ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

অন্য এক ভাইৰাছ

লেখক-মণ্টু কুমাৰ বৰঠাকুৰ

আবেলিতে চুলিখিনি অলপ ফনিয়াই লওঁ বুলি আইনাখনৰ সমুখত বহোঁতেই আগফালৰ বাৰাণ্ডাৰ পৰা দেউতাৰ কৰ্কশ মাত এষাৰ উফৰি আহি কাণত পৰিলহি৷

      ভাবিলোঁ, তেওঁৰ আকল কি!

      তেওঁ কাকনো ইমান কাঢ়াকৈ ওলাই যাবলৈয়ে কৈছে!

      কথাটোনো কি বুলি ফনিখন হাতত লৈয়ে লৰালৰিকৈ আগফালৰ বাৰাণ্ডা পালোঁহি৷

      দেখিলোঁ, শৰ্মা আংকলে দেউতাক কিবা এটা বুজাবলৈ চেষ্টা কৰি কৰি এটা সময়ত চকীখনৰ পৰা লাহেকৈ উঠিছে আৰু চোতালত ভৰি দিয়েইতোমাৰ, দেখিছোঁ, অলপ কথাতে খং উঠেহেবুলি কৈয়ে খৰখোজেৰে গেইটখন খুলি একেবাৰে ওলায়েই গৈছেগৈ৷

      তেওঁ তেনেকৈ ওলাই যোৱা দেখি, আচলতে, দেউতাৰ নিচিনা সাধাৰণতে খং নুঠা মানুহজনেও তেওঁক তেনেকৈ ওলাই যাবলৈয়ে নিৰ্দেশ দিয়া কথাটোত মই সঁচাকৈয়ে আচৰিত নহৈ নোৱাৰিলোঁ৷

      বেছি বেয়া লাগিছিল দেউতাৰ সেই অমাৰ্জিত আচৰণখিনি দেখিহে৷

      তথাপিও, যিমান পাৰোঁ মাতষাৰ কোমল কৰিয়েই বোলো, কি কথাতনো তেওঁৰ ইমান খং উঠিল যে ইমান ভাল সম্পৰ্ক থকা বন্ধু এজনকো তেওঁ ইমান বেয়াকৈ ব্যৱহাৰ কৰিব পাৰিলে!

      তাৰ কথাবোৰ নুশুনিছ!”

      মইতো ভিতৰতহে আছিলোঁ৷

      তেনেস্থলত তেওঁৰ কথা কেনেকৈ শুনিম?

      আৰু, হঠাতে যে দেউতাই শৰ্মা আংকলকতাৰবুলি উল্লেখ কৰিছে!

      চশমাযোৰ খুলি পিন্ধি থকা গেঞ্জীটোতে মোহাৰি মোহাৰি তেওঁ যেনিবা অলপ সময় তলৰ ওঁঠখন কামুৰি ধৰি ৰৈ থাকিল৷

      নহয় অ’, মই দেখিছোঁ, এই মানুহটোৱে আজিলৈকে নিজেও একো এটা ভাল কাম কৰিব নোৱাৰিলে আৰু আনে কৰা দেখিলেও সহ্য কৰিব নোৱাৰে৷ খালি লোকৰ বদনাম গোৱা আৰু নিগেটিভ কথাবোৰকে পাগুলি থকাতে সময়বোৰ নষ্ট কৰে৷

      মই আচলতে বহুত দিনৰ পৰাই ইয়াক শিক্ষা এটা দিম দিম বুলি ভাবিয়েই আছিলোঁ৷

      আজি যেনিবা চান্সটো পাই গলোঁ৷

      চান্সটো! কেনেকুৱা বা চান্স!

      এইবাৰ দেখিলোঁ, মা ওলাই আহিছে আৰুকি হৈছেবুলি কৈ দেউতাৰ ফালে এবাৰ চায়েই পিছ মুহূৰ্ততে মোৰ ফালে দৃষ্টি ঘূৰালে৷

      কিন্তু, নিজে নেদেখানুশুনা কথা এটা মইনো কওঁ কি বুলি!

      আন একো উপায় নেদেখি, জানো দেউতাৰ কি হৈছেবুলি কৈয়ে চুলিখিনিকে ফনিয়াবলৈ লাগিলোঁ৷

      মা, পিছে, ইমান সহজে কাকো এৰি দিয়া বিধৰ ভকত নহয় দেই!

      কাৰ কত কি হৈছে নজনাকৈ তেওঁ যে এতিয়া আঁতৰি নাযায়, সেইটো কথা বুজিবলৈ মোৰতো বাকী নাথাকিল৷

      সেয়ে, তেওঁলোকে নিজেই যি কৰে কৰক বুলি মই আৰু এইবাৰ চুলিখিনিকে আগফালে আনি লৈ আঁচুৰি থাকিলোঁ৷

      ‘‘হয়নে, কি হলনো আপোনাৰ?”

      দেখিলোঁ, মায়ে এইবাৰ সোঁহাতখন কঁকালতে ৰাখি দেউতাৰ ফালে এক তীব্ৰ দৃষ্টি প্ৰক্ষেপ কৰি ৰৈ আছে৷

      দেউতাই পিছে এইবাৰ বৰ নাটকীয়ভাৱে নিজৰমুডটো সলনি কৰি অলপ হঁহাৰ দৰেই কৰিলে৷

      নহয়হে’, এই চৰ্মাৰ কথাবোৰ শুনি মোৰ মানে ভালেই নালাগিল, বুইছা?

      সেয়ে আজি অলপ টানকৈয়ে দুটা কথা শুনাই দিলোঁ৷

      কথা সিমানেই৷

      তেওঁ যদিওকথা সিমানেইবুলি মোখনি মাৰিবলৈ চালে, মায়ে কিন্তু তেওঁক ইমান সহজে এৰি দিবলৈ নিবিচাৰিলে৷

      তাতে, শৰ্মা আংকল আমাৰ মাৰ ফালৰ পৰা অলপ লগাভগাও হয়৷

      গতিকে, যিয়েই নহওক, কথাটো মাৰ গাততো লাগিবৰে কথা৷

      তোমাৰ আক কি?

      তাৰ কথাবোৰ মোৰ ভাল নালাগিল আৰু কথাখিনি সিমানতে অন্ত পেলাবৰ বাবে মই যেনিবা আন উপায় নেদেখি তাক উঠি যাবলৈ কলোঁ৷ 

      কিনো বেয়া কামটো কৰিলোঁ?”

      দেখিলোঁ, দেউতা এইবাৰ ঘপহকৈ উঠি নিজৰ কোঠা পালেগৈ আৰু মায়েওসোঁহবুলি মুখখন বিকটাই ভিতৰলৈ সোমাই গল৷

      ৰক্ষা তেও! অন্ততঃ এই পৰলৈ সম্ভাৱ্য হুলস্থূল এখনৰ পৰা ঘৰখন ৰক্ষা পৰিল৷

      পিছে, দত দিয়া কাপোৰখিনি চপাইকোঁচাই লৈ ভিতৰলৈ যাওঁতেই দেউতাৰ কোঠাৰ পৰা তেওঁৰমাজনী, শুনচোনবোলা মাত এষাৰ উফৰি আহি মোৰ কাণত পৰিলহি৷

      কাপোৰখিনি হাতৰ ভাঁজতে লৈ তেওঁৰ কোঠাৰ দুৱাৰমুখত ৰওঁতেই তেওঁ কলে, “বহ!”

      তেওঁৰ পঢ়াটেবুলখনৰ কাষৰ পৰা চকীখন টানি আনি বহি ললোঁ আৰু!

      চা, এই চৰ্মাক এনেকৈ টানকৈ কৈ মোৰো, আচলতে, ভাল লগা নাই৷

      কিন্তু, তাক অথনি তেনেকৈ নকৈয়ো মোৰ আন উপায় নাছিল৷

      মানে, মোৰ হাতত এই কিতাপখন দেখিয়েই সি যি ধৰণৰ বাৰেভচহু কথা আৰম্ভ কৰিলে, মোৰ নালাগে তোৰ হলেও খং উঠিলহেঁতেন৷

      আৰে, কিতাপখন মোৰ ভাল লাগিছে, মই কিনি আনিছোঁ, মই পঢ়িছোঁ৷

      তাত মাত মাতিবলৈ তাৰ কি দৰকাৰ?

      হয়নে নহয়, !

      আৰু কি এইফেইচবুকীয়া সাহিত্যিক’, কি এইমেইন ষ্ট্ৰীম সাহিত্যিক’?

      আগৰ দিনত ডিজিটেল ব্যৱস্থাটো নাছিল কাৰণে যিসকলে লিখামেলা কৰিছিল, তেওঁলোকে যেনিবা কোনোবা কাকতআলোচনীতে লিখামেলাবোৰ প্ৰচাৰ কৰিছিল আৰু পিছলৈ যেনিবা তেওঁলোকেইমেইন ষ্ট্ৰীম সাহিত্যিকহৈ পৰিলগৈ৷

      চিৰদিনলৈ সেইকেইজন লেখকেই লিখি থাকিব লাগিব, আন কোনেও লিখামেলা কৰিব নালাগে, এনেকুৱা কথা হব পাৰে নেকি?

      দেশখনত ভাবিব পৰা, চিন্তা কৰিব পৰা, লিখামেলা কৰিব পৰা কোনো বেলেগ মানুহ ওলাব নালাগে নেকি!

      সি এইবোৰ কি ফকৰামী কথা কবলৈ আহে!”

      দেখিলোঁ, পৰিস্থিতিটো শান্ত হৈছেগৈ বুলি ভাবোঁতেই দেউতাৰ জামৰা খংটো দেখোন আকৌ জ্বলিহে উঠিছে!

      আৰু, সি হেনো গ্ৰন্থমেলা বুলিয়েই নহয়, প্ৰতিমাহে হাজাৰ হাজাৰ টকাৰ কিতাপ কিনিয়েই থাকে৷

      কিন্তু, এই ফেইচবুকীয়া লেখকবোৰে বোলে বাৰেভচহু কথা কিছুমান লিখি পৃষ্ঠাৰ পিছত পৃষ্ঠা বঢ়াই গৈ থাকি শেষত কিতাপখনৰ দামটোও একেবাৰে দাঙিব নোৱাৰা কৰি দিয়াটো তাৰ হেনো সহ্য হোৱা নাই৷

      কথা কবলৈ আহে বেটাই!

      হেৰ’, তই যদি প্ৰতি মাহতে ইমানেই কিতাপ কিনি পঢ়, তেন্তে  তোৰ কথাবাৰ্তাবোৰ ইমান নিগেটিভ কিয়?”

      কিনো কওঁ!

      সকলো মানুহপজিটিভ মাইণ্ডৰ হোৱাহলেতো পৃথিৱীখন এনেকুৱা হৈ নাথাকিলেহেঁতেন৷

      পজিটিভৰ বিপৰীতেনিগেটিভশক্তি এটায়ো ক্ৰিয়াপ্ৰতিক্ৰিয়া কৰি নাথাকিলে সমাজখননো চলিব কেনেকৈ?

      , কোনোবাই কিতাপ লিখি সাহিত্যিক হল আৰু আমাৰজনে আকতাকে লৈ লগৰ মানুহৰ লগত কাজিয়া কৰি শত্ৰু বঢ়ালে৷

      আপোনাৰ এই স্বভাৱটো এৰক দেই!”

      হঠাৎ মাৰ তীৰ্যকভৰা কথাষাৰ উফৰি আহি কাণত পৰাত উভতি চাই দেখিলোঁ, পৰ্দাৰ ফাঁকেদি মুখখন এবাৰ দেখুৱায়েই তেওঁ যেনিবা সাউৎকৈ আঁতৰি গল৷

      তেওঁ মানে, অতপৰে বেৰৰ সিপাৰে ৰৈ দেউতাৰ কথাবোৰ শুনি আছিল৷

      মাহঁতৰ এইবোৰ কথাত মোৰ মানে কেতিয়াবা হাঁহিও উঠে৷

      কিন্তু, তেওঁক দেখুৱাই হাঁহি দিলেও দিগদাৰ আছে৷

      যিয়েই নহওক, মাৰ সেইষাৰ কথাই হয়তো কাম দিলে৷

      মানে, মাৰ কথাষাৰ যে দলিয়াই দিব পৰা বিধৰ নহয়, সেইটো কথা দেউতাই নিশ্চয় নুবুজাকৈ নাথাকিল৷

      নিগেটিভ মাইণ্ডৰ মানুহবোৰৰ লগত কাজিয়া কৰি কোনেও যে তেওঁলোককচেইঞ্জকৰিব নোৱাৰে, সেইটো কথা তেওঁ বুজি পালে চাগে৷

      মাৰে বাৰু বৰ এটা মিছা কথা কোৱা নাই৷ 

      বুজি পাইছোঁ৷

      কিন্তু, এই স্বভাৱৰ মানুহবোৰেতো সাধাৰণ পঢুৱৈখিনিকমিচলীডকৰি আছে৷

      সেইটোতো বেয়া কথা, দেচোন!

      তয়ে কচোন, কিতাপ এখন নপঢ়াকৈয়েনো মন্তব্য দিব লাগেনে!

      নতুন লেখক হল বুলিয়েইনো অস্পৃশ্য হবনে?

      ফেইচবুকত কিবা এটা লিখামেলা কৰিলেইনো সেইখিনিজাবৰজোঁথৰবনে?

      এইবোৰনো কথানে?

      এয়া কি ধৰণৰ মানসিকতা, তয়ে কচোন বাৰু!”

      কিনো কওঁ! বলৈ আছেনো কিটো?

      ৰচনাঃ জানুৱাৰী, ২০২২.

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!