প্ৰেমহীনতাৰ আন এক গল্প

লেখক- শিখা শইকীয়া

এখন হাত প্ৰায়ে সপোনত দেখিছিলো; ভৌতিক এখন হাত। খিৰিকীৰে সোমাই বেৰেদি বগোৱা বাই হাতখনে যেনি-তেনি কিবা খেপিয়াই ফুৰিছিল। কিলাকুটিৰপৰা কেৱল তলৰ অংশ থকা এই হাতখনৰ কথা আইতাই প্ৰায়ে আমাক কৈছিল। ‘আমনি নকৰিবি। শুই থাক। এনে এখন হাত হঠাতে ওলাই ধৰিবহি’। ভয়তে পেঁপুৱা লাগি আমি আটাইকেইটা শুই পৰিছিলোঁ। তেতিয়া কেতিয়াও দেখা নাছিলোঁ। হয়তো আইতাহঁতৰ অস্তিত্বই আমাক আৱৰি ৰাখিছিল। নিলগাই ৰাখিছিল সেই হাতখনৰ পৰা। কিন্তু পাছলৈ এক দুঃস্বপ্নৰ দৰে প্ৰায়ে সপোনত সেই হাতখনে মোক খেদি ফুৰিছিল। স্বপ্নাবিষ্ট দুচকুৱে কেতিয়াবা যেন হঠাতে আঁঠুৱা দাঙি সোমাই অহা হাতখনৰ উমান পাইছিলোঁ। পিছে ভয়াৰ্ত দুচকুৱে কেতিয়াও তাৰ উপস্থিতিক স্বীকাৰ কৰা নাছিল। কিন্তু যেতিয়াই এই হাতে বগুৱা বাই মোৰ দেহৰ খলাবামাত কিবা খেপিয়াই ফুৰিছিল, খুব ভয় লাগিছিল। চিঞৰিছিলোঁ.. এক ভয়াৰ্ত চেপা চিঞৰ। সেই ভয়াৰ্ত আৰ্তি সমগ্ৰ ঘৰখনত এক উচুপনি হৈ বিয়পি পৰিছিল।

জানা তুমি, সকলো জানা।

শৈশৱৰ সেই যন্ত্ৰণাই কুৰুকি কুৰুকি এটা কুমটিৰ দৰে কিদৰে মোক ভিতৰৰ পৰা ফোঁপোলা কৰি পেলাইছিল। তোমাকতো সকলো কোৱা আছে। কিদৰে তুমি মোৰ শূন্যতাক ভৰাই তুলিছিলা। তোমাৰ বুকুৰ উমেৰে মোৰ শীতলতাক উমাল কৰি তুলিছিলা। সকলো দেখোন সৌ সিদিনাৰ কথা।

ছিন্নমস্তাৰ মাঁক বিচাৰি এক অৱস শৰীৰ আৰু ভাগৰুৱা আত্মা লৈ মই সেইদিনা পাহাৰ বগাইছিলোঁ। থিয় খটখটীবোৰ সেইদিনা যেন বেছি থিয় হৈ পৰিছিল। পোণে পোণে স্বৰ্গলৈ যোৱাৰ বাট সাজিছিল নেকি? চিপচিপিয়া বৰষুণত পিচল হৈ পৰা শিলৰ চিৰি কেইটাৰে সাৱধানে মই আগবাঢ়িছিলোঁ। নাই মৰিবলৈ মোৰ ভয় নাছিল। কিন্তু এক সাৰ্থক মৃত্যু মই বাঞ্ছা কৰিছিলোঁ। এক শৈল্পিক মৃত্যু। কিন্তু মোৰ সেই যাত্ৰা মৃত্যুৰ নাছিল। তুমি অযথা ভয় খাইছিলা। সমগ্ৰ পথচোৱা বাৰু তুমি মোৰ কাষে কাষে আছিলা নেকি? এজাক শীতল বতাহ হৈ; অথবা কাষৰ গছবোৰৰ পৰা ভাঁহি অহা একোটা মৃদু সুৰ হৈ। তোমাৰ দুভৰিৰ শব্দ মই শুনিছিলোঁ নেকি?
পাহাৰৰ শিখৰৰ পৰা জুমি চাই মই পিছে তলৰ শীৰ্ণ নৈখনহে চাব খুজিছিলোঁ। তুমি পিছে ভয় খাইছিলা।

:”সেই কি কৰিছে? কি কৰিছে? ইমান কাষলৈ কিয় গৈছে। দেখা নাই মুহূৰ্ততে মাটি খহি পৰিব পাৰে।”

