মা কামাখ্যা, মাতৃপ্ৰধান সমাজ আৰু অসম
লেখক- ৰক্তিম ঙান
অম্বুবাচীত আই বসুমতী ৰজঃস্বলা হয়। বৰষুণে সাওতা ধৰে। আই বসুমতী ৰজঃস্বলা হয় বাবেই কৰ্ষণৰ পিছত সোণগুটি সিচিলে শস্য উৎপাদন হয়। কাৰণ জেঠমহীয়া বৰষুণ শস্য উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ বতৰ। শস্য উৎপাদনৰ হাবিয়াসৰ সৈতে যৌনতা আৰু প্ৰেমৰ প্ৰতিকী সম্পৰ্ক। এয়াই কৈৰাতজ কৃষ্টি। অসমৰ প্ৰাচীন সংস্কৃতি।
কামাখ্যা হেনো খাছীসকলৰ উপাসনাস্থলীহে আছিল। আৰ্যকৰণৰ ফলশ্ৰুতিত ই হিন্দু মন্দিৰত পৰিণত হ’ল। অনুমান কৰিব পাৰি যে, নৰকাসুৰ বৈদিক হিন্দু নাছিল কাৰণেই দেৱীক বিয়া কৰিব খুজিছিল। কাৰণ নৰকাৰসুৰ বেদ বিৱৰ্জ্জিত কৈৰাতজ সভ্যতাৰহে অংশ আছিল বুলি ধাৰণা কৰা হয়।
লিংগবাদ সনাতন ধৰ্মৰ অতি প্ৰাচীন পন্থা। ই মূলতঃ অনাৰ্যমূলীয় সমাজৰ ঔৰসত জন্ম। প্ৰাচীন বৰ্বৰ অৱস্থাৰ পৰা উত্তৰণৰ সন্ধিক্ষণত আদিম লিংগবাদ পিছলৈ পৃথকে পৃথকে পুৰুষ আৰু প্ৰকৃতিবাদলৈ ৰূপান্তৰ হয়। আদিম সমাজত ভিন্ন প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে আদিম মানৱে বিভিন্ন ঐন্দ্ৰজালিক কৰ্মেৰে সেই ‘দেৱতা/অপদেৱতা’সকলক সন্তুষ্ট কৰিব খুজিছিল।
মানৱে মাটিত গোজ মাৰি খেতি কৰিবলৈ শিকাৰ পিছৰে পৰা মাটিৰ উৰ্বৰতা আৰু শস্য উৎপাদনৰ সৈতে যৌনতাক প্ৰতীক হিচাপে লৈছিল। উৰ্বৰতা বৃদ্ধিৰ বাবে পথাৰত মুক্ত যৌনাচাৰ আছিল সেই ঐন্দ্ৰজালিক কৰ্ম কাণ্ডৰ অংশ। বিভিন্ন জনজাতীয় লোকাচাৰত সেইবোৰ প্ৰতিকী ৰূপ আজিও দেখা যায়।
সমাজৰ বিৱৰ্তনেই পুৰুষ আৰু প্ৰকৃতিবাদক ভিন্ন কৰিছিল। মাতৃপ্ৰধান আদিম সাম্যবাদী সমাজ পিছলৈ পৰিণত হৈছিল পুৰুষৰ হাতলৈ সম্পত্তিৰ মালিকানা আদিৰে দাস সামন্ত ব্যৱস্থালৈ। নাৰীকো পৰিয়ালৰ সম্পত্তিৰ অংশ হিচাপে নিৰ্ণয় কৰি লোৱা হৈছিল। নাৰীক দুৰ্বল-অৱলা ৰূপে প্ৰতিষ্ঠা কৰি আকৌ দুৰ্গাৰূপত পূজা কৰাৰ হিপোক্ৰেছি আৰম্ভ হ’ল। ইয়াৰ কাৰণো আছে। প্ৰাচীন মাতৃপ্ৰধান সমাজক বশ কৰাৰ বাবে ব্ৰাহ্মণীয় যুগত দেৱীক শক্তিশালী বুলি প্ৰক্ষেপ কৰাৰ প্ৰয়োজন আছিল। মনকৰিবলগীয়া কথা হ’ল য’ত ভগৱান ৰাম-বিষ্ণুৰ প্ৰভাৱ অধিক তাত কিন্তু দুৰ্গাৰ প্ৰভাৱ কম।
