –
‘আশ¹বচন সংযুক্তা স্তুতিৰ্যষ্মাৎ প্ৰযুঁজ্যতে। ‘
দেৱ-দ্বিজ নৃপাদীনাং তষ্মাৎ নান্দীতি সংজ্ঞিতা। । ৬
আচলতে নান্দীশ্লোকক সংস্কৃত নাটকৰ মঙ্গল শ্লোক আখ্যা দিয়াৰ লগতে প্ৰস্তাৱনাৰ প্ৰাক ক্ষণতে মাঙ্গলিক নান্দী উচ্চাৰণ বা পাঠ কৰা কতৰ্ব্য বুলিও মত পোষণ কৰা হৈছে। শ্ৰীৰূপ নামৰ সংস্কৃত আলংকাৰিক গৰাকীৰ মতে, –
‘প্ৰস্তাৱনা বস্তুমুখে নান্দী কৰ্যা শুভাবহা। ‘ ৭

অংকীয়া নাট ভাওনা পৰিৱেশনৰ যি মুকলি মঞ্চ (সাধাৰণতে নামঘৰ) য’ত ভাগৱত প্ৰতিষ্ঠা কৰা হয়(গুৰু আসন), তাতে বন্তি প্ৰজ্বলন কৰি ভাওনাৰ প্ৰাকক্ষণত দবা, শংখ, বৰকাঁহৰ মঙ্গল ধবনিৰে হৰিধবনি কৰা হয়। এই মঙ্গল ধবনিৰ নিনাদে চাৰিও কাষৰ পৰিৱেশ পবিত্ৰ কৰি তোলে। লোকসমাজৰ মন শান্ত সমাহিত কৰি ভগৱৎ ভক্তিৰ প্ৰতি মতি বঢ়ায়।
ইয়াৰ পিছত অংকীয়া নাটৰ পূৰ্বৰঙ্গৰ অপৰিহাৰ্য অংগ মাঙ্গলিক গায়ন-বায়নৰ পৰিৱেশনৰ অনুষ্ঠান আৰম্ভ হয়। আচল অৰ্থত ওপৰত উল্লেখ কৰি অহা মঙ্গল ধবনি, গায়ন-বায়নৰ যোৰা পৰিবেশনৰ পৰা আৰম্ভ কৰি সূত্ৰধাৰৰ মঞ্চত প্ৰৱেশ নৃত্যৰ মাজেৰে নাটৰ মূল চৰিত্ৰৰ প্ৰৱেশ পৰ্যন্ত অংকীয়া ভাওনাৰ প্ৰাৰম্ভিক অংগ পূৰ্বৰঙ্গৰ অন্তৰ্গত। এই অংশত কিন্তু প্ৰাচীন ভাৰতীয় পৰম্পৰাগত নাট্য ৰীতিতকৈও শংকৰদেৱৰ নিজস্ব কলা-ভাৱনা, স্বকীয় সৃজনী শক্তিৰ পূৰ্ণ প্ৰভাৱ স্পষ্ট। ‘চিহ্নযাত্ৰা’ যে শংকৰদেৱৰ আদি উদ্ভাৱন, অসমীয়া নাট ভাওনাৰ আদিপৰ্ব এই কথা চৰিত পুথি আদিৰ তথ্যৰ পৰা প্ৰতিয়মান হৈছে। ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে গায়ন-বায়ন, চোঁ-মুখা আদিৰে শংকৰদেৱে উক্ত চিহ্নযাত্ৰাতে ভাওনাৰ জুমুঠিটো বা জঁকাটো সুনিশ্চিতভাৱে নিৰ্মাণ কৰি উলিয়াইছিল। নিজে চানেকি কৰি দি কপিলীমুখৰ কুমাৰৰ হতুৱাই খোল গঢ়োৱা, খোলৰ জোখ, ডাহিনে ন আঙুল, বেঁৱা তেৰ আঙুল আদি নিৰ্দেশেৰে দেৱবাদ্য খোলক সজাই তোলা আদি সকলোখিনি শংকৰদেৱৰ অনন্য প্ৰতিভাৰ চানেকি।