কথাখিনি শেষ হোৱাই নাছিল, এক অসতৰ্ক মুহূৰ্তত মই পাহাৰৰ দ খাৱৈৰ ফালে হালি পৰিব খুজিছিলোঁ। তুমি একেবাৰে চিনেমাৰ হিৰোৰ দৰে বৰ কায়দাৰে মোক সাৱটি ধৰিছিলা। মোৰ পূৰঠ শৰীৰ তোমাৰ বলিষ্ঠ দুহাতত সোমাই পৰিছিল। এনেকৈ আমি বহুসময় আছিলোঁ নেকি? অচিনাকি দুচকু প্ৰেমত নাচি উঠা চাৱনিলৈ পৰিৱৰ্তিত হ’বলৈ যিমান সময় প্ৰয়োজন, আমি হয়তো ঠিক সিমান সময় তেনেকৈয়ে আছিলোঁ। যুগ যুগ ধৰি পৰ্বতৰ গুহাচিত্ৰত আলিংগনবদ্ধ দুই নৰ-নাৰীৰ দৰে আমি তাতেই স্থিৰ হৈ আছিলো স্তব্ধ সময় মুঠিত ভৰাই।

‘ডাইৰেক্তৰে কাট’ কৰাৰ পাছতহে যেন আমাৰ সম্বিত ঘূৰি আহিছিল। মোৰ এনে লাগিছিল মই যি অনুভৱ কৰিছিলোঁ তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে যেন সেই অনুভৱৰ শীতলতা প্ৰৱাহিত হৈ পৰিছিল।

এই ঘটনাটো খুব সামান্য আছিল। আমি দুয়ো দুফালে আঁতৰি গৈছিলোঁ। তাৰ পিছতো হয়তো আমি কেতিয়াবা কাষেৰে পাৰ হৈ গৈছিলো কিন্তু এনে একো ঘটা নাছিল যে পুনৰ তোমাৰ দুবাহুত সোমাই পৰো। যৌৱনা মনটোৱে হয়তো তোমাক বিচাৰি আছিল আৰু হয়তো নিয়তিয়েও বিচাৰিছিল আমি দুয়ো পুনৰ লগ হওঁ। সেয়ে আমি পুনৰ লগ পাইছিলোঁ। তোমাক কেতিয়াও কোৱা হোৱা নাই। সেইদিনা এক লহমাৰ বাবেও তোমাৰ দুচকুত মই যি এক প্ৰেমৰ জিলিঙনি দেখা পাইছিলো মই তাক সদায় সামৰি ৰাখিছোঁ।

প্ৰেমৰ ধাৰণা মোৰ বাবে বৰ বিচিত্ৰ আছিল। এডাল লতাৰ দৰে বগাবলৈ মোৰ বৰ হেঁপাহ আছিল। শক্তিশালী, দৃঢ়তাৰে মাটি খামোচি থকা বৃক্ষৰ লতা হোৱাৰ মোৰ ইচ্ছা আছিল। পৰাশ্ৰয়ী লতাবোৰ নহয়। নিজৰ অস্তিত্বক উজাৰি সমান দৃঢ়তাৰে আকাশ চুব খোজা এডাল শক্তিশালী লতা।

পিছে মই এডাল লতা হ’ব নোৱাৰিলোঁ। সময়, পৰিস্থিতি, কঠিন বাস্তৱৰ মাজত মই লতা হোৱাৰ বাসনা ত্যাগ কৰিলোঁ। মই যে এডাল বৃক্ষলৈ ৰূপান্তৰ হ’লোঁ। দলৈ মাটি খামোচি থকা এডাল বটবৃক্ষ।

স্বৰ্গীয় প্ৰেম, জন্ম-জন্মান্তৰৰ প্ৰেম কি মই বুজি নাপাওঁ। কিন্তু এটা কথা ঠিক, প্ৰেমত কমপেটিবিলিটি থাকিব লাগে। বহু কথা নোকোৱাকৈ বুজি উঠা, ভবা কথাখিনি বিনা দ্বিধাই প্ৰকাশ কৰিব পৰা সহজবোধ থাকিব লাগে। সপোনবোৰ, চিন্তাবোৰ এক হৈ পৰিব লাগে। তুমি মই, মই তুমি হৈ পৰাতহে প্ৰেমৰ সাৰ্থকতা।

যৌৱনত ভৰি দিয়াৰ পাছৰেপৰা এনে এটা সপোনৰ প্ৰেম বা প্ৰেমৰ সপোন কঢ়িয়াই লৈ ফুৰিছিলোঁ। মোৰ কাষে কাষে থাকি মোৰ স্নেহাস্পদে প্ৰতি মুহূৰ্তত মোৰ সৈতে কথা পাতিছিল, হাঁহি-ধেমালি কৰিছিল। কেতিয়াবা মিঠা অভিমান আৰু কেতিয়াবা পূৰ্ণ আৱেশেৰে সাৱটি ধৰিছিল। এক পৰিপূৰ্ণতাৰ অনুভৱ নিহিত হৈ থাকিছিল সেই সপোনবোৰৰ মাজত। কেতিয়াবা সেই সপোনবোৰে একোটা ৰূপ লৈছিল। সেই অস্তিত্বৰ সৈতে সপোনটোক ৰিজাই চোৱাৰ চেষ্টা চলিছিল। কিন্তু সকলো চেষ্টা ব্যৰ্থ আছিল। কেৱল সপোনটোহে অহৰহ মোৰ সৈতে উমলি থাকিছিল এক ছাঁৰ দৰে।

