”বিদুৰভাই”ৰ বানান ভুল হোৱা নাই!
লেখক- বিকাশ দত্ত, হাজো
যোৱা নৱেম্বৰৰ পৰা ইউটিউৱত অতি সুন্দৰকৈ চলি আছে “বিদুৰভাই।” চিটুৱেছন কমেডিক অতি ক্ষিপ্ৰতাৰে দাঙি ধৰাতো ইমান সহজ নহয়। কিন্তু “বিদুৰভাই”ৰ গতানুগতিক কাহিনীক অতি সুন্দৰকৈ বাস্তৱ জীৱনৰ সৈতে তুলনাত্মক দৃষ্টিভংগীৰে সমসাময়িক মধ্যবিত্ত জীৱন প্ৰণালীৰ ব্যংগাত্মক ধৰণে অথচ শক্তিশালী ৰূপত উপস্থাপন কৰিব পৰা নজিৰ প্ৰায়েই অসমীয়া ছবি জগতত দেখিবলৈ পোৱা নাযায়। “বিদুৰভাই”ৰ পাচটা খণ্ডৰ প্ৰতিটো খণ্ডতেই আছে এক অনন্য মাত্ৰা। কিদৰে মাইক্ৰ ফাইনেন্সৰ ধনৰ ব্যৱস্থাপনাত ত্ৰুটি ৰাখি গাঁৱৰ সাধাৰণ মানুহে অযথা খৰচ কৰে, কিদৰে আৰ্থিক ভাৱে চলন্ত অৱস্থা থকা সত্ত্বেও লকডাউনে এটা পৰিয়ালক প্ৰভাৱিত কৰে, কৈশোৰৰ প্ৰেম, নিবনুৱা সমস্যাৰ বাবে যুৱপ্ৰজন্মক বিপথে পৰিচালিত কৰা, বেতন অবিহনে কৰ্তব্যনিষ্ঠ আৰক্ষী কনিষ্টবল এজনে লোৱা জীৱনৰ কঠোৰতম সিদ্ধান্ত আদিক চালুকীয়া আৰু বুদ্ধিদীপ্ত স্ক্ৰিপ্ট আৰু কাহিনীৰ উপস্থাপনশৈলীৰ জৰিয়তে আগুৱাই লৈ গৈছে “বিদুৰভাই”ক। মদৰ আড্ডাৰ মাজতে ভাওনাৰ ৰেফাৰেঞ্চ, শ্বেইক্সপীয়েৰৰ নাটকৰ সংলাপ, লকডাউনৰ মাজতে বিয়া পাতি খৰচ কমোৱাৰ হিচাপ–নিকাচ, হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছত লাভ স্কুটীত তেল ভৰাবলৈ টকাৰ অভাৱ, মাইক্ৰ ফাইনেন্সৰ মেনেজাৰক লৈ নিবনুৱা কেইজনৰ ক্ষোভ আদি বিভিন্ন দিশ লক্ষ্য কৰিলেই চিত্ৰনাট্যৰ শ্ৰেষ্ঠত্বৰ উমান লাভ কৰিব পাৰি।
এইয়া এক সমালোচনা নহয়। বৰং এইয়া এক আলোচনা। বৰ্তমানৰ ব্যৱসায়ভিত্তিক ছবি জগতত উপযুক্ত কনটেণ্টৰ অভাৱত বহুতো ছবি প্ৰচাৰ লাভ কৰিও সফল হ’ব নোৱাৰে, সেই সময়তে ইউটিউৱৰ দৰে প্লেটফৰ্মত “বিদুৰভাই”ৰ দৰে ছিৰিজ সমূহে এক আশা সঞ্চাৰ আনে। সাংঘাতিক ভাৱে সদাব্যস্ত জীৱনবোৰত ঘটি থকা সৰু সৰু ঘটনাবোৰৰ আলম লৈয়েই আমি জীৱনবোৰ কটাই থাকো। চহৰ নগৰ গাঁও কিম্বা অতি ভিতৰুৱা চুবুৰী, সকলোতে সকলোৰে লক্ষ্য মাথোঁ এটাই, টকা। আজিৰ যুগত টকা নহ’লে একো নচলে। সেইয়া বাস্তৱায়িত কৰা প্ৰয়োজন নাই, আৰু আমাৰ অসমৰ দৰে আৰ্থ সামাজিক অসমতাৰে