সোণামতীৰ মৈদাম আৰু এটা মনোৰম বেলাৰ স্মৃতি
লেখক- পদ্মজা বৰুৱা মহন
মোৰ এটা স্বভাৱ আছে, আইৰ ঘৰলৈ গ’লে মোৰ কেৱল আইৰ ঘৰতেই সোমাই গুচি আহিবলৈ মন নেযায়। কাষে —পাঁজৰে থকা পৰিয়ালৰ ইঘৰে সিঘৰলৈও পাক এটা মাৰি আহিবলৈ মন যায়। যোৱা পৰহিও বিশেষ সকাম এটাৰ বাবে আইৰ ঘৰলৈ যাবলগীয়া হ’ল, দুনিশা থাকিবলগীয়াও হ’ল। আজি সেই পুৱা শুই উঠি চাহ এটোপা পিয়েই আখলত বৌদেওৰ ভাত সিজে মানে বোলো দাইদেউৰ ঘৰৰপৰা পাক এটা মাৰি আহোঁ। দাইদেউৰ ঘৰৰ মুখৰ আগতে আকৌ ভাইটি প্ৰাঞ্জলৰ (তেওঁ চেপন কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱবাণী শিতানৰ ঘোষক, বিভিন্ন কাকত আলোচনীৰ নিয়মীয়া লেখক) ঘৰ।
সিহঁতৰ ঘৰতো এপাক সোমালোঁ। প্ৰাঞ্জলৰ মাক খুৰীদেৱে দিয়া চাহ খাই থাকোঁতে কথাই কথাই আহোম বুৰঞ্জীৰ এটা উল্লেখযোগ্য নাৰী চৰিত্ৰ সোণামতীৰ বিষয়ে ওলাল।
মই তাক সোণামতীৰ কথা সোধোতে সি বোলে হেৰি নহয় বাই নহ’লে আপোনাৰ হাতত সময় আছে যদি আজি আমি যাওঁ ব’লক, সোণামতীৰ টোপটো চায়েই আহোগৈ।
মই হেঁহো নেহো কৰিলোঁ। বোলো তুমি বুৰঞ্জীৰ ছাত্ৰ দেখি মই এনেই সুধিছিলোঁ, তালৈ যোৱাৰ কথা ভবা নাই নহয়।
সি বোলে নহয় বাই, ময়ো আজিলৈকে সোণামতীৰ টোপৰ কথা শুনিছোহে, দেখাগৈ নাই। একো নহয় ব’লক। সৌকণ বাটহে। সোণটো দাইও (লক্ষ্মীনন্দন বৰুৱা) যাম কৈছে।
মই দকৈ ভাবিবলৈ নেপালোৱেই, সি ইজন সিজনলৈ ফোন লগালেই। খন্তেকতে যোৱাৰ বন্দোৱস্ত হৈ গ’ল।
অগত্যা ময়ো যাম বুলি সন্মতি দিলোঁ।
দাইদেউৰ ঘৰত আকৌ মোলৈ বুলি ভাত যতনাইছিল। ন বজাত যোৱাৰ কথা আছিল যদিও তাতোকৈ কিছু সোনকালেই সোণটো দাই পালেহি। ময়ো দৌৰাদৌৰিকৈ ভাইবোৱাৰী জনীয়ে আতৌপুতৌকৈ আগবঢ়াই দিয়া ভাতকিটা কোনোমতে গিলি বেয়া পালেও ভাল পালেও ক’ব নোৱাৰোঁ দেই বুলি কাঁহীখন ঠেলি বৌদেওৰ ভাগৰে কাপোৰ এযোৰ গাত মেৰিয়াই লৱৰি ওলাই গ’লো।
ম’হখুটি তিনিআলিতে সুলেখক, অভং চিন্তা কৰা চিন্তাবিদ উদিত ককাইদেউক লগ পালোঁ। আমি তেওঁকো লগ ধৰাত তেৱোঁ যোৱাৰ বাব আগ্ৰহ প্ৰকাশ কৰি আমাৰ লগত গাড়ীত বহিল।
কিছুসময় পিছতে আমি চৰাল পথাৰ পালোঁগৈ। সোণামতীৰ মৈদাম থকা ঠাইলৈ আমাক বাট দেখুৱাই লৈ গ’ল প্ৰাঞ্জলৰ চিনাকি অত্যন্ত অমায়িক কিশোৰ নৱজ্যোতি ভৰালী আৰু তেওঁৰ দেউতাকে। নৱজ্যোতিহঁতৰ পদূলিতে গাড়ী থৈ আমি পথাৰৰ মাজৰ ৰাস্তাৰে কিছুদূৰ খোজেৰে আগবাঢ়ি সৰু নদী দিৰৈ পালোঁগৈ। বাৰিষা কাল বাবে ৰাস্তা– ঘাটবোৰ সুচল নাছিল। নৈৰ কাষে কাষে, কাৰোবাৰ ঘৰৰ চোতালেদি, কাৰোবাৰ বাৰীৰ মাজেদি, গোবাট– কঠীয়ানিয়েদি বেচ কিছুসময় গৈ গৈ আমি সোণামতীক মৈদাম দিয়া ঠাই সোণামতীৰ টোপ পালোঁগৈ।