প্ৰেমিকৰূপী যুৱকবোৰৰ কায়িক উপস্থিতিক অৱজ্ঞা কৰি মই সপোনটোৰ মাজত মত্ত থাকিছিলোঁ, বিলীন হৈ পৰিছিলোঁ। এনেকৈয়ে সময়বোৰ পাৰ হৈছিল। সময়ৰ চাকনৈয়াৰ মাজেৰে জীৱনটো আগবাঢ়িছিল। বহু পাইছিলোঁ, বহু হেৰুৱাইছিলোঁ। কিন্তু মোক আচৰিত কৰি সপোনটো মোৰ পৰা আঁতৰি যোৱা নাছিল। সি এতিয়াও আছে। পাৰ্থক্য মাথোঁ এটাই – সেই সপোন এতিয়া বিমূৰ্ত নহয়। ই মূৰ্ত হৈ উঠিছে। তোমাক লগ পোৱাৰ পাছৰে পৰা এই সপোনে বাস্তৱ ৰূপ লৈছে।

মোৰ সপোনটোৰ কথা শুনি তুমি হাঁহিছিলা। তোমাৰ হাঁহিয়ে সমগ্ৰ পথচোৱাৰ নিৰ্জনতাক ভেদি থৰথৰকৈ কঁপি উঠিছিল। ওখ পাহাৰটো হঠাতে যেন কুঁজা হৈ পৰিছিল। ওচৰৰ গছকেইজোপাই ফুচফুচাই ইটোৱে-সিটোক কিবা এটা কৈছিল। চৰাই এজনীয়ে ইমান বিননি জুৰিছিল। কিয় জানো এনে লাগিছিল, তাই যেন তোমাৰ নাম ধৰি মাতিছিল। গছৰ লতিকাকেইডালে তোমাৰ হাঁহিত চল পাই ৰাস্তাৰ তেনেই কাষ চাপি আহিছিল। পাহাৰৰ চূড়াৰ সেই শিলটোত যেতিয়া দুয়ো গাতে-গা লগাই বহিছিলো, আচৰিত ধৰণে তুমি নিশ্চুপ আছিলা। চিন্তাৰ গভীৰ ৰেখা এডালে তোমাক মেৰিয়াই আছিল। মোৰ কথাবোৰ ওফৰি ওফৰি তোমাৰ কোলাত পৰিছিল; সিহঁত চটফটাইছিল। অথচ তোমাৰ তালৈ কাণসাৰ নাছিল। বননিৰ পৰা উৰি আহি চৰাইজনীয়ে তোমাৰ আশে-পাশে পুনৰ ইনাই -বিনাই কিবা এটা ক’ব খুজিছিল। ইমান ধুনীয়া চৰাইজনী! ঠোঁট দুটি উজ্জ্বল গুলপীয়া, পাখি দুখন ঈষৎ নীলা, মাজে-মাজে বিচিত্ৰ ৰঙৰ অদ্ভুত সামাহাৰ। যেন তোমাৰ কেভাছৰ ৰং সোপাত তাই জুবুৰি খাই আহিছে। মই বৰ কৌতূহলেৰে তাইলৈকে চাই আছিলোঁ। তোমাক কিবা এটা কওঁ বুলি ঘূূৰি চাওঁতে দেখিছিলো এখন বৃহৎ ডেউকা লগাই তুমিও উৰিবলৈ চেষ্টা কৰিছা। বৃহৎ ডেউকা! পাহাৰটোৱে তললৈ নামিব ধৰা ঠাইটুকুৰাতে মই তোমাৰ ক’লা জপৰা চুলিখিনিৰ তলেৰে বগা উজ্জ্বল ডেউকাখন দেখিছিলোঁ।

খন্তেক সময় মই তভক মাৰিলোঁ। চৰাইজনী ক’ত, তুমি ক’ত? ইফালে-সিফালে চাই থাকোঁতে চো মাৰি তুমি পুনৰ মোৰ কাষ পাছিলাহি। পাখি দুখন তেতিয়া তোমাৰ গাত নাছিল। মই কিবা এটা কোৱাৰ আগতে বৰ মৰমেৰে মোক আকোঁৱালি লৈ কপালত এটা মিঠা চুমা আঁকিছিলা। ইমান মিঠা এটা চুমা! মই আচৰিত হৈছিলোঁ। তুমি কৌতুকপূৰ্ণ হাঁহিৰে বৰ মৰমেৰে মোৰ ভেলেঙা মুখখনলৈ চাই ৰৈছিলা।

জানা, সেইদিনা মই নিশ্চিত হৈছিলো। সঁচাকৈ তুমি যাদু জানা। হয়তো বহু আগৰেপৰা তুমি যাদু জানিছিলা। সেয়ে তোমাৰ হাঁহিৰ লগে লগে আকৌ প্ৰাণচঞ্চলা হৈ পৰিছিল শিলাময় ঠাইটুকুৰা। আমি বহি থকা শিলচটা আলাসত ওপঙি উঠিছিল। গছবোৰে ৰৈ ৰৈ চিম্ফনী তুলিছিল। বিথোভেনৰ সেই সুৰতো!

সেই সুৰ তোমাৰো প্ৰিয় আছিল। শুনাৰ ক্ষমতা হেৰুওৱাৰ পাছতো তেওঁ কৰা সেই ষষ্ঠ চিম্ফনীটো!

উফ! কি যে মাদকতা, কি যে শব্দৰ খেলা শব্দহীনতাৰ মাজত।

তুমি সিহঁতৰ সুৰত সুৰ তুলিছিলা। তুমি কিবা গীত গাইছিলা।

মোৰ পিছে মন গৈছিল সেই গীতটি গাবলৈ……তুমি যে খুব ভাল পাইছিলা। জন লেননৰ সেই বিখ্যাত গীতটি-

নৰৱিজিয়ান উড

আই ৱান্‌ছ হেড এ গাৰ্ল
অৰ ছুদ আই চে ছি ৱানছ্‌ হেড মি
………………………..
…………………………

হুৱেন আই এৱেক আই ৱাজ এল’ন
ডা বাৰ্ড হেজ ফ্লন
ছ’ আই লিট এ ফায়াৰ
ইজ নট ইট গুড নৰউইজেন উড

নাজানো মোৰ প্ৰিয় পাহাৰ আৰু শিলচটাৰ মাজত, তোমাৰ কান্ধত মোৰ থৈ মোৰ কিয় সেই গীতটিলৈ মনত পৰিছিল। তোমাৰ কোলাত মোৰ কথাকেইটাই তেতিয়াও উচুপি আছিল। তোমাৰ সুহুৰিয়ে সিহঁতক নিচুকাব পৰা নাছিল। তোমাৰ গাৰ পৰা সেইদিনা পকা অমিতাৰ গোন্ধটোও ভাঁহি অহা নাছিল। মই বিহ্বল হৈ পৰিছিলোঁ। তোমাৰ বগা চাৰ্টটোত অস্পষ্টকৈ চিত্ৰিত হোৱা সেই বহুৰঙী বিচিত্ৰ আল্পনাই মোক উদ্বাউল কৰি তুলিছিল। পাহাৰটোৰ তলত সেই শীৰ্ণ নৈখন তেতিয়াও আছিল। আছিল কাষৰ সেই গভীৰ খাদটো।
. . …………………….

হঠাতে কৰিডৰটোৰ মাজেৰে কোনোবা খুব খৰধৰকৈ ওলাই যোৱা যেন লাগিল। মই খপজপাই সাৰ পাই উছিলোঁ। কৰিডৰটোৰ কাঠৰ বেঞ্চখনত বহি বহি মোৰ কঁকালটো টনটনাই উঠিছে। থিয় হৈ খোজ কাঢ়ো বুলি এখোজ-দুখোজকৈ কৰিডৰটোৰে আগবাঢ়িলোঁ।

দীঘলীয়া কৰিডৰটো তেনেই নিজম পৰি আছে। এটা আন্ধাৰ গলিৰ দৰে ইয়াৰ ইটো মূৰৰ পৰা সিটো মূৰ মনিব নোৱাৰি। কৰিডৰটো য’ত শেষ হৈছে তাৰ পৰাও বহুখিনি নিলগত এটা চল্লিছ ৱাটৰ বাল্ব ঢিমিক-ঢামাক পোহৰেৰে সৈতে জ্বলি আছে। বিচিত্ৰ পোক-পৰুৱাবোৰে তাক আৱৰি যেন কিৰিলি পাৰিছে। শেঁতা পোহৰত ওলমি থকা বাল্বটো এটা উদাসী পপীয়া তৰাৰ দৰে দেখা গৈছে। ফুলি উঠা ভৰিটো চোঁচৰাই চোঁচৰাই মই সেইফালে আগবাঢ়িলোঁ। হঠাতে পুনৰ খৰখেদাকৈ মোৰ কাষেৰে মানুহ এজন পাৰ হৈ গ’ল। ক’লা কাপোৰেৰে চকু-মুখ ঢকা কোনোৱা এজন। প্ৰায় এক বিঘা মাটি জুৰি থকা বৃহৎ চৌহদটোত অৱস্থিত ৫০ বছৰ পুৰণা চিকিৎসালয়খনৰ নিজস্ব এক ঐতিহ্য আৰু গৌৰৱেৰে তেতিয়াও থিৰ হৈ আছে। পুৰণা বিল্ডিঙবোৰৰ পৰা এক প্ৰাচীন, সেমেকা গোন্ধ ভাঁহি আহিছে। আদিম শব্দ কিছুমানে যেন সৰ্বত্ৰ এক ৰহস্যৰ জাল সানি দিছে। মই এখুজি-দুখুজিকৈ আগুৱাই গৈ আছো।