ভাওনাৰ প্ৰাৰম্ভতে মূৰত পাগুৰি, গাত চাপকণ, চেলেং চাদৰ-ধুতীৰে শুধ বগা সাজ পাৰেৰে সজ্জিত গায়ন-বায়নৰ যোৰা আৰম্ভ হয়। এই সময়ত নৱবিধ ভক্তিৰ প্ৰকাশক নগছি বন্তিৰ ধাৰক অগ্নিগড়ৰ মাজেৰে ডলা চাকী, ভোটা চাকী আদিৰে জ্যেতিষ্মান মঞ্চত গায়ন-বায়ন প্ৰৱেশ কৰে তেতিয়া স্বাভাৱিকতে এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি হয়।
ড॰ কেশৱানন্দ দেৱগোস্বামীৰ ভাষাত – ‘এনে এক পবিত্ৰ ভাৱ আহে যেন সৰগৰ পৰা সাক্ষাৎ গন্ধৰ্ব সকলহে পৃথিৱীত উপবিষ্ট হৈছেহি। তেওঁলোকৰ পৰিৱেশনে পৰিৱেশ গুৰু-গম্ভীৰ কৰি দৰ্শকক এক অলৌকিক জগতলৈ টানি নিয়ে। ৮
 সংক্ষেপতে ক’বলৈ গ’লে এই গায়ন-বায়নে পৰিৱেশন কৰা জোৰণি, ঘাট, চাহিনী, ধুমুহি, ঠেলা, মান, চোক, মান্দী, সঁচাৰ, ধেমালি, ভৰিৰ মান, পানী পৰুৱা আদিৰ মাজত কেৱল থলুৱা লোকভাষা আৰু লোককলাৰেই প্ৰয়োগ ঘটা নাই, এইসকলোখিনিৰ মাজেৰে হৰিভক্তি ভাৱনাৰ দাৰ্শনিক তত্ত্ব, তাৎপৰ্যপূৰ্ণ ভাৱে পদে পদে পৰিস্ফুট হৈছে। সমাজ বিজ্ঞানী, লোক মনস্তত্ত্ব বিজ্ঞানী শংকৰদেৱ গুৰুজনাৰ এনে অনন্য নাট্য কলাৰ নিদৰ্শন ভাৰতীয় আঞ্চলিক কলাক্ষেত্ৰহে নালাগে সমগ্ৰ বিশ্ব কলাক্ষেত্ৰতে বিৰল বুলি ক’লে অত্যুক্তি কৰা নহ’ব।
অংকীয়া নাটৰ ভূমিকা আৰু কাৰ্যও বিশেষ মন কৰিবলগীয়া। ‘সূত্ৰধাৰ’ চৰিত্ৰ আৰু নাম অৱশ্যে সংস্কৃত নাটকৰ সূত্ৰধাৰৰ পৰাই লোৱা হৈছে। সেয়ে হ’লেও শংকৰদেৱে নাটকীয় কথাবস্তু, অৰ্থাৎ কাহিনীভাগ সহৃদয় দৰ্শক সমাজত পৰিৱেশনৰ সুবিধা হোৱাকৈ, পৰিবেশ্য ঘটনাৱলীৰ তাৎপৰ্য লোক সমাজে বুজিব পৰাকৈ সূত্ৰধাৰ চৰিত্ৰটো সজাই তুলিছে। সংস্কৃত নাটকৰ প্ৰস্তাৱনাত মঙ্গল নান্দীশ্লোক পাঠ বা আবৃত্তিৰ পাছতে সূত্ৰধাৰজন মঞ্চত প্ৰৱেশ কৰে। সেয়ে – নিদেৰ্শনা (direction)পোৱা যায়, – ‘নান্দ্যন্তে সূত্ৰধাৰঃ’ অৰ্থাৎ নান্দীৰ সূত্ৰধাৰৰ মঞ্চত প্ৰৱেশ। মহাকবি ভাষৰ তেৰখন নাটকত আকৌ – ‘নান্দ্যন্তে ততঃ প্ৰবিশতি সূত্ৰধাৰঃ’ বুলিহে পোৱা গৈছে। প্ৰসঙ্গত উল্লেখ্য যে সংস্কৃত ‘নন্দি ধাতুৰ লগত স্বাৰ্থে ‘ অন্প্ৰত্যয়ৰ’ যোগত ‘নান্দী’ শব্দ নিষ্পণ হৈছে। ‘নন্দি’ ধাতুৰ অৰ্থ আনন্দ দিয়া, আহ্লাদিত কৰা। ৯
