সূৰ্যোদয়
লেখক- পল্লৱী গোস্বামী
আহল–বহল চোতালখনৰ পূৱদিশে থকা তুলসী ঢাপটোৰ ঠিক সমুখতে দুটা সৰু বাঁহৰ খুটিত ভৰ দি ওলমি আছে মাটিৰ ঘটটি। তাৰ ঠিক কাষতে জ্বলি শেষ হ‘বলৈ ধৰা শলিতাৰে ধিমিকি ধিমিকি জ্বলি আছে এগচি মাটিৰ চাকি। সাঁজ লাগি ভাগিছে। সাধাৰণতে, সন্ধিয়াপৰত মাটিৰ চাকি এগছিৰ শীতল দ্যুতিয়ে মনলৈ এক পৱিত্ৰ অনুভূতিৰ স্ৰোত বোঁৱাই আনে। কিন্তু সেই অমলিন পৱিত্ৰতা যেন এইগছি চাকিৰ পোহৰত নাই! অন্ততঃ এইখিনি সময়ত বাৰাণ্ডাৰ এচুকত বহি নিস্তেজ, নিৰুত্তাপ দৃষ্টিৰে এই পোহৰৰ খেল চাই থকা নাৰীগৰাকীৰ মনত এনেকুৱাই অনুভৱ হ’ল। পোৰা মিঠাতেলৰ গোন্ধ এটি বতাহত ওপঙি তেওঁৰ নাকতে লাগিল।
“বৌ, বৌ” নন্দেক ৰুণে তেওঁক বিচাৰি আহি দীঘলীয়া বাৰাণ্ডাখনৰ এচুকত বহি থকাত পালেহি। মানুহজনীৰ তন্ময়তা ভাগিল।
“হা? মোক মাতিছা নেকি?”
“কিনো বৌ! অথনিৰে পৰা চিঞৰি আছোঁ। ৰভা দিয়া ল’ৰাকেইজনে ফোন কৰিছে। পইচা নিবলৈ আহিব। আগধন কিমান দিছিলা?”
মানুহজনী অৰ্থাৎ গায়ত্ৰী দেৱীয়ে বহি থকাৰ পৰাই নন্দেকৰ মুখলৈ চালে। তেওঁ যেন বিচাৰি চাব খুজিলে, তাইৰ মুখমণ্ডলত শোক অথবা পৰিতাপৰ লেশমাত্ৰাও কিবা চিন আছে নেকি! নাই, দিন যোৱাৰ লগে লগে সকলোৱে যেন পুনৰ স্বাভাৱিক অৱস্থালৈ উভতি আহিছে! কেৱল তেওঁ নিজেহে যেন এতিয়াও নিজৰ ভাগ্যক মানি লবলৈ সক্ষম হোৱা নাই।
তেৰদিন পূৰ্বে এনেকুৱা এটা সন্ধিয়াতে পুলিচৰ জীপখন আহি তেওঁলোকৰ পদূলিত ৰৈছিলহি। সিদিনা গোটেই দিনটো গায়ত্ৰী দেৱীয়ে নাৰীৰ চিৰন্তন শক্তিশালী ষষ্ঠ ইন্দ্ৰিয়ৰে যেন কিবা এটা বিপদৰ পূৰ্বাভাষ পাইছিল। বাৰীৰ ঢাপৰ পৰা দিন দুপৰতে অচিন চৰাইৰ অদ্ভুত কলৰৱ ভাঁহি আহিছিল, কাপোৰ মেলা ডাঁৰডালতে বহি কাউৰীজনীয়ে বিকটভাৱে ৰমলিয়াইছিল আৰু কালসন্ধ্যা, পিৰালিৰ পৰা নাতিদূৰৈত ৰৈ শিয়ালৰ জাকটোৱেও ৰাউচি জুৰিছিল! তেওঁ মনৰ মাজতে বিৰবিৰাইছিল “এইবোৰ কেনে অশনি সংকেত!” এনেতে মানুহজনীয়ে ঘৰৰ বাহিৰে ভিতৰে ফুৰাই থকা ধূনাদানিটোৰ পৰা হঠাতে উফৰি অহা জ্বলন্ত অঙঠাৰ টুকুৰাটোৱে তেওঁৰ হাতত দাগ কাটি গৈছিল আৰু ঠিক তাৰপিছতে আহিছিল খবৰটো। পুলিচৰ গাড়ীখনৰ পৰা নামি অহা খাকী পোছাক পৰিহিতজনে পদূলিলৈ আগবাঢ়ি যোৱা গায়ত্ৰী দেৱীকে প্ৰশ্ন কৰিছিল–
“এইটো বিনোদ শৰ্মাৰ ঘৰ হয়নে?”
