নাগালেণ্ডৰ ৰাজ্যিক পক্ষী ব্লিঠ ট্ৰেগোপান (Blyth’s Tragopan )

লেখক- ৰূপজ্যোতি হাজৰিকা

“ক’বলৈ গ’লে নাগালেণ্ডত এতিয়া পৰিৱৰ্তনৰ জোৱাৰ আহিছে। এই জোৱাৰ আমাৰ সুজলা-সুফলা ধৰাখনক ৰক্ষা কৰিব খোজা জোৱাৰ। নাগালেণ্ডৰ প্ৰতিটো অঞ্চলতে এতিয়া দুৰ্দান্ত চিকাৰীসকল ওলাই আহিছে প্ৰকৃতি সংৰক্ষণৰ বাবে। হেৰাই যোৱা বন্যপ্ৰাণীসমূহ এতিয়া তেওঁলোকে ঘূৰাই বিচাৰিব খোজে। যথেষ্ট সফলো হৈছে তেওঁলোক।”

সুদীপ্ত কান্ত বশিষ্ঠৰ দ্বাৰা প্ৰান্তিকৰ জুন ২০১২ সংখ্যাত প্ৰকাশিত ‘নগাভূমিত প্ৰকৃতি ৰক্ষাৰ আন্দোলন ‘শীৰ্ষক লেখাটো পঢ়ি ভাল পালো। সেই বাবে এই পোষ্টটো লিখিবলৈ মন গ’ল।

আমি উত্তৰ পূৰ্বাঞ্চলত বাসকৰা লোক। আমি সদায় সেউজীয়াকে চকুৰে দেখি থাকো বুলি কলে বঢ়াই কোৱা নহয় নিশ্চয়। তথাপিতো এই সেউজীয়াবোৰ আমাৰ বাবেই ক্ৰমশ যেন নিঃশেষ হ’বলৈ ধৰিছে। লগতে সেই সেউজীয়া বন-অৰণ্যৰ জীৱকুল তথা পক্ষীকুলো সংকটত পৰিছে। এই ক্ষেত্ৰত আমাৰ সজাগতা আৰু প্ৰকৃতিৰ প্ৰতি থাকিবলগীয়া দায়িত্ব জ্ঞানৰ অভাৱ। নগা লোকসকল আগৰে পৰাই চিকাৰী জাতি। তেওঁলোকৰ কোনো কোনো জাতিয়ে শত্ৰুৰ শিৰ কাটি আনি নিজৰ পৰাক্ৰমৰ পৰিচয় দিছিল। তেনে এক জাতিৰ চিকাৰৰ নিচা তেজত প্ৰবাহিত হৈ থকাতো এটা স্বাভাৱিক কথা।

লেখকৰে সৈতে হোৱা কথা বতৰাত নাগালেণ্ডৰ পেৰেন জিলাৰ বেন্‌ৰু গাঁৱৰ এজন চিকাৰী লোকে কৈছিল- ডেকা বয়সত তেওঁ লগত থকা বন্দুকেৰে এনেই মন গলেই চৰাই মাৰিছিল। এবাৰ তেওঁ এচটা শিলত বহি থাকোঁতে মন কৰিছিল বহু চৰাই উৰি আছে। তাকে লক্ষ্য কৰি গুলি কৰি একে বহাতে প্ৰায় দুশ চৰাই বধ কৰিছিল। কথাখিনি লেখকক কৈ নিজে এতিয়া লাজত তলমূৰ কৰিছিল।

নাগালেণ্ডৰ ৰাজ্যিক পক্ষী ব্লিঠ ট্ৰেগোপান (Blyth’s Tragopan )। এই পক্ষীবিধ খনমাৰ ওচৰৰ বনাঞ্চলত পোৱা যায়। এটা সময় এনেকুৱা আছিল এই সুন্দৰ পক্ষীবিধক নগা চিকাৰীসকলে বহু বেছিকৈ চিকাৰ কৰিবলৈ লৈছিল। এক সপ্তাহ মানতে তিনিশৰো অধিক এই পক্ষীক নিধন কৰিছিল। এই অমানুষিক হত্যাৰ ঘটনাই নাগালেণ্ডৰ ছিলিয়ে ছাখ্‌ৰিৰ দৰে সচেতন লোকৰ দেহ মন জোকাৰি গৈছিল। তেওঁলোকৰ চেষ্টাৰ ফলত সেই চিকাৰীসকল এতিয়া প্ৰকৃতি সংৰক্ষকলৈ পৰিবৰ্তন হৈ পৰিল।

এনে ধনাত্মক কাৰ্যবোৰে মনত সঁচাই চুই যায়। নগাসকলৰ দৰে চিকাৰী জাতিয়ে যদি প্ৰকৃতিৰ গুৰুত্ব বুজি পাব পাৰে আমি কিয় নোৱাৰোঁ। আমিতো কোনো চিকাৰী নহয়। আমাৰে মাজৰ কোনো কোনোৱে পৰিভ্ৰমী পক্ষীক বিহ দি হত্যা কৰে। পক্ষীক ভক্ষণ কৰে। এওঁলোকে নগাসকলৰ পৰা শিকা উচিত।

এই লেখাটো পঢ়িবলৈ আগবঢ়াই দিয়া ভাৰতী বাইদেউলৈ ধন্যবাদ থাকিল। লগতে এই পোষ্টটোত উল্লেখ কৰা Blyth’ Tragophan নামৰ পক্ষী বিধৰ আলোকচিত্ৰখন অসম তথা ভাৰতৰ এজন জনপ্ৰিয় পক্ষী পৰ্যবেক্ষক Rofikul Islam (ৰফিকুল দাদা)ৰ পৰা লাভ কৰিলো। পক্ষীবিধৰ আলোকচিত্ৰখন লবলৈ অনুমোদন দিয়াৰ বাবে দাদালৈ ধন্যবাদ থাকিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!