এতিয়া স্বাভাৱিকতে প্ৰশ্ন হ’ব – নান্দীৰ পাছতহে যদি সূত্ৰধাৰ মঞ্চলৈ আহে তেতিয়া হ’লে নান্দীশ্লোক কোনে, কেতিয়া, আৰু ক’ত পাঠ কৰিব? ইয়াৰ উত্তৰত প্ৰায় সকলো আলংকৰিকে মত পোষণ কৰিছে যে সূত্ৰধাৰেই নান্দী পঢ়িব লাগে – ‘সূত্ৰধাৰো পঠেৎ নন্দীতি’।  যৱনিকাৰ সিপাৰৰ পৰাই সূত্ৰধাৰে নান্দীশ্লোক আবৃত্তি কৰিব। অন্যহাতে এইটো সৰ্বজন জ্ঞাত যে অংকীয়া নাটৰ সূত্ৰধাৰে নাৰায়ণ বা হৰি বা কৃষ্ণক বন্দনা কৰি ‘গীত। । ৰাগ নন্দী সুহাই। । বুলি নৃত্য কৰি হস্তসহ পৰিৱেশ কৰে। সংস্কৃত নাটকৰ সূত্ৰধাৰজন মঞ্চত নাটকৰ অভিনয় উপস্থাপনৰ মূল কেন্দ্ৰবিন্দু। তেওঁ দক্ষ পৰিচালক, প্ৰযোজক, লগতে বিদ্বৎ দৰ্শকমণ্ডলীৰ মনস্তত্ত্বজ্ঞ বিচক্ষণ উপস্থাপক। নাটকীয় কথাবস্তুৰ সূত্ৰধাৰণ কৰাৰ বাবেই তেওঁ সূত্ৰধাৰ – ‘সূত্ৰং ধাৰ্যতে যেন স সূত্ৰধাৰঃ’।
    
আকৌ –
‘‘নাটকীয় কথাসূত্ৰং প্ৰথমং যেন ধাৰ্যতে।
    ৰঙ্গঁভূমিম যথাক্ৰম্য সূত্ৰধাৰঃ স উচ্যতে। ।”  ইত্যাদি। ১০
প্ৰস্তাৱনাৰ শেষৰ ফালে মূল চৰিত্ৰ প্ৰৱেশৰ কৌশলগত ভাৱে সূত্ৰ ৰচনা কৰাৰ পাছত সংস্কৃত নাটকৰ সূত্ৰধাৰৰ কোনো ভূমিকা নাথাকে। কোনো কোনো অলংকাৰ শাস্ত্ৰত সূত্ৰধাৰে নিৱৰ্তন কৰাৰ পাছত কাৰ্য কৰিবৰ নিমিত্তে ‘স্থাপক’ নামৰ চৰিত্ৰৰ কথা কোৱো হৈছে যদিও কাৰ্যতঃ কোনো নাটকত স্থাপক চৰিত্ৰৰ ভূমিকা দেখা পোৱা নাযায়। তাৰ বিপৰীতে ‘ইতি সূত্ৰধাৰঃ নিষ্ক্ৰান্তঃ’ – বুলি দিয়া নিদেৰ্শনা হে পোৱা যায়।