হঠাতে ভিতৰৰ পৰা কাৰোবাৰ কথোপকথন ভাঁহি আহিছে। ক্ৰমাৎ মাতবোৰ ডাঙৰ হৈ পৰিছে। কোনোবাই খুব জোৰে জোৰে তৰ্ক কৰিছে। এইমাত্ৰ মোৰ কাষেৰে পাৰ হৈ যোৱা মানুহজন চাগৈ। হয়তো নাইট ডিউটিত থকা নাৰ্ছৰ লগত কিবা কথাত তৰ্ক কৰিছে। সাধাৰণতে কোনো মানুহক ৰাতি পেছেণ্টৰ কাষলৈ যোৱাৰ অনুমতি দিয়া নহয়। ৰাতি এটেডেণ্ট থাকিলে আগতীয়াকৈ জনাব লাগে। মিছনেৰী আদৰ্শৰে চালিত চিকিৎসালয়খন এতিয়াও কিছুমান কথাত খুব কাঢ়া।

ভোৰভোৰাই ভোৰভোৰাই এইবাৰ মানুহজন পুনৰ মোৰ কাষেৰে পাৰ হৈ গ’ল। বুকুত কিবা এটা সাৱটি ক’লা কাপোৰখন গাত মেৰিয়াই মানুহজন খুব খৰ খোজেৰে আঁতৰি গ’ল। অন্ধকাৰৰ মাজত ইমান ধুনীয়াকৈ মিলি গ’ল যে অলপ আগতে যেন তেওঁৰ কোনো অস্তিত্বই নাছিল।

অদূৰত কুকুৰ এটাই ৰাউছি জুৰিছে। নিৰ্জনতাক ভেদি সেই মাতত চৌহদটো কঁপি উঠিল। মহা আয়ামেৰে চিৰিৰ কাষতে গভীৰ নিদ্ৰাত থকা মেকুৰীটো খন্তেক সময়ৰ বাবে কেঙমেঙাই উঠিল। ঢপঢপাই উৰি যোৱা কেইটামান অদৃশ্য চৰাই আন্ধাৰৰ শূন্যতাত হেৰাই গ’ল। ঢপঢপনি কিছুসময়লৈ মোৰ বুকুত চলি থাকিল। কৰিডৰটোৰ শেষ প্ৰান্তত চিৰিকেইটাৰ কাষ পাই আৰু আগলৈ যাবলৈ মন নগ’ল। ইতিমধ্যে কৰিডৰৰ কাষৰ বাৰাণ্ডাখনত জ্বলি থকা বাল্ববটোৰ ঢিমিক-ঢামাক পোহৰ আৰু স্তিমিত হৈ পৰিছে। যিকোনো মুহূৰ্ততে সি যেন ঢপকৈ নুমাই থাকিব। মই এইবাৰ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ।

তুমি চাগৈ এতিয়া বিছনাখনত দীঘল দি পৰি আছা। ঘন ঘনকৈ লোৱা উশাহবোৰত তোমাৰ বুকুখন বাৰেপতি উঠা-নমা কৰিছে। ঘামত তিতি উঠা তোমাৰ দেহাৰ পৰা উফৰি আহিছে নে সেই পকা অমিতাৰ গোন্ধ! বটলৰ পৰা টোপটোপ সৰি পৰা চেলাইনৰ পৰা তোমাৰ ৰক্তলৈ প্ৰৱাহিত হোৱা জীৱনীশক্তিয়ে তোমাৰ আত্মাক উদীপ্ত কৰিব পাৰিবনে? পাৰিবনে তোমাক ওভতাই আনিব?

ভাবি আছা নেকি তুমি মোৰ কথা দুচকু জপাই। নে সচেতন আনকি অৱচেতন মনতো মোৰ অস্তিত্বৰ কোনো চিহ্নই বাকী নাই।

হয়, মই তেনেদৰে গুচি অহা উচিত নাছিল। কিন্তু মোৰ বাবে ওভতনিৰ একো বাট নাছিল। মোৰ বাবে অতীতে বাট ভেটা দি থৈছিল। সোণোৱালী ডেউকা লগাই তুমি উৰিব খোজা দিনাই মোৰ সকলো আউল লাগিছিল। থানথিত লগাই লোৱা মনটো জটপট খাই উঠিছিল।