পৰিপুষ্ট ঠাই এখনত পাৰফেক্ট কনটেণ্টৰ সংমিশ্ৰণ থকা চুটি ছবি বা ছিৰিজ এটা নিৰ্মাণ কৰাৰ পদক্ষেপ লোৱাতো এগৰাকী পৰিচালক বা চিত্ৰ নিৰ্মাতাৰ বাবে খুবেই কঠিন। কিন্তু বৰ্তমানৰ ফ্ৰিলেঞ্চ মুভী মেকিঙৰ আলম লৈ সুন্দৰ স্ক্ৰিপ্ট আৰু অগতানুগতিক গতিশীল কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি আগুৱাই নিয়াত কোনোপধ্যে কৃপণালি কৰা নাই পৰিচালক SUV (সুব্ৰত কাকতী) আৰু জ্যোতিস্মান চেতীয়াই। এটা ৱেব ছিৰিজ, নাম “বিদুৰভাই।” অভিনয়ত চুমকী কছাৰী, পংকজ মহন্ত, উজ্জ্বল ৰাজখোৱা, নীতু খনিকৰ, বলীন বড়া, ত্ৰৈলোক্য বৰুৱা, স্নিগ্ধা ফুকন, আনন্দ বৰুৱা, উদ্দীপনা বড়া, শৰ্মিষ্ঠা দাস, কংকন শইকীয়া আদি। হয়তো নামবোৰ তেনেই অচিনাকি। এজাক উদ্যমী কলা–কুশলী। তেওঁলোকৰ অভিনয়, সংলাপৰ কথনশৈলীৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুটি লক্ষ্য কৰিব পৰা নাযায়। সমসাময়িক সামাজিক দিশসমূহৰ বস্তুনিষ্ঠ উপস্থাপন এক গভীৰ বিষয়, কিন্তু তাৰ মাজতো ব্যংগাত্মক ধৰণে কম সময়ৰ ভিতৰত কাহিনীক ৰাইজৰ মাজলৈ লৈ অহাত “বিদুৰভাই”ৰ সকলো কলা–কুশলীয়েই অকণো “বানান ভুল কৰা নাই।”
ছিৰিজটোৰ এটা অন্যতম দিশ হ’ল প্ৰণয় দত্তৰ সংগীত। বিভিন্ন ইলেক্ট্ৰনিক সংগীতৰ সংযোজনৰ পৰিৱৰ্তে থলুৱা ঢোল, পেপা, গগণাৰ জৰিয়তে এক প্ৰকাৰৰ upbeat আৰু কমেডিক সংগীত ব্যৱস্থাপনাৰ জৰিয়তে প্ৰণয় দত্তই ছিৰিজটোৰ সাধাৰণ বিষয়বস্তুৰ লগতে কাহিনীৰ প্ৰয়োজনীয়তাকো সুন্দৰকৈ পৰিস্ফুট কৰাত সহায় কৰিছে। লগতে উত্তম কলিতাৰ চিনেমাটোগ্ৰাফীৰো প্ৰভাৱ আছে বুলি ক’ব পাৰি। কিন্তু “বিদুৰভাই”ৰ আটাইতকৈ শক্তিশালী দিশ বুলি ক’বলৈ গ’লে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্যকেই ক’ব লাগিব। তাৰ বাবে চিত্ৰনাট্যকাৰ প্ৰশংসাৰ পাত্ৰ। সামাজিক মাধ্যমত এইদৰেই নতুনত্ব আহি থাকক তাৰেই আশা কৰো। লগতে “বিদুৰভাই”ৰ জয়যাত্ৰা আগন্তুক খণ্ডবোৰতো এইদৰেই অব্যাহত থাকক।
অ’ আৰু এটা কথা, ছিৰিজটোৰ অন্য এটা চৰিত্ৰ হ’ল মদ। সেয়েহে “বিদুৰভাই”ৰ ভাষাৰেই আপোনাক সতৰ্ক কৰি দিওঁ, পৰাপক্ষত মদ নাখাব, বেয়া বস্তু।