অংকীয়া নাটত গায়ন-বায়নৰ পাছতে হৰিধবনিৰ মাজত আঁৰ কাপোৰৰ পৰাই বিশেষ ভঙ্গীমাত সূত্ৰধাৰজনে মঞ্চত প্ৰবেশ কৰাৰ পাছতে নাটৰ মুক্তি-মঙ্গল ভটিমা পৰ্যন্ত তেওঁৰ কাৰ্য থাকে। সংস্কৃত নাটকত ‘নটী বা নত্তৰ্কী সাধাৰণতে সূত্ৰধাৰজনৰ ধৰ্মপত্নীয়েই নটী হয় গৰাকীৰ দ্বাৰা পৰিৱেশন কৰা নৃত্য, গীত,  শ্লোক আদি অংকীয়া নাটৰ সূত্ৰধাৰে নিজে পৰিৱেশন নকৰে। আকৌ, সংস্কৃতি নাটকৰ দুটা অংকৰ মাজৰ ঘটনাৱলীৰ সংযোগ ঘটাবলৈ ‘বিস্কম্ভক’ ‘প্ৰৱেশক’ ‘আকাশ ভাষিত’ আদি তাৎপৰ্যপূৰ্ণ নাটকীয় কৌশল প্ৰয়োগ কৰা হয়। অংকীয়া নাটত সেই সকলোখিনি কাৰ্য সমাপন কৰে সূত্ৰধাৰ জনে। সূত্ৰধাৰে শ্লোক, বচন আদিৰ মাজেৰে ঘটনাৰ সবিশেষ দৰ্শক সকলক বুজাই দিয়ে। তেওঁ যেন নাটকীয় ঘটনা প্ৰৱাহৰ সংযোজক, বা অনুঘটকহে। অকল সেয়ে নহয়, ঘটনাৰ প্ৰসঙ্গৰে হৰিভক্তিবিহীনজনৰ কেনে পৰিণাম হ’ব পাৰে তাকো বুজাই দি হৰিনাম ল’বলৈ বাৰে বাৰে সোঁৱৰাই দিয়ে সূত্ৰধাৰজনে – ‘আহে লোক, দেখু দেখু যে হৰিক দ্ৰোহ কৰয় … সোহি পাপীক ওহি অৱস্থা দেখহ… জানি নিন্দা ছোড়ি হৰিবোল, হৰিবোল’ [ৰুক্মিণী হৰণ]। । ইত্যাদি। ।
    
মুঠতে সূত্ৰধাৰজন দৰ্শকৰ অতি ঘনিষ্ঠ, নাটকৰ মূল চৰিত্ৰ। অৱশ্যে, অংকীয়া নাটৰ সূত্ৰধাৰৰ ভূমিকাৰ বিষয়ত সুকীয়াকৈ অধ্যয়নৰ থল আছে।
 
উপৰিউক্ত কথাখিনিৰ উপৰিও পৰম্পৰাগত নাট্য-নিদানৰ দ্বাৰা নিবন্ধিত বহুতো নীতি-নিয়ম সময়সাপেক্ষ হোৱাৰ লগতে লোকসমাজৰ তথা দৰ্শকৰ মনোৰঞ্জন আৰু সহজ বোধগম্যতাৰ প্ৰয়োজনত শংকৰী নাটভাওনাত মানি চলা হোৱা নাই। ১১
    
উদাহৰণ স্বৰূপে সংস্কৃত নাটকৰ মঞ্চত প্ৰদৰ্শনৰ পৰা বিৰত থাকিব লগীয়া দৃশ্যাৱলী এনে ধৰণৰ – কোনো চৰিত্ৰই অন্য চৰিত্ৰক দূৰৰ পৰা আহ্বান কৰা, বধ, যুদ্ধ, ৰাজ্যৰ বিপ্লৱ, বিবাহ, ভোজন, অভিশাপ দিয়া, মৃত্যু, ৰতিক্ৰিয়া, দন্তছেদ্য, নখছেদ্য, মলমূত্ৰ ত্যাগ, শয়ন, অধৰপাণ, স্নান, অনুলেপন আদি। এই কথাবোৰ সাহিত্য দৰ্পণৰ ষষ্ঠ পৰিচ্ছেদত স্পষ্টভাৱে নিৰ্দেশ কৰা হৈছে। ১২
