এক ৰাতিত বিখ্যাত হোৱা মানুহবোৰ

লেখক- অভিমন্যু শেনচোৱা

বিশ্ববিখ্যাত চিত্ৰকৰ পাব্‌লো পিকাছো দোকমোকালিতে খোজ কাঢ়িবলৈ যায়। তেওঁক চাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শুভাকাংক্ষীসকলৰ ভিৰ লাগে। টুৰিষ্ট গাইডে পিকাছোক দূৰৈৰ পৰাই দেখুৱাই দিয়ে। শুভাকাংক্ষীসকল তাতেই সুখী হয়। কিন্তু সৌভাগ্যৱান দুই এজন শুভাকাংক্ষীয়ে কেতিয়াবা ওচৰলৈ গৈ দুই-এষাৰ কথা পাতি অটোগ্ৰাফ ল’বলৈ সুবিধা পায়। তেনেকুৱা এজনী সৌভাগ্যৱান ছোৱালীয়ে এদিন পাব্‌লো পিকাছোক কাষত পাই ছোৱালীজনীৰ পৰট্ৰেইত স্কেট্‌ছ এটা আঁকিবলৈ খাটনি ধৰিছিল। পাব্‌লো পিকাছোৱে ছোৱালীজনীক নিৰাশ নকৰি বহীপাত এটাত পেঞ্চিল বোলাই দুইমিনিটতে তাইৰ মুখমণ্ডলৰ ছবি এখন আঁকি দিলে। তাই আনন্দত আত্মহাৰা হৈ পৰিল। তাই দৌৰি গৈ পিকাছোৰ ঘৰৰ ওচৰৰে গাওঁখনৰ পথাৰ এখনত গৈ ছবিখন দেখুৱাই চিঞৰিবলৈ ধৰিলে -“এইখন পিকাছোৱে আঁকিছে” বুলি। প্ৰথমতে মানুহে তাইৰ কথাত বিশ্বাস কৰা নাছিল যদিও বহুকেইজনে ভালকৈ স্কেট্‌ছটো পৰ্যবেক্ষণ কৰি গম পালে যে এইখন সঁচাকৈ পিকাছোৰ স্কেট্‌ছ। লগে লগে ওচৰৰ গাওঁবোৰত খবৰটো বিয়পি পৰাত বিভিন্ন ঠাইৰ চিত্ৰঅনুৰাগীসকলৰ ভিৰ লাগিল। ছবিখন কোনে কিনিব তাক লৈ হেতাওপৰা লাগিল। অৱশেষত নিলাম হৈ সেই স্কেট্‌ছটো ত্ৰিশ লাখ টকাত বিক্ৰী হ’ল। ছোৱালীজনীয়ে পৰিস্থিতি দেখি চৰগ পৰা মানুহৰ দৰে হৈছিল।

তাই আকৌ এদিন বহু কষ্টৰে পিকাছোক লগ পাই সুধিলে- “এয়া কেনেকৈ সম্ভৱ? এটা সাধাৰণ দুইমিনিটত অঁকা স্কেট্‌ছ লক্ষ লক্ষ টকাত বিক্ৰী হ’ল? মোকো শিকাই দিয়ক দুই মিনিটত কেনেকৈ ত্ৰিশলাখ টকা ঘটিব পাৰি?” তেতিয়া পিকাছোৱে ক’লে- “মাজনী, দুইমিনিটত ত্ৰিশলাখ টকা ঘটিবৰ বাবে মোৰ জীৱনৰ ত্ৰিশটা বছৰ বৰবাদ হৈছে।” আচলতে তেওঁ বুজাইছে যে তেওঁৰ এই অভাৱনীয় সফলতাৰ বাবে ত্ৰিশবছৰ ধৰি সাধনা কৰিছে। অৱশেষত ত্ৰিশবছৰৰ সাধনাৰ বলত এজন সুপৰিপক্ব চিত্ৰশিল্পীলৈ ৰূপান্তৰিত হ’ব পাৰিছে, ত্ৰিছবছৰৰ পৰিশ্ৰমৰ ফল হিচাপে তেওঁ পাইছে বৰ্তমানৰ সাফল্য।

ঠিক একেই কথাষাৰকে এটা সাক্ষাৎকাৰত কৈছিল বিশ্ববিখ্যাত এজন “ৰকষ্টাৰে।” নামটো সম্প্ৰতি সঠিককৈ ক’ব নোৱাৰিম! স্কুলৰ দিনতে পঢ়িছিলোঁ। তেওঁক সাংবাদিকে সুধিছিল- “আপোনাৰ এটা গানেই এক ৰাতিত আপোনাক বিখ্যাত কৰি পেলালে। ইয়াৰ আঁৰৰ ৰহস্য কি? একৰাতিত মানুহ বিখ্যাত হ’বলৈ কি কৰিব লাগিব?” সংগীতজ্ঞজনেও পিকাছোৰ দৰেই একেই মন্তব্যই কৰিছিল – “এক ৰাতিত বিখ্যাত হ’বলৈ মোক একৈশ বছৰ সময় লাগিছে৷” – সঁচা কথা, এক ৰাতিত কোনো বিখ্যাত হ’ব নোৱাৰে নাইবা হঠাৎ হাড়ভঙা পৰিশ্ৰম কৰি কিবা এটা কাম কৰি কোনো সফল হ’ব নোৱাৰে। প্ৰত্যেকজন সফল মানুহৰ আঁৰত লুকাই থাকে তেওঁৰ বহুবছৰৰ সাধনা আৰু কঠোৰ পৰিশ্ৰম। যি ক্ষেত্ৰতেই নহওক কেৱল দীৰ্ঘকালীন পৰিশ্ৰমৰ দ্বাৰাহে অৱশেষত এজন মানুহে বিশেষ দিন এটাত উপস্থিত হৈ সফলতাৰ মুখ দেখে। এক ৰাতিত বিখ্যাত হোৱা মানুহবোৰৰ বাবে আমাৰ মনত বিস্ময় জাগি উঠে— দিবাস্বপ্ন দেখোঁ “আমিও যদি হ’ব পাৰিলোঁ হয়!” কিন্তু তেওঁৰ এৰি অহা জীৱনটোক অধ্যয়ন কৰিলেই ৰহস্য ফাদিল হয়। অভাৱনীয় ধুমুহাৰ সৈতে যুঁজ দি হাজাৰ ত্যাগ আৰু জীৱনটোক হাতৰ মুঠিত ৰাখি এভাৰেষ্টত থিয় হয়গৈ এই লোকসকল।

আমিও শিকা উচিত নেৰানেপেৰা পৰিশ্ৰম কৰিবলৈ। যিটো লক্ষ্য আছে সেই লক্ষ্য সৰু হওক বা ডাঙৰ হওক কিন্তু মজবুত হ’ব লাগে। “ইজি মনি” অথবা “খন্তেকীয়া জনপ্ৰিয়তা” ৰ সপোনে মানুহক ধ্বংস কৰে। সফলতা সোনকালে অহা বস্তু নহয়, সফলতা সুলভ নহয়। মাণিক বিচাৰিবলৈ মহাসাগৰৰ সুগভীৰ তলিত সোমাবলৈ প্ৰশিক্ষণ লাগিব, সাহস লাগিব, ধৈৰ্য্য লাগিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!