দুৰ্গা-কামাখ্যা আদি নাৰীশক্তিৰ প্ৰতীক হিচাপে বংগৰ পৰা আৰম্ভ কৰি কামৰূপ-অসম হৈ তান্ত্ৰিক বৌদ্ধবাদৰ হাতত ধৰি ভূটান-তীব্বত আদিলৈ গতি কৰিছে। সেয়ে অসমৰ প্ৰাচীন তান্ত্ৰিক উপাসনা পদ্ধতি আছিল মদ-মহিষ-মৈথুন আৰু কৃষ্টিত শাল-শিঙি-শুৱাৰ/ তিনি ভক্তিৰ দুৱাৰ আদি কৈৰাতজ পৰম্পৰা। মদ-গাহৰি-মহিষৰ মাংস ঘিণ কৰা সমাজ অসমৰ মূলসুঁতিৰ সমাজ নাছিল। কৰবাত পঢ়িছিলোঁ, হিন্দুৰ একাধিক দেৱ-দেৱতা আদি হেনো বৌদ্ধধৰ্মৰ পৰাহে হিন্দুলৈ প্ৰবেশ ঘটিছে। এইবোৰ অৱশ্যে পৃথক আলোচনাৰ বিষয়।
নাৰীৰ হাতৰ পৰা পুৰুষলৈ এই অধিকাৰ সলনিহোৱা সেই সময়খিনিয়েই আছিল পৰিয়াল ব্যৱস্থাৰ টাৰ্নি পইণ্ট। পূৰ্বতে নিজ গোটৰ সংখ্যাবৃদ্ধি আৰু ক্ষমতাশালী কৰাৰ স্বাৰ্থতে অধিক সন্তান জন্ম দিব পৰা মাতৃগৰাকী আছিল প্ৰভাৱশালী আৰু সকলোৰে ওপৰত। আদিম নাৰীয়ে স্বতন্ত্ৰভাবে নিজ প্ৰিয় পুৰুষৰ সৈতে সহবাসত মিলিত হব পাৰিছিল। নাৰীক ব্যক্তিগত সম্পত্তিলৈ পৰ্যবসিত কৰাৰ মাজতে আছিল নাৰীক নিষ্কলুষ, সতী আদি উপমাৰে বিভূষিত কৰণ।
প্ৰকৃতিৰ উৰ্দ্ধত পুৰুষক স্থাপন কৰিবলৈ প্ৰয়োজন হ’ল নানা পুৰাণ- আখ্যান -মহাকাব্যৰ। প্ৰকৃতিবাদলৈ আহিল মহা পৰিৱৰ্তন। পুৰুষবাদক তাৰ উৰ্দ্ধত স্থান দিয়া হ’ল। এই সকলো আছিল বিৱৰ্তিত পৰিয়াল আৰু সমাজ ব্যৱস্থাৰ সৈতে খাপ খোৱাকৈ ঈশ্বৰ বিশ্বাসৰ সৈতে জড়িত বিষয়বোৰক জোৰ কৰি ফৰ্মাত পেলোৱাৰ কাৰছাজি। বিশ্বৰ সকলো মানৱ সমাজতে এই বিৱৰ্তন একেসময়তে হোৱা নাছিল। বিভিন্ন সমাজত পুৰুষবাদ প্ৰতিষ্ঠা হ’লেও প্ৰাচীন আদ্যামাতৃ ধৰ্মবিশ্বাসৰ অংগৰূপত ৰৈ গৈছে আজিও আমাৰ লোকবিশ্বাস আৰু লোককৃষ্টিত।
প্ৰতিষ্ঠানিক ধৰ্মৰ সৃষ্টিয়ে আদিম লিংগবাদক ইতৰ শ্ৰেণীৰ ধৰ্মাচাৰ হিচাপে ঘোষণা কৰিলেওঁ সমাজৰ মাজত পুৰুষবাদ প্ৰাচীন দাস সামন্ত যুগৰ ৰূপতেই বৰ্তি থাকিল। সীতা সাবিত্ৰী আদি নিষ্কলুষ নাৰী প্ৰতীকৰ ধাৰণা মাজতে নিহিত কৰা হ’ল নাৰীৰ প্ৰতি অবিচাৰ আৰু অসমতা। প্ৰযুক্তিৰ উন্নতি আৰু বিৱৰ্তনে নাৰীকো পুৰুষৰ সমানে সমানে প্ৰতিষ্ঠা কৰিছে। অথচ একবিংশ শতিকাতো ধৰ্মই সমাজৰ বিকাশৰ সৈতে বহল পৰিসৰত নমনীয়তা দেখুৱাবলৈ ব্যৰ্থ হ’ল। কাৰণ সামন্তবাদ ৰৈ গ’ল ভিন্ন ৰূপত।