ওপৰত উল্লেখ কৰা সংস্কৃত আলংকৰিকৰ দ্বাৰা নিদেৰ্শিত নিষেধ কিছুমান যে অংকীয়া নাটত মানি চলা হোৱা নাই, বৰং তাৰে কিছুমান ভাওনাৰ মঞ্চত অধিক জাতিষ্কাৰ ৰূপতহে যে পৰিৱেশন কৰা হৈছে সেয়া অতি স্পষ্ট। তাকে প্ৰতিপন্ন কৰিবৰ নিমিত্তে সম্প্ৰতি শংকৰদেৱ বিৰচিত প্ৰধান তিনিখন নাট যেনে – ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়ৰ পৰা সংক্ষেপে কেইটামান উদাহৰণ বা নমুনা গ্ৰহণ কৰিলেই যথেষ্ট হ’ব। কিয়নো শংকৰদেৱৰ নাট কেইখনৰ ৰচনা শৈলীয়ে তেওঁৰ সমসাময়িক নাট্যকাৰ আৰু পৰৱৰ্তী কালৰ ৰাৱণবধ, কংসবধ, কুলাচল বধ আদি নাট তথা তাৰো পৰৱৰ্তী মাতৃভাষাৰ নাট ভাওনাকো প্ৰতিনিধিত্ব কৰিব। কিয়নো সম্প্ৰতি অসম জুৰি মহাসমাৰোহেৰে চলি থকা মাতৃভাষাৰ নাট সমূহতো কথা বা ভাষাৰ ক্ষেত্ৰত পৌৰাণিক অসমীয়া ঠাঁচৰ ভাষা ব্যৱহাৰ কৰা হয় যদিও বাকী সকলো অংকীয়া নাটৰ শৈলীৰ ওপৰতে নিৰ্ভৰশীল আৰু শ্লোক, গীত-মাতৰ পৰা আৰম্ভ কৰি মুক্তি মঙ্গল ভটিমা পৰ্যন্ত তেনে শৈলী অনুসৰণ কৰাতো একান্ত কাম্য। অন্যথা মাতৃভাষাৰ নাটৰ মান, স্থান, আদৰ অৱনমিত যে হ’ব এয়া ধুৰূপ।
যি নহওক, সংস্কৃত নাটকত নিষিদ্ধ বিবাহ উৎসৱ শংকৰদেৱৰ ৰুক্মিণী হৰণ আৰু ৰামবিজয় নাটত অধিক আকৰ্ষণীয় ৰূপতহে পৰিৱেশন কৰা হৈছে। ৰুক্মিণী-হৰণ নাটত ৰজা ভীষ্মকৰ কুণ্ডিল নগৰত ৰুক্মিণীৰ স্বয়ংবৰ, পাছত দ্বাৰকাত কৃষ্ণ ৰুক্মিণীৰ বিবাহ মহোৎসৱ, ৰামবিজয় নাটত মহামতি জনকৰ মিথিলা নগৰীত সীতাৰ সয়ম্বৰ, পাছত ৰাম-সীতাৰ বিবাহ সম্পন্ন ইয়াৰ জ্বলন্ত উদাহৰণ। দ্বিতীয়তে, প্ৰাচীন আলংকৰিক সংস্কৃত নাটকৰ মঞ্চত ‘বধ’ আৰু ‘যুদ্ধ’ নিষিদ্ধ কৰিছে যদিও শংকৰদেৱৰ ৰুক্মিণী-হৰণ নাটত জৰাসন্ধ, শিশুপাল আদি বিপক্ষৰ ৰাজন্যবৰ্গৰ লগত হোৱা কৃষ্ণ আৰু যদুবীৰ গণৰ ভয়ংকৰ যুদ্ধ, দাম্ভিক ৰুক্মবীৰ লগত হোৱা কৃষ্ণৰ তয়াময়া যুদ্ধ আদি দৃশ্য দৰ্শকৰ মন আকৰ্ষণ কৰাকৈ পৰিৱেশন কৰা হৈছে। একেদৰে, ৰামবিজয় নাটত সীতা সয়ম্বৰত ৰামচন্দ্ৰৰ দ্বাৰা হৰধনু ভঙ্গ কৰি সীতাক লাভ কৰাৰ সময়ত বিপক্ষৰ ৰজাসকলৰ লগত হোৱা ৰাম লক্ষণৰ যুদ্ধ, পাছত পৰশুৰামৰ লগত হোৱা ৰামৰ যুদ্ধ, পৰশুৰামৰ পৰা জয়-এই সকলো খিনিৰ উপস্থাপন