আমাৰ টেঁমি গাড়ীখন
লেখক- নেহেৰু পেগু
কুৰিশতিকাৰ নব্বৈৰ দশকলৈকে সাঁচতীয়া টকা দি গাড়ী এখন কিনা মধ্যবিত্ত পৰিয়াল এটাৰ কাৰণে চিন্তাৰ বিষয় আছিল। সেয়েহে আমাৰ দৰে বহুতৰ বাবে স্কুটাৰ বা মটৰ চাইকেলখনেই সেইসময়ৰ জীৱনৰ সাৰথি আছিল। তেতিয়া “হামাৰা বাজাজ” স্কুটাৰখনৰ যুগ। ১৯৮৬ চন মানত এল, এম, এল ভেচপাখন, বাজাজক টক্কৰ দিবলৈ বজাৰলৈ আহিল। আমি তেতিয়া ডিব্ৰুগড়ত কৰ্মৰত। মটৰ চাইকেল বুলিবলৈ ৰাজদূত, চি ডি–১০০, য়ামাহাৰ আৰ এক্স–১০০, বুলেট, য়েজডি। এতিয়াৰ দৰে বজাৰত বিভিন্ন মডেল উভৈনদী নাছিল। ডিলাৰত গৈয়েই কিনিম বুলি কিনিব নোৱাৰিছিল। মন পছন্দৰ গাড়ীখন পাবলৈ হ’লে বুক কৰিব লাগিছিল। ডিব্ৰুগড়ৰ পৰা কৰ্মসূত্ৰে তেজপুৰলৈ ১৯৯৩ চনত বদলি হৈ আহোঁতে সৰু ভাইটিক লগত লৈ আমাৰ এল এম এল ভেচপাখন(আলফা– Alfa), দুয়ো অদল বদলকৈ চলাই ৩১০ কি: মি: বাট নিৰ্বিঘ্নে চলাই আহিছিলো। মোৰ লগত অহা ভাইটিজন দুবছৰমান আগত বাইক দুৰ্ঘটনাত মৃত্যু হ’ল। কথাবোৰ চিন্তা কৰিলে কেনেবা লাগে। এতিয়া ল’ৰাই বাইক লৈ বজাৰ যাওঁ বুলি ক’লেওঁ মনত অশুভ চিন্তাই অগা–ডেৱা কৰে।
আমি গাড়ী এখন কিনিম বুলি বা কিনিব পাৰিম বুলি কোনোদিন ভবা নাছিলোঁ। কিন্তু কিনিছিলোঁ। তাৰ এটা কাহিনী আছে। এবাৰ আমাৰ কৰ্মস্থল তেজপুৰৰ পৰা ধেমাজিৰ, চিলাপথাৰৰ(কুলাজান) ঘৰলৈ যাওঁ বুলি নৈশ বাছত টিকেট কৰি উঠিলোঁ। তিনিটা ল’ৰাৰ একেবাৰে সৰুটো তেতিয়াও মাকৰ কোলা এৰিব পৰা হোৱা নাই। লক্ষীমপুৰ পালোঁ পুৱতি নিশা আঢ়ৈমান বজাত। আমাৰ বাদে বাকী পেচেঞ্জাৰ সকলো নামিল। থাকিলোগৈ আমি। কনডাক্টৰে সদম্ভে ঘোষণা কৰিলে বাছখন হেনো তাৰ পৰা আগলৈ নাযায়। অকল আমি কেইটাক লৈ সি আগলৈ নাযায়, যাব নোৱাৰে। আমাক বেলেগ এখন বাছত উঠাই দিব। বহু তৰ্কৰ অন্ততো আমাৰ কথা নৰজিল। সেই সময়ৰ জনশূন্য পৰিবেশত আমাৰ নিৰাপত্তাৰ বিষয়টিও জড়িত আছিল। পুৱতি নিশা টালি–টোপোলা আৰু টোপনি যোৱা ল’ৰাকেইটাক লৈ ত্ৰাহি মধুসূদন সুৱৰিলোঁ। আমি তেতিয়া কেন্দ্ৰীয় সীমা শুল্ক আৰু উৎপাদন শুল্ক বিভাগতে পৰিদৰ্শক হিচাপে কৰ্মৰত। খং, লাজ আৰু একধৰণৰ অপমানবোধে সেই শীতকালীন পুৱতি নিশাটো আমাক ঘৰ্মাক্ত কৰি তুলিলে। সেই তেতিয়াই প্ৰতিজ্ঞাবদ্ধ হ’লো যে সৰুকৈ হলেও গাড়ী এখন ল’ম। ন’হলে চাগে আমাৰ গাড়ী লোৱাও ন’হলহেতেন। কিয়নো আমি স্বভাবগত ভাবেই মাটিৰ মানুহ আৰু সমাজত ল’ প্ৰফাইল ৰাখি চলোঁ। সেইবাবেই চাগে অচিনাকি, কাম কৰিবলৈ মাতি অনা মানুহে(কামলা) আমাকে কয়– মালিকক অলপ লগ পাব লাগিছিল।
তেজপুৰ ঘূৰি আহি গাড়ী কিনাৰ চিন্তাই মনত পীৰা পাৰি বহিল। তাতে বিভাগীয় অনুমতি লাগিব। ক’ৰপৰা টকা পাম তাকো দেখুওৱাব লাগিব। ন’হলে ভিজিলেন্স বিভাগে কেতিয়া জাননী দিব ঠিক নাই। সৰু কাৰণ এটাত চাকৰিটো গুচি গলে সকলো শেষ।
সি যি কি নহওক সকলো কৰণীয় কৰি অশেষ চেষ্টা আৰু কষ্টৰ মূৰত ২০০৪ চনত, এ চি নথকা, চিল্কি–চিলভাৰ ৰঙৰ মাৰুতি ৮০০খন আমাৰ চোতাল গৰকিলে। দাম আছিল তেতিয়া দুই লাখ কুৰি হাজাৰ। নগদ ধন দি ল’ব লগা হ’ল। সেইখন আছিল আমাৰ মানসপুত্ৰ। তেতিয়াৰ পৰা যেনিবা ধেমাজি–চিলাপথাৰ যোৱাটো উজু হ’ল। মাত্ৰ গাড়ীৰ ইন্ধনৰ টকাখিনি পকেটত থাকিলেই হ’ল। পুৱা সাত বজাত তেজপুৰৰ পৰা ওলালে দুইমান বজাত ঘৰ পাওঁগৈ।
আমি গাড়ী লোৱাৰ কিছু বছৰৰ পিছৰ পৰা বেংকত সহজতে লোন ল’ব পৰা ব্যৱস্থা হ’ল। কোম্পানি বিলাকেও সেই সুবিধাতে বিভিন্ন মডেল আৰু ন ন ডিজাইনেৰে উপভোক্তাক কল্পনা ৰাজ্যত বিচৰণ কৰোৱাত লাগিল। ঘৰ ঘৰ, চোতাল চোতাল, চালে চকুৰোৱা গাড়ীৰে ভৰি পৰিল। যেতিয়াই মন যায় গাড়ী সলাই পেলায়। বজাৰত এই ওলাই, এই সলায়। বজাৰে সমাৰে, উৎসৱে–পাৰ্বণে দামী দৃষ্টিনন্দন গাড়ীৰ ভিৰ বাঢ়িবলৈ ধৰিলে। গাড়ীৰ ভিতৰৰ পৰা বিশেষ কায়দাৰে মানুহবোৰ নাটকীয় ভংগিত ওলাই আহে। গৰাকীৰ হাতত নাচি থাকে দামী গাড়ীৰ চাবি। চাই বৰ ভাল লাগে। আমি প্ৰাণ ভৰি চাওঁ।
সময় সাপেক্ষে যুগৰ আদব–কায়দাৰ লগত খোজ মিলাই চলিব পৰাটো জ্ঞানী আৰু বুধিয়কৰ কাম। সেই হিচাপে চাব গ’লে আমি অলপ হোজা ধৰণৰ মানুহ। ২০০৪ চনৰ পৰা আজি জুন মাহ, ২০২১ চনলৈ সোতৰ বছৰে আমাৰ গাড়ীখনে কোনো কেট–কূট নকৰাকৈ, প্ৰভুভক্ত কুকুৰৰ দৰে সেৱা কৰি আহিছে। ঘৰত কাম কৰা সময়ত হঠাৎ বালি শেষ হ’ল, ভঙা পাথৰ শেষ হ’ল; বচ! ডিকিত দুবেগ বালি, দুবেগ ভঙা পাথৰ ভৰালেও গাড়ীয়ে অভিযোগ নকৰে। কিমানবাৰ ৰাজহুৱা বনভোজত আমাৰ গাড়ীত খৰি–কেৰাহী উঠিল হিচাপ নাই (মানে কম দামী গাড়ীত সকলো উঠাব পাৰি)। কুকুৰাই কিমানবাৰ বিষ্ঠা ত্যাগ কৰিছে তাৰ হিচাপ নাই। গাঁৱত পাঁচজনৰ ঠাইত ছজন সাতজন কঢ়িয়াইছোঁ, চলি যায়। মাত্ৰ শ্বক এবজৰভাৰটো বদলি কৰিলেই হ’ল। এনেকুৱা সময়ত প্ৰয়াত সঞ্জয় গান্ধীলৈ বৰকৈ মনত পৰে। কোনোবাই যদি ভাৰতৰ মধ্যবিত্ত দুখীয়া লোকসকলৰ কথা চিন্তা কৰি সকলোৱে কিনিব পৰা গাড়ী বনাইছিল, তেওঁহে আছিল একমাত্ৰ ব্যক্তি। টাটাৰ নেন’খনৰ কথাও মনলৈ আহে; কিন্তু সেইখন বজাৰত নিটিকিল।
আমাৰ গাড়ীখনে চাগে আজিকালি মোক বেয়া পায়।
যিটো প্ৰশ্ন সুধিলে আমি বেয়া পাওঁ মানুহবোৰেও প্ৰায়ে তাকেই সোধে –
–কি গাড়ী আপোনাৰ?
সেমেনা সেমেনিকৈ কওঁ– টেঁমি গাড়ী।
–মানে?
– সঞ্জয় গান্ধীৰ গাড়ীখন।
বুজাই বুজে।
–এহ, বদলাই দিয়ক সেই খন। আজিকালি চাকৰিয়ালক বেংকে টানি আনি লোন দিয়ে। চহীটো কৰিলেই হ’ল (আমিহে জানো, লোৱাটো তেনেই উজু; দিয়াটোহে টান)।
বিয়াই– সবাহে, মিটিঙে– মাটাঙে গ’লে আজিকালি আমি বেছ সাৱধানতা অৱলম্বন কৰোঁ। আমি গাড়ীখন চাইচিতি ৰাখোঁ, মানে একাষৰীয়াকৈ। জানোচা কাষৰ দামী গাড়ীখনৰ সৌন্দৰ্য নষ্ট হয়! গৰাকীৰ মনত যাতে অসন্তোষে দেখা নিদিয়ে, তাৰ বাবেই এই সাৱধানতা। অথবা কম দামী গাড়ী বুলি বাকীবোৰে খুন্দা মাৰি থৈ যাতে নাযায়। অৱশ্যে সবে চিনি পায়; সেইখন আমাৰ গাড়ী, অৰ্থাৎ নেহেৰু পেগুৰ গাড়ী। আমাৰ কাৰ্য্যালয়ৰ একমাত্ৰ মাৰুতি ৮০০ থকা মানুহজন আমি। তেজপুৰ চহৰত অৱশ্যে দুখনমান মাৰুতি ৮০০ দেখিছোঁ। সেই কেইখন চলি থকালৈকে আমাৰ মৰণ নাই। তেওঁলোকো আমাৰদৰেই আপডেট হৈ নথকা বা আউটডেটেদ মানুহেই হ’ব চাগে। তথাপিও মনটো দুজনমান লগৰ আছে বুলি ভৰি যায়। তাতোকৈ বেছি ভাল লাগে, যেতিয়া মাছ বা মাংস বেপাৰীয়ে বৰ আগ্ৰহেৰে সোধে,
– খুৰা, বেয়া নাপাই যদি এটা কথা সোধোঁ; আপোনাৰ গাড়ীখন বেচিবনেকি?
আমি তেতিয়া গৌৰৱেৰে কওঁ,
–নাই, নেবেচোঁ। এনেকুৱা গাড়ী এতিয়া ক’ত পাবা! পাৰ্কিংৰ সমস্যা নাই, তেলৰ খৰচ নাই, মেইনটেন্যান্স খৰচ নাই। ইত্যাদি, ইত্যাদি।
পিছে জীৱনকাল শেষ হৈ যোৱা আমাৰ মৰমৰ গাড়ীখন কিমান দিন এনেকৈ ৰাখিব পাৰিম ক’ব নোৱাৰিছোঁ। এইখন চলাই থকাৰ বাবে আমাৰ শুভাকাঙ্ক্ষী সকলেহে মোতকৈ বেছি কষ্ট পোৱা হৈছে। ল’ৰা কেইটাই ম’বাইলত নতুন নতুন গাড়ীৰ ছবি দেখুৱায়। পৰিবাৰেও মহিন্দ্ৰাৰ স্কৰপিঅ’ জাতীয় গাড়ীবোৰহে ভাল লাগে বুলি শুনাই থাকে। বেচেৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত বিষয়াৰ পৰিবাৰ হৈ তেনে এটা ইচ্ছা মনত নাথাকিবই বা কিয়? মইহে শুনি নোপোৱাৰ ভাও ধৰোঁ। সকলোৱে আমাৰ হাতখন বৰ টান বুলিয়েই ভাবে চাগে।
আমি মাথোঁ কৈ থওঁ – জীৱনত ইয়াতকৈ বহু বেছি কৰণীয় কাম আছে। আমাৰ অনিচ্ছাক ঢাকিবলৈ ই হয়তো বৰ দুৰ্বল যুক্তি। সেই কাৰণে মুখবোৰ ওন্দোলাই গুচি যায়। জীৱন নাটক এনেকৈয়ে চলি থাকিব আৰু থাকিব আমাৰ টেঁমি গাড়ীখন।