প্ৰাপ্তি-অপ্ৰাপ্তি

লেখক- গীতা চহৰীয়া

বতৰৰ কথা বতৰতে কৈ
অনিবাৰ্য্য পৰিৱেশৰ বাবে নিজকে
সাজু কৰোঁ

খেপিয়াই চালে হাততে পোৱাৰ পিছত
মূল্যৱান সম্পদবোৰো হৈ পৰে অৰ্থহীন

প্ৰাপ্তি-অপ্ৰাপ্তিৰ যুঁজখনো
ছেগা-চোৰোকাকৈ চলাবলগীয়া হ’লে
দিগন্ত ৰেখাৰ গতিত অসময়ৰ দিগ্বিজয় নিশ্চিত

হয়তো দিনপঞ্জীৰ হিচাপৰ বিপৰীতেই আন্ধাৰ নামিব

শেষ মানেই জানো সকলো শেষ
কাৰণ নোহোৱাকৈ সংযোগ কৰিব পাৰি
ভাল দিন-বাৰৰ ভাল মুহূৰ্ত
প্ৰতিপল গাব পাৰি জীৱনৰ এফাঁকি গান

হয়তো সেয়ে
আকৌ পাকঘূৰণি খাই উভতি আহোঁ
সৰল বান্ধোনৰ ইচ্ছাৰ পদূলিলৈ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!