অতি আকৰ্ষণীয়। আকৌ পৰিজাত হৰণ নাটত কৃষ্ণই পাৰিজাতৰ নিমিত্তে সত্যভামাক লগত লৈ কৰা স্বৰ্গযাত্ৰাৰ পথত কামৰূপ অধিপতি পৰম প্ৰতাপী নৰকাসুৰৰ লগত হোৱা দাৰুণ যুদ্ধ, যুদ্ধত কৃষ্ণৰ হাতত নৰকৰ বধ আদি দৃশ্য দৰ্শকৰ বাবে শিহৰণকাৰী হৈছে। একে পৰিজাত হৰণতে দিব্যপুষ্প পাৰিজাতৰ নিমিত্তে স্বৰ্গৰাজ্যত বজ্ৰহস্ত, ঐৰাৱত আৰোহী দেৱৰাজ ইন্দ্ৰ আৰু গৰুড়ৰ স্কন্ধত আৰোহণ কৰি ব্ৰহ্মচক্ৰধাৰী ভগৱান কৃষ্ণৰ মাজত হোৱা ত্ৰিভুৱন ত্ৰাস তুমুল যুদ্ধও অতি আকৰ্ষণীয়। এয়া সাধাৰণ উপলক্ষিত বা সংক্ষেপ উদাহৰণ মাত্ৰ।
সংস্কৃত নাটকৰ সামৰণিত ‘ভৰত-বাক্যম্’ থাকে। এই ভৰত-বাক্যম সকলোৰে মঙ্গল কামনা কৰি নাটকৰ মূল চৰিত্ৰ বা অভিনেতা জনে পাঠ কৰে। ভৰত-বাক্যমৰ বিষয়ত পণ্ডিত বাচস্পতিৰ ব্যাখ্যা এনেধৰণৰ, – ‘ভৰতানাং নটানাং নাটৰূপেণৈৱ আদি-ভূতানাং বাক্যম্ ভৰত বাক্যমিতি যুক্তিঃ। ।
উদাহৰণ স্বৰূপে, মহাকবি কালিদাসৰ বিখ্যাত ‘অভিজ্ঞান শকুন্তলম্’ নাটকত নায়ক মহাৰাজ দুষ্যন্তই ভৰত-বাক্যম্ উচ্চাৰণ কৰিছে –
প্ৰৱত্তৰ্তাং প্ৰকৃতি হিতায় পাৰ্থিৱঃ
সৰস্বতী শ্ৰু¸তি-মহতাং মহীয়তাম্।
পৰিগৰ্ত শক্তি ৰাত্মভূঃ। । ইত্যাদি। ।
অৰ্থাৎ – ‘পৃথিৱী শাসনকৰ্তা সকলে [অৰ্থাৎ ৰজাসকলে] যেন প্ৰজাৰ মঙ্গলৰ কাৰণে নিজকে উৎসৰ্গা কৰক; জ্ঞানী-গুণী, বেদান্ত পণ্ডিত সকলক যেন যথা যোগ্য সন্মান জনোৱা হওক; আৰু নীলক_ ভগৱানে [শিৱই] যেন সকলো অমঙ্গল নাশ কৰক [অৰ্থাৎ মঙ্গল বিধান কৰক] ইত্যাদি। ।
শংকৰদেৱৰ অংকীয়া নাটত তাকে এক বিষ্ণু ভক্তি প্ৰকাশক গুৰুজনে নাটৰ সামৰণিত ‘মুক্তি মঙ্গল ভটিমাৰ ৰূপ দিছে। সেয়ে পৰমশ্বেৰৰ ওচৰত মঙ্গল বিধান কামনা কৰা হৈছে। ৰুক্মিণীহৰণ নাটৰ মুক্তি মঙ্গল ভটিমা এনে ধৰণৰ —

। । অথভটিমা। । মঙ্গলং বক্তব্যং। মুক্তি মঙ্গলম্। ।
‘জয়জয় জগত জনক যদুদেৱ।
পদ পংকজ ৰজ কৰু সেৱ। ।
যোহি হৰল ৰুক্মিমী কেৰি মান।
সোহি কৰতু নিত্য মুকুতি বিধান। ।
……………………………………..