খলিল জিব্ৰানৰ কথাবোৰ তুমি প্ৰায়ে কৈছিলা। তেওঁৰ প্ৰেম, বিবাহ সম্পৰ্কীয় কথাবোৰে তোমাক ইমান আকৰ্ষণ কৰিছিল। সেই যে তেওঁ কৈছিল-

“তোমালোক আজন্ম লগৰী আৰু আমৃত্যু এই সংগ।
মৃত্যুৰ বিভীষিকাই আমনি কৰাৰ সময়তো তোমালোক একেলগে থাকিবা।
সৃষ্টিকৰ্তাৰ মৌন স্মৃতিৰ মাজতো তোমালোক একাত্ম হৈ থাকা।
এই একাত্মতাৰ মাজত কিন্তু সামান্য দূৰত্বৰো প্ৰয়োজন,
আৰু দুয়োৰে মাজত স্বৰ্গৰ বতাহকণ প্ৰৱাহিত হ’ব পৰাকৈ সামান্য ঠাই পিছে সদায় ৰাখিবা।”

তুমি আছিলা এটা মুক্ত পখী। মোৰ দুবাহুৰ মাজত তুমি ইমানকৈ চটফটাইছিলা নে? হয় আমাৰ অন্তৰংগতাৰ মাজত কিছু স্পেছ থকা জৰুৰী আছিল। দুয়োৰে আত্মাৰ উপকূলৰ মাজৰ ৱোৱতী সাগৰখন আমি বাৰু ভেঁটা দিব খুজিছিলো নেকি? প্ৰেমৰ বতাহজাক হঠাতে ৰুদ্ধ হৈ পৰিছিল নেকি? কিয় উশাহবোৰ চুটি হৈ পৰিছিল। কথাবোৰে বাট হেৰুৱাই অস্থিৰ হৈ পৰিছিল। ভয়াৰ্তভাবে সিহঁত অত-ত’ত বগাবলৈ আৰম্ভ কৰিছিল।
নাই নাই তেতিয়াও সকলো শেষ হৈ যোৱা নাছিল। কথাবোৰে বাট হেৰুওৱা পথটোৰে মই তোমাক বিচাৰি তোমাৰ ৰুমলৈ আহিছেলোঁ।

ওমমম তোমাক কোৱা হোৱা নাছিল, আহিম বুলি। শীতৰ সেমেকা বতাহজাকে বৰকৈ কোবাইছিল। পথচোৱা বৰফৰ গুৰি যেন বগা হৈ আছিল। দুৱৰিৰ শীতল পৰশ মোৰ বুটযোৰ পাৰ হৈ দুভৰিত লাগিছিলহি। তুমি চিমলাৰপৰা আনি দিয়া পাতল সেউজীয়া অভাৰকোট আৰু হাত মোজায়ো মোৰ জাৰ কমাব পৰা নাছিল। খৰ খোজেৰে মই তোমাৰ কাষ পাবলৈ উদ্বাউল হৈ পৰিছিলোঁ। জানো, মোৰ শীতলতাক কেৱল তুমিহে উমাল কৰিব পাৰা।

দীঘল পদূলিটো পাৰ হৈ তোমাৰ ৰুমৰ কাষ পাই মই থমকি ৰৈছিলোঁ। চহৰৰ উপকণ্ঠ অঞ্চলত দুটা কোঠালীৰ এই ঘৰটো তোমাৰ বৰ প্ৰিয় আছিল। তোমাৰ কেনভাছত ৰং-তুলিকাবোৰে ইয়াত যে প্ৰাণ পাই উঠিছিল। দুৱাৰত টুকুৰিয়াব খুজি মই ৰৈ গৈছিলোঁ। তোমাৰ খিৰিকীখনৰ ভগা কাঁচ টুকুৰা মই বাৰম্বাৰ কোৱা সত্ত্বেও তুমি তেতিয়াও সলাই লোৱা নাছিলা। কিয় জানো সেই ভগা খিৰিকীৰে মই ভিতৰলৈ জুমি চাইছিলোঁ।

তোমাৰ সোণোৱালী ডেউকাখন খুব জোৰেৰে ঢপঢপাই আছিল। তাৰ মাজেৰে জিলিকি আছিল তোমাৰ ক’লা জপৰা চুলিটাৰি। তোমাৰ ডেউকাৰ ঢপঢপনিৰ লগে লগে দৃশ্যমান হোৱা সেই বহুৰঙী সুন্দৰ নিমজ আনখন ডেউকা দেখি মই শিয়ৰি উঠিছিলোঁ। প্ৰচণ্ড খং-ক্ষোভ আৰু বেদনামিশ্ৰিত তপত লোতক এধাৰি মোৰ দুচকুৰে বৈ আহিল। সেই প্ৰচণ্ড শীতৰ মাজতো মই জ্বৰে ঘামা দি ঘামি উঠিলোঁ। মোৰ শীতলতাক আৰু তোমাৰ প্ৰয়োজন নহ’ল। মোৰ সমস্ত আৱেগবোৰে মোক উমাল কৰি তুলিলে।

