বৰুৱাৰ বিলাপ
লেখক- পিংকু কলিতা
বৰুৱা চাহাব কেইটামান বিশেষ গুণৰ অধিকাৰী। গুণ নে দোষ একেষাৰে কৈ দিব নোৱাৰি যদিও বৰুৱাই কিন্তু স্ব–জ্ঞানে নিজৰ কৰি লৈছে এই অভ্যাস কেইটাক। অৱশ্যে মিছেছ বৰুৱাই সদায়েই খাৰিজ কৰি আহিছে বৰুৱাই দাবী কৰা এই গুণৰ তালিকাক। বৰুৱা কিবা খাতিৰ কৰা মানুহ নেকি! দৰকাৰ নাই কোনোবাই মানি ন’ললেও নাই; এইকেইটা অভ্যাসহে যদি বাকী থাকিল বিয়াৰ পিছত নিজৰ বুলিবলে। কোনোবাই বেয়া পালে বুলিয়ে এৰি দিব নোৱাৰি। এনেয়েও মাইকী মানুহবোৰে আনৰ ভাল খিনিক ভাল বুলি নোকোৱাটো স্বভাৱগত লক্ষণ; লাগিলে নিজৰ মানুহজনেই নহওক কিয়। বৰুৱাই গুণ বুলি ভবা এইবোৰ হেনো তেওঁৰ বদ অভ্যাসৰ হে নমুনা।
এই ধৰক বৰুৱাই তামোল খাই ভাল পায়। ভাল পায় মানে গোটেই দিনটো ওঁঠটো ৰঙা হৈ নাথাকিলে নিজকে অসমীয়া অসমীয়াই নালাগে হেনো। তেখেতৰ জাতীয়তাবাদ দেখি বৰুৱানীৰ জ্বলন হয় হেনো। সেয়ে এই গুণটোক ইমান বেয়া পায়। “চেল বেল নোহোৱা মানুহ, অনবৰতে মুখখন ৰাং কৰি ৰাখে।”
“তামোল নেখাতিয়ে কিনো বুজিবি তামোলৰ মোল। সেইখনে যদি বাচি আছে যাক কোনোৱে একো গণ্ডগোলীয়া কৰা নাই। গড়কেইটাৰ কথা কৈয়েই আগতে নিজৰ পৰিচয় দিছিলোঁ। তাতো শতৰুৰ চকু। হেৰৌ ডিঙিৰ গামোচাখনৰো নগুৰ নাগতি কৰিলে। এতিয়া এইখন পাগুলীয়াইয়ে দস্তুৰমত আমি আমাৰ চিনাকি দিব পাৰিছোঁ আৰু দি যাম। কোনোবাই বেয়া বুলি ক’লেই হ’বনে?” গৌৰৱত গদগদ বৰুৱাৰ বৰুৱানীক বুজনি।
বৰুৱাই দাঁত ঘঁহে দিনটোত এবাৰ। তাতো বৰুৱানীৰ আপত্তি; লেতেৰা মানুহ দুবাৰ নঘঁহে। আপত্তিখিনি কেতিয়াবা নুশুনাবলগীয়া ঠাইতো শুনাই।
বৰুৱাৰ যুক্তি – “বহুজাতিক কোম্পানীৰ নিৰ্দেশত উঠ–বহ কৰা মানুহ বৰুৱা নহয়। টুথ পেষ্ট বিক্ৰীৰ খাতিৰতে আমাৰ অভ্যাসবোৰ সলনি কৰি দিব বিচাৰিছে। হেৰৌ এইবোৰ মাৰ্কেটিঙৰ পলিচি। চিধা–চিধি মানুহখিনিৰ ওপৰত বেপাৰীৰ অভিসন্ধি। ঘৰত সোমাই থকা মানুহে বাহিৰৰ মানুহৰ এইচব চল চাতুৰি কি বুজি পাবি।”
বৰুৱা দম্পতীৰ বাক যুদ্ধৰ সূত্ৰপাত হয়। পিছে এই যুদ্ধ অজাৰৰ যুদ্ধ। ছাগলীয়ে যেনেকৈ শিং উঠাই যুদ্ধ কৰিব গৈ হ’বলগীয়া আঘাতৰ কথা ভাবি শিঙে শিঙেহে লগায় থয় বৰুৱাইও তাকেই কৰে। যোৱা বাৰ এই যুদ্ধখনৰ বাবেই এক দিন এক ৰাতিৰ লঘোন। এতেকে আৰু বেছি আগুৱাই নগৈ বৰুৱাই আত্মসমৰ্পণ কৰি দিয়ে। গতানুগতিক বৰুৱাৰ সংসাৰ।
সেইদিনা লাগিল অথন্তৰ। দাঁতৰ বিষত বৰুৱাৰ প্ৰাণবায়ু ওলাই। চাৰিওফালৰ পৰা আহিল তৎক্ষণাত বিষ নিৰাময়ৰ উপায়। আদা, নহৰুকে আদি কৰি যিয়ে যি কৈছে তাকে ঘঁহিছে। সেইদিনাৰ তৰকাৰিৰ বাবে প্ৰয়োজন হোৱা মচলাখিনি চাগে বৰুৱাৰ দাঁতত লেপ দিওঁতেই খতম। দাঁতৰ বিষটোহে নকমিল। দাঁতৰ বিষৰ সমানে সমানে বিষাক্ত কৰি গ’ল বৰুৱানীৰ চল পাই শুনাই যোৱা কথাবোৰে।
বৰুৱানীয়ে বোলে– “আৰ্জিলে ফল ভুঞ্জিবলৈকে পায়।” মানুহজনীৰ কেতেৰা মাতে সহে নে দাঁতৰ বিষকে সহে।
ডাক্তৰৰ বাদে এই বিষৰ গত্যন্তৰ নাই। এখন হাত গালত থৈ ওঁঠ দুটা নজপোৱাকৈয়ে মুখ মেলি থকা ভকুৱা মাছৰ ভংগিমাৰে ডাক্তৰৰ ওচৰ পালে। বৰুৱাৰ অৱস্থা দেখি ডাক্তৰে ক’লে সৰাই দিয়ক। পিছে এটা নহয় দুটা সৰাব লাগিব। বেয়া বস্তু ৰাখি কি লাভ।
বিষত আধামৰা হোৱা প্ৰাণীটোৱে ইংগিতেৰে ক’লে– “দিয়ক… দিয়ক…।”
ডাক্তৰ সাজু। বেজীটো দাতৰ গুৰিত খুঁচিবলৈহে বাকী আছিল মাত্ৰ।
তেনেতে কিবা এক ভাবে ৰখিবলৈ ইংগিত দিলে বৰুৱাই, সুধিলে, “কালি কৰ’ণাৰ ভেকচিন ল’লোঁ, আজি পাৰিমনে!”
ডাক্তৰৰ জাঁপ দেখি বৰুৱাৰ দাঁতৰ বিষ ভয়তে পেপুৱা লাগিল।
ডাক্তৰে বোলে– “নোৱাৰে, পোন্ধৰ দিন নোৱাৰে। বয়স বেছি, হাৰ্টত ধৰিব পাৰে। নতুন বেমাৰৰ কথা যে সুধিবলৈ থাকিয়ে গৈছিল।”
ভগৱানক ধন্যবাদ দি বৰুৱা বিদায় ল’লে– “কোনো মতে বচালে ভগৱান।”
পোন্ধৰ দিনৰ পিছত বৰুৱাৰ দাঁত সৰিল। তাৰ ঠাইত দুটা দামী নকল দাঁত লাগিল। বেছ সুবিধাৰ নহয় যদিও এতিয়া এই দুটা বৰুৱাৰ বৰ মৰমৰ। পুৱা শুই উঠি বাকী কেইটাৰ দৰে এই দুটাকো সমানে ঘঁহি মাজি ঠিক কৰি ৰাখে। সেইদিনা বিয়া এখনলৈ গৈছিল বৰুৱা দম্পতী। লকডাউনৰ পোন্ধৰ–বিছজনীয়া বিয়া। নগ’লেও নহয়। গ’ল। অভ্যৰ্থনাত ছাগলীৰ মাংস। চোবাবলৈ অলপ অসুবিধা হয় যদিও এৰি দিব নোৱাৰি। বৰুৱানীৰ ৰক্তচাপ স্বাভাৱিকতকৈ অলপ বেছি। গতিকে ঘৰত এইবিধৰ মাংস নচলে। এয়াই মনৰ হেঁপাহ এটা পূৰণৰ সময়। নকল দাঁত দুটা খুলি ল’লে। পাঠা ছাগলীৰ হাড় যিমান পাৰি চোবাবলৈ চেষ্টা কৰিলে। নোৱাৰাখিনি কাষতে এৰিলে। বহু দিনৰ মূৰত পাঠাৰ মাংস খাই সন্তুষ্টিৰ ভাব এটাই বৰুৱাৰ মুখত বিৰাজ কৰিলে। বৰুৱাই মুখ ধুই উঠি খোৱা টেবুলখনত কিবা বিচাৰি ফুৰিছে।
“হেৰা ইয়াত কিবা এটা দেখিছিলা নেকি?”
বৰুৱাই টেবলখনৰ নিৰ্দিষ্ট ঠাই টুকুৰালৈ আঙুলিয়াই ৰিচিপচন পাৰ্টিৰ ল’ৰাটোক শুধিলে।
“কি খুৰা?”
“দাঁত৷”
“মানে খুৰা সেই টুকুৰা আপোনাৰ দাঁতহে আছিল নেকি! খুৰা মই আকৌ ছাগলীৰ হাড় বুলি উঠাই পেলালোঁ নহয়!”
কাষতে ৰৈ শুনি থকা বৰুৱানীৰ হাঁহিত বৰুৱা মানুহজন আৰু বেছি গহীন হ’ল। খঙৰ ভমকত ওলাই আহিল বিয়াঘৰৰ পৰা। বৰুৱা এতিয়া দুই দাঁতৰ সোলা। তেনেকৈয়ে থাকিব হেনো মানুহজনে; জনমতো নলগায় আৰু দাঁত।