কলিমল মথন পৰম হৰি নাম।
জানি সৱহি নৰ বোল ৰাম ৰাম। । ইত্যাদি। ।
এইদৰে সূক্ষ্ম বিশে¡ষণৰ মাজেৰে চালে দেখা যায় যে পুৰণি অসমৰ ওজাপালি, থলুৱা লোক নাট্য, অসমৰ বাহিৰৰ যক্ষগান আদি আৰু লগতে প্ৰাচীন ভাৰতীয়’ নাট্য পৰম্পৰাৰ পৰা প্ৰয়োজন সাপেক্ষে উপাদান বুটলি আনি স্বকীয় প্ৰতিভাৰে বিচক্ষণ কলা-খনিকৰ শংকৰদেৱে নাট্য প্ৰতিমা ‘নাট ভাওনা’ গঢ় দিলে। স্মৰ্তব্য     যে তেওঁ একেসময়তে – ‘পৰাশ্ৰয়ী’, বা ‘অনুকৰণ’ সবৰ্বস্বত্ব নাছিল; সেয়ে তেওঁৰ নাট্য কৰ্মত পদে পদে স্বকীয় প্ৰতিভা প্ৰকাশ পাইছে। অংকীয়া নাট কেৱল অসমৰ নাট্য-কলা ক্ষেত্ৰৰে নহয়, সমগ্ৰ ভাৰতীয় ধ্ৰুপদী কলা-ক্ষেত্ৰৰে কালজয়ী সম্পদ হৈ ৰ’ব।
উপসংহাৰত এক বিশিষ্ট সংযোজনৰ মাজেৰে অসমৰ অংকীয়া নাট-ভাওনাৰ দীঘলীয়া আৰু খলপীয়া পৰিক্ৰমা বা যাত্ৰা পথত সৃষ্টি হোৱা মাতৃভাষাৰ নাট-ভাওনাৰ শৈলী ভাৱনা বা ৰচনাৰ ক্ষেত্ৰত কেইটিমান দিশ থোৰতে দৃষ্টি গোচৰ কৰা হ’ল, সংশি¡ষ্ট শিল্পী সমাজৰ সহূদয় বিচাৰ বিবেচনাৰ নিমিত্তে।
প্ৰথম কথা – গুৰুদুজনাৰ পৰৱৰ্তী কালৰ মাতৃভাষাৰ নাট সমূহৰো মূল বা ঘাই শিপা যে দুজনা গুৰুৰ অংকীয়া নাট শৈলী সেয়া তৰ্কাতিত সত্য। গতিকে অংকীয়া নাটত প্ৰযোজ্য সন্ধ্যাৰ মঙ্গল ধবনি, ৰঙ্গ সজ্জা [মুকলি মঞ্চ সজ্জা – অগ্নিগড়, ডলা চাকি, ভোটা চাকি আদিৰ প্ৰয়োগ], পূৰ্ৱৰঙ্গৰ গায়ন-বায়ন, সূত্ৰধাৰৰ গীত-নৃত্য, পদ-শ্লোক আদিৰ পৰা আৰম্ভ কৰি শেষৰ মুক্ত মঙ্গল ভটিমা, নাটৰ সমাপ্তি ঘোষণা পৰ্যন্ত অখিল অঙ্গহাৰ [মাতৃভাষাৰ নাটৰো] অপৰিহাৰ্য ৰূপে গণিতব্য।
অন্যহাতে, মাতৃভাষাৰ নাটৰ ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো সংশি¡ষ্ট নাট্যকাৰ, শিল্পী সমাজৰ কৰণীয় আছে। গুৰুজনাৰ অংকীয়া নাটৰ [ৰুক্মিণী হৰণ আদিৰ] দৰে ব্ৰজবুলি আৰু ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ইয়াত নাই সঁচা, আছে অসমীয়া মাতৃভাষা, যিটো সৰ্বজন জ্ঞাত। সেই বুলি অতি নিম্ন মানৰ গ্ৰাম্য ভাষা প্ৰয়োগ, অমাৰ্জিত সংলাপ নিক্ষেপ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত পৌৰাণিক নাটকৰ ঠাঁচ গ্ৰহণ কাৰ্য সমৰ্থন যোগ্য। উদাহৰণ স্বৰূপে অধ্যাপক অতুল চন্দ্ৰ হাজৰিকাৰ ‘শ্ৰীৰাম চন্দ্ৰ’ ‘কুৰুক্ষেত্ৰ’, গণেশ চন্দ্ৰ গগৈৰ ‘শকুনিৰ প্ৰতিশোধ’ আদি নাটৰ সংলাপ শৈলী অনুধাৱনীয় বুলি আমি