সেই মুহূৰ্তত সেই ভগা খিৰিকীথনলৈ মোৰ প্ৰচণ্ড খং উঠিছিল। ওচৰতে পৰি খকা ভগা ইটা এটাৰে মই সেইখন চূৰ্ণ-বিচূৰ্ণ কৰি পেলালোঁ। ভগা গ্লাছত মোৰ প্ৰতিবিম্ব দেখি মই নিজে উচপ খাই উঠিলোঁ। তাৰপিছত আৰু মই এক চেকেণ্ডো তাত ৰোৱা নাছিলোঁ। নাই তোমাৰ প্ৰতিক্ৰিয়া জানিবলৈ মই ইচ্ছুক নাছিলোঁ।

সেইদিনা গধূলি তোমাৰ বন্ধুজনৰ লগত মই ওলাই গৈছিলোঁ। তাৰ ফেহুৰঙী গাড়ীখন তীব্ৰ বেগেৰে হাইৱেটোৰে আগবাঢ়িছিল। মোৰ অনুৰোধতে সি হুইস্কিৰ হাফ বটল এটা লৈ আহিছিল। মই কান্দিছিলোঁ আৰু হুইস্কি খাইছিলোঁ। সি একো কোৱা নাছিল আৰু একো সোধাও নাছিল। জানাই দুপেগ খোৱাৰ পাছতে মোৰ নিচা লাগে। কিন্তু সেইদিনা আচৰিত ধৰণে মোৰ নিচা লগা নাছিল। গাড়ীত বাজি থকা গীত, হুইস্কি আৰু চকুপানী একাকাৰ হৈ পৰিছিল। এটা সময়ত মই ভাগৰি পৰিছিলোঁ আৰু তোমাৰ বন্ধুৰ দুবাহুৰ মাজত সোমাই পৰিছিলোঁ। সেই বন্ধুৰ মোৰ প্ৰতি থকা দুৰ্বলতা সদায় তোমাৰ আপত্তিৰ কাৰণ আছিল। তাৰ দুবাহুৰ মাজত মই এক সাংঘাতিক পৰিতৃপ্তি অনুভৱ কৰিছিলোঁ।
পিছে খন্তেকৰ বাবে।

হঠাতে তাক গাড়ী ৰখাবলৈ নিৰ্দেশ দিছিলো আৰু একো নোকোৱাকৈ উদভ্ৰান্তৰ দৰে মই গাড়ীৰপৰা দৌৰি ওলাই আহিছিলোঁ। বিপৰীত দিশৰ পৰা আহি থকা এখন অটোত উঠি পোণে তোমাৰ ৰুম পাইছিলোহি।

দূৰৈৰ পাৰ দেখা তোমাৰ কোঠাৰ ঢিমিক-ঢামাক পোহৰ এটাই পৰিৱেশটোত অদ্ভুত এক উদাসীনতা সিঁচি দিছিল। মই চুচুক-চামাককৈ দুৱাৰৰ ফালে আগবাঢিছিলোঁ। দুদিন পূৰ্বে এইখিনি ঠাইত অবাঞ্ছিত এক ঘটনাৰ সাক্ষী হৈ ৰোৱা মোৰ দুচকুক অবাক কৰি মই পুনৰ তোমাৰ কাষলৈ গৈছিলোঁ। তোমাৰ সেই সকলো কথা মই পাহৰি পেলাব বিচাৰিছিলোঁ। কেৱল ভালপোৱাৰে তোমাক পুনৰ নিজৰ কৰি ল’বলৈ মই উদ্বাউল হৈ উঠিছিলোঁ। দুৱাৰত টুকৰ মাৰিবলৈ হাত মেলোতেই দেখিছিলো ভগা খিৰিকীখন! হয়, সেইখন তেতিয়াও তাত খেলিমেলি হৈ পৰি আছে। মই আচৰিত হৈছিলোঁ। তাতেকৈ আচৰিত হৈছিলোঁ নিজক লৈ। অলপ আগলৈ সকলো কথা পাহৰি তোমাক আঁকোৱালি ল’বলৈ বাউলি হৈ থকা মই আকৌ সলনি হৈ পৰিলোঁ। তোমাৰ প্ৰতি এক প্ৰচণ্ড খঙ আৰু ঘিণে আকৌ মোক হেঁচা মাৰি ধৰিলে।

নাই তাৰপিছত…. তাৰপিছত আৰু কোনো দিনে তোমাৰ কাষলৈ যোৱাৰ হেঁপাহ জাগি উঠা নাই। তোমাৰ ফোন, হোৱাট্‌ছ এপ সকলো ব্লক কৰি মই কোনোদিনে তোমাক দেখা নকৰাৰ পণ লৈছিলোঁ। ধৰি লোৱা সেয়া আছিল ভীষ্ম প্ৰতিজ্ঞা। তোমাৰ বন্ধুৰ জৰিয়তে পঠিওৱা বিদায় বাৰ্তা শুনিও মই সেইদিনা কন্দা নাছিলোঁ। তুমি মাথোঁ বিচাৰিছিলা আমি শেষবাৰৰ বাবে কথা পতা উচিত। নাই, মই সন্মত হোৱা নাছিলোঁ। মোৰ দৃঢ়তাক ভাঙি পেলাবলৈ তোমাৰ এষাৰি মাতে যথেষ্ট আছিল। মই বাৰে বাৰে হাৰিব বিচৰা নাছিলোঁ। তোমাৰ প্ৰেম মোৰ শক্তি। মই মোৰ প্ৰেমক হাৰিব দিব বিচৰা নাছিলোঁ।

তুমি চাগৈ আচৰিত হ’বা, তুমি আঁতৰি যোৱাৰ পাছতো মই মোৰ সপোন আৰু প্ৰেমৰ সৈতে বৰ সুন্দৰকৈ জীয়াই উঠিছিলোঁ।

তুমি আজি মৃত্যু শয্যাত। তিনি মাহৰ অন্তঃসত্ত্বা তোমাৰ পত্নীয়ে ইতিমধ্যে এই সংসাৰ ত্যাগ কৰিছে। মৃত্যু পথটো মই তোমাৰ সহযাত্ৰী হ’ব নোৱাৰিলোঁ। কিন্তু তোমাৰ আধৰুৱা সপোন এটা মই তোমাৰ পৰা নিজৰ কৰি লৈছোঁ। কোৰ্ট-কাছাৰী সকলো ঘূৰি মেলি, যাৱতীয় সকলো অনুমতি ইতিমধ্যে মই সাজু কৰি লৈছোঁ। মাত্ৰ তোমাৰ অনুমতিৰ প্ৰয়োজন। তোমাৰ ঘৰৰ মানুহে ইতিমধ্যে মোক অনুমতি দিছে। মই জানো তুমি মোক কেতিয়াও নিৰাশ নকৰা। তোমাৰ এই শেষ উপহাৰ মোৰ প্ৰাপ্য। তোমাৰ বীৰ্য কৃত্ৰিমভাৱে মোৰ গৰ্ভত সংস্থাপন কৰা হ’ব। তোমাৰ অংশৰে মই সগৰ্ভা হ’ম। অন্ততঃ চিৰদিন অন্তৰত পুহি ৰখা এটা সপোন মোৰ পূৰ্ণ হ’ব।

কি নাম দিম সেই সপোনটোৰ?

কাব্যম…… তোমাৰ প্ৰিয় সেই নামটি! ঠিকে, মই এতিয়াও পাহৰা নাই। পাহাৰে আগুৰি ৰখা আমাৰ প্ৰিয় ঠাইখনত হাতত হাত থৈ আমি যেতিয়া ঘূৰি ফুৰিছিলো; তোমাৰ মুখেৰে উচ্চাৰণ হৈছিল এই নামটো। মই আটোম-টোকাৰিকৈ বুকুত সামৰি অতদিন কঢ়িয়াই ফুৰিছোঁ।

কাব্যম…..কাব্যম

সি যেতিয়া একলা-দুকলাকৈ বাঢ়ি আহিব, মই তাক তোমাৰ কথা ক’ম। মই জানো সি তোমাৰ দৰেই হ’ব। কাৰণ মোৰ ভালপোৱাৰ ৰং-ৰূপ সকলো তোমাৰ মাজতে নিহিত হৈ আছে। জীৱনৰ কেনভাছত প্ৰথমডাল ষ্ট্ৰক সি যাতে ভালদৰে লগাব পাৰে মই তাৰ বাবে সদা সচেতন থাকিব। তোমক প্ৰতিশ্ৰুতি দিলোঁ।

যোৱা, তোমাৰ যোৱাৰ সময় হ’ল। চিকিৎসকক বহু অনুনয় কৰি তোমাৰ বাবে এই সময়কণ ল’লোঁ। খন্তেক সময়ৰ পাছতে তোমাৰ সকলো লাইভ চাপ’ৰ্ট খুলি দিয়া হ’ব।

ক্ৰমাৎ শেঁতা পৰি আহিছে তোমাৰ হাতখন, ভৰিকেইটা। পিছে মই জানো তোমাৰ হৃদয় সদায় উমাল। আহা শেষবাৰৰ বাবে তোমাৰ বুকুৰ উমেৰে মোৰ শীতলতাক উমাল কৰি তোলা।

নাই, আজি আৰু মোৰ কোনো খং নাই। অভিমান নাই। হয়তো আমি আৰু কেতিয়াও লগ নহওঁ, কিন্তু তুমি মোৰ অংশ হৈ মোৰ মাজত চিৰপ্ৰৱহমান হৈ থাকিবা। বিদায় সোণ, বিদায়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!