অসমীয়া জতুৱা ঠাঁচৰ ব্যৱহাৰঃ
লেখক- নীলোৎপল বুঢ়াগোঁহাই
অহু কাণে পহু কাণে পোৱা বাতৰি মতে উনৈশত বা বলি থাকোঁতে নপতা ফুকন ডাঙৰীয়াই আকাশত চাং পাতি আলাসৰ লাড়ু খাই খাই আটোম টোকাৰী বজাই থাকোঁতে হঠাৎ বিনা মেঘে বজ্ৰপাত পৰি দাঁতে ওঁঠে লাগি পানীত হাঁহ নচৰা পুখুৰী এটাত পৰি চিলিম চিগো চিগো অৱস্থা হ’ল। পুখুৰীটোত নদন বদন নামৰ দুজন লোকে দুই নাৱঁত দুই ভৰি বাই থাকোঁতে ফুকন নাৱঁৰ ওপৰতে পৰে। ফলত নাৱঁত থকা ডলাৰ বগৰী এখিনিৰ ওপৰতে ফুকন আহি পৰাত হুৱা দুৱা লাগে। বেজৰ নাকত খৰ থকা এজন বেজে বাট কুৰি বাই আহি তেওঁক জৰা ফুকা কৰিছিল। সেই সময়তে বলধ গৰু নথকাত গাই এজনীকে বাই চাই থকা এজন দুৰতে বিদুৰ হ’ল। নপতা ফুকনক ৰাইজে নখ জোকাৰি পানীৰ নদী বোওৱাত যেনিবা চকু মেলি চালে। তেওঁৰ কপালত দুখ পাই কপাল ফুলি গৈছিল। পানীৰ পৰা উঠাই আনোতে দুই এডাল নলগা জেঙো গাত লাগি আহিছিল। পানীৰ তলৰ কাঁইতে ফুটি কপালো ফুটালে। সেইসময়তে বগলী নামৰ ভকত এজনে তেওঁক চেঙা তেল মাৰিবলে উপদেশ দিছিল নহলে পিছত গেলা ঘাঁত টেঙা দিব লগা হ’ব পাৰে বুলিও কৈছিল। তাৰে উনৈশ বিশ বয়সীয়া ডেকা কেইজনমানে ন দহ এঘাৰ টকা সাহায্য দিছিল। বৰ্তমান তেওঁ ঘৰগোণা হৈ যি মূলা বাঢ়িছে তাকে খাই আছে।