ভাবো। এই বিষয়ত সত্ৰীয়া নৃত্যৰ বিশিষ্ট গৱেষক পণ্ডিত ড॰ জগন্নাথ মহন্তৰ দৰে লোকেও সহমত প্ৰকাশ কৰি গৈছে। বহু সময়ত কিছুমান মাতৃভাষাৰ নাটত বঙালীৰ যাত্ৰাভিনয় আধুনিক সামাজিক নাটকৰ [সকলোতে নহয়] নিম্ন মানৰ সংলাপ প্ৰয়োগ কৰা লক্ষ্য কৰা যায়। যিখিনিয়ে সমগ্ৰ ভাওনা অভিনয়ৰ মাত্ৰা অৱনমিত কৰে। এই প্ৰসঙ্গত এই লিখকৰ – ‘মাতৃভাষাৰ নাট ভাওনাত প্ৰযোজ্য ভাষাৰ মান, ধৰ্মীয় বা দাৰ্শনিক আদৰ্শ… ইত্যাদি কিছু চিন্তা’ – শীৰ্ষক নিবন্ধ দ্ৰষ্টব্য। মুঠতে সৰ্বদিশত মান সম্পন্ন এখন নাট নিৰ্মাণ কৰিবলৈ লওঁতে আমি বাৰে বাৰে মনত ৰাখিব লাগিব যে মাতৃভাষাৰ নাট-ভাওনা শংকৰদেৱ গুৰুজনাৰ মূল অংকীয়া নাটৰ মূল কাঠামোৰ মাজত থাকি নিৰ্মিত এক পৰিশিলিত নাট্যৰূপ মাত্ৰ।

পাদটীকা আৰু প্ৰসংগ গ্ৰন্থ:
 
    ১] The Research Work – ‘ The Ankiya Nats of Sri Sankardeva’, Michigan State University, 1974. USA.
    ২] সাহিত্য দৰ্পণ: ষষ্ঠ পৰিচ্ছেদ ঃ Introduction. হ্ম.১৩. দ্ৰষ্টব্য।
    ৩] ভৰতৰ নাট্য শাস্ত্ৰ: সম্পাদক ড॰ মুকুন্দ মাধৱ শৰ্মা, পাতনি – ঙ য দ্ৰষ্টব্য।
    ৪] উল্লিখিত গ্ৰন্থ:  প্ৰথম অধ্যায়; নাট্যৰ উৎপত্তিৰ দ্ৰষ্টব্য।
   ৫] উল্লিখিত গ্ৰন্থ: ‘নমস্কৃত্য মহাদেৱং… পদ্মাযোনিং…. সৰস্বতীং চ লক্ষ্মীংচ…. যথাস্থান স্থিতান্ দেৱান্ .    বদেৎ। । ‘ তৃতীয় অধ্যায় ৰঙ্গঁ দেৱতাৰ পূজা ঃ শে¡াক চ্ছ্ৰ-জ্ঝ দ্ৰষ্টব্য।
    ৬] সাহিত্য দৰ্পণ:  ষষ্ঠ পৰিচ্ছেদ; কাৰিকা – ১১ দ্ৰষ্টব্য।
    ৭] উিল্লেখিত গ্ৰন্থ:  ষষ্ঠ পৰিচ্ছেদ; মিতভাষিণী টীকাভাষ্য দ্ৰষ্টব্য।
    ৮] গোস্বামী ড॰ কেশবানন্দদেৱ, – প্ৰবন্ধ, ‘ভাওনাৰ পৰিৱেশন আৰু তাৰ প্ৰাসঙ্গিক কথা’ – ‘শতৰঞ্জ’ পৃঃ     ১৪ সম্পাদক ড॰ জগন্নাথ মহন্ত, শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ, শিৱসাগৰ, ফেব্ৰুৱাৰী – ২০০৬।
    ৯] ‘ভৰতৰ নাট্য শাস্ত্ৰ’।
    ১০] সাহিত্য দৰ্পণঃ – ৬-১২।
    ৰৰ] ‘আৰিয়া’ – প্ৰবন্ধ ‘নান্দ্যন্তে সূত্ৰধাৰঃ’ পৃঃচ্ছ – ২৯। স্মৃতিগ্ৰন্থ; অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা,         চাৰিং ২০০৮।
    ১১) ৰঙ্গঁপ্ৰভা’ – ‘প্ৰবন্ধ, ভাওনাৰ সূত্ৰধাৰ – পৃঃ জ্জ্ব। আমগুৰি, ২০০৭।
    ১২] ‘সাহিত্য দৰ্পণ’ – ষষ্ঠ অঃ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!