‘ছুইজাৰলেণ্ড অফ্ দা ইষ্ট’ মেচুকা আৰু ইয়াৰ এটা প্ৰাচীন পৰম্পৰা

লেখক- ধীৰেন শইকীয়া

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অৱস্থিত মেচুকা এখন মোহনীয় পৰ্যটনস্থলী। ১৯৫০ চনৰ আগলৈকে মেচুকা তিৰ্বতৰ অধীনত আছিল বুলি জনা যায়। মেচুকাৰ প্ৰকৃত নাম মেন-চু-খা যাৰ অৰ্থ হ’ল ঔষধিয় পানীৰ নিজৰা। এইখন মেচুকাৰ মাজেদিয়েই চুবুৰীয়া দেশ চীনে আমাৰ দেশলৈ সোমাই আহি ১৯৬২ চনত আক্ৰমণ কৰিছিল। মেচুকাত প্ৰধানতঃ মেম্বা, ৰামো, বকাৰ, তাগিন আদি জনগোষ্ঠীৰ লোকেই সৰহ। মেম্বা সকল বৌদ্ধধৰ্মী আৰু যথেষ্ট নিৰ্জু। পিছে ৰামো, বকাৰসকল যথেষ্ট খঙাল আৰু যুদ্ধপ্ৰিয় জাতি। মেম্বাসকলক বহুতেই তিৰ্বতৰ পৰা প্ৰব্ৰজিত বুলি কয়। ঐতিহাসিক তথ্যমতে পূৰ্বতে তিৰ্বতৰ বহুলোকে মাজে মাজে প্ৰব্ৰজিত মেম্বালোকৰ ওপৰত অত্যাচাৰ কৰোঁতে মেম্বাসকলে এবাৰ তাগিন জনগোষ্ঠীৰ লোকসকলৰ সহায়ত ভাৰত চীন সীমান্তৰ চাংগে বজাৰ ধ্বংস কৰি তাৰ পৰা পলাই আহে। মেচুকাত আজিও বহু এনে গুহা আছে, য’ত বহু বৌদ্ধ ধৰ্মপ্ৰচাৰকসকলে তাহানিতে লুকাই থোৱা ধৰ্মগ্ৰন্থ আজিও আছে বুলি কোৱা হয়। ১৯৬২ চনৰ আগতেই তিৰ্বতৰ তামাদেন নামৰ ঠাইখনত ভাৰতৰ এগৰাকী প্ৰশাসনিক বিষয়া আছিল। চীনা আগ্ৰাসনৰ সময়ত এই মেচুকাৰেই বহু চীনা সৈন্য ভাৰতত প্ৰৱেশ কৰি গাঁওবোৰত আক্ৰমণ কৰাই নহয় মাটিত মাইন আদিও পুতি থৈছিল(যাৰ বিস্ফোৰণত পিছলৈ বহু নিৰিহ লোকৰ প্ৰাণ গৈছিল), আনকি চীনাসকল অহা বাটে উভতি যোৱাৰ পিছত অসম ৰাইফলচৰ বহু সেনাই মেচুকাতে বহু চীনত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰও পাইছিল। যিবোৰ ব্যৱহাৰ কৰি গাঁওবাসীয়ে চিকাৰ কৰিছিল। মেচুকাৰ জনসাধাৰণে সাধাৰণতে গাইগৰু পালন, মাকৈ, জোৱাৰ আৰু কনীধানৰ খেতি কৰে।