#সোণামতীৰ টোপ কি নো…
আমি জনামতে সোণামতী গাভৰু আহোম বুৰঞ্জীৰ নাৰী চৰিত্ৰসমূহৰ ভিতৰত এক উল্লেখযোগ্য চৰিত্ৰ। বকতা অঞ্চলৰ চটৌখোৱা গাঁৱৰ এইগৰাকী সোণামতীয়েই গদাপাণি কোঁৱৰক চাউদাঙৰ হাতৰ পৰা পলুৱাই পঠিয়াইছিল। চাউদাঙৰ উপৰ্যুপৰি প্ৰশ্নবাণতো সোণামতীয়ে গদাপাণি সম্পৰ্কত মুখ খোলা নাছিল। সেই ৰোষতে চাউদাঙে সোণামতীক কঠোৰ শাস্তি বিহিলে। তাইৰ গাত চমতাৰে চান বাছিলে। তাৰ পাছত মুকলি পথাৰেদি চোঁচৰাই চোঁচৰাই লৈ যাওঁতে সোণামতীৰ প্ৰাণ গ’ল। সোণামতীৰ প্ৰাণহীন দেহাটো চাউদাঙহঁতে দিৰৈ নৈৰ টোপ এটাত পুতি থ’লে। সেয়াই সোণামতীৰ টোপ। সোণামতীক চান বছাৰ বাবেই অঞ্চলটোৰ নাম পিচলৈ ‘চানবচা’ হিচাপে জনাজাত হ’ল। সোণামতীক যিখন পথাৰেদি চোঁচৰাই নিয়া হৈছিল, সেই পথাৰখনৰ নাম চোচৰাল আৰু পিচলৈ ‘চৰাল পথাৰ’ হিচাপে জনাজাত হ’ল।
আমি তাত আৰু কেবাজনো স্থানীয় মানুহক লগ পালোঁ আৰু কথা বতৰা হ’লো। তেওঁলোকেও এইখিনি কথাকে ক’লে।
সোণামতীক লৈ এই অঞ্চলত বহুতো মালিতাও প্ৰচলিত আছে।
“আই সোণামতী মহনৰ জীয়াৰী ঐ,
ভদৰাম বাপেৰৰ নাও
এবাতি পানী দি, গদাকে বচালে ঐ
সেয়েহে তোৰ নাম লওঁ।”
কিন্তু বুৰঞ্জীৰ এই উল্লেখযোগ্য চৰিত্ৰ সোণামতীৰ মৈদাম দিয়া ঠাইলৈ গৈ আমি অত্যন্ত হতাশ হ’লো। কিয়নো যি ঠাইত সোণামতীৰ মৈদামটো আছে সেই ঠাইখনৰ অৱস্থা বৰ্তমান অত্যন্ত জৰাজীৰ্ণ। উপযুক্ত সংৰক্ষণৰ অভাৱত টোপটোও জহি খহি গৈছে। ঠাইখনলৈ যাবলৈ ৰাস্তা–ঘাটৰ অৱস্থা তথৈবচ। চৰকাৰী পৃষ্ঠপোষকতাত এবাৰ তাত বৃক্ষ ৰোপণ কৰা হৈছিল যদিও সঠিক আপডালৰ অভাৱত এজোপা বৃক্ষৰো চিনচাব নাই।
আমি ভাবোঁ সোণামতী গাভৰুৰ কথা বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰি, সোণামতীৰ মৈদামটোৰ লগতে সেই ঠাইখণ্ড উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে গোটেই অঞ্চলটো এটা উল্লেখযোগ্য পৰ্যটনস্থলী ৰূপে গঢ় লৈ উঠাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু স্থানীয় দল সংগঠনৰ লগতে চৰকাৰ আৰু উদ্যমী ব্যক্তিসকলৰ প্ৰচেষ্টা আৰু সহায় সহযোগিতাত সেয়া অতি সোনকালেই সম্ভৱ হৈ উঠিব।
ক্ৰমান্বয়ে ৰ’দ চোকা হৈ আহিছিল। আমাৰো সকলোৰে ঘৰত কাম আছিল। দিৰৈ নৈৰ গাতে লাগি থকা সোণামতীৰ টোপত কিছুসময় কটাই পুনৰ আমি ঘৰমুৱা হ’লোঁ। নৱজ্যোতিৰ মাক খুৰীদেৱে যতনাই দিয়া ঠাণ্ডা পানী, চাহ মিঠাই খাই দুঘণ্টামান পিছত খুহুতীয়া কথাৰ ভঁৰাল উদিত ককাইদেউ, প্ৰাঞ্জল, সোণটো দাই সকলো ঘৰ পালোঁহি।