লিংগবাদৰ বিৱৰ্তনত পুৰুষ প্ৰধান সমাজৰ পৰিণতি লেংটা বাবা বা নগ্ন সাধু। পুৰুষপ্ৰধান লিংগবাদে প্ৰকৃতিক দমন কৰিবলৈ লোৱাৰ বাবেই লেংটা বাবাৰ শিৰত ঢালি দিয়া গাখীৰ লিংগৰে বৈ অহাৰ পিছত দুহাতপাতি প্ৰসাদ হিচাপে গ্ৰহণ কৰে আধুনিক নাৰীয়ে। অকল নাৰীয়েই কিয় তলখাপৰ লোকৰ বাবেও সেয়া হ’ল পৰম অমৃত। একবিংশ শতিকাৰ প্ৰযুক্তিৰ জয়জয়ময়ময় সময়তো এফালে লেংটা সাধু আনফালে নাৰী সৱলীকৰণ—এই দৃশ্য দুই ভিন্ন সভ্যতাৰ ককটেইল।
অসমৰ মানুহৰ মানসিকতা সেই ধাৰাৰে বিকশিত নহয়। সেয়ে ইয়াত লেংটা সাধু অসমীয়া নাৰী বা পুৰুষৰ বাবে গ্ৰহণযোগ্য বিষয় নাছিল। কোনো সুস্থ অসমীয়াই লাঠিৰে নিজৰ দীঘল যৌনাংগ পকাই দেখুওৱা লেংটা সাধুক চাবলৈ পুত্ৰ কন্যাসহ নিজ পৰিয়ালক লৈ যাব পাৰিব বুলি বিশ্বাস কৰিবলৈ কঠিন। অথচ বিগত অম্বুবাচীত গুৱাহাটীৰ মাজমজিয়াতে লেংটা সাধুৰ মিছিল হ’ল! বহুতে সমালোচনা কৰিলে।
অসমৰ সমাজজীৱন পুৰুষপ্ৰধান হ’লেও জনজাতীয় চৰিত্ৰৰে সমাহাৰ। সেয়ে ইয়াত ৰৈ গৈছে প্ৰকৃতিবাদৰ সেই আদিম কাৰকবোৰ। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এতিয়াও মাতৃৰ গোত্ৰেহে বংশ পৰিচয় দিয়া হয়। সেই কাৰণেই ভাৰতৰ অন্য অংশতকৈ অসমত নাৰীৰ অধিকাৰ উচ্চ।
প্ৰাচীন ‘হৰ-গৌৰী’ পৰম্পৰাক বিশ্বাস কৰা অসমীয়া সমাজত আৰ্যকৰণৰ ফলশ্ৰুতিত বা পিছলৈ উত্তৰ ভাৰতীয় ভাবধাৰা প্ৰবেশৰ ফলত কিছু কিছু ঠাইত ‘মহিলাৰ প্ৰবেশ নিষেধ’ জাতীয় পৰম্পৰা ৰৈ গৈছে যদিও তুলনামূলকভাবে অসমৰ সমাজ কিছু পৰিমাণে প্ৰগতিশীল আৰু নাৰী-পুৰুষৰ সমসমৰ্যাদাৰ ক্ষেত্ৰত আগৰণুৱা। কিন্তু এই ঐতিহাসিক চৰিত্ৰ লাহে লাহে লোপ পাব ধৰিছে উত্তৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতি ক্ৰমবৰ্দ্ধমান আসক্তিয়ে। উদাহৰণ স্বৰূপে অসমৰ সমাজলৈ আগমন হোৱা নানা অনা অসমীয়া পৰম্পৰা। যৌতুকদাবী, মেহেন্দী ৰচম, কড়ৱাচৌথ আদিক যিদৰে অসমীয়া নাৰীয়ে আকোঁৱালি লৈছে, এই পশ্চিমমুখী/পশ্চাদমুখী যাত্ৰাই অসমীয়াৰ ক’লৈ লৈ যাব সেয়া সময়েহে ক’ব।