ক’ভিড মহামাৰী আৰু শিশুৰ মানসিক স্বাস্থ্য
লেখক- পলাশ বৰগোঁহাই
কেৱল এটা নিৰোগী দেহৰ অধিকাৰী মানেই স্বাস্থ্য নহয়। স্বাস্থ্য হ’ল শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা। মানসিক স্বাস্থ্যৰ দিশসমূহ হৈছে: –
—-দায়িত্ব পালন কৰা
—-নিজক সুৰক্ষা দিব পৰা
—-যিকোনো পৰিস্থিতিত সিদ্ধান্ত ল’ব পৰা
—- আত্মবিশ্বাস
—-মৰম, স্নেহৰ অনুভৱ
—-সৃজনীমূলক কামত অংশগ্ৰহণ কৰিবপৰা ইত্যাদি৷
আজি আলোচনা কৰিব বিচাৰিছো ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশে শিশুৰ মানসিক স্বাস্থ্যত কিদৰে প্ৰভাৱাম্বিত কৰিছে।
শিশু বুলিলে ১৮ বছৰ তলৰ সকলো ব্যক্তিকে শিশু বুলি ধৰা যায় যদিও মাতৃ গৰ্ভত স্থিতি লোৱাৰ পৰাই এটি শিশুৰ বিকাশৰ স্তৰটো আৰম্ভ হোৱা বুলি ধৰিব পাৰি। মাতৃ গৰ্ভত থকা এইসময়ৰ পৰাই শিশুৰ শাৰীৰিক বিকাশৰ লগতে মানসিক বিকাশ হ’বলৈ ধৰে। সেয়েহে শিশু এটিৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মাতৃ এগৰাকীয়ে এই সময়খিনিত এক সুস্থ তথা আনন্দদায়ক পৰিবেশ এটা পোৱাটো খুবেই প্ৰয়োজনীয়; কিন্তু কভিড মহামাৰীয়ে যোৱাটো বৰ্ষৰে পৰা সৃষ্টি কৰি অহা পৰিৱেশ আমি সকলোৱে দেখিছোঁ। ই মুঠেই শিশুৰ মানসিক স্বাস্থ্যৰ অনুকূলে নহয়।
মাতৃগৰ্ভৰ পৰা কেঁচুৱা কাললৈকে সময়খিনি বাদ দি আলোচনা কৰিলেও আমি ক’ভিড মহামাৰীয়ে শিশুৰ মানসিক স্বাস্থ্য গঠনত কিদৰে বিৰূপ প্ৰভাৱ পেলাইছে সেই বিষয়ে সহজেই অনুভৱ কৰিব পাৰোঁ। গতিকে বিদ্যালয়ত নামভৰ্তি কৰিবপৰা বয়সৰ পৰা অধ্যয়নৰত শিশুসকলক আলোচনাৰ বিষয় হিচাপে ল’ব বিচাৰিছোঁ।
আমি সকলোৱে জানো ক’ভিড মহামাৰীৰ বাবে যোৱাটো বৰ্ষৰে পৰা বৰ্তমানলৈকে বিদ্যালয়সমূহ বন্ধ হৈ আছে যি শিশুৰ মানসিক স্বাস্থ্য গঠনৰ ক্ষেত্ৰত ব্যাপক বাধাৰ সৃষ্টি কৰিছে। সাধাৰণ দৃষ্টিত আমি সকলোৱে ভাবিছোঁ যে বিদ্যালয় বন্ধৰ ফলত পাঠ্যপুথিৰ জ্ঞানসমূহ আয়ত্ত কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে। কিন্তু আমি দ কৈ যদি অনুধাৱন কৰোঁ তেন্তে আমি দেখা পাম ই পাঠ্যপুথিগত জ্ঞানসমূহৰ লগতে মানসিক স্বাস্থ্য গঢ়াৰ ক্ষেত্ৰত বেছি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। কাৰণ বিদ্যালয়ত পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও মানসিক স্বাস্থ্যৰ প্ৰতিটো দিশৰ বিকাশ সাধন হয়। উদাহৰণস্বৰূপে আমি বিদ্যালয়ত অধ্যয়নৰত এটি শিশু আৰু বিদ্যালয় বহিৰ্ভূত এটি শিশুৰ যদি তুলনা কৰি চাওঁ তেন্তে দেখিবলৈ পাম আচৰণৰ পৰা আদি কৰি মানসিক স্বাস্থ্যৰ প্ৰতিটো দিশত বিদ্যালয়ত অধ্যয়নৰত শিশুটি আগবঢ়া হয়।
বিদ্যালয়ত পাঠ্যক্ৰমৰ উপৰিও সহপাঠ্যক্ৰমৰ জৰিয়তে শিশু এটিক বিভিন্ন পৰিস্থিতিত নিজক সুৰক্ষিত কৰি ৰাখিবলৈ বিভিন্ন কৌশল শিকোৱা হয়, যাৰ জৰিয়তে শিশু এটাই বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দক্ষতা লাভ কৰে। গতিকে বিদালয় বন্ধই শিশুৰ মানসিক স্বাস্থ্যক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে।
ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে ঘৰ আৰু সামাজিক ক্ষেত্ৰখনৰ পৰাও শিশুৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিছে। কাৰণ আজি সমাজপ্ৰিয় মানুহসকল এজনে আনজনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। কোনোবা এজন লোক জ্বৰত চট্ফটাই ক’ৰবাত পৰি থাকিলেও আমি সহায়ৰ হাতখন আগবঢ়াই দিয়াৰ পৰিৱৰ্তে নিৰাপদ দূৰত্বত অৱস্থান কৰিছোঁ। ওচৰচুবুৰীয়া বা আপোন কোনোবা এজনৰ মৃত্যুৰ খবৰ পায়ো মাত এষাৰ দিবলৈ যোৱাৰ সলনি ফেচবুকতে RIP বুলি লিখিয়েই দায়িত্ব সামৰিবলগীয়া হৈছে। গাঁওৰ নামঘৰত শংকৰ উৎসৱ, বৰসবাহ নহ’ল। আনকি ঘৰৰপৰা দূৰৈত থাকি কৰ্মৰতসকলে আমাৰ বাপতিসাহোন বিহুটিত নিজৰ ঘৰলৈ আহি মাক দেউতাকক সেৱা ধৰা দৃশ্যবোৰ শিশুসকলৰ চকুত নপৰিল। পৰিস্থিতিত পৰি আমি শিশুসকলৰ ককা–আইতা, বন্ধু–বান্ধৱ সকলৰপৰা আঁতৰত ৰাখি ঘৰতে আবদ্ধ কৰি ৰাখিছোঁ। এইবিলাকে কিন্তু শিশুৰ মানসিকতাত আমি ক’ব নোৱাৰাকৈয়ে ক্ৰিয়া কৰি আছে। যাৰ ফলত সামাজিক গুণৰাজিৰ বিকাশত বাধাৰ সন্মুখীন হৈছে। ই ভৱিষ্যত মানৱ সমাজৰ বাবে শুভলক্ষণ মুঠেই নহয়।
আনহাতে, বিদ্যালয় বন্ধৰ বাবে অনলাইনৰ ব্যৱস্থাৰে শিক্ষা দিয়াৰ ব্যৱস্থা চলিছে। যাৰ ফলত মোবাইলৰ বৈদ্যুতিক তৰংগৰ প্ৰভাৱে শিশুৰ কোমল মগজুত আমি ক’ব নোৱাৰাকৈয়েই বহু ক্ষতিসাধন কৰিছে।
ওপৰৰ আলোচনাৰ পৰা এইটো নিশ্চিতভাৱে অনুভৱ কৰিব পাৰি যে ক’ভিড মহামাৰীয়ে শিশুৰ মানসিক স্বাস্থ্যত ব্যাপক ৰূপত বিৰূপ প্ৰভাৱ পেলাইছে। অৱশ্যে পৰিষ্কাৰ–পৰিচ্ছন্নতা আৰু সজাগতাৰ দিশতো উত্তৰণ ঘটিছে বুলিব পাৰি।
গতিকে আমি অভিভাৱকসকলৰ এই পৰিস্থিতিত শিশুৰ মানসিক স্বাস্থ্য ধৰি ৰাখিবলৈ কিছুমান কৰণীয় আছে। সেইবিলাক হ’ল: –
(১) আমি অভিভাৱকসকলে শিশুসকলক সময় দিব লাগিব। কাৰণ দেখা যায় বহু অভিভাৱকে শিশুসকলক সংগ নিদি দাবী ধমকিৰে নিজৰপৰা আঁতৰত ৰাখি নিজে ইণ্টাৰনেটৰ জগতত বিচৰণ কৰি মগ্ন হৈ থাকে। কিন্তু শিশুটিৰ মানসিক অৱস্থাৰ কথা একেবাৰে চিন্তা নকৰে।
(২) শিশুসকলক নীতিকথা জড়িত হৈ থকা সাধুকথাসমূহ কোৱা আৰু ইয়াৰ পৰা পোৱা জ্ঞান উপলব্ধি কৰিবলৈ দিয়া।
(৩) নিৰীক্ষণ কৰা: – শিশুটিক নিৰীক্ষণ কৰাটো খুবেই প্ৰয়োজন। নিৰীক্ষণ নকৰিলে অনলাইন ক্লাচৰ নামত মোবাইলটোৱে বেছি ক্ষতিহে কৰিব। কাৰণ অনলাইন ক্লাছৰ বাবে দিয়া মোবাইলটোত ক্লাছ শেষ হোৱাৰ পাছত অধিকাংশ শিশুৱে বহুসময় ধৰি মোবাইলত গেম খেলাত ব্যস্ত হৈ পৰিব পাৰে। এই অভ্যাসে পিছলৈ ডাঙৰ বিপদ যে নঘটাব তাক নুই কৰিব নোৱাৰি। ইয়াৰ উপৰিও নিজৰ শিশুটি মন মাৰি থকা হৈছে নেকি, বেছি শুই থকা হৈছে নেকি বা বৰ খিংখিঙীয়া স্বভাৱ গঢ় লৈ উঠিছে নেকি ইত্যাদি দিশসমূহো নিৰীক্ষণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰয়োজনসাপেক্ষে মনোৰোগ বিশেষজ্ঞৰ সহায় ল’ব লাগে।
(৪) শিশুসকলক ব্যস্ত ৰখা: – শিশুসকলৰ বাহিৰৰ ক’ভিড পৰিবেশটো পাহৰাই ৰাখিবলৈ সিহঁতে ভালপোৱা কামত যেনে ছবি অঁকা, কবিতা আবৃত্তি কৰা, গান গোৱা, ফুলপুলি ৰোৱা আদি কামত ব্যস্ত ৰাখিব লাগে। এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব এই ব্যস্ততা সিহঁতৰ বাবে যাতে আমনিদায়ক নহয়।
(৫) পৰিয়ালৰ লোকসকলৰ লগতে বন্ধু–বান্ধৱীৰ লগত ফোনকল, ভিডিঅ’ কল আদিৰ সহায়ত হ’লেও সম্পৰ্ক যাতে হৈ থাকে তালৈ লক্ষ্য ৰাখিব লাগে।