নষ্টালজিয়াৰ পাতত কেমেৰা
লেখক- অঞ্জন শৰ্মা
সৌ সিদিনালৈকে কেমেৰা নামৰ যন্ত্ৰবিধ আছিল একমাত্ৰ বিলাসী লোকৰ সম্পদ। ডিঙিত দীঘল ফিতাৰে কেমেৰা ওলোমাই লৈ মূৰত কাউবয় হেট পিন্ধি ফটো উঠাই থকা ব্যক্তিজন দেখিলেই গম পোৱা গৈছিল যে এইজন হয়তো এজন পেছাদাৰী ফটোগ্ৰাফাৰ, নাইবা এজন খুব আঢ্যৱন্ত ব্যক্তি। সাধাৰণ লোকৰ বাবে কেমেৰাৰে ফটো উঠাতো আছিল এক দুৰ্লভ সপোন। চিনেমা–থিয়েটাৰৰ সৈতে জড়িত ব্যক্তিসকল আৰু বিশেষ পুৰোধা ব্যক্তিসকলৰ বাহিৰে আন লোকসকলে জীৱনত মাত্ৰ কেইবাৰমানহে ফটো উঠাৰ সৌভাগ্য লাভ কৰিছিল। কেমেৰা নামৰ যন্ত্ৰবিধ ওচৰৰ পৰা দেখা বা চুই চোৱাটোও আছিল সাধাৰণ লোকৰ বাবে একপ্ৰকাৰৰ সৌভাগ্য। য়াচিকা, ফুজিফিল্ম, পোলাৰয়ড, মাতচুচিথা আদি নামী–দামী ব্ৰেণ্ডৰ কেমেৰাৰ গৰাকীসকল আছিল সঁচাকৈয়ে সম্ভ্ৰান্ত ব্যক্তি।
নৱ–বিবাহিত দম্পতীৰ বিয়াৰ আঠমঙলা পাৰ হোৱাৰ পিছত প্ৰথম কাম আছিল ওচৰৰ ষ্টুডিঅ’টোলৈ গৈ একপি ফটো উঠা। খোপাত ওৰণি লৈ স্বামীৰ সৈতে এক নিৰ্দ্দিষ্ট ব্যৱধান ৰাখি উঠা এনেকুৱা বিবাহিত দম্পতীৰ ফটো হয়তো এতিয়াও বহুতো লোকৰ চ’ৰাঘৰত সযতনে ৰাখি থোৱা আছে।
জীৱনৰ প্ৰথম কেমেৰাটোৰ গৰাকী হৈছিলো অষ্টম শ্ৰেণীত পঢ়ি থাকোতে। দেউতাক কুটুৰি কুটুৰি পইছা খুজি মামাৰ লগত গৈ যিদিনা কেমেৰাটো কিনিছিলোগৈ, সেইদিনা সঁচাকৈয়ে এক বৃহৎ সন্মানেৰে বিভূষিত হোৱা যেন অনুভৱ হৈছিল। নহ’বনো কিয়, কেমেৰাটো কিনাৰ পিছত ফটো উঠাবলৈ চুবুৰীয়া, আলহী–দুলহীৰ কি আবদাৰ! বিয়া–সবাহলৈ গ’লে কেমেৰাটো লৈ গ’লে গৃহস্থৰ এক সুকীয়া অভ্যৰ্থনা। কাণ–সমনীয়া পাট–গাভৰুৰ পৰা যুৱতী–বোৱাৰীলৈকে সকলোৰে ফটো উঠাবৰ বাবে কাকূতি–মিনতি। অষ্টম শ্ৰেণীতেই সেই কেমেৰাটোৱে কিছু দিনৰ বাবে নিজকে কোনো চিনেমাৰ নায়কতকৈ কম অনুভৱ দিয়া নাছিল। জনাই জানে, সেই সময়ত মোৰ যিখন ষ্টাইলিচ ৰেঞ্জাৰ চাইকেল আছিল, বহুতো পাট–গাভৰু সেইখনৰো অনুৰাগী আছিল। কোৱা বাহুল্য যে মোৰ কেমেৰাটোৰে সকলোৰে ফটো উঠোৱা সম্ভৱ নাছিল। এটা কেমেৰাৰ ৰীলেৰে উঠাব পৰা ছয়ত্ৰিশখন ফটোত উঠাৰ সৌভাগ্য যিসকলৰ হৈছিল, তেওঁলোকে কিন্তু মোক ভুৰি–ভুৰি ধন্যবাদ আৰু প্ৰশংসাৰে ওপচাই দিছিল। আকৌ ফটোকপিটো উঠালেই নহ’ব, তাক ডেভেলপ কৰি, ফটো প্ৰিণ্ট কৰি দিয়ালৈকে গোটেইখিনি দায়িত্ব আপোনাৰেই। শেষত ফটোকপি হাতত তুলি দিয়াৰ দিনা কোনোবাই আকৌ দহটকা–বিশটকাৰ নোট এখন জোৰ কৰি হাতত গুঁজি দিব। মিচিকিয়াই ওভতাই দিও যদিও মনত শংকা হয়, মানুহে বাৰু পেছাদাৰী ফটোগ্ৰাফাৰ হিছাপেই ভাবিব লৈছে নেকি!
সময় বৰ সোনকালে সলনি হ’ল। মোবাইল ফোন অহাৰ লগে লগেই কেমেৰাৰ লগত জড়িত আৱেগৰো সংজ্ঞা সলনি হ’ল। এতিয়া হাতে–হাতে কেমেৰা, সকলোৱেই একো একোজন ফটোগ্ৰাফাৰ। নিজেই নিজৰ ফটো উঠাব পৰাৰ সুবিধাফেৰাও কৰি দিলে মোবাইল–কেমেৰাই। যিমান ইচ্ছা সিমান ফটো উঠাব পৰা, বেয়া হ’লে ফটো ডিলিট কৰি দিব পৰা সুবিধাও হ’ল। এতিয়া আকৌ আহিছে SLR/DSLR ৰ যুগ। মুঠৰ ওপৰত কেমেৰাই বিৱৰ্তনৰ পথত এখোপ–এখোপকৈ আগুৱাই গৈ আছে। কিন্তু আগৰ সেই এনালগ কেমেৰাৰে এংগ’ল মিলাই মিলাই ফটো উঠোৱাৰ আমেজ সেই সময়ৰ কেমেৰাৰ গৰাকীসকলেহে বুজি পাব।