জ্যোতি বাইলিংগুৱেল থিচৱৰ্যাচ্
লেখক- কৰবী দত্ত
বিশ্বৰ প্ৰথমখন দ্বিভাষিক শব্দকোষ, তাকো অসমীয়া ভাষাত প্ৰস্তুত কৰি উলিয়াইছে এজন অসমীয়াই– ই নিশ্চয় এক গৌৰৱ আৰু আনন্দৰ বিষয়। গ্ৰন্থখনৰ বেটুপাতত এই কথা উল্লেখ নাথাকিলেও গ্ৰন্থখনৰ প্ৰথম পৃষ্ঠাতে “World’s first bilingual Thesaurus” অৰ্থাৎ বিশ্বৰ প্ৰথমখন দ্বিভাষিক শব্দকোষ বুলি উল্লেখ কৰা হৈছে। তদুপৰি, গ্ৰন্থখনৰ পাতনিত সংকলক ডঃ প্ৰণৱজ্যোতি ডেকাই উল্লেখ কৰিছে–“বিশ্বৰ প্ৰথমখন দ্বিভাষিক শব্দকোষ” বুলি কোৱাটো এক বৃহৎ দাবী। ইংৰাজী, আন আন ইউৰোপীয় আৰু ভাৰতীয় ভাষাত ভালেমান একভাষিক শব্দকোষ আছে যদিও কেৱল দুখন সম্পূৰ্ণভাৱে কাৰিকৰী দ্বিভাষিক শব্দকোষৰ বাহিৰে ইণ্টাৰনেটতো আন কোনো দ্বিভাষিক শব্দকোষৰ উল্লেখ পোৱা নগ’ল।” সেইফালৰ পৰা চাবলৈ গ’লে বিশ্বৰ প্ৰথমখন দ্বিভাষিক শব্দকোষৰ দাবীটো অমূলক নিশ্চয় নহয়। তেনে স্থলত অসমীয়া গ্ৰন্থৰ ইতিহাসত এই গ্ৰন্থখন এক অনন্য সংযোজন বুলি বিনা দ্বিধাই ক’ব পাৰি।
এই শব্দকোষখনৰ পাতনিতে সংকলকে এটা অতি গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে উল্লেখ কৰি কৈছে–”আমাৰ প্ৰজন্মটো হৈছে ফটা কাপোৰেৰে বৈ উলিওৱা কাণিৰ তলপাৰা আৰু কাথাৰে নিজকে আবৃত কৰাত অভ্যস্ত অসমীয়া মানুহৰ এটা প্ৰজন্ম আৰু ৰং নিমিলাৰ বাবেই নতুন কাপোৰ দলিয়াই পেলোৱা প্ৰজন্মৰ মধ্যৱৰ্তী প্ৰজন্মটো। এটা হৈছে গাঁৱলৈ ডাকোৱাল আহিব আহিব বুলি দুসপ্তাহৰ ধৰি অপেক্ষা কৰা আৰু আনটো হৈছে জেপত মবাইল ফোন লৈ ফুৰা প্ৰজন্ম। আৰু মাত্ৰ বিশ বছৰৰ পাছত এই গ্ৰন্থখনত সন্নিৱিষ্ট শব্দবোৰৰ ভালেমান শব্দ কেৱল যে পাহৰণিৰ গৰ্ভতেই লীন যাব তেনে নহয়, নিচেই কম সংখ্যকহে এইবোৰ শব্দ জনাৰ প্ৰয়োজনবোধ কৰিব। কিন্তু উত্তৰ পুৰুষৰ বাবে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভাষা আৰু সংস্কৃতিৰ এক খতিয়ন ৰখাৰ অৰ্থে আমি যথাসাধ্য প্ৰচেষ্টা চলাইছোঁ।”
গ্ৰন্থখনৰ পাত লুটিওৱা প্ৰতিজন পাঠকে অনুভৱ কৰিব– এই প্ৰচেষ্টাত সংকলক সম্পূৰ্ণ সফল হৈছে।
দুটা ভাগত বিভক্ত এই গ্ৰন্থখনৰ প্ৰথম ভাগটো হৈছে অসম (Assam)। এই ভাগটোত সন্নিবিষ্ট মুঠ ষোল্লটা অধ্যায় হৈছে ক্ৰমে Kitchen of Assamese people (অসমৰ পাকঘৰ), Traditional fishing and hunting of Assam (অসমৰ পৰম্পৰাগত মৎস্য আৰু জন্তু চিকাৰ), Traditional arms and weapons of Assam (অসমৰ পৰম্পৰাগত অস্ত্ৰ–শস্ত্ৰ), Punishments in mediaeval Assam (মধ্যযুগত অসমৰ ৰজাঘৰীয়া শাস্তি ব্যৱস্থা), Land and agriculture in old Assam (প্ৰাচীন অসমৰ মাটি আৰু খেতি), Words used in handicrafts of Assam (অসমৰ হস্তশিল্পৰ শব্দ), Entertainments of old Assam (প্ৰাচীন অসমৰ আনন্দোৎসৱ), Transport system of ancient Assam (প্ৰাচীন অসমৰ পৰিবহণ ব্যৱস্থা), Servents in a royal and aristocratic households of Assam (অসমৰ ৰাজঘৰীয়া আৰু অভিজাত ঘৰৰ সেৱকবৃন্দ), Traditional dresses of Assam (অসমৰ পৰম্পৰাগত বস্ত্ৰ–পৰিচ্ছদ), Monetary economy of ancient Assam (প্ৰাচীন অসমৰ মুদ্ৰা অৰ্থনীতি), Measures of ancient Assam (প্ৰাচীন অসমৰ জোখ–মাফ), Ghosts and evil spirits of Assam (অসমৰ ভূত–প্ৰেত আৰু অপদেৱতা, The names of common animals and birds seen in Assam (অসমৰ সাধাৰণ জীৱ–জন্তু আৰু চৰাই–চিৰিকতিৰ নাম), Plants of Assam (অসমৰ উদ্ভিদ) আৰু Sculptures of Assam (অসমৰ ভাস্কৰ্য্য)। ইয়াৰ বিপৰীতে সাধাৰণ শব্দকোষ (General Thesaurus) শীৰ্ষক দ্বিতীয় অংশত সন্নিবিষ্ট মুঠ নটা অধ্যায় হৈছে ক্ৰমে–ভাৱাত্মক চিন্তা (abstract thought), স্থান/বিস্তৃতি (space), আকৃতি (size), ৰূপ (form), গতি (movement), পদাৰ্থ (matter), অনুভূতি (sensation), নৈতিকতা (morality) আৰু ধৰ্ম। সাধাৰণতে কোনো গ্ৰন্থৰ পৰিচয়মূলক লেখাত সবিশেষ সূচীৰ বৰ্ণনা নিষ্প্ৰয়োজন যদিও এই দ্বিভাষিক শব্দকোষৰ ব্যাপ্তি আৰু বিশালতাৰ বিষয়ে পাঠকসকলক এক আভাস দিয়াৰ উদ্দেশ্যেহে বাহুল্য–বৰ্জনৰ দিশটো আওকাণ কৰি সূচীৰ সবিশেষ দাঙি ধৰা হৈছে।
কি নো আছে এই শব্দকোষত সন্নিবিষ্ট অধ্যায়সমূহত? উত্তৰটোও এটা প্ৰশ্নই–কি নাই? উদাহৰণ স্বৰূপে প্ৰথম অংশৰ প্ৰথম অধ্যায়টোৰ কথাকেই ধৰক। অসমৰ পাকঘৰ সম্পৰ্কীয় শব্দবোৰৰ ভিতৰত ৰান্ধনি/ ৰান্ধনী শব্দই ৰন্ধন কাৰ্য্য কৰা পুৰুষ বা মহিলাক (a male or female cook) বুজায়। তাৰ বিপৰীতে ৰান্ধনি–বাপু শব্দটোৱে ৰন্ধন কাৰ্য্যক বৃত্তি হিচাপে লোৱা ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকক (professional brahmin cook) বুজায়। চাংমাই শব্দটোৱে আহোম ৰান্ধনি (an Ahom cook), খানাচামা শব্দটোৱে প্ৰশিক্ষিত মুছলমান ৰান্ধনি (a trained Muslim cook), বাবুৰ্চিয়ে সাধাৰণ মুছলমান ৰান্ধনি ( lay muslim cook), পাচকে হিন্দু ৰান্ধনি (a hindu cook), সূপকাৰে গোড়া হিন্দুৰ ঘৰৰ ৰান্ধনিক (a hindu cook in orthodox house ) বুজায়। অসমীয়া ৰান্ধনিৰ ইমানবোৰ প্ৰকাৰ আৰু তাৰ পাৰ্থক্যৰ বিষয়ে বোধহয় এই কিতাপখন হাতত নপৰিলে জনাটোৱেই সম্ভৱ নহ’লহেঁতেন। সূচীপত্ৰত চকু ফুৰালেই গম পোৱা যায়– অসম আৰু অসমীয়া মানুহৰ দৈনন্দিন জীৱন, জীৱিকা, উৎসৱ–পাৰ্বন, সাজ–পোচাক, অনুভূতি, বিশ্বাস আদিৰ সৈতে জড়িত প্ৰায়বোৰ বিষয়েই ইয়াত সামৰি লোৱা হৈছে। উদাহৰণ স্বৰূপে; প্ৰথম অংশৰ ত্ৰয়োদশ অধ্যায়ত অসমৰ জনবিশ্বাস অনুসৰি ভূত–প্ৰেত, অপদেৱতাৰ অসমীয়া নাম উল্লেখ কৰি তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰা হৈছে। বিভিন্ন কাহিনী, সাধুকথাৰ মাজেৰে অসমীয়া জনসমাজত ঠাই দখল কৰি থকা দীঘল, লেংপেঙীয়া হাত–ভৰিৰ, মাছ খাবলৈ ভাল পোৱা ভূতবিধেই যে কন্ধ, কবন্ধ, কন্ধকটা, বাঁক, ঘোঁৰাপাক, দঁত বিভিন্ন নামেৰে জনাজাত তাকেই বা কিমানে জানে? বাটোৱালী, হাটোৱালী, গছোৱালী, চুৰুণী বীৰা, ধূমা–মূৰা, ডাউলা বীৰা–অসমীয়া ভূত–প্ৰেত, অপদেৱতাৰো কিমান যে নাম! কিতাপখনত এই সকলোবোৰৰ সবিশেষ ইংৰাজীত সৰলকৈ দাঙি ধৰা হৈছে। বিভিন্ন অসমীয়া শব্দ কিদৰে ভিন ভিন ক্ষেত্ৰত, ভিন ভিন অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হয় সেই বিষয়েও এই শব্দকোষৰ দ্বিতীয় অংশত বিশদভাৱে উল্লেখ কৰা হৈছে। অলিন্দ, আগচালি, কাঁথি, পিৰালি আদি শব্দই বাৰাণ্ডা বুজায় বুলি আমি কিমানে জানো? কুন্দা নাও, খেল নাও, গুলৈয়া নাও, ময়ূৰকণ্ঠী নাও, মাৰ নাও, ৰণৰ নাও, সদাগৰী নাও আদি নাৱৰ প্ৰকাৰৰ কথাকেই বা কিমানে জানো? চাবমেৰিণক বুৰ জাহাজ বুলি, মটৰ বোটক কলৰ নাও বুলি? কেকোঁৰা দোলা, উকা দোলা, পৰ্হি দোলা আদিৰ পাৰ্থক্য কি? এনে ভালেমান নজনা; নুশুনা কথাৰ ভঁৰাল এই শব্দকোষখন। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে অপাৰ বিস্ময় সোমাই আছে বুলি ক’লেও বঢ়াই কোৱা নহয়। কোনো গৱেষণাৰ প্ৰয়োজনত নহ’লেও কেৱল কৌতূহল নিবাৰণ, তথা জ্ঞান লাভৰ বাবে হাতত তুলি ল’লেও এই শব্দকোষখনে কোনো পাঠকৰে নিশ্চয় নিৰাশ নকৰে।
গ্ৰন্থখনৰ আন এক উল্লেখযোগ্য দিশ হৈছে ইয়াত সন্নিবিষ্ট চিত্ৰসমূহ। ঘট আৰু ঘটিৰ আকাৰত কি পাৰ্থক্য আছে, জাতি কাঁহী, ফুল–কাঁহী, পানধুৱা কাঁহী দেখিবলৈ কেনেকুৱা, অসমীয়া মহিলাৰ ভৰিত পিন্ধা অলংকাৰ ঘুগুৰা, বেৰি, নেপুৰ, কিঙ্কিণী, উজণ্টি, পাজামা আদিনো কেনে আদি এই চিত্ৰসমূহ চালেই স্পষ্টকৈ বুজি পোৱা যায়। বহু ক্ষেত্ৰত লেখকৰ মৌখিক বৰ্ণনা আৰু অপৰিপক্ব ছবি চায়েই শ্ৰীমতী দীপাঞ্জলি দাসে এই ছবিবোৰ অংকন কৰাৰ বিষয়ে লেখকে পাতনিৰ ‘কৃতজ্ঞতা’ শিতানত উল্লেখ কৰিছে। একেটা শিতানতে বিভিন্নজনক লগ ধৰি তথা শৈশৱৰ স্মৃতি ৰোমন্থনৰ জৰিয়তে গ্ৰন্থখনৰ বাবে সমল গোটোৱাৰ কথাও তেওঁ উল্লেখ কৰিছে। তদুপৰি, এই শব্দকোষত সন্নিবিষ্ট অধিকাংশ শব্দই “হেম কোষ” আৰু “ চন্দ্ৰকান্ত অভিধান” পৰা লোৱা হৈছে বুলি উল্লেখ কৰি কৃতজ্ঞতা স্বীকাৰ কৰিবলৈও সংকলকে পাহৰা নাই।
শব্দৰ ঐতিহাসিক ব্যৱহাৰৰ বিষয়টোলৈ মন কৰাটো এই গ্ৰন্থখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ। এই প্ৰসংগত গ্ৰন্থখনৰ পাতনিত সংকলকে উল্লেখ কৰিছে–”ভালেমান অসমীয়া লেখকে হেং–দান্ শব্দটো যুদ্ধত ব্যৱহৃত তৰোৱালৰ ক্ষেত্ৰত উল্লেখ কৰে। প্ৰকৃততে হেং–দান্ যুদ্ধৰ আহিলাতকৈ এক শোভাবৰ্দ্ধক সম্ভ্ৰমৰ প্ৰতীকচিহ্নহে আছিল। কেৱল সাতঘৰীয়া আহোমৰ বংশধৰসকলকহে লবলৈ দিয়া ই এবিধ দীঘল নাল লগোৱা চুটি তৰোৱালহে। সুনীয়া হেং–দান্ বা সোণৰ পাতেৰে মেৰিওৱা হেং–দান্ আহোম ৰাজসভাৰ ফুকন বা তাৰ ওপৰৰ পদবীৰ লোকৰ পদমৰ্যাদাৰ প্ৰতীক আছিল।” আনহাতে, গাম–খাৰু সম্পৰ্কে সংকলকে কৈছে যে বিহুগীতত উল্লেখ থকাৰ দৰে গামখাৰু প্ৰকৃততে নাচনীয়ে পিন্ধি নৃত্য কৰা খাৰু নহয়। ই জনজাতীয় মুৰব্বী (গাম) সকলৰ সম্ভ্ৰমৰহে প্ৰতীক। বিহু নাচনীয়ে পিন্ধা খাৰুবিধ মুঠিখাৰুহে। খুটি–নাটি মাৰি কৰা এনেবোৰ বিচাৰ–বিশ্লেষণৰ পৰাই গ্ৰন্থখন প্ৰস্তুত কৰোঁতে সংকলকে কৰা অপৰিসীম পৰিশ্ৰমৰ দিশটো স্পষ্ট হৈ পৰিছে। গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াওতে সন্মুখীন হোৱা বিভিন্ন ত্ৰুটি–বিচ্যুতি তথা অসুবিধাৰ বিষয়ে উল্লেখ কৰি সংকলকে অৱশ্যে লগতে আঙুলিয়াই দিছে–”এই গ্ৰন্থখন বিশ্বকোষ নহয় আৰু ই প্ৰকৃতাৰ্থত অভিধানো নহয়।”
বিশিষ্ট ভূতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ, জনপ্ৰিয় ঔপন্যাসিক, অতি সাহসিকতাৰে আত্মজীৱনী ৰচনা কৰোঁতা, ভালেমান তত্ত্বগধূৰ গ্ৰন্থৰ লেখক, অভিধান প্ৰণেতা ডঃ প্ৰণৱজ্যোতি ডেকাৰ “জ্যোতি বাইলিংগুৱেল থিচৱৰ্যাচ্” অসমীয়া গ্ৰন্থৰ জগতত এক অমূল্য সংযোজন। এই অভিনৱ শব্দকোষখনত চকু ফুৰালে প্ৰতিজন পাঠকেই নিশ্চয় অনুভৱ কৰিব– এইখন সঁচাকৈয়ে এখন অগতানুগতিক, লেখত ল’বলগীয়া, পঠনযোগ্য, অমূল্য আৰু সংৰক্ষণযোগ্য গ্ৰন্থ।
গ্ৰন্থৰ নাম: Jyoti Bilingual Thesaurus
লেখক: ডঃ প্ৰণৱজ্যোতি ডেকা
প্ৰকাশক: কে বি পাব্লিকেছনছ
প্ৰথম প্ৰকাশ: অক্টোবৰ, ২০০৭ চন
মূল্য: ৩০৫/- টকা