“হয় হয়। কওকচোন। মোৰেই স্বামী তেওঁ।”
“বাইদেউ, চ’ৰী। আপোনাৰ হাজবেণ্ড এক্সপায়াৰড হৈছে, আজি আবেলিৰ ৰ’ড এক্সিডেণ্ট এটাত।”
এক্সপায়াৰড? এক্সপায়াৰড? মাধ্যমিকৰ ডেওনা পাৰ নোহোৱা মানুহজনীয়ে শব্দটোৰ অৰ্থ ঠিক ধৰিব নোৱাৰিলে। কিন্তু বুজি পালে যে নিশ্চয় গুৰুতৰ কিবা এটা হৈছে। তেওঁ উধাতু খাই ভিতৰলৈ লৰ মাৰিলে–
“হেৰ’ কোন ক’ত আছ’ ওলাই আহ, ওলাই আহ। এই পুলিচকেইটাই কিবা বলকি আছে দেখোন। শুনহিচোন কি কৈছে!”
মানুহজনীৰ এমাডিমা ল’ৰা ছোৱালী চাৰিটা, শাহুৱেক, নন্দেক, দেওৰেককে ধৰি ওচৰ চুবুৰীয়া সকলো দৌৰি আহি পদূলিত গোট খালেহি। মুহূৰ্ততে খবৰটো চৌদিশে বিয়পি পৰিল। এজাক মানুহৰ ভিৰৰ মাজতে চোতালত ঢাৰি এখন পাৰি বিনোদ শৰ্মাৰ নিথৰ দেহ শুৱাই দিয়া হ’ল, কান্দোনৰ ৰোল উঠিল। কোনোবা এজনে কেইপাহমান ফুল আনি মৃতদেহটোৰ ওপৰৰ বগা চাদৰখনতে ছটিয়াই দিলে, কোনোবাই আকৌ ধূপ একাঁঠিকে জ্বলাই দিলে। এই সকলোবোৰৰ অলক্ষিতে মানুহজনীৰ মূৰৰ ওৰণি খহি পৰিল, উজাই অহা শোক এটি ডিঙিতে সোপা লাগি ধৰিলে। বাৰাণ্ডাৰ খুঁটা এটাত আঁউজি তেওঁ ঠাইতে বহি পৰিল। চুবুৰীয়া মহিলা এগৰাকীয়ে কোনোমতে ধৰি আনি তেওঁক গিৰিয়েকৰ পৰা অন্তিম সেৱা লোৱাই দি মৃত শৰীৰৰ ভৰিৰ বুঢ়া আঙুলিৰে চিৰজীৱনলৈ মচি দিলে মানুহজনীৰ কপালৰ দগমগ সেন্দূৰীয়া বেলি।
“বৌ, এয়া চাহকাপ খাই তুমি অলপ বাগৰ দিয়াগৈ। পইচাৰ হিচাপ–নিকাচবোৰ আমি কৰিম।” ৰভা দিয়া মানুহৰ পইচাৰ হিচাপ ল‘বলৈ অহা ৰুণে জলকা লগা নবৌয়েকৰ অৱস্থাটো দেখি আকৌ উভতি গৈ চাহ একাপ আনি এয়া নবৌয়েকক যাচিছেহি।
ৰুণৰ পৰা চাহকাপ হাত পাতি লৈ খহি পৰা আঁচলটো উঠাই গায়ত্ৰী দেৱীয়ে লাহে লাহে ভিতৰঘৰলৈ খোজ ল’লে। আজি মানুহজনৰ মৎস্যস্পৰ্শ গ’ল। ইমানদিনে সকামৰ ব্যস্ততা, কিৰাধাৰীকেইজনক সিধা দিবলৈ অহা মানুহৰ সোঁত, শাহুৱেকৰ লগতে নিজৰ এমাডিমা ল’ৰা ছোৱালীকেইটাৰ আলপৈচান ধৰাৰ অন্তহীন কামৰ মাজত তেওঁ নিজলৈ উভতি চাবলৈ যেন অৱকাশেই পোৱা নাছিল! হওতে এইখন ঘৰত তেওঁৰ দুখ, তেওঁৰ কামৰ ভাগ বতৰা কৰি ল‘ব পৰাকৈ একমাত্ৰ নন্দেকজনীয়েই আছে যদিয়ো কামৰ দিহা পাব পৰাকৈ তাইৰনো বয়স কিমান! কলেজলৈ উঠা দুবছৰ হৈছেহে! গতিকে অকাল বৈধৱ্যৰ যন্ত্ৰণাখিনি হৃদয়ংগম কৰিবলৈয়ো যেন তেওঁ অতদিনে নিজলৈ সময় উলিয়াব পৰা নাছিল!
নিজৰ শোৱাকোঠালিৰ যৌতুকীয়া ড্ৰেছিং আইনাখনৰ সমুখত তেওঁ থিয় হ’ল। মাত্ৰ ডেৰকুৰি পাঁচবছৰ বয়স গৰকা তেওঁৰ শৰীৰটোৰ ভাঁজে ভাঁজে এতিয়াও পিছ যৌৱনৰ উচ্ছল ঢৌ। অথচ, এতিয়া তেওঁ চাৰিটাকৈ সন্তানৰ মাক। মানুহৰ সকামে নিকামে মূল পুৰোহিতৰ লগত লাচনি–পাচনি কৰি পৰিয়াল পোহপাল দিয়া দেউতাকৰ বাবে ঘৰৰ জ্যেষ্ঠ সন্তান ছোৱালীজনীক পঢ়া শুনা কৰোৱাই মানুহ হিচাপে গঢ় দিব পৰাকৈ আৰ্থিক অথবা মানসিক স্থিতি এটাও নাছিল। সেয়ে মাধ্যমিকৰ ডেওনা পাৰ নহওতেই তাইক পঢ়াশালি এৰুৱালে। আৰু এদিন নাতিদূৰৈৰ গাঁওখনৰ চৰকাৰী অফিচত পিয়নৰ চাকৰি কৰা ব্ৰাহ্মণ পৰিয়ালৰে ল’ৰাজনৰ পৰা যেতিয়া তাইলৈ বিয়াৰ প্ৰস্তাৱ আহিল দেউতাকে হাঁহি হাঁহি একেষাৰে সেই প্ৰস্তাৱত সন্মতি জনালে। চৰকাৰী চাকৰি কৰা জোঁৱাই, ইয়াতকৈ বেছি আৰু তেওঁক কি লাগে! তাইৰ সন্মতি? ওহো! চৰুক সুধিনো কোনে চাউল বহায়! এয়া, কেৱল দেউতাকৰে নহয়; সিহঁতৰ সমাজখনৰে সামূহিক ভাষ্য।
“নামতহে ব্ৰাহ্মণ। এইখন মেলেচৰ ঘৰ আই!” ন কইনা সাজি এইখন ঘৰলৈ অহাৰ দুদিন পিছতে চুবুৰীয়া বুঢ়ী আইতা এগৰাকীয়ে তাইৰ কাণৰ কাষতে ফুচফুচাই কৈছিল।
অবুজ দৃষ্টিৰে তাই বুঢ়ী মানুহজনীৰ মুখলৈ চালে।
“কি বুজাব বিচাৰিছে আপুনি?”
“সময়ত তই নিজেই বুজিবি আই। শাহুৱেৰ, বৰজনাৰ, তোৰ গিৰিহঁত কোনো কম নহয়। গোটেইকেইটাই মানুহ নহয় দানৱ হয়, দানৱ!”
কইনা বিদায় দিয়াৰ পৰত তাইক মাকে শিকাই পঠাইছিল বাহিৰা মানুহক ঘৰৰ ভিতৰচৰাৰ গম ল‘বলৈ নিদিবি আই। সকলোৱে ঘৰ ভাঙিবলৈ সুযোগ বিচাৰিয়েই থাকে। ইটোৰ কথা সিটোৰ আগত লগাই ঘৰ ভঙা এজাত আছে, সেইজাতৰ কথালৈ কাণ দি মন বেয়া নকৰিবি। মনত ৰাখিবি, নিজে ভাল হ’লেহে বাকী সকলোকো ভাল পথত ৰাখিব পাৰিবি।
এই বুঢ়ীজনীয়ো চাগে সেই শকুনিৰ জাতৰে এগৰাকী হ‘ব! নকইনাক কথা লগাই ঘৰ ভাঙিবলৈ আহিছে!
“আপুনি বহক দেই। মোৰ বহুত কাম আছে।” ন কইনা গায়ত্ৰীয়ে সিদিনা অৱজ্ঞাৰ দৃষ্টি এটি বুঢ়ীজনীলৈ নিক্ষেপ কৰি সেই ঠাইৰ পৰা আঁতৰি গৈছিল।
কিন্তু চুবুৰীয়া বুঢ়ী মানুহজনীৰ কথাবোৰৰ বাস্তৱ ৰূপ দেখিবলৈ তাইক বেছি সময়ৰ প্ৰয়োজন নহ’ল। গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌগুচোতেই তাই গিৰিয়েকৰ প্ৰকৃত স্বৰূপ দেখিবলৈ পালে। দেওবৰীয়া দুপৰীয়া এটাত নিৰামিষ ভাতৰ থালি এখন গিৰিয়েকলৈ আগবঢ়াই দি তাই কাষতে ৰৈ আছিল।
“ঐ ভিকহুৰ জাত। ৰবিবাৰে দুপৰীয়াও মাছ এডোখৰ নোহোৱাকৈ ভাত দিছ’ যে! এইখন ভিক্ষাৰী মাৰৰ ঘৰ পাইছ’ নেকি?”
তাই উচপ খাই উঠিল। কেনে ব্যৱহাৰ এয়া! ঘৰৰ কোনো ডাঙৰজনে ঘৰলৈ মাছ নানিলে তাই ন কইনাজনীয়ে ৰান্ধিবলৈ ক’ত মাছ পায়? মুখ ফুটাই তাই লাহে লাহে ক’লে–
“আপুনি মাছ আনি নিদিলে মই কেনেকৈ মাছ ৰান্ধো?”
“কি ক’লি তই, মুখে মুখে কথা কবলৈ আহিছ’! এনেই দেখোন দেওৰকেইটাৰৰ লগত বৰকৈ গা ঘেলাই থাক’! সিহঁতক ক‘ব নোৱাৰিলি নেকি?”
চিহ্ চিহ্! কোনোবাই নিজৰ ভায়েকৰ বিষয়েও এনেকৈ কথা কয়নে! তাই অবাক হৈ গিৰিয়েক নামৰ এই অচিনাকি মানুহজনৰ মুখলৈ চালে। সঁচাই দেখোন দানৱৰ দৰেই কথা বতৰা!
দিন বাগৰিল মানে এনে কথা বতৰাবোৰ কমক চাৰি বাঢ়িহে গ’ল। তাতে হাত উজান দিলে শাহুৱেক, বাই শাহুৱেক, বৰজনাক সকলো মিলি। তাই বুজি উঠিলে ইয়াত সকলোৰে নিজৰ নিজৰ স্বাৰ্থ নিহিত হৈ আছে। তাইৰ গিৰিয়েকক হাতৰ মুঠিত ৰাখি চৰকাৰী টকাকেইটা সৰকোৱাৰ ফন্দী। ইয়াত সম্পৰ্কৰ বান্ধোনৰ কোনো মূল্য নাই।
প্ৰথম সন্তানে গৰ্ভত থিতাপি লোৱাৰ সময়ত তাই ভাবিছিল দেৱশিশুৰ কলকলনিয়ে ঘৰখনৰ মানুহবোৰৰ মনবোৰ কিছু পৱিত্ৰ কৰি তুলিব! তাইৰ গিৰিয়েকটোও মৰমৰ টানতে সলনি হব!
কিন্তু তাই নিৰাশ হ’ল। তিনিটাকৈ সন্তানৰ মাতৃ হোৱাৰ পিছতো তাইৰ ভাগ্যচক্ৰ সলনি নহ’ল। তাইৰ সন্তানকেইটাৰ প্ৰতি সকলোৰে আদৰ স্নেহৰ অন্ত নাই যদিয়ো সিহঁতৰ মাকক কোনেও এইখন ঘৰত মানুহ বুলিয়েই গণ্য নকৰে। বৰং ঘৰখনত কামকৰা মানুহৰ স্থান তাইতকৈ ওপৰত। দিনৰ দিনটো টাকুৰি ঘুৰাদি ঘূৰি বাহিৰ ভিতৰ সামৰি ফুৰাৰ পিছতো তাই যেতিয়া ভাতৰ পাতত বহে তাইলৈ মাছৰ মূৰ– পিছডোখৰ, মাংসৰ হাঁড়হে বাকী ৰয়গৈ। অথচ, তাই সকলোৰে বাবে সমানেই হিচাপ কৰি মাছৰ ডোখৰ আঞ্জাত দিয়ে। বৰ জায়েকে মুখ পাতি ধৰে–
“আজি আমাৰ এওঁ দুডোখৰ মাছ খালে। আঞ্জা বোলে সোৱাদ হৈছিল।”
এৰা! সদায়তো সকলোৱে আঞ্জা সোৱাদ পাই অধিককৈয়েই খায়! তাইহে অতখন সামৰি সুতৰিয়ো কাহানিও পিঠিৰ মাছ এডোখৰ খাবলৈ নাপালে! দীঘল হুমুনিয়াহ এটি উজাই আহি বুকুতে ভৰ কৰে!
দিনত কামৰ ভৰ, ৰাতি সৰু সৰু কথাতে গিৰিয়েকৰ চৰ ভুকু আৰু নিস্তৰংগ শৰীৰৰ খেলা!
চতুৰ্থ সন্তানটি আহিবলৈ কিছুমাহ থাকোঁতেই এদিন দুপৰীয়া তাইৰ সমুখত খহি পৰিছিল গিৰিয়েকৰ আন এখন মুখা। গৰ্ভৱতী তাইক, গিৰিয়েকক আৰু বাকী তিনিটা ল’ৰা ছোৱালীক সিদিনা সিহঁতৰ একেবাৰে ওচৰ চুবুৰীয়া ঘৰৰ আয়েকে ভাত খাবলৈ মাতিছিল। গিৰিয়েকো ঘৰতে আছিল যদিয়ো তেওঁ সময়ত গৈহে ভাতকেইটা খাই আহিব। দুইহাতে কৰি ধৰি খাবলৈ ভাল পোৱা তাই কি সতেনো কেৱল ভাত খাবলৈকে সময়ত যায়! মন বান্ধিব নোৱাৰি আয়েক আৰু তেওঁৰ বোৱাৰীয়েকক অলপ সহায়েই কৰি দিওঁ বুলি সময়তকৈ আগতে তাই সিহঁতৰ ঘৰলৈ গ’ল। কিন্তু হঠাতে এৰি অহা বস্তু এপদ নিবলৈ বুলি তাই আকৌ ঘৰলৈ উভতি আহিল। কিন্তু নিজৰ কোঠাৰ দুৱাৰডলিতে তাই থমকি ৰ’ল। ভিতৰত দুগৰাকী মানুহৰ নিম্ন স্বৰৰ বাৰ্তালাপ আৰু হাঁহিৰ শব্দ। দৰ্জাখন নেঠেলি তাই খোলা খিৰিকীখনৰ বতাহত উৰি থকা পৰ্দাৰ ফাঁকেৰে ভিতৰলৈ জুমি চালে।
“তুমি কিন্তু মস্ত দুষ্ট! মোক অকলে টাউনলৈ ফুৰাবলৈ নিম বুলি এতিয়ালৈকে নিয়া নাই ন’!”
তাইৰে যৌতুকীয়া পালেংখনত অসংযত অৱস্থাত সেয়া বৰ জায়েক আৰু তাইৰে গিৰিয়েক।
শিল পৰা কপৌৰ দৰে তাই থৰ হৈ ৰ’ল! ভৰিৰ তলৰ গোটেই পৃথিৱীখন যেন মুহূৰ্ততে জোৰেৰে কঁপি উঠিল! তাইৰ উপস্থিতিতে চকুৰ আঁৰত এইবোৰ লীলাখেলা! কেতিয়াৰ পৰা? তাইযে ভূকে পোৱা নাছিল! এইখনচোন সঁচাকৈয়ে নৰক! তাইক বান্দীৰ দৰে কামত ব্যস্ত ৰাখি এইবোৰ খেল চলাই থাকে মানে!
নাই, সিদিনাও তাই কান্দিবলৈ পৰা নাছিল। বৰং তেতিয়াৰে পৰা তাই এটা কঠিন প্ৰস্তৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈ পৰিল। হিচাপ ৰাখিবলৈ পাহৰি গ’ল, দিনবোৰ কেতিয়া ৰাতি হ’ল, আকৌ কেতিয়া ৰাতিৰ শেষত সূৰ্যোদয় হ’ল! যেন সময়ৰ সৈতে নিৰন্তৰে ঘূৰি থকা এটি ৰথৰ চকৰি, যাৰ নিজৰ গতিৰ ওপৰত কোনো অংকুশ নাই। গৈ থকাটোৱেই মাত্ৰ মূল উদ্দেশ্য।
আৰু এনেকৈয়ে গৈ থকা দিন এটাত হঠাতে ছন্দপতন হ’ল। বিনোদ শৰ্মা নামৰ মানুহজন তাইৰ জীৱনৰ পৰা নোহোৱা হৈ গ’ল। কাহানিও যাৰ সৈতে কোনো আত্মিক বান্ধোন অনুভৱ কৰিব নোৱাৰিলে তেওঁৰ বাবেই আজি তাই অকাল বৈধৱ্যক আদৰি লবলগীয়া হ’ল! এৰা, ব্ৰাহ্মণৰ বিধৱাৰ এক দুঃসহ জীৱন এতিয়া তাইৰ দুৱাৰডলিত!
“মা, মোক শুৱাই থোৱাহি। বহুত টোপনি ধৰিছে।” পেটমোচাটোৰ থেনথেননিত ড্ৰেছিং আইনাখনৰ সমুখৰ পৰা আঁতৰি গায়ত্ৰী দেৱী বিছনাত পৰিল।
আজি মানুহজনৰ সকাম পৰ্বৰ অন্তিম দিন। শ্মশানলৈ মৃতদেহ সৎকাৰৰ বাবে যোৱা গাঁৱৰে মানুহকেইজনৰ বাবে জ্ঞাতি কুটুম লগ লাগি বাহী ভোজৰ আয়োজন কৰিছে। পুৱাৰে পৰা কামকাজত ব্যস্ত থাকোঁতে গায়ত্ৰী দেৱীয়ে উমানে নাপালে দিনটো কোনফালেৰে সৰকি গ’ল। পেটৰ ভোকটোৱে আমনি দিবলৈ ধৰাতহে তেওঁ অনুভৱ কৰিলে কিবা এটা খাব লাগিছিল! হঠাতে কিবা এটা মনত পৰাৰ দৰে তেওঁ নিজৰ কোঠালিত সোমাই দৰ্জাখন ভিতৰৰ পৰা লগাই দিলে আৰু ক্ষন্তেক পিছতে পিছদুৱাৰেদি গৈ পাকঘৰত সোমাল। সকলোৱে খাই বৈ তেতিয়া জিৰণি ল‘বলৈ গৈছিল। একমাত্ৰ নন্দেকজনীয়েহে পাকঘৰত বাচন–বৰ্তনবোৰ আজৰি কৰি আছিল। তেওঁ তাইক মাত নলগোৱাকৈ কাঁহী এখন লৈ ভাত এহেতা পাতত ল’লে। লগত ভিতৰপাগলৈ আনি থোৱা আঞ্জাবোৰৰ পৰাও অকণ অকণ ঢালি ল’লে।
“হেই বৌ, কি কৰে কৰে? সেইবোৰ মাছ মাংসৰ বাহিৰ পাগত বনোৱা আঞ্জা। আপুনি কিয় চুইছে?”
“তই যিহেতু ককায়েৰ, মোৰ সম্পৰ্কটোৰ বিষয়ে জানিছিলি গতিকে আজি মোক বাধা নিদিবি। এইখন ঘৰত তই আৰু সৰু দেওৰেহে মোক মানুহ বুলি ভাবিছিলি। গতিকে মই বেলেগৰ কথাক কাণো নিদিওঁ আৰু এই বৈধৱ্যক মানিয়ো নচলো। তেওঁ মৰাৰ পিছত এতিয়া পেঞ্চনৰ টকাকেইটা মইয়েই পাম যিহেতু ইমানদিনৰ ইচ্ছা, হেঁপাহ সৱ পূৰাম। মই অন্ততঃ এতিয়া কাৰোবাৰ পত্নীৰ মৰ্যাদা পাম। আইনৰ দৃষ্টিত মইয়েই তেওঁৰ উত্তৰাধিকাৰী।”
বিস্ময়ত ফাটি পৰা ৰুণে সময় আৰু অভিজ্ঞতাই পৰিপক্ব কৰি তোলা এসময়ৰ আজলী নবৌয়েকজনীলৈ একেথিৰে চাই ৰ’ল। পীৰা এখন পাৰি তেতিয়া তেওঁ পিঠিৰ মাছ এডোখৰৰ কাঁইট বাচিবলৈ ধৰিছিল। পিন্ধনত ৰঙা শাৰী আৰু ৰঙা ফোঁট এটিৰে উজলি উঠা নবৌয়েকক খিৰিকীৰে সোমাই অহা অস্তপথৰ বেলিৰ হেঙুলী কিৰণে যেন আৰু বেছি উজ্জ্বল কৰি তুলিলে!
তাই খিৰিকীৰে বেলিটোলৈ মূৰ তুলি চালে। এয়া সূৰ্যাস্ত নে এগৰাকী নাৰীৰ জীৱনৰ নতুন সূৰ্যোদয়!
Bahut bhal lagil parhi .. xundar. Bahudin pisat social media t xampurna koi kiba ata parhilu .. xundar