টিউশ্যন
লেখক- অৰ্চন শৰ্মা
: ঐ হোমৱৰ্ক কেইটা কৰিলি?
লিনীৰ প্ৰশ্নটো শুনিয়ে জিকাৰ খাই উঠিল তাৰ গাটো, মুখখন লগে লগে শুকাই গ’ল তাৰ।
: নাই অ’ নোৱাৰিলোঁ, ইমান টান আছিল, তোৰ কপিখন দে না প্লিজ।
সি তাইৰ বেগটো টানিলে।
লাহেকৈ বহীখন উলিয়াই তাই ৰোহনৰ হাতত দিলে। তাৰ অহেতুক নাৰ্ভাচনেছ দেখি হাঁহিয়ে উঠিল তাইৰ। সি দেৱছাৰ অহাৰ আগে আগে তাইৰ বহীৰ পৰা এডভান্সৰ অংক কেইটা টুকি ল’লে।
: ছাৰক নক’বি হা প্লিজ।
বহীখন তাইৰ বেগত ভৰাই দি সি কৈ উঠিল।
: চাৰলৈ ইমান ভয় কিয় তোৰ?
: না না, চাৰে দেউতাৰ লগত একেলগে জব কৰে ন, কিবা সেইকাৰণে ভয় লাগে ঘৰত লগাই দিয়ে বুলি।
উত্তৰটো দি সি পানী বটলটোলৈ হাত মেলিলে।
: ৰোহন, লিনী আহিলা তোমালোক?
টিউচন লোৱা ৰূমটোৰ দুৱাৰখন থেলি দেৱছাৰ সোমাই আহিল।
: ছাৰ আজি লেট হ’ল যে কেনিবা গৈছিল নেকি?
লিনীয়ে তপৰাই সুধি পেলালে। তাই ইতিমধ্যে লগৰ দুজনীমানৰ সৈতে ম’ম’ খাবলৈ যোৱাৰ প্লেন কৰি থৈছে। ইয়াত দেৰি হোৱা মানে সেইফালে দেৰি হৈ যাব।
তাইৰ অস্থিৰতা দেৱ ছাৰৰ চকুত ধৰা নপৰাকৈ নাথাকিল।
: কিবা প্লেন আছে যেন পাওঁ তোমাৰ?
দেৱ চাৰে মিচিকিয়াই সুধিলে।
তাই লগতে তল মূৰ কৰি ৰোহনলৈ চালে, চকু কেইটা ৰঙা পৰিছে তাৰ, কলমৰ মুখনিখন জোৰেৰে খামুচি ধৰি আছে সি।
: ৰোহন এনি প্ৰব্লেম?
: ন ছাৰ, নাথিং।
কোনোমতে ছাৰৰ প্ৰশ্নটোৰ উত্তৰ দিলে সি। লিনীয়ে বুজিব নোৱাৰিলে তাৰ হৈছে কি। সৰুৰে পৰাই বেষ্ট ফ্ৰেণ্ড সিহঁত, তাক ইমান নাৰ্ভাচ হোৱা কেতিয়াও দেখা নাই তাই, কিন্তু এই এডভান্স মেথছৰ টিউশ্যনত ৰোহনে যিমান হে নাৰ্ভাচ কৰে তাৰ পাঁচটাৰ ভিতৰত চাৰিটা অংকৰ উত্তৰেই ভুল হয়। দেৱচাৰে ইমান ভালকৈ ফৰ্মূলাবোৰ বুজাই দিয়ে, তাৰ পিছতো কিয় সি বুজিব নোৱাৰে সেইটোহে ডাঙৰ কথা। অথচ এডভান্স মেথছ যোৱাবছৰলৈকে তাৰ প্ৰিয় চাবজেক্ট আছিল। দেৱ চাৰে দুদিনমান আগত কোৱাটোৱে হয় চাগে, নিশ্চয় কোনো ছোৱালীৰ প্ৰেমত পৰিছে। মনৰ মাজতে কথাবোৰ পাগুলি থাকিল লিনীয়ে।
: লিনী এইফালে মন দিয়া, ,
দেৱছাৰৰ মাতষাৰে তাইৰ চমক ভাঙি দিলে। চাৰে তেতিয়ালৈকে এলিমিনেশ্যন মেথডটো বুজাবলৈ লৈছে। তাই আঁৰ চকুৰে এবাৰ ৰোহনলৈ চালে মুখখন শেঁতা পৰা তাৰ। তাই ছাৰৰ কথাখিনিত মন দিবলৈ যত্ন কৰিলে, এইটো বহুত দৰকাৰী লেচন পিছলৈয়ো কামত আহিব, গতিকে ছাৰৰ কথাখিনিৰ এটা এটা শব্দ বুজিবলৈ যত্ন কৰি গ’ল তাই।
: আজিলৈ ইমানেই হ’ব, পিছৰ ক্লাছত বাকীখিনি বুজাই দিম।
নীলা মাৰ্কাৰডাল বগা বোৰ্ডখনৰ ওপৰত তুলি চাৰে ক্লাছ শেষ হোৱাৰ ইঙ্গিত দিলে।
: তেন্তে ছাৰ আমি যাওঁ?
লিনীয়ে হাতৰ ঘড়ীটোলৈ চাই সুধিলে, এতিয়াও সময় যথেষ্ট আছে ম’ম খাবলৈ। তাইৰ মনটো ভাল লাগি গ’ল।
: লিনী তুমি যোৱা, ৰোহন তুমি অলপ ৰ’বা। তোমাৰ দেউতাই কৈছিল তুমি বস্তুবোৰ ভালকৈ বুজি পোৱা নাই, লাষ্ট ক্লাছৰ বস্তু কেইটামান তোমাক আকৌ বুজাব লাগিব।
ৰোহনে অসহায় ভাবে লিনীলৈ চালে। কিন্তু তাইৰ চাবলৈ সময় ক’ত? তাই লাহেকৈ তাৰ ফালে চাই চকু টিপ এটা মাৰি ওলাই গ’ল যাৰ অৰ্থ “পা এতিয়া মছলা।”৷ লিনী গুচি গ’ল। ৰোহনে ভয়ে ভয়ে দেৱ ছাৰৰ ফালে চালে ছাৰৰ চিৰ পৰিচিত হাঁহিটোৰ এতিয়া চিন-মোকাম নাই। হাঁহি থকা চকুযুৰিত লালসা পৰিস্ফুট! তেওঁ এখোজ দুখোজকৈ লাহে লাহে ৰোহনৰ ফালে আগুৱাই আহিল, ৰোহনে ভয়তে এখোজ পিছুৱাই গ’ল ছাৰৰ এই ৰূপটো তাৰ চিনাকি।
: ছাৰ, প্লিজ, , , মোক যাবলৈ দিয়ক। ৰোহনে ভয়াৰ্ত কণ্ঠেৰে কৈ উঠিল।
: ৰিলেক্স ৰোহন, কোনেও গম নাপায়। ৰি, , , , লে, , , , এক্স, , , , , !
মুহূৰ্ততে ৰোহনৰ কোমল শৰীৰটোক এক সবল জান্তৱ শৰীৰে হেঁচি ধৰিলে। শৰীৰ আৰু মনৰ বিষবোৰ একাকাৰ কৰি পেলোৱা অস্ফুট শব্দবোৰ শুনিবলৈ তেতিয়া আৰু তাত কোনো তৃতীয় ব্যক্তি নাছিল।