অৰুণাচল প্ৰদেশৰ ছিয়মি জিলাৰ সাগৰপৃষ্ঠৰ পৰা প্ৰায় ছহেজাৰ ফুট উচ্চতাত অৱস্থিত মেচুকা এটা ধুনীয়া উপত্যকা। দুৰ্গম বাট পথ, বৰফে আৱৰা শৃংগ আৰু ছিয়ম নদীৰে পৰিবেস্তিত মনোমোহা ঠাই (স্থানীয় নাম য়াৰগাপচু)এই উপত্যকা। পূবৰ কাশ্মীৰ বুলি জনা যায় মেচুকাক। বহুতে কয় ইয়াক ‘ছুইজাৰলেণ্ড অফ্ দা ইষ্ট’ বুলি। সঁচাই মেচুকাৰ ৰূপৰ তুলনা নাই। দুহেজাৰ ওঠৰ চনৰ ‘মেচুকা মহোৎসৱ’ত অৰুণাচল ৰেচ উদ্বোধন কৰিবলৈ মেচুকালৈ আহিছিল বলিউদ ষ্টাৰ ছলমান খান। তেতিয়াৰ পৰাই পৰ্যটনৰ দিশত মেচুকাৰ নাম বিখ্যাত হবলৈ ধৰে। তেতিয়া প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশত চাইকেল চলাইছিল বলীউদৰ দাবাং খানে। জনগোষ্ঠীয় খাদ্য সম্ভাৰৰো জুতি লৈছিল চলন্ত খানে। তেতিয়াৰে পৰাই সংবাদ মাধ্যমত আগতকৈ পৰ্যটনৰ বাবে আকৰ্ষণ বাঢ়িছিল। মেচুকাত চাৰিশ বছৰীয়া বুদ্ধ গুম্ফাৰ লগতে হনুমান ফেছ, Gapo, Pauk, Padusa, Lipusi, Hiri, Purying, Rapum, Charung, Rego and Kart gumjipang, barang gang, shorang dhem আদি গাঁৱলৈ গলেও পৰ্যটকে বহু চাবলগীয়া ঠাইৰ সন্ধান পাব। এটা সময়ত মেচুকাৰ ৰাইজক ৰেচন প্ৰদানৰ বাবে মেচুকালৈ আকাশেৰে সামগ্ৰী যোগান ধৰিছিল। মেচুকাৰ হিমশীতল পৰিৱেশত অনুষ্ঠিত হয় এডভেঞ্চাৰ ফেষ্টিভেল, য’ত অভিজ্ঞ লোকৰ দ্বাৰা পেৰাগ্লাইডিং, ৰাফটিং, স্কাইজাম্পিং আদি দুঃসাহসিক ক্ৰীড়াৰ বিষয়ে অভ্যাস কৰোৱা হয়। ইয়ালৈ আলো হৈ যাব পাৰি। আলোলৈ যাবলৈ দুটা ৰাস্তা আছে। এটা লিকাবালি হৈ আৰু আনটো পাছিঘাট হৈ। আলোৰ পৰা মেচুকা লৈ ১৮০ কিঃ মিঃ দূৰত্ব পাহাৰীয়া পথেৰে যাব লাগে। মেচুকা পোৱাৰ পিছত সকলো পাহৰি যোৱা যায় যাত্ৰাপথৰ দূৰত্বৰ কথা। থকা-খোৱাৰ কাৰণে বহুকেইটা ‘হমষ্টে’ৰ সুবিধা আছে আৰু এইটো ব্যৱস্থাই বেছি জনপ্ৰিয়। হমষ্টেৰ বাবে টুৰ অপাৰেটৰৰ লগত যোগাযোগ কৰা ভাল। এটা চৰকাৰী চাৰ্কিট হাউচো আছে আৰু এটা পি ডব্লিউ ডি বাংলাও আছে মেচুকাত। মেচুকালৈ যাওঁতে, মাজে মাজে বিধ্বস্ত পথ, মাজে মাজে বেইলী ব্ৰীজ পোৱাটো সাধাৰণ কথা। চাং ঘৰৰ আধিপত্যৰে যাত্ৰাকালত জনজাতীয় গাঁও দেখা যায় ৰাস্তাৰ কাষত। মাজে মাজে আছে লেথাৰি নিছিগা পাইন গছৰ অৰণ্য। তাৰ মাজেৰে কুলু কুলু সুৰধ্বনিৰে অপৰূপা ছিয়ম নৈখন বাগৰি গৈছে মেচুকাৰ বুকুৱেদি।

অৰুণাচলত ‘এৰিয়া অৰ্গেনাইজাৰ’ হিচাপে এছ এছ বিত কৰ্মৰত বিশিষ্ট লেখক চন্দ্ৰ বৰপাত্ৰগোঁহাইৰ গ্ৰন্থ ‘এন্ধাৰৰ ভেটা ভাগি অৰুনাচলত’খনত বৰপাত্ৰগোঁহায়ে মেচুকাৰ দুধৰ্ষ বকাৰ জনগোষ্ঠীৰ মাজত চলা নৰবলি প্ৰথা(অপদেৱতাক সন্তুষ্ট কৰিবলৈ জীয়াই জীয়াই মানুহ এটাৰ এটা অংগ কাটি আনি অপদেৱতালৈ আগবঢ়াবঢ়োৱাতো এটা প্ৰাচীন জনগোষ্ঠীয় পৰম্পৰা)ৰ কথা উল্লেখ কৰিছিল। এই ঘটনাই মেচুকাৰ জনগোষ্ঠীয় প্ৰাচীন আচাৰ নীতিৰ কথা অলপ হলেও জনাৰ সুযোগ পাইছিলো।

১৯৬৪ চনৰ মাৰ্চ মাহৰ ঘটনা আছিল এইটো। মনিগাঁও সংমণ্ডলৰ অধীনৰ বকাৰ জনগোষ্ঠীৰ গাঁও কাৰঅ’ত গ্ৰহণীৰোগে ভয়ংকৰ ৰূপ ধৰিছিল। নিব্যু(পুৰোহিত) এজনে বিভিন্ন পূজাপাতল কৰাৰ পিছতো কোনো ফল নধৰাত গাঁৱৰ বহু মানুহ গাওঁ এৰি ওচৰৰ হাবিলৈ গুচি গৈছিল। উপায়বিহীন হৈ নিব্যুৰ উপদেশমতে অপদেৱতা ‘কাচি’ৰ ওচৰত নৰবলি দি এই সংকটকালৰ পৰা জনগোষ্ঠীয় সমাজখনক উদ্ধাৰ কৰাৰ উপায় চিন্তিছিল আৰু কেইগৰাকীমান বকাৰ লোক লগ হৈ মেচুকাৰ পৰা গৈ মেম্বা মানুহ এটা কাটি আনিবলৈ অস্ত্ৰ শস্ত্ৰ লৈ ওলাই গৈছিল। ইতিমধ্যে নিমিষতে নিকটৱৰ্তী গাওঁবোৰত উক্ত কথাটো প্ৰচাৰ হৈছিল।

মেচুকাৰ অন্তৰ্গত কাদাচিল’ নামৰ গাঁওখনৰ পৰা য়াৰগাপচু নদীত আগদিনাই পাতি থোৱা বৰশী ডাঙিবলৈ গৈ বৰশীৰ মাছতো হোৰাত থৈ আন এটা ভেকুলী টোপ হিচাপে মেম্বা জনগোষ্ঠীৰ বৃদ্ধ লোক এজনে বৰশীত গাঠিবলৈ লওঁতেই বকাৰ কেইজনমানে তাক একে ঘাপে ডিঙিতে কাটি নদীৰ পানীত উটি যাবলৈ দিছিল। এজন বকাৰে লগে লগে মেম্বা বুঢ়াৰ সোঁহাতখন গাঁঠিৰ ওপৰতে কাটি হোৰাত ভৰাই কিৰিলিয়াই কিৰিলিয়াই সিহঁতৰ গ্ৰহণীৰোগৰ অধিষ্ঠাতা অপদেৱতা ‘কাচি’ৰ সন্তুষ্টিৰ বাবে গোৱা গীত পদ গাই নিজৰ গাঁৱৰ ফালে গৈ আছিল। এই গীত পদ শুনিয়েই সকলোৱে বকাৰ বোৰে যে কিবা এটা অঘটন ঘটাই আহিছে বুজি উঠিছিল। বকাৰ সমাজৰ পৰম্পৰা মতে এনে সংকটকালত কটা হাতখন সিহঁতে সিজাই তাৰ পানীৰে সেক দি ৰোগীক পৰিচৰ্যা কৰিলে, ৰোগী আৰোগ্য হয়। আশ্চৰ্যজনকভাৱে এনে নীতি নিয়মেৰেই পূৰ্বতেওঁ ৰোগীসকল সুস্থ হৈ উঠিছিল। পিছে নৰহত্যা কৰিবলৈ যোৱাৰ খবৰ প্ৰশাসনে পাইছিল যদিও ইতিমধ্যে বকাৰসকলে কাম সম্পাদন কৰি ৰেগো নামৰ গাঁওখন পাইছিলহি। ইফালে ৰেগোৰ গাঁওবাসীয়ে হত্যাকাৰীহঁতক কৌশল কৰি ডাকবঙলাতে আটক কৰি ৰাখিছিল যদিও তাৰ আগতেই চিকাৰ কৰা হাতখন দুজন বকাৰৰ হাতত সিহঁতৰ গাঁৱলৈ পূজাৰ বাবে পঠিয়াই দিছিল। এই সংঘাতৰ পিছত নৰহত্যাকাৰীহতক অসম ৰাইফলছৰ জোৱানে তাৰ পৰা গ্ৰেপ্তাৰ কৰি বকাৰ জনগোষ্ঠীৰ গাঁও কাৰঅ’লৈ লৈ গৈ থাকোঁতে মেম্বা জনগোষ্ঠীৰ এটা দলৰ লগত সংঘৰ্ষ হয়, এই ঘটনাত এগৰাকী মেম্বা লোকৰ মৃত্যুও হয়। পৰৱৰ্তী সময়ত বিচাৰ বহি পলিটিকেল অফিছাৰ বেনাৰ্জীৰ উপস্থিতিত দুয়ো গাঁৱৰ মাজত বিচাৰ হৈ নিধন হোৱা মেম্বাজনৰ আত্মীয়লৈ ১৬,০০০ টকা বকাৰবোৰে দিব লাগিব আৰু বাটত অসম ৰাইফলছৰ জোৱানৰ হাতত নিহত মেম্বাজনলৈ ৫,০০০ টকা অসম ৰাইফলছে দিব লাগিব বুলি দণ্ড দি বিচাৰ শেষ কৰিছিল, আনহাতে গ্ৰেপ্তাৰ কৰা বকাৰ লোকসকলক মুকলি কৰি দিয়া হৈছিল। জনামতে, জনগোষ্ঠীটোৰ সমাজত এইটোৱেই শেষ